Thursday, August 12, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৯ *************************** 'প্ৰথমে আইতাহঁতৰ ঘৰখনে মাৰ এই সিদ্ধান্তক ভুল বুলি পতিয়ন নিয়াবলৈ মাৰ প্ৰসৱৰ পাছতেই মোক আনকাৰোবাক দি দিয়াৰ কথা ভাবিছিল৷ প্ৰথম যেতিয়া জন্ম হোৱাৰ পাছতে ডাক্তৰে মোক আইতাৰ কোলাত তুলি দিছিল,ৰঙা বগা গুলপীয়া মুখখনত তৰাযেন জিলিকি থকা চকুকেইটাত আইতাৰ হেনো মায়া জাগিছিল৷ সেয়ে মাৰ মুখলৈ চাই মোক তেওঁলোকৰ লগতে ৰখাৰ সিদ্ধান্ত লৈ পেলাইছিল৷ কোনোবাখিনিত আইতাৰ মনত ৰঞ্জিত গোস্বামীৰ পৰিয়ালটোৰ প্ৰতি আশা আছিল যে মোক দেখাৰ লগেলগেই তেওঁলোকে মোক আৰু মাক আদৰি ল’ব ৷ সেই লৈ মোৰ জন্মৰ কিছুদিনৰ পাছতেই আইতাই তেওঁলোকৰ তিৰস্কাৰ,মান সন্মানকো নিউচি মোক নি ৰঞ্জিত গোস্বামীৰ ঘৰ উলিয়াইছিল৷কিন্তু তেওঁলোকৰ শিলযেন হৃদয়খনে মোৰ তিৰবিৰ চকুৰে আজীৱন কাষত বিচাৰিব লগা ঘৰখন ,মোৰ পিতৃৰ পৰিচয় নিদিয়াকৈ আইতাক উভতাই পঠিয়ালে৷তাৰ পাছতে মই অলপ ডাঙৰ হোৱাত মায়ে মোৰ ভৱিষ্যতৰ বাবে সংস্হাপন এটি বিচাৰি ফুৰোঁতেই চৰকাৰী আচঁনি এখনৰ জৰিয়তে নাৰ্ছিংৰ কৰ্চ এটা কৰিবলৈ মোক আইতাহঁতৰ লগতে এৰি আমাৰ বাবে এই জীৱন যাত্ৰা আৰম্ভ কৰিলে৷ এতিয়া মা আৰু মই ইজনী সিজনীৰ সাৰথি৷মায়ে তেওঁৰ জীৱনত ভুল কৰিলেও ,মোক এই জীৱনদান দি তেনেকুৱা হাজাৰ ভুলৰো পুণ্য এই জীৱনতে অৰ্জন কৰিলে৷সেই লৈ মই মাক বহুত শ্ৰদ্ধা কৰোঁ৷তেওঁ নোহোৱা হ’লে মই এই পৃথিৱীখন দেখাৰ সৌভাগ্য কেতিয়াও নাপালোৱেই হয়৷ সমাজে জাৰজ সন্তান বুলি উপসাহ কৰিলেও মাৰ কৰণীয় খিনিৰে মই সেই উপসাহকো হাঁহি হাঁহি পাৰ কৰিব পৰা শক্তি পাওঁ৷ পিতৃহীন হ’লেও তেনে পিতৃৰ প্ৰতি মোৰ কেতিয়াও হেপাঁহ নাই ,তেওঁক লৈ কোনো আক্ষেপ নাই ৷ তেওঁৰ দৰে মানুহবোৰ মই ঘৃণ কৰোঁ৷ " দৃষ্টিয়ে কথাবোৰ শুনি কোনোবাখিনিত সমীক্ষা আৰু মাকৰ কথাবোৰত সন্তুষ্ট হ’লেও ইমান ৰহস্যময় কথাবোৰ তাই কেনেকৈ জানিব পাৰিলে মনতে সেইকথা ভাবিয়ে কৌতূহলেৰে সমীক্ষাক প্ৰশ্ন কৰিলে "তোমাক এই কথাবোৰ কোনে ক’লে?কেনেকৈ জানিলা ইমানবোৰ কথা? " "এই কথাবোৰ মই আইতাৰ মুখৰ পৰা শুনা৷ সৰুতে মই প্ৰায়েই ওচৰ চুবুৰীয়া মানুহেই হওক বা বংশপৰিয়ালৰ মানুহৰ পৰাই হওক সদায়েই জাৰজ সন্তান বুলি অৱহেলিত হৈছিলোঁ৷ ঘৰৰ ওচৰৰ কোনো ল’ৰাছোৱালীৰ সতেই সিহঁতৰ ঘৰৰ মানুহে মোক খেলাধূলা কৰিবলৈ নিদিয়ে৷ মোক কোনো মানুহেই ভাল ব্যৱহাৰ নকৰে,সেইবোৰ দেখি শুনি হতাশাত ভুগিছিলো৷গাওঁৰে স্কুলত মোৰ নাম লগাই দিছিল যদিও মোৰ কোনো বন্ধু বান্ধৱীও নাছিল৷ অলপ জনাবুজা হোৱাত প্ৰায়েই মন কৰিছিলোঁ ,কিছুমান মানুহে কৈ ফুৰা "চৰিত্ৰহীনাৰ মাকৰ জাৰজ সন্তানো চৰিত্ৰহীনেই হ’ব " তাৰ পাছৰে পৰা প্ৰায়েই মই কথাবোৰ আইতাক সুধিছিলোঁ কিয় মানুহবোৰে তেনেকৈ কয় বুলি৷ প্ৰথমে আইতাই কোৱা নাছিল যদিও এদিন কথাবোৰ ক’বলৈ তেওঁ বাধ্য হৈ পৰিছিল৷ " সমীক্ষাই কিছুসময় একো নোকোৱাকৈ ৰৈ দিলে ৷তাকে দেখি দৃষ্টিয়ে লগালগ সুধিলে " কিয় ,কি হৈছিল সেইদিনটোত" " তেতিয়া মই চতুৰ্থ শ্ৰেণীত আছিলোঁ,সৰু হ’লেও দেখি শুনি বহুকথাই বুজা হৈছিলো৷ স্কুলৰ পৰা অহাৰ পাছতেই মানুহ এজনে তেওঁৰ সৈতে মোক লগত লৈ যাবলৈ আহি চোতালত হুলস্থূল কৰিছিল৷ আইতাই দোৱাৰঘৰ বন্ধ কৰি মোক বুকুৰ মাজত লুকুৱাই ৰাখিছিল৷ বাহিৰৰ পৰা মামাহঁতৰ চিঞৰ বাখৰ কাজিয়া কৰাৰ মাতবোৰ ভিতৰলৈকে অহাত কি হৈছে বুজিব নোৱাৰি মই মাথোঁ ভয়তে চিঞৰি চিঞৰি কান্দি আইতাৰ কোচত কুচিমুচি সোমাই লৈছিলোঁ৷ তেতিয়া ডাঙৰ মামী নতুন বোৱাৰী ,মোৰ বাবেই মামাই এইদৰে কাজিয়া কৰা বুলি আইতাৰ আগত কৈ তেওঁ অস্বস্তি অনুভৱ কৰাও দেখিছিলোঁ৷ তেতিয়ালৈ মায়ে চৰকাৰী হস্পিতাল এখনতেই চাকৰি পাইছিল৷ গাওঁৰ ঘৰৰ পৰা দুৰ হয় বাবে হস্পিতালৰ কাষতে ঘৰ এটা ভাড়া লৈছিল৷ শনিবাৰে ডিউটি শেষ হ’লেই দেওবাৰে দিনটো মোৰ লগত কটায় সোমবাৰে ৰাতিপুৱা হ’লেই তেওঁ কামলৈ বুলি এসপ্তাহৰ বাবে আতৰি গৈছিল৷ কিন্তু সেইদিনা মোক সেই মানুহজনে এইদৰে নিবলৈ অহাৰ কথাবোৰ কেনেবাকৈ জানিব পাৰি তেওঁ আহি নিজৰ লগত মোক লৈ গৈছিলহি৷ তাৰ পাছৰে পৰা মই যি কেইদিন মাৰ লগত আছিলোঁ মোক চোৱাচিতা কৰিবলৈয়ে আইতাই মাৰ ভাড়া ঘৰটোতে থাকি লৈছিল৷ তেতিয়াৰ পৰাই মই জনা হোৱালৈকে এই একেবোৰ কথাকেই সদায় আইতাক সুধি সুধি এতিয়ালৈ এই কথাবোৰ ভালদৰে বুজিব মেলিব পৰা হ’লোহি৷ " "তাৰমানে তোমাক দেউতাই নিবলৈ আহিছিল নেকি?" " সেইবাৰেই নহয়,তাৰপাছতো বহুবাৰ মোক তেখেতে লগত নিবলৈ আহিছিল " "তেতিয়াহ’লে তোমালোক তেওঁসৈতে নগ’লা কিয় ?" "তেখেতে মাত্ৰ মোকহে লগত নিবলৈ আহিছিল ,মাক লগত নিবলৈ অহা নাছিল৷ কিন্তু ইমানখিনি সংগ্ৰাম কৰি মায়ে মোক জীৱন দান দিয়াৰ পাছত ,মাক কাহানিও পত্নীৰ মৰ্যাদা নিদিয়াৰ পাছত কি কাৰণত তেওঁ ৰঞ্জিত গোস্বামীৰ হঁতে মোক পঠিয়াই দিব৷কিহৰ বিশ্বাসত পঠিয়াই দিব৷ মাৰ মুখত শুনামতে তেখেতে তেতিয়ালৈ বিয়া কৰাই সংসাৰী হৈছিল কিন্তু আজিলৈ সন্তানৰ মুখ নেদেখিলে৷ জানা দৃষ্টি এয়াই কৰ্মফল৷ যি যেনেকুৱা কৰ্ম কৰে তেনেকুৱা কৰ্মতে ভুগিব লগা হয়৷ আচলতে তেওঁ নিসন্তান হোৱাৰ বাবেহে মোক নিবলৈ আহিছিল ,মা আৰু তেওঁৰ প্ৰেমৰ অংশ হিচাপে নহয় ৷" "আন্টিয়ে ভালেই কৰিলে৷ সমীক্ষা তুমি তোমাৰ অতীতৰ এই বিচিন্ন পৃষ্ঠাবোৰ পাহৰি আগুৱাব লাগিব,তোমাৰ মায়ে কাহানিও নোপোৱা সুখবোৰ তুমি দিব পাৰিব লাগিব৷ ওচৰ চুবুৰীয়া,বংশ পৰিয়াল এই সকলোবোৰেই খন্তেকীয়া,তুমি কাৰো কথালৈ আক্ষেপ নকৰি জীৱন বাটত আগুৱাই যোৱা৷ দৃঢ় হোৱা জীৱনৰ লক্ষ্যত ,মই সদায় লগত আছোঁ" বহাৰ পৰা দুয়োজনী উঠি নতুন দৃষ্টিভংগীৰে দৃঢ় মন এটি লৈ সমীক্ষাক আগবঢ়াবলৈ বুলিয়ে দৃষ্টিয়ে সিহঁতৰ হোষ্টেলৰ সন্মুখ পালেগৈ৷ সমীক্ষাই মনৰ মাজত পুতি থোৱা ৰহস্যবোৰ দৃষ্টিৰ আগত ক’বলৈ পাই তাইক ধন্যবাদ জনাই এই ৰহস্যবোৰ ৰহস্য হৈ থকাৰ উদ্দেশ্যৰে বিশ্বাসৰ বান্ধোনত কথাবোৰ বান্ধি হোষ্টেললৈ সোমাই গ’ল৷ লাহে লাহে সন্ধিয়াৰ আকাশৰ আন্ধাৰবোৰ নামি আহিছিল৷ হেল্ফ চেন্তাৰৰ সন্মুখতে তাইক দেখাপাই ৰুদ্ৰই ল’ৰালৰিকৈ হাতত থকা চিগাৰেটটো দলিয়াই অজানা হৈ ৰৈ দিলে ৷ দৃষ্টিয়ে দুৰৰ পৰাই কথাটো লক্ষ্য কৰিছিল সেয়ে ওচৰ আহি পায়েই চিধাই ৰুদ্ৰৰ সন্মুখত ৰৈ প্ৰশ্ন কৰিলে "আপুনি চিগাৰেট খায়?" ৰুদ্ৰই দৃষ্টিৰ এই দুসাহস দেখি তাইলৈ বহুপৰ চাই ৰ’ল৷ ৰুদ্ৰৰ সেই চাৱনিত দৃষ্টিৰ সাৰসুৰ নথকা হৃদয়ত হৃদধ্বণিৰ কম্পনে সুৰ এটি বজাই দিলে ৷তাই এইদৰে ৰুদ্ৰৰ সন্মুখত ৰৈ ৰুদ্ৰক প্ৰশ্ন কৰাৰ সাহস কেনেকৈ কৰিলে নিজেও নাজানে,তথাপিও ভয় আৰু বিস্ময়েৰে উত্তৰৰ আশাত ৰুদ্ৰৰ ফালে চাই ৰ’ল৷ দৃষ্টিৰ আগ্ৰহ দেখিয়ে ৰুদ্ৰই ক’লে "ডেইলি নাখাওঁ ,কেতিয়াও stress বাঢ়ি গ’লে ..." অভিমান কৰি দৃষ্টিয়ে কৈ উঠিল " ৱাহ! চিগাৰেট খালেই Stress কমি যায়? " ৰুদ্ৰই বেকা হাঁহি এটা মাৰি দৃষ্টিলৈ চালে৷উফ তাইৰ বুকুৰ ধপধপনিবোৰ আগতকৈ আৰু জোৰত কোবাবলৈ ধৰিলে৷ গহীন গম্ভীৰ ৰুদ্ৰৰ মুখত খুউব সম্ভৱ কেতিয়াবাহে এই হাঁহিটো ওলাই আৰু এই হাঁহিটোৱে দৃষ্টিৰ সাৰে হিমজুৱে তপত ৰক্তৰ ধাৰা এটি বোৱাই দিয়ে৷ এতিয়াও সেই সমস্ত দেহৰ গৰম তেজবোৰে আহি তাইৰ গালত থুপপাতিলেহি৷ গাল দুখন তেজাল ৰঙা হৈ পৰিল,আন্ধাৰতো জ্যোতি দিব পৰা দৃষ্টিৰ মুখলৈ চাই ৰুদ্ৰই নাহৰৰ তলে তলে খোজত খোজ মিলাই আহি থাকোঁতে সুধিলে "আজি ইয়াত অকলে যে?" "দেউতা আহিছিল আজি ,তেখেতক বাছ উঠাবলৈ আহি সমীক্ষাৰ.."বুলি কৈ ৰৈ দিলে তাই৷ ৰুদ্ৰৰ সৈতে কথাপতাৰ উৎসুকতাত সমীক্ষাৰ বিষয়ে কিবা ওলাই বুলি ভয় লাগিল তাইৰ৷ সেয়ে ৰৈ দিলে আধা কৈ কিন্তু ৰুদ্ৰই তাইৰ ফালে পাছৰ খিনি জানিবলৈ বাট চাই থকা দেখি পুনৰ আৰম্ভ কৰিলে "ঘৰৰ পৰা মাংস অলপ আনিছিল তাৰেই অলপ সমীক্ষাক দিবলৈ আহি দুইজনীয়ে কথা পাতি থাকোঁতে দেৰি হৈ গ’ল " ৰুদ্ৰই হুমুনিয়াহ এটি এৰি দৃষ্টিক তাইৰ হোষ্টেললৈকে আগবঢ়াই দিয়াৰ উদ্দেশ্যৰে তাই সঁতে ইটো সিটো কথা পাতি আগবাঢ়ি আহিল৷ লাজবোৰ কাটি কৰি দৃষ্টিয়ে প্ৰথমবাৰ সহজ ৰূপত ৰুদ্ৰৰ সৈতে কথা পাতিলে৷প্ৰিয় পুৰুষৰ সৈতে হোৱা বাৰ্তালাপত তাই সকলো কথা পাহৰি পেলাইছিল৷সমীক্ষাৰ কথাবোৰ শুনি তাইৰ যি দুখ লাগিছিল সেই দুখখিনিক আৰু দিনটো সেমেকি থকা চকু মুখবোৰ ৰুদ্ৰৰ সান্নিধ্যত জিলিকি উঠিছিল৷ হোষ্টেলৰ গেট পোৱাৰ পাছত ৰুদ্ৰক গেটৰ সন্মুখতে অলপ সময় অপেক্ষা কৰিবলৈ কৈ ৰুমৰ পৰা ঘৰৰ পৰা মাকে দিয়া মালপোৱা,নিমকি আৰু হাঁহৰ মাংসৰ বাতি এটা হাতৰ টিপতে কোনেও নেদেখাকৈ ৰুদ্ৰৰ হাতত দি কৈছিল " আপুনিও হোষ্টেলত থাকে সেয়ে ঘৰৰ বস্তু গতিকে টেষ্ট কৰিবলৈ অকনমান দিছোঁ ,হোষ্টেল পাই খাবগৈ" দৃষ্টিয়ে মৰমেৰে দিয়া টোপোলাটো ৰুদ্ৰই বৰ আগ্ৰহেৰে হাত পাতি লৈ ষ্টিট লাইটৰ ব্যৱস্থা নথকা দৃষ্টিহঁতৰ হোষ্টেলৰ গলিটোৰে আগবাঢ়ি গৈ আন্ধাৰৰ মাজত নোহোৱা হৈ পৰিল৷ দৃষ্টিয়ে বহুপৰ গেটৰ ওচৰতে ৰৈ ভাললগাবোৰ বুকুত সামৰি ৰুদ্ৰ যোৱাৰ বাটেৰেই চাই ৰ’ল৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment