Saturday, August 7, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৫ *************************** ধিমিকধামাককৈ DU HAATৰ ষ্ট্ৰীটলাইট কেইটা জ্বলি উঠিল৷ সিদ্ধাৰ্থই দৃষ্টিক বিচাৰি আহি,এইদৰে বৰষুণ জাকত ৰৈ থকা দেখি তাইৰ হাতখনত ধৰি চুচুৰাই অনাদি দৌৰাই আনি ৰঞ্জিতদাৰ দোকানৰ ডাঙৰ ছাটিটোৰ তল পালেহি৷ দৃষ্টিয়ে মুখেৰে একো মতা নাই ,সিদ্ধাৰ্থই তাইক এইদৰে বৰষুণত ৰৈ থকাক লৈ গালি পাৰিছে,কিন্তু তাই কাণেৰে একো নুশুনাৰ দৰে ৰৈ আছে৷সিদ্ধাৰ্থৰ গালি কেইটাৰ প্ৰতি তাই কোনো প্ৰতিক্ৰিয়া নেদেখুৱাত সি আচৰিত হৈ কেইবাবাৰো তাইক মাত লগালে৷কিন্তু তাই যথৰ হৈ বৰষুণজাক চাই আছে৷তাইৰ কান্ধত হাত থৈ জোকাৰি দিলে সিদ্ধাৰ্থই৷হৃদয়ৰ তন্ময়তা ভাঙি বাস্তৱলৈ ওলাই আহিল তাই৷ সিদ্ধাৰ্থই খুউব গুৰুত্ব সহকাৰে প্ৰশ্ন কৰিলে " কি হৈছে তোৰ? এনেকৈ কিয় বৰষুণজাকত তিতি আছিলি" বৰষুণজাকলৈ চাইয়ে ক’লে " হৃদয় ভাগিছে মোৰ আৰু সেই ভগা হৃদয়ৰ ঠাল ঠেঙুলিবোৰে বিন্ধিছে " ধেমেলীয়া সুৰত সিদ্ধাৰ্থই কৈ উঠিল " প্ৰেমিক নথকাকৈ হৃদয় কোনে ভাঙিলে তোৰ, চাহ খাবলৈ নোপোৱাৰ জেদ এইয়া নহয়নে?" দৃষ্টিয়ে মুখেৰে একো নামাতিলে৷বৰষুণত তিতি তিতিয়েই হোষ্টেলৰ দিশে আগবাঢ়িলে ৷তাইৰ অবুজন স্বভাৱটোক বুজিব নোৱাৰি সিদ্ধাৰ্থইয়ো তাইৰ পাছে পাছে খোজ ল’লে৷সি পিছফালৰ পৰাই চিঞৰি কৈ গ’ল " অই’ পগলা ছোৱালী কি হৈছে তোৰ এটলিষ্ট কৈ যা , এনেকৈ গুচি গ’লে মই কেনেকৈ জানিম ,কৈ যা..!" দৃষ্টিয়ে সিদ্ধাৰ্থৰ একো কথাই নুশুনিলে,ৰাজধানী এক্সপ্ৰেছৰ দ্ৰুতগতিৰে হোষ্টেলৰ দিশে খোজ দিলে৷ দৌৰি দৌৰি সিদ্ধাৰ্থই তাই সন্মুখত উপস্থিত হৈ সুধিলে " কি হ’ল তোৰ ক’বই লাগিব৷তই যদি নকওঁ মই এনেকৈয়ে চিঞৰি চিঞৰি তোৰ পিছে পিছে গৈ তহঁতৰ হোষ্টেলৰ ফ্ৰণ্টত ৰৈ থাকিম গৈ৷" জোৰকৈ চেপিকুচি ৰখা খঙটো দমাব নোৱাৰি ফোপাই ফোপাই দৃষ্টিয়ে কৈ উঠিল " সম্পৰ্ক থাকিলেহে হৃদয় ভাগিব পাৰে নেকি? একপক্ষীয় প্ৰেমত আজিলৈ কাৰো হৃদয় ভঙা নাই নেকি? প্ৰেমিক হ’লেহে হৃদয় ভাঙিব পাৰে বুলি ক’ত লিখা আছে৷মোক পুতৌ দেখুৱালৈ মোৰ পিছে পিছে আহিব নালাগে৷ মই যিদৰে মোৰ হৃদয় ভাঙিব জানো সেইদৰে জোৰা লগাবও জানো৷ কিন্তু এতিয়া তই মোক একো প্ৰশ্নই নকৰিবি৷মোক যাবলৈ দে .. " খঙত ৰুদ্ৰমূৰ্তিৰ ৰূপলৈ তাই আতৰি গ’ল৷ সিদ্ধাৰ্থই তাইৰ কথা একোকেই নুবুজিলে৷ কিন্তু তাইৰ তীব্ৰ খঙ দেখি পাছে পাছে যাবলৈ মন নকৰি ৰৈ দিলে৷ তাই কোৱা সম্পৰ্ক,একপক্ষীয় প্ৰেম,প্ৰেমিক কথাবোৰৰ সি একো আওভাওয়ে নাপালে৷ সন্ধিয়া বৰষুণত তিতাৰ বাবে ৰাতিলৈ দৃষ্টিৰ কপঁনি জ্বৰ উঠিল৷ সন্ধিয়া ৰুম সোমাইয়ে তিতা কাপোৰসাজ সলাই গা মুৰ ধুই মৌ’ক একো নোকোৱাকৈ বিচনাতে বাগৰি দিছিলহি৷মৌ’য়ে ভাত খাবলৈ দৃষ্টিক জগাই দিবলৈ চাওঁতেহে তাইৰ গাটো গৰম দেখি মুৰত ঠাণ্ডাপানী দিয়াৰ পৰা ভৰি হাত মালিচ কৰি কঁপি থকা গাটোত ইখনৰ পাছত সিখন ব্লেংকেট জাপি দিলে৷ হোষ্টেলৰ সবকে খবৰ কৰিও জ্বৰৰ টেবলেট এটা বিচাৰি নাপালে৷ সিফালে বাহিৰতো দবাপিটা বৰষুণ ,কোনো এজনীও ফাৰ্মাচীলৈ বুলি ওলাই যাব নোৱাৰে৷দৃষ্টিৰ জ্বৰ কমাৰ কোনো নামেই লোৱা নাই,ইফালে মলয়ায়ো হোষ্টেলত নাই, কাষৰ ৰুমৰ ছোৱালীকেইজনীয়ে যিমান যি পাৰে কৰিছে৷ কিন্তু এইদৰে জ্বৰ নকমিলে আৰু যদি বাঢ়ি যায় কি হ’ব বুলি ভাবি হোষ্টেলৰ ছোৱালীবোৰে হস্পিতাললৈকে লৈ যোৱাটো ভাল হ’ব বুলি এম্বুলেন্স বিচাৰিবলৈ ধৰিলে৷হোষ্টেলৰ মালিকৰ ঘৰতো কাষতে হ’লেও তেওঁলোকো এমাহ ধৰি গাওঁৰ ঘৰৰ পৰা অহাই নাই৷ কিন্তু এই ৰাতিখন অকলেই ছোৱালীবোৰে হস্পিতাললৈ নিবলৈ হ’লে তাৰপাছত আহিবলগীয়া পৰিস্থিতিৰ কথা নাজানে,সেয়ে মৌ’য়ে ৰুদ্ৰলৈকে ফোনটো কৰি দৃষ্টিৰ কথাবোৰ জনাই মাতি পঠিয়ালে৷ ইউনিভাৰ্চিটিত ৰুদ্ৰই সকলো কামতে আগভাগ লোৱাৰ দৰে কাৰোবাৰ বিপদে আপদে সহায় কৰিবলৈয়ো সদায় আগত থাকে৷ আজিও ধুমুহা বৰষুণ জাকক নেউচি ৰাতি দহ বজাটো মেডিকেল যাবলৈ বুলি সিমান্তৰ লগতে ইউনিভাৰচিটিৰ এম্বুলেন্সখনতে আহিল৷যিহেতু পাছদিনা সবৰে ক্লাছ আছে সেয়ে দৃষ্টিৰ সৈতে ৰুদ্ৰই মাথোঁ দুজনী ছোৱালী গ’লেই হ’ব বুলি কোৱাত ৰুমমেট হিচাপে মৌ আৰু চিনিয়ৰ হিচাপে সংগীতা নামৰ ছোৱালীজনী ওলালে৷ আটাইবোৰ গৈ মেডিকেল পাই চেকাপ কৰাৰ পাছতে ডাক্তৰে চিন্তা কৰিবলগীয়া একো নাই বুলি কৈ চেলাইনটো শেষ হ’লেই লৈ যাব পাৰিব বুলি ক’লে৷কিন্তু বতৰৰ পৰিস্থিতি বুজিয়েই ৰাতি দুইবজাত হোষ্টেল যোৱাতকৈ ৰাতিটো ৰৈ ৰাতিপুৱাই গুচি যোৱাটোৱেই ভাল হ’ব বুলি সকলোৱে ৰৈ দিলে৷ (আগলৈ)

No comments:

Post a Comment