Thursday, August 5, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৪ *************************** ইউনিভাৰ্চিটিত সময় বাগৰাৰ লগে লগে দৃষ্টিৰো পঢ়াৰ ব্যস্ততা বাঢ়ি আহিল৷Sessional,assignment,ইটো সিটো কম্পিটিছনত ভাগ লৈ ফুৰোঁতে বহুত দিনৰ পৰা নিজলৈকে সময় থাকিও সময় উলিয়াব পৰা নাই৷তাইৰ বাবে আবেলি চাহকাপ খাবলৈ ওলাই যোৱাটোৱেই প্ৰত্যেক দিনাৰ অভ্যাস হৈ পৰিছে৷ এই অভ্যাসটোৰ লগতে ইমানদিনে সিদ্ধাৰ্থৰ সৈতেও ভাল বন্ধুত্ব গঢ়ি উঠিছে৷দৃষ্টিৰ মাক দেউতাকৰ বিবাহ বাৰ্ষিকীত তেওঁলোকলৈ ডিটিডিচিৰ যোগেদি কম সময়তে চাৰপ্ৰাইজ গিফ্ট এটি পঠাবলৈ অচিনাকি ডিব্ৰুগড় চহৰখনত সিদ্ধাৰ্থই তাইক সহায় কৰি দিছিল৷ সিদ্ধাৰ্থ ডিব্ৰুগড়ৰে লোকেল হয়,ঘৰ ইউনিভাৰচিটিৰ পৰা দহমিনিটৰ বাট,নালিয়াপুলৰ ওচৰতে৷ল’ৰাটোৰ সৈতে বন্ধুত্ব গঢ় লোৱাৰ পাছতহে দৃষ্টিয়ে তাক লাহেকৈ বুজিবলৈ ল’লে৷ বন্ধু হিচাপত খুবেই উদাৰ মনোভাৱৰ৷ তুমিৰ পৰা তইলৈ আগবাঢ়ি সিহঁতৰ বন্ধুত্বৰ মাজৰ জটিলতাবোৰো দৃষ্টিয়ে প্ৰায় নোহোৱা কৰিছে৷ আজি অলপ সময় উলিয়াই সিদ্ধাৰ্থই তাইক এক্টিভিটিলৈ বুলি মাতি পঠিয়াইছে৷সিদ্ধাৰ্থৰ খুহুটীয়া কথাবোৰে দৃষ্টিৰ দিনটোৰ ব্যস্ততাবোৰ কিছু হ’লেও পাতলাই হাঁহি থাকিবলৈ মনত পেলাই দিয়ে ৷ইমান এক প্ৰাণবন্ত ল’ৰাটোক প্ৰথম চিনাকিত তাই অৱজ্ঞা কৰাৰ কথাটো সিদ্ধাৰ্থই মাজে সময়ে তাইক আউৰাই থাকে৷মেচেজ, ফোন ক’ল বিলাকত খঙ-ৰাগ,বাক্-বিতণ্ডা থাকিলেও কোনোবাখিনিত দৃষ্টিৰ সৰুৰে পৰাই বিচাৰি ফুৰা জীৱন এটা ঘুৰাই পোৱাৰ দৰে লাগে৷ সৰুতে প্ৰায়েই দৃষ্টিয়ে মাক দেউতাকৰ ওচৰত আব্দাৰ কৰে,লগৰবোৰৰ ভাইটি ভন্তী থকাৰ নিচিনাকৈ তাইলৈয়ো ভাইটি ভন্তী আনি দিব লাগে৷তেতিয়াহেনো তাই কাজিয়া লাগিব পাৰিব৷ডাঙৰ হৈ বুজা হোৱাত মাক দেউতাকক সেই কথা নোকোৱা হ’ল কিন্তু ভাইটি ভন্তী নহ’লেও তাইৰ জীৱনত সেই অনুভৱ দিব পৰা কাৰোবাক সদায়েই বিচাৰে৷ সিদ্ধাৰ্থৰ প্ৰাণচঞ্চলা মনটোত তাই সেই অনুভূতিখিনি বিচাৰি পায়৷ সিদ্ধাৰ্থই তাইক কিদৰে লয় তাই নাজানে কিন্তু তাইৰ বাবে সি বন্ধুতকৈ অলপ ওপৰত,আপোনত্বৰ আচলেৰে ভৰা প্ৰিয় ল’ৰাবন্ধু৷ আবেলি চাৰিবজাৰ ক্লাছটো শেষ কৰি দৃষ্টিয়ে সমীক্ষাৰ সৈতে উলাই আহিল এক্টিভিটিলৈ সিদ্ধাৰ্থক লগ কৰিবলৈ বুলিয়ে৷আনদিনাৰ দৰে ভিৰবোৰ আজি এক্টিভিটি চেন্তাৰত নাই ,মাত্ৰ আদিত্য আৰু সিদ্ধাৰ্থইহে গীতাৰখন লৈ বহি আছে ৷ দৃষ্টি অহাৰ লগে লগে সিদ্ধাৰ্থই নতুনকৈ শিকি থকা গানৰ কলি এটা শুনালে তাইক৷ গানটোৰ কলিটো দৃষ্টিৰ খুবেই চিনাকি যেন লাগিল,মনতে এই লাইন কেইটা ক’ত শুনিছে ভাবি ভাবি পাৰ কৰিও উলিয়াব পৰা নাই৷ তেনেতে সিদ্ধাৰ্থই মোবাইলৰ স্ক্ৰীনত দৃষ্টিৰ ফেচবুকৰ প্ৰফাইলটোত থকা চাৰি বছৰৰ পুৰনা কবিতাটো দেখুৱাই ক’লে " তোৰ কবিতাটোৰ লাইন দুটামান চুৰ কৰি গানটোত যোগ দিছোঁ" অপলক নেত্ৰেৰে সিদ্ধাৰ্থলৈ চাই দৃষ্টিয়ে প্ৰশ্ন কৰিলে " তই মোৰ ফেচবুক একাউণ্টটো stalk কৰিছিলি ?" "উহোঁ,মই Just তোৰ একাউণ্টো চাই থাকোঁতেই পাই গ’লো" "কিয় চাইছিলি?" "ইনেই" দৃষ্টিয়ে সিদ্ধাৰ্থৰ কান্দ কাৰাখানা কিছুমান কেতিয়াবা সচাকৈয়ে বুজি নাপায়৷কোন মুহূৰ্তত সি কি কৰে, কিয় কৰে জানিবলৈ কেতিয়াবা কৌতূহল হৈ পৰে ৷ সিদ্ধাৰ্থই তাইৰ কথাবোৰ এৰাই চলিবলৈ প্ৰায়ে তাইক বেলেগ কথাত পতিয়ন নিয়াবলৈ চেষ্টা চলাই থাকে৷দৃষ্টিয়ে মানুহৰ সৈতে বৰ বেছি লাগি থাকিবলৈ বেয়া পাই ,আনৰ ইচ্ছা অনিচ্ছাক সন্মান কৰে সেয়ে আজিৰ কথাবোৰো পাহৰি ৰঞ্জন দাৰ দোকানত চিকেন পকৰা খাবলৈ বুলি ওলাই আহিল ৷সিদ্ধাৰ্থই আনদিনাৰ দৰে আজিও বিলটো আগতীয়াকৈ পে’ কৰি দিয়াত তাইৰ খঙটো উঠি আহিল৷তাই সদায়েই সিদ্ধাৰ্থক এইদৰে খোৱা পইচা দিবলৈ মানা কৰে,কিন্তু সি নুশুনে, ওলোটাই সেই টকা তাই ঘুৰাই দিব খুজিলেও নলয়৷ এককথাত জেদ ধৰে সি,আৰু অৰ্থ নোহোৱা কথাত ফেচ ধৰে৷ হ’লবুলিয়েই সদায় সদায় এইবোৰ ভাল নালাগে বাবেই খঙতে তাই আজি চাহ নোখোৱাকৈ সেইখিনিৰ পৰা আতৰি আহিল৷ DU HAATৰ চাইকেল ষ্টেণ্ডটোৰ ওচৰতে তাই ৰুদ্ৰক সিহঁতৰ হোষ্টেলৰে জয়শ্ৰী নামৰ চিনিয়ৰ ছোৱালীজনীৰ লগত দেখা পালে৷ বুকুখন ভিতৰৰ পৰা মুচৰ খাই বুকুৰ ধপধপনিবোৰ ক্ৰমাৎ ঘন হৈ আহিল ৷হোষ্টেলত এবাৰ মীনাক্ষীৰ মুখেৰেই জয়শ্ৰীয়ে ৰুদ্ৰক এতিয়ালৈকে তিনিবাৰতকৈয়ো অধিক প্ৰেম প্ৰস্তাৱ দিয়াৰ কথা শুনিছিল৷মিনাক্ষীৰ কথাক তাই কেতিয়াও নুই কৰিব নোৱাৰে কাৰণ ইউনিভাৰচিটিৰ ক’ত কি চলি থাকে,কোন কাৰ প্ৰেমিক,কোনে কাক ভাল পায় ,কোনজনী ছোৱালীয়ে বয়ফ্ৰেণ্ড থকাৰ পাছটো কাৰ বাইকৰ পিছত উঠি গৈছিল সব কথাৰে খবৰ ৰাখে তাই৷ মাত্ৰ সেইয়াই নে ইউনিভাৰচিটিত প্ৰথম আহিয়েই মেইন হোষ্টেলৰ চিক্ৰেট্ কথা যেনে কোনটো বইচ হোষ্টেলত জুনিয়ৰ ল’ৰাবোৰক টকলা কৰি চুলি কাটি দিয়ে,ৰাতি বহুদেৰিলৈ শুবলৈ নিদিয়াকৈ কিদৰে মানসিক হাৰাশাস্তি দিয়ে,কোনটো হোষ্টেলত ৰেগিঙৰ পৰা নিজকে বচাই ৰাখিবলৈ জুনিয়ৰবোৰৰ লগতে গোটেই হোষ্টেল বৰ্ডাৰছে একেলগে শাস্তি ভুগে ,কোন কেইটা হোষ্টেলত বৰ্ডাৰছক কেনেকুৱা বন্দীত্বৰ বান্ধোনত ৰখা হয়, কোনটো হোষ্টেলত কোনজনী ছোৱালীক সমজুৱাকৈ লাজ দিয়া হৈছিল মুঠৰ ওপৰত প্ৰতিটো সৰুবৰ কথাৰেই তাইৰ ওচৰত খবৰ থাকে৷ সেয়ে হোষ্টেলত সবেই তাইক চলতা-ফিৰতা চিচিটিভি বুলিও জুকায় ৷ দৃষ্টিয়ে মীনাক্ষীৰ কথাবোৰ প্ৰথমে মনে সজা কাহিনী বুলিয়েই ভাবিছিল কিন্তু সেইদিনা মিটিঙৰ পৰা আন্ধাৰ হওঁতে ৰুদ্ৰই তাইক হোষ্টেললৈকে থ’বলৈ অাহোঁতে মীনাক্ষীয়ে তাইক চিৰি ওচৰতে পাই জয়শ্ৰী আৰু ৰুদ্ৰৰ কথাবোৰ কৈ,দৃষ্টিৰ মনত কিবা আছে যদি পাহৰি যাবলৈ সতৰ্ক বাণী শুনাইছিল৷ আজি মীনাক্ষীয়ে ৰুদ্ৰ আৰু জয়শ্ৰীৰ বিষয়ে কোৱা কথাষাৰত তাই বিশ্বাস কৰিবলৈ বাধ্য হৈ পৰিছে৷ এফালে চাহৰ খঙ আনফালে প্ৰিয় মানুহজনক এইদৰে বেলেগৰ সৈতে দেখি তাইৰ গালৰ পৰা কাণ দুখনলৈকে উত্তপ্ত হৈ পৰিল৷বুকুখন গধুৰ হৈ অহাত তাই অনুভৱ কৰিলে সন্ধিয়াৰ অন্ধকাৰবোৰে তাইৰ হৃদয়ত থিতাপি লোৱাৰ কথা৷ পলকতে সলনি হোৱা বতৰটোৰ চেচাঁ কিনকিনিয়া বৰষুণ জাকে তাইৰ চকুৰ কোণেদি বাগৰি অহা অশ্ৰখিনি ধুই নোহোৱা কৰি নিলে ৷বৰষুণজাকৰ উমান পাই তাইৰ উচৰে পাজৰে থকা মানুহবোৰ নোহোৱা হৈ পৰিল৷কিন্তু তাই আশাহীন ভাৱে নিথৰ হৈ ৰৈ থাকিল বৰষুণজাকত ৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment