Tuesday, August 10, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৭ *************************** ঘৰৰ পৰা দুৰত থাকিলেও কাহানিও দৃষ্টিয়ে মাক দেউতাকৰ পৰা কোনো কথাই লুকুৱাই পোৱা নাই৷সদায় ৰাতি শোৱাৰ আগত মাকৰ সৈতে কথা পাতোঁতে দিনটোৰ প্ৰতিটো কথাই এফালৰ পৰা কৈ যোৱাটো তাইৰ অভ্যাস৷ হস্পিতালত এডমিট হোৱাৰ কথাটো প্ৰথমে অকলশৰীয়া মাক দেউতাকে বেছিকৈ চিন্তা কৰিব বুলিহে কোৱা নাছিল যদিও নোকোৱাকৈ থাকি তাই সাংঘাতিক অস্বস্তি অনুভৱ কৰিছিল৷সেয়ে সুস্থ হোৱাৰ পাছতেই তেওঁলোকক কথাটো জনাই দিছিল ৷সেয়ে আজি বন্ধবাৰ দেখিয়ে সময় সুবিধা মিলাই দেউতাকে তাইক লগ কৰিবলৈ আহিব৷মাক শাৰীৰিকভাৱে কিছু অসুস্থ ,যোৱাবছৰ দুৰ্ঘটনা এটাত মাকৰ সমস্ত শৰীৰ ছয়মাহ পৰ্যন্ত শৰ্যাগত অৱস্থাতেই আছিল এতিয়াহে কিছু ভাল পাইছে যদিও বৰ বেছি চলাফিৰা কৰিব নোৱাৰে৷ সেয়ে তেওঁ আহিব নোৱাৰিলেও তাইক চাবলৈ ইচ্ছা থকাৰ কথাটো ফোনযোগেই জনাইছে৷তাইৰো মাকক লগ পোৱাৰ হেপাঁহটো থাকিলেও sessional পৰীক্ষা,assignment আদিবোৰ থকাৰ বাবে পাছে পৰে যাম বুলি মাকক কথা দিছে৷ আজি কিছুদিনৰ পৰা মৌ’ আৰু চিৰঞ্জীৱৰ সম্পৰ্কটোৰ গতি লাগিল৷ আগৰ দৰে মৌ’য়ে এতিয়া চিৰঞ্জীৱক অৱজ্ঞা নকৰে,মন গ’লেই ঘন্টাৰ পাছত ঘন্টা বাৰ্তালাপ কৰে৷ আজিও চিৰঞ্জীৱে লগ কৰিবলৈ অহাত ওলাই গৈছে,দৃষ্টিকো লগ ধৰিছিল কিন্তু তাইহে দেউতাক আহিব বাবে নগ’ল৷ আচলতে দৃষ্টিয়ে বাধ্যত পৰিহে মৌ’ লগত ওলাই যাব লগা হয় ৷আজি দেউতাক আহিব বাবে নাযাওঁ বুলি ক’বলৈয়ো ভালেই পালে৷দৃষ্টিয়ে সদায়েই বিচাৰে মৌ’য়ে চিৰঞ্জীৱৰ সৈতে অকলশৰে কিছুসময় অতিবাহিত কৰাটো ৷আজি প্ৰথমবাৰ দৃষ্টিয়ে মৌ’ৰ চকুত চিৰঞ্জীৱক লগ পোৱাৰ বাবে হেপাঁহ দেখিছিল,তাই চিৰঞ্জীৱৰ বাবে নিজকে ব্যতিক্ৰম ৰূপত সজাই তুলিছিল৷আকাশ নীলা কুৰ্তাটোত মৌ’ক বহুত ধুনীয়া দেখাইছিল সেয়ে দৃষ্টিয়ে" আজি চিৰঞ্জীৱ দাই চিনিবকে নোৱাৰিব" বুলি কৈ তাইক জুকাইছিল ৷লাজতে মৌ’ৰ গালদুখন ৰঙা পৰিছিল আৰু তাই একো নোকোৱাকৈয়ে মিঠা হাঁহি এটি উঁঠত সজাই ওলাই গৈছিল ৰুমটোৰ পৰা৷ যোৰহাটৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা চাৰিঘণ্টাৰ হ’লেও এদিনীয়া মানুহৰ বাবে এই যাত্ৰাও অশান্তিদায়ক৷ এটা সময়ত দৃষ্টিৰ দেউতাক আহি হোষ্টেলৰ গেটৰ সন্মুখত উপস্থিত হ’লহি৷মাকে মৰমতে তাই ভালপোৱা হাঁহৰ মাংস দি পঠিয়াইছে দেউতাকৰ হাতত৷ যিহেতু হোষ্টেলৰ নিয়ম অনুসৰি দেউতাকক ৰুমলৈ আনিম নোৱাৰে সেয়ে গেটৰ মুখতে চকীপাৰি থোৱা বৰগছজোপাৰ তলতে বহোৱাই অলপসময় কথাবতৰা পাতি,যোৱাৰ আগত দেউতাকক কিবা এটা খুৱাই পঠিয়াবলৈ চিন্তা কৰিলে৷যিহেতু দেওবাৰ সেয়ে DU HAATৰ প্ৰায়ভাগ দোকানেই বন্ধ থাকে৷ দুপৰীয়াখন দেউতাকক খালী মুখেৰে পঠিয়াবলৈ বেয়া লাগিল দৃষ্টিৰ সেয়ে সমীক্ষাক ফোন কৰি জ’চাগলৈ মাতি পঠিয়ালে৷ দেউতাকে অনা হাঁহৰ মাংস অলপো সৰু টিফিন এটাতে সমীক্ষালৈ বুলি বান্ধি আনিলে৷ জ’চাৰ পৰা ওলাই আহি জ্যোতিবাটচৰাত দেউতাকক যোৰহাটৰ বাছত উঠাই দৃষ্টিয়ে ৰুমলৈ অহাৰ আগতে সমীক্ষালৈ ঘৰৰ পৰা অনা হাঁহৰ মাংসৰ টিফিনটো আগুৱাই ক’লে " দেউতাই আনিছিল,ৰুমত গৈ খাবাগৈ" দৃষ্টিৰ হাতৰ পৰা টিফিনটো লওঁতে সমীক্ষাৰ চকু মুখ চলচলীয়া হৈ পৰিছিল ৷দৃষ্টিয়ে কাহানিও অনুভৱ নকৰা এক অদ্ভুত শিহৰণ সমীক্ষাৰ চকু মুখত ধৰা পেলাইছিল৷সমীক্ষাক এনে অৱস্থাত এৰি ৰুমলৈ আহিবলৈ মন নগ’ল সেয়ে তাইৰ সতে কিছুসময় পাৰ কৰাৰ উদ্দেশ্যৰে লাইব্ৰেৰী ফ্ৰন্টৰ বেঞ্চ কেইখনৰ ফালে আগুৱাই আহিল৷সমীক্ষাৰ দেউতাক নোহোৱাৰ বাবেই তাই দৃষ্টিৰ দেউতাকৰ পৰা ক্ষন্তেকৰ মৰম চেনেহবোৰ পাই উচুপি উঠিছিল বুলি ভাবিয়ে সুধিলে " সমীক্ষা কিয় ইমান ইমচনেল হৈ পৰিছা ?কি হৈছে তোমাৰ ? " ৰঙচুৱা চকুকেইটা মোহাৰি সমীক্ষাই মিচা হাঁহি এটা উঠঁত সজাই দৃষ্টিক ক’লে " তুমি বহুত লাকী দৃষ্টি ,তোমাৰ দেউতা ইমান বেছি মৰমিয়াল আৰু সহজ সৰল৷কিন্তু মই যে আজিলৈ দেউতাক দেখিয়ে নাপালোঁ,দেউতাৰ মৰম কেনেকুৱা সেইয়া অনুভৱ কৰিয়ে নাপালোঁ৷ আজি তোমালোকক একেলগে দেখি ক্ষন্তেকৰ বাবে মোৰ বুকুখন মুচৰ খাই পৰিল৷" দৃষ্টিয়ে সমীক্ষাক উদ্দেশ্যি ক’লে " ধেৎ এইজনী ,এইবোৰ কথা ভাবি দুফ কৰে নেকি৷মোৰ দেউতা জানো তোমাৰ দেউতাৰ নিচিনাই নহয় ৷ যোৱাজনৰ কথা ভাবি এইদৰে কন্দা কটা কৰিলে তেওঁৰ আত্মাই জানো শান্তি পাব ৷" দৃষ্টিৰ কথাত সমীক্ষাই মনৰ ক্ষোভ সামৰিব নোৱাৰি দৃষ্টিৰ কান্ধত মুৰ থৈ ফেকুঁৰি উঠিল৷ দাঁত মুখ কৰচি দমাব খোজা ক্ষোভ এটা বাহিৰলৈ উলিয়াই আনি তাই ক’লে " মোৰ দেউতা জীয়াই আছে,কিন্তু দুৰ্ভাগ্যবশতঃ আজিলৈ তেওঁক মই লগ পোৱা নাই৷হয়তো কেতিয়াও লগ পাবও নোখোজোঁ" দৃষ্টিয়ে কাহানিও নেদেখা ক্ষোভ এটি সমীক্ষাৰ চকুমুখত দেখাৰ উপৰিও সমীক্ষাৰ দেউতাক জীয়াই থকাৰ কথাটোত আচৰিত হৈ প্ৰশ্ন কৰিলে " তোমাৰ দেউতা জীয়াই আছে? " " হয় দৃষ্টি,মোৰ দেউতা জীয়াই আছে ৷কিন্তু তেওঁ জীয়াই থাকিলেও আমাৰ বাবে সেই জীৱন মৃত্যুতুল্য৷ ঘিণ কৰোঁ মই তেখেতক,বহুত বেছি ঘিণ কৰোঁ৷ তেওঁক দেউতা বুলি কৈ সন্মান দিবলৈ মোৰ সংকোচবোধ হয়৷ সচাঁ অৰ্থত তেওঁ মানুহহোৱাৰো যোগ্য নহয় ৷ মোৰ হৃদয়ত তেওঁৰ বাবে তিলমানো শ্ৰদ্ধা নাই ,মৰম নাই৷তেওঁ এটা পিশাচ,হৃদয়ত দৰদ নথকা পিশাচ ৷" কথাবোৰ কৈ থাকোঁতে সমীক্ষা ফোপাই উঠিল৷ দৃষ্টিৰ মুখৰ মাত হেৰাল৷যেনেতেনে সমীক্ষাক শান্ত কৰিবলৈ চেষ্টা কৰিলে তাই৷ আৰু তাৰ পাছত ভয় আৰু উৎসুকতা এটি বুকুত পুহি সুধিবলৈ আৰম্ভ কৰিলে " কিয় সমীক্ষা ,কি হৈছিল তোমালোকৰ লগত ৷ মই জানিব বিচাৰোঁ৷ তোমাৰ মনৰ মাজত বলি থকা ধুমুহা এজাকৰ উপান পাইছোঁ ৷ যদি তুমি ইচ্ছা কৰা কথাবোৰ ক’ব পাৰা,মনটো অলপ হ’লেও পাতল লাগিব৷ " নিস্তব্ধ কেইটামান মুহূৰ্ত পাৰ হৈ গ’ল৷ অস্হিৰ মনটোক সামৰি চকুপানীবোৰ মোহাৰি সমীক্ষাই ক’বলৈ আৰম্ভ কৰিলে - (আগলৈ) (সময়মতে আগবঢ়াই দিব নোৱাৰাৰ বাবে ক্ষমাপ্ৰাৰ্থী৷ আশাকৰোঁ আপোনালোকে বুজিব৷আপোনালোকলৈ মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ খণ্ডটোও আগুৱাই দিলোঁ৷বহু স্মৃতি একেলগেই ৰুদ্ৰ আৰু দৃষ্টিৰ প্ৰেমৰ সতে আগবঢ়াই নিবলৈ চেষ্টা কৰিছোঁ৷আপোনালোকে কেনেকুৱা পাইছে জনাবচোন৷ আপোনালোকে সহায় সহযোগিতা আগবঢ়াই আৰ্শীবাদ কৰিব কাহিনীটো আগুৱাই নিবলৈ৷ধন্যবাদ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment