Saturday, August 14, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-২১ *************************** সিদ্ধাৰ্থৰ মেছেজ এটা দৃষ্টিৰ মোবাইল স্ক্ৰীনত প’পআপ হ’ল "হাঁহৰ মাংস খাই ভাল লাগিল " ৷ উপৰে উপৰে সিদ্ধাৰ্থ মেছেজটো পঢ়ি দৃষ্টিয়ে ৰুদ্ৰৰ নাম্বাৰটো কাটি সিদ্ধাৰ্থলৈকে ক’ল লগালে৷ ৰিচিভ কৰিলতে সিদ্ধাৰ্থই প্ৰথমেই অভিমানৰ সুৰত কৈ উঠিল " ঘৰৰ বস্তু অকলে খোৱাৰ প্লেনিং বনাই আছিল কোনোবাই ৷" সিদ্ধাৰ্থৰ মাতটো অস্পষ্ট,বেকগ্ৰাউণ্ডত কিবাকিবি চিঞৰ বাখৰ চলি আছে৷সেয়ে মাংসৰ কথা বাদ দি তাক সুধিলে " ক’ত আছনো তই ,ইমান চিঞৰ বাখৰ যেন লাগিছে যে?" "মই মেইন হোষ্টেলত ,কাইলৈ ইউনিভাৰচিটিৰ ইলেকচনৰ নমিনেশ্বন আছে নহয় পাহৰিলি চাগে৷তাৰ কিবাকিবি কামতেই হোষ্টেলত আছোঁহি " হয় বাৰু দৃষ্টিয়ে পাহৰিয়েই পেলাইছিল ইলেকচনৰ কথা৷ প্ৰথম ইউনিভাৰচিটি আহিয়েই ৰুদ্ৰইয়ো ইলেকচন খেলিব বুলিয়েই শুনিছিল বহুতৰে মুখত কিন্তু কিছুমান কথা মিছাতেই হাৱাত উপঙি থাকে৷ৰুদ্ৰক তাইৰ এই সকলোবোৰৰ পৰা দুৰত থকা যেনেই লাগে ৷ যি হ’লেও ইলেকচন আহিছে যেতিয়া যোগ্যজন জয়ী হওঁক তাই সেইটোৱেই বিচাৰে সেয়ে এইবোৰ কথা ভাবি নাথাকি , তাক সুধিলে " হাঁহৰ মাংসৰ কথা কেনেকৈ গম পালি ন’হ?" "নাকটো দীঘল যে কোনে ক’ত কি আনিছে সকলো কথাই জানো " " সমীক্ষাই ক’লে ন’হ তোক " "সমীক্ষাই ক’লে মই মাংস কেনেকৈ খাবলৈ পাম আকৌ " "তেনেহ’লে তই ৰুদ্ৰ দা হঁতৰ হোষ্টেলত আছ নেকি?" " অ’হ এই দাদা ৰুমতে আছোঁ,মাংসৰ বাতিটো বেটাই লুকুৱাই ৰাখিছিল ,মই আৰু আদিত্যই পাই জাৰি দিলোঁ৷" "তাৰমানে ৰুদ্ৰ দাই খাবলৈ নাপালেই নেকি?" সিদ্ধাৰ্থই দৃষ্টিৰ প্ৰশ্নৰ কোনো উত্তৰ নিদিয়াকৈ "ৰ’হ পাছত পাতি আছোঁ "বুলি কৈ ফোনটো কাটি দিলে ৷ দৃষ্টিৰ মনটো সেমেকি পৰিল,কিমান মৰম আৰু হেপাঁহেৰে ৰুদ্ৰৰ বাবে মাংসৰ বাতিটোত ভালৰ ভাল ভাল মাংস কেইপিচ বাচি দিছিল কিন্তু ৰুদ্ৰই সেইয়া খাবলৈয়ে নাপালে৷নিজৰ ভাতৰ কাহীৰ দাঁতিত থকা মাংসৰ বাতিটোলৈ চাই শোকে খুন্দা মাৰি ধৰিল তাইৰ ৷ ভাত খোৱাৰ আগত ৰুদ্ৰলৈ ক’ল কৰিছিল কিন্তু ৰিং হৈ হৈ কাট খাই গ’ল৷হয়তো ইলেকচনৰ ব্যস্ততাতেই ফোনটো ৰিচিভ কৰিব পৰা নাই ৷ ভাত খোৱাৰ গোটেই সময়খিনিত মোবাইলৰ স্ক্ৰীন খনলৈ মন কৰি থাকিল ,কেনেবাকৈ ৰুদ্ৰৰ ফোন মেছেজ আহিছে নেকি৷ কিন্তু নাই ,ৰাতি বাৰ বাজি গ’ল ৰুদ্ৰৰ কোনো খবৰেই নাই৷হোৱাটছপআপটো লাষ্ট চিন দিনতেই শ্ব’ কৰি আছে৷ৰুদ্ৰৰ অপেক্ষাত ফোনটোত চকু আবদ্ধ ৰাখিয়েই তাই টোপনি গ’ল৷ ৰাতিপুৱা সাৰ পাই পোনেই মবাইলটো চে’ক কৰিলে,কিন্তু নাই,ৰুদ্ৰৰ একো সাৰসুৰেই নাই ৷মুখ হাত ধুই ফ্ৰচ হৈ কোনোমতে নাকেমুখে ভাত গুজি উলাই আহিল চাৰে ন’ বজাৰ ক্লাছটোৰ বাবে৷ সমীক্ষাৰ চকুমুখবোৰ আনদিনাতকৈ আজি কিছু বেছিকৈ ফুলি আছে,হয়তো ৰাতিপুৱা দেৰিলৈকে শুলে তাই৷দৃষ্টিক দেখাৰ লগে লগেই হাঁহি এটি সজাই ল’লে উঁঠত৷দৃষ্টিৰো সমীক্ষাৰ মুখত হাঁহিটো দেখি মনটো ভৰি পৰিল ৷ যিহেতু এক বজাত ইউনিভাৰচিটিৰ ইলেকচনৰ নমিনেশ্বনৰ ৰিজাল্ট দিব আৰু লগতে সিহঁতৰ চেন্তাৰৰ পৰাও দুগৰাকী কেণ্ডিডেট উলাইছে সেয়ে চাৰে বাৰ বজাৰ ক্লাছটো শেষ কৰিয়েই ,চেন্তাৰৰ আটাইবোৰ মিলি এডমিনিষ্ট্ৰেটিভ বিল্ডিংৰ ওচৰত থিয় দিলেগৈ৷ যিহেতু ৰুদ্ৰহঁতৰ হোষ্টেলৰ হৈ মেক্সিমাম কেণ্ডিদেটে ভাগ লৈছে সেয়ে ৰুদ্ৰক ক’ৰবাত দেখে নেকি এপাক চাৰিওপিনে চকু ফুৰাই দিলে৷কিন্তু শ’ শ’ ষ্টুডেণ্টে আহি এডমিনিষ্ট্ৰেটিভ বিল্ডিংৰ সন্মুখত ভিৰ কৰিলেহি সেয়ে এই সময়ত কাৰোবাক বিচাৰি পোৱাটোও টান হৈ পৰিল৷ সমীক্ষাই ভিৰৰ মাজত হেৰাই যাব নোৱাৰাকৈ দৃষ্টিৰ হাতখন টানকৈ ধৰি ল’লে ৷দৃষ্টিৰ লগতে ৰাকেশ ,ৰিদিপ,মামুনহঁতেও চেন্তাৰৰ পৰা উঠা কেণ্ডিডেট কেইগৰাকীৰ বাবে সহাৰি জনোৱাৰ উপৰিও ,নমিনেশ্বনৰ বাবে এপ্লাই কৰা প্ৰতিগৰাকী কেণ্ডিডেটৰ বাবেই জিন্দাবাদ ধ্বনিৰে নাহৰৰ মজিয়াখন মুখৰিত কৰি তুলিলে৷ দৃষ্টিক দেখা পাই সিদ্ধাৰ্থই তাইৰ ফালে আগবাঢ়ি আহি কৈ থৈ গ’ল "ৰিজাল্ট উলাওঁতে সময় লাগিব,কিবা এটা খাই ল’ গৈ" দৃষ্টিয়ে আনুমানিক সময় এটা বিচৰাত সিদ্ধাৰ্থই "তিনি বাজিব পাৰে " বুলি কোৱাত দৃষ্টিয়েও সমীক্ষাৰ সৈতে ১.৩০ৰ পৰা তিনি বজালৈ মিছাতে ৰৈ থকাতকৈ কিবা এটা খাই ল’লেই ভাল হ’ব বুলি জ’চাগৰ ফালে আগবাঢ়ি আহিল৷তাতে ভিৰৰ মাজত চিঞৰ বাখৰবোৰ শুনিও সিহঁতৰ মুৰটোত বিষ উঠিছিল সেয়ে গৰম চাহ দুকাপৰ লগতে আলুচ’প দুটাও অৰ্ডাৰ দিলে৷ খাই বৈ কিছুসময় সেইখিনিতে বহি দিলে ৷অলপসময়ৰ পাছতে সমীক্ষাৰ মুৰটো ঘুৰোৱা যেন লাগিল,সেয়ে পুনৰ সেই ভিৰলৈ নাযাওঁ বুলি কৈ তাই হোষ্টেলমুৱা হ’ল৷ ইফালে সিহঁতৰ হোৱাটছপআপ গ্ৰুপটোত চেন্তাৰৰ চিনিয়ৰবোৰৰ মেছেজৰ উপৰি মেছেজ,যে সোনকালেই এডমিনিষ্ট্ৰেটিভ বিল্ডিংৰ সন্মুখলৈ আহিব লাগে,অলপ পাছতে ৰিজাল্ট উলাব৷যদিহে কোনোবা নাহে তেনেহ’লে সেই ষ্টুডেণ্টটোৰ ওপৰত বিহীত ব্যস্তস্হা লোৱা হ’ব৷ সেয়ে দৃষ্টিয়ে যদিও সমীক্ষাৰ গা বেয়াৰ কথাটো গ্ৰুপত জনালে তথাপিও নিজে অকলশৰীয়া হ’লেও সেইফালে আগবাঢ়ি আহিল৷ জ’চাগৰ তিনিআলিটোতে দৃষ্টিয়ে ৰুদ্ৰক দেখি সেইফালেই আগুৱাই আহিল ৷কিন্তু বেলেগ কাৰোবাৰ লগত কথা পাতি থকা দেখি মাত লগাবলৈ ভাল নালাগিল তাইৰ৷ সেয়ে ৰুদ্ৰৰ মুখৰ আগেয়ে খৰখোজেৰে পাৰ হৈ আহিবলৈ চেষ্টা চলাওঁতেই ৰুদ্ৰই তাইক মাত লগালে " দৃষ্টি শুনাচোন " তাই ৰৈ দিলে একেজেগাতে৷ৰুদ্ৰ আগবাঢ়ি আহিল তাইৰ ফালেই ৷আৰু দৃষ্টিৰ সৈতে ইলেকচনৰ কেণ্ডিডেট দুজনমানৰ সৈতে চিনাকি কৰাই দিলে৷ লগতে ৰুদ্ৰৰ ৰুমমেট প্ৰণয়ৰ লগতো "কালি মাংস দি পঠিওৱা ভন্তিজনী বুলি কৈ " চিনাকি কৰাই দিলে তাইক ৷ ৰুদ্ৰই সবৰে আগত দৃষ্টিক বাৰে বাৰে "ভন্তী,ভন্তী "কৈ চিনাকি কৰাই থকাত মনৰ অজানিতেই খঙ এটা উঠি আহিল তাইৰ৷তথাপিও ভদ্ৰতাৰ খাতিৰত মুখত মিছা হাঁহিৰ প্ৰলেপ এটা আঁকি লৈ চিনাকি কৰাই দিয়া আটাইকেইজনৰ আগত হাঁহি মাতি ভালদৰেই কথা পাতি থাকিল৷কথা বতৰা পাতি শেষ হোৱাত সকলোকে অনাগত সময়ৰ শুভকামনা জনাই তাই ল’ৰালৰিকৈ এডমিনিষ্ট্ৰেচনৰ দিশে খোজ ল’লে ৷তাকে দেখি ৰুদ্ৰই তাইক পুনৰ পাছ ফালৰ পৰা মাত লগাই ক’লে " লাহে লাহে গ’লেও হ’ব ,ৰিজাল্ট ওলাবলৈ এতিয়াও বহুত সময় আছে" দৃষ্টিয়ে বাওঁহাতত পিন্ধি থকা ঘড়ীটোলৈ চালে,এতিয়াও তিনিবাজিবলৈ আধাঘণ্টা সময়েই আছে ৷ সেয়ে ল’ৰালৰিকৈ যোৱাতকৈ ৰুদ্ৰৰ বাবে ৰৈ দিলে৷ৰুদ্ৰৰ সতে খোজত খোজ মিলাই আহোঁতে দৃষ্টিৰ অভিমান এটা মনতে উপজি উঠিল৷ সেই অভিমানৰ সুৰতেই ৰুদ্ৰক ক’লে " কালি মই আপোনালৈ ফোন কৰিছিলোঁ ,ৰিচিভ নকৰিলে .." ৰুদ্ৰই গহীনাই সুধিলে " কিয় কৰিছিলা? " দৃষ্টিয়েও গহীনাই অভিমানতেই ক’লে " সেইটো আপুনিহে জানিব৷মই আপোনাৰ মিচক’ল কেইটা পাইহে ফোন কৰিছিলোঁ" পুনৰ ৰুদ্ৰই গহীনেৰে কৈ উঠিল " কালি মাংস এপিছ খাইছিলোঁ ,ভালেই লাগিল ৷" যিহেতু দৃষ্টিয়ে ইতিমধ্যে দুজনৰ পৰা তাই দি পঠিওৱা মাংস খোৱাৰ কথা শুনিলেই সেয়ে নিশ্চয়কৈ যে ৰুদ্ৰই বাকীবোৰো খাবলৈ পোৱা নাই সেই কথা বুজি উঠিছে ৷সেয়ে কৌতূহলেৰে সুধিলে " আৰু মালপোৱা ,নিমকি?" ৰুদ্ৰই মিচিকিয়া হাঁহি এটিৰে ক’লে "সেইবোৰ হোষ্টেলৰ গেটৰ মুখতেই খতম,ৰুম নাপালেই৷হাঁহৰ মাংস বুলিহে মোলৈ এপিছ থাকিল গৈ ,নহ’লে তাকো নাথাকিলে হয় " ইটোসিটো কথা পাতি আহি আহোঁতে এপাকত দৃষ্টিয়ে ৰুদ্ৰক সুধিলে "আপোনাৰ ঘৰত কোন কোন আছে? " কিন্তু ৰুদ্ৰই কোনো উত্তৰ নিদিয়াকৈ তাইৰ কথাটো ইগন’ৰ কৰি দিলে ৷সেয়ে ঘৰত কোন আছে ক’বলৈ বেয়া পাইছে বুলিয়েই দৃষ্টিয়ে পুনৰ কথাটো সলাই "আপোনাৰ ঘৰ ক’ত আছিল "বুলি কৈ ৰুদ্ৰক সুধিলে৷ কিন্তু ৰুদ্ৰই এইবাৰো কোনো উত্তৰ নিদিয়াকৈ দৃষ্টিৰ কথাকেইটা ইগন’ৰ কৰি সেইখিনিৰ পৰা যিমান পাৰে সিমান সোনকালে ব্যস্ততাৰ অজুহাত দেখুৱাই আতৰি গুচি গ’ল৷ দৃষ্টিয়ে কিনো নোহোৱা নুপুজা প্ৰশ্ন কৰিলে ধৰিবই নোৱাৰিলে৷ সেয়ে ৰুদ্ৰ আতৰি যোৱাত সময়টো চাই এডমিনিষ্ট্ৰেচনৰ মুখতে ৰিদিপ আৰু হিমানীক দেখি সিহঁতৰ ফালেই আগবাঢ়ি আহিল৷ নমিনেশ্বনৰ ৰিজাল্ট ওলোৱাৰ সময়ত চাৰিওপিনে বতাহত বিজয়ৰ গান গোৱাৰ দৰে কেণ্ডিডেটবোৰৰ নামত জয়ধ্বনি দিয়াৰ উখলমাখল পৰিৱেশ এটা সিচৰিত হৈ পৰিল৷ সিহঁতৰ চেন্তাৰৰ এগৰাকীৰ নমিনেশ্বন ফ্ৰমখন কেঞ্চেল হ’ল যদিও চিলেক্ট হোৱা গৰাকীৰ বাবে আটাইৰে মুখত হাঁহিবোৰ সেৰেঙাকৈ হ’লেও বিৰিঙি থাকিল৷যদিও প্ৰথমে দৃষ্টিয়ে জনা নাছিল তথাপিও পিছেপৰে সিহঁতৰ চেন্তাৰৰ "প্ৰণামী হাতিমুৰীয়া" নামৰ ছোৱালীজনীয়ে ৰুদ্ৰহঁতৰ হোষ্টেলৰ পৰাই ইলেকচনত প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছে বুলি জানিব পাৰিলে,লগতে ৰুদ্ৰহঁতৰ হোষ্টেলৰে তিনিজন কেণ্ডিদেটে বিনা প্ৰতিদ্বন্দ্বীতাৰে জয়ী হোৱাৰ খবৰটোত নাহৰ তলত বিহুমেলাৰ দৰেই ঢোল তালৰ মাতেৰে ৰজনজনাই থাকিল৷ সকলোৰে ফূৰ্তিবোৰ দেখি দৃষ্টিৰ ভাল লাগিছিল যদিও ,কোনোবাখিনিত তাইৰ চকুযোৰে ৰুদ্ৰক বিচাৰি ফুৰিছিল ৷ ভিৰটোৰ পৰা ওলাই ৰুমলৈ যাবলৈ আহোঁতেই ৰুদ্ৰক দেখিলে লাইব্ৰেৰী ফ্ৰন্টৰ বেঞ্চ এখনত অকলশৰে ভাবুক মনেৰে বহি থকা৷ ইমান উৎসৱমুখৰ পৰিৱেশটো এইদৰে মানুহে একো নোহোৱাৰ দৰে নিজৰ ব্যস্ত পৃথিৱীত সোমাই থাকিব পাৰেনে বুলি দৃষ্টিৰ মনত প্ৰশ্ন এটাই অগাভেঁটা কৰি ধৰিল৷ যদিও সেই প্ৰশ্নৰ উত্তৰ বিচাৰি যাবলৈ তাইৰ সাহস নহ’ল৷ তথাপিও কিছুপৰ ৰুদ্ৰলৈ চাই ৰৈ দিলে ৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment