Friday, August 13, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-২০ ৰুদ্ৰক লগ পালেই ৰুদ্ৰ নামৰ বতাহ এজাকে দৃষ্টিক প্ৰায় কোবাই যায়৷ প্ৰতিবাৰেই প্ৰিয় পুৰুষৰ সান্নিধ্যত জী উঠে তাই৷ ৰুদ্ৰ নামৰ শান্ত সাগৰখনত গভীৰলৈ সোমাই পৰে ডুব যাব পৰা ভালপোৱাবোৰত গাঢ় হ’ব পৰাকৈ৷ ৰুদ্ৰ আতঁৰি গ’লেও হোষ্টেল গেটৰ ওচৰত তাৰ পাৰফিউমৰ গুন্ধটো বহু দেৰি দৃষ্টিৰ নাকত লাগি থাকিল৷ চাই চাই হেপাঁহ নপলোৱা ৰুদ্ৰ যোৱাৰ ঠিকনাটো এৰি দীঘলীয়া উশাহ এটা টানি হোষ্টেলৰ ভিতৰলৈ সোমাই আহিল তাই৷ হোষ্টেলৰ পদূলিলৈ জুমি থকাৰ পৰা জয়শ্ৰীয়ে দৃষ্টিক দেখাৰ লগে লগেই মুখখন বিকতাই দিলে৷দৃষ্টিয়ে লক্ষ্য কৰিলে যদিও "বা ৰৈছে " বুলি মাত এষাৰ লগালে৷ যিমান হ’লেও চিনিয়ৰ সেয়ে দৃষ্টিয়ে ইচ্ছা নকৰিলেও মাতিবই লাগিব৷ কিন্তু জয়শ্ৰীয়ে দৃষ্টিলৈ কেৰাহিকৈ চাই কৈ পঠিয়ালে " হোষ্টেল গেটৰ ওচৰত ডেকাল’ৰা আনি লেকচাৰ পিটি নাথাকিবা,এইখন ছোৱালী হোষ্টেল হয় ,প্ৰেম পিৰিতিৰ আদ্দাথলী নহয় ’’ তাৰপাছত চকুকেইটা ডাঙৰ কৰি তেলেকাকৈ চাই দপদপাই আতৰি গ’ল সেইখিনিৰ পৰা৷জয়শ্ৰীৰ গালিৰ কোবত ভয়তে দৃষ্টিৰ বুকুখন কঁপি উঠিল৷ হোষ্টেলৰ বাকীবোৰ চিনিয়ৰ ছোৱালীতকৈ জয়শ্ৰীৰ থেহপেচবোৰ অলপ আনতকৈ বেছি৷দৃষ্টিয়ে হোষ্টেললৈ অহা দিনাৰে পৰাই জয়শ্ৰীৰ কথা বতৰাবোৰৰ পৰা প্ৰতিটো কথাতেই জুনিয়ৰ কেইজনীক উপলুঙা কৰি কথা কোৱাটো লক্ষ্য কৰি আহিছে যদিও ষ্ট্ৰিক্ট চিনিয়ৰ বুলি ভাবিয়ে এৰি দিয়ে কথাবোৰ৷ কিন্তু আজি এইদৰে দৃষ্টিক দেখি ভেঙুচালি মৰাত তাইৰ মনত দুখ লাগিছে,কাৰণ তাই জানে, হয়তো দৃষ্টিক ৰুদ্ৰৰ লগত দেখিয়েই জয়শ্ৰীৰ এই ব্যৱহাৰ৷ সেয়ে চকু পানী এটোপ বিয়পি পৰিল৷ অন্ধকাৰত ডুব যোৱা ৰুমটোৰ লাইটো অন কৰি তাই সোমাই আহিল৷ মৌ’য়ে মুৰে গায়ে কাপোৰ লৈ ফোনত ফুচফুচাই কথা পাতি আছে ৷মলয়াৰ উদং বিচনাখনলৈ চাই দৃষ্টিৰ বুকুৰ ভিতৰৰ পৰাই দুখ এটা উজাই আহিল৷ মলয়াক আজিকালি হোষ্টেলত লগ পাবলৈয়ে টান হৈছে ৷ খিৰিকীখনত আউজি মলয়ালৈ লগালগ ফোন লগালে৷ দুই তিনিবাৰ ৰিং যোৱাৰ পাছত মলয়াই ৰিচিভ কৰিল’ত দৃষ্টিয়ে একে উশাহতে থোকাথুকি মাতেৰে সুধিবলৈ ধৰিলে "হেল্লৌ ...মলয়া বা ,কেতিয়া আহিবা তুমি৷বহুত মিছ কৰিছোঁ তোমাক ৷সোনকালে আহানা!" "দৃষ্টি ,কি হৈছে তোৰ কান্দিছ যে " "নাই কান্দা মই ,তোমালৈ মনত পৰিছে সেয়ে দুখ কৰিছোঁ৷ " "কিয় কোনোবাই কিবা কৈছে নেকি তোক ?যদি কৈছে মোক ক’ এতিয়াই খবৰ লৈ আছোঁ " মলয়াক এইসময়ত জয়শ্ৰীৰ কথা কৈ দুখ দিবলৈ মন নগ’ল তাইৰ ৷সেয়ে মিচাকৈয়ে ক’লে "কোনেও একো নাইকোৱা ,তুমি জল্দি আহানা,বহুত কথা ক’বলৈ আছে তোমাক " "হ’ব দে ,দুখ কৰি নাথাকিবি ৷হাঁহি থাক মুকুটা মণি সৰিব পাৰে কেনেবাকৈ ৷ 'হাঁহিলে তুমি মুকুটা মণি সৰে ’গানটোৰ দুটা কলি গুণগুণাই দি মলয়াই পুনৰ ক’লে দুদিনমানৰ পাছত গৈ আছোঁ,মা ভালদৰে সুস্থ হৈ উঠক৷আমি সোনকালেই লগ পাম৷ " বেচেৰী মলয়াজনীৰো জীৱনত একতিল সময় শান্তি নাই৷ এফালে ইউনিভাৰ্চিটিত থাকিলে পঢ়া শুনাৰ পৰা ধৰি ফিল্ডৱৰ্কত যোৱা,ডাটা কালেক্ট কৰা ইটো সিটো৷সিফালে ঘৰত মা’কো অকলশৰীয়া ,কেইবছৰমান আগত বৰ্ডাৰত ডিউটি দিয়াৰ সময়ত গ্ৰেনেড বিষ্ফোৰণত দেউতাক ঢোকালে৷দেউতাকৰ মৃত্যুৰ পাছত ককায়েকে ৰিলেচনশ্বিপ কোটাত দেউতাকৰ চাকৰিটো পালে৷তাইয়ো পঢ়িবলৈ বুলি মাকক অকলেই এৰি ঘৰৰ পৰা ওলাই আহিল ৷মুঠৰ ওপৰত এশ এটা চিন্তাই জুমুৰি থাকে তাইক৷ দৃষ্টিক মেডিকেলত এডমিট কৰা পিছদিনা ফিল্ডৱৰ্কৰ পৰা ৰুম সোমাইছিলহে ,আকৌ ঘৰত মাকে বাথৰুমত পৰি হাত এখন ভাঙিলে,সেইবোৰত দৌৰি ফুৰোঁতেই নিজলৈ সময় অলপ উলিয়াব পৰা নাই ৷ যিমান হ’লেও এজনী সাধাৰণ ছোৱালী হৈ তাই যিদৰে ঘৰ পৰিয়ালৰ পৰা ধৰি ইউনিভাৰ্চিটীৰ ব্যস্ততাবোৰলৈকে সময় মিলাই এদজাষ্ট কৰিও হাঁহিবলৈ আৰু আনক হহোঁৱাবলৈ নাপাহৰে সেই দেখি দৃষ্টিৰ তাইৰ লগত কথা পাতিলেই মনটো বহুত পাতল পাতল লাগে৷মলয়াৰ সাহসী কথাবোৰত ,তাইৰ সংগ্ৰামবোৰ দেখি সাহস পায় তাই, কেতিয়াবা কিছুমান কথা নকলেও ময়লাই বুজি পাই দৃষ্টিক ,সেয়ে খুউব ক’ম সময়তে আপোন হৈ পৰিল দুইজনী ৷ দৃষ্টিৰ খন্তেকৰ দুখবোৰ পাহৰি পেলাব পৰাকৈ মলয়াৰ মাতষাৰত যাদু আছে৷অকল দৃষ্টিৰেইনে,হোষ্টেলত প্ৰতিজনী ছোৱালীৰেই মুখৰ এখন্তেক হাঁহিটোৰ নাম হয়টো মলয়া বা ৷ বহুদিনৰ মুৰত মলয়াৰ সৈতে ফোনত এইদৰে কথা পাতি দৃষ্টিৰ মনটো পাতল লাগিল ৷ ৰাতিৰ ভাতসাজ খোৱাৰ আগেয়ে দেউতাকে ঘৰৰ পৰা অনা হাঁহৰ মাংসৰ ভাগ কৰি পাপৰিৰ লগতে তাইৰ কাষৰ ৰুমৰ পাহাৰী আৰু কাৰ্বিকো অলপমান দি থৈ আহিলগৈ৷ সিহঁত দুজনীয়েও অকনমানৰ অকমান বস্তুৱেই তাইক মনে মনে দি থৈ যায় ৷যিহেতু পাহাৰীৰ ঘৰ মৰাণত সেয়ে মাহত দুই তিনিবাৰকৈ ঘৰলৈ মন গ’লেই গৈ থাকে তাইক দেখি কেতিয়াবা দৃষ্টিৰ হিংসাই লাগি যায় ৷ যি হ’লেও ছোৱালীজনী খুউব মৰমলগা আৰু যথেষ্ট বুজাবঢ়া৷ সেয়েহে কাৰ্বিৰ দৰে কথাবতৰা,ভাষা আদি বুজি নোপোৱা ছোৱালী এজনী লগত দিনবাৰ কটাব পাৰিছে৷কাৰ্বি ডিফুৰ একেবাৰেই এখন সৰু গাওঁৰ পৰা আহিছে৷ জনজাতীয় ছোৱালী,সেয়ে নিজৰ ভাষাটোৰ বাদে অসমীয়া ভালকৈ নাজানে,যদিও হোষ্টেলত আহি শিকিছে৷ তথাপিও ভাষাটো বুজিহে পায় ওলোটাই ক’ব নাজানে৷সেয়ে দৃষ্টিৰ ভাল লাগে কাৰ্বিৰ ফুটানুফুটা অসমীয়া কেইটা শুনিবলৈ৷ আজিও দৃষ্টিয়ে মাংসৰ বাতিটো লৈ যাওঁতে কাৰ্বিয়ে এটুকুৰা মাংস টেষ্ট কৰি কৈছিল " বওতে ভা..ল লাগিছে দেই..,তোৰ ঘৰ পৰা বওতে টেষ্টি চিকেন এটা দিছে..,আন্টিক ক’বা কাৰ্বি ভা..ল পাইছে.. এইটোকে ৷ তাইৰ কথাবোৰ শুনিলেই দৃষ্টিৰ মৰম লাগি যায় তাইলৈ৷ ক’ব নাজানিলেও শিকাৰ আগ্ৰহটো বহুত বেছি বাবেই আধাফুটা অসমীয়া কেইটা ক’বলৈ চেষ্টা কৰে৷ হাঁহি মাতি সিহঁতৰ ৰুমটোৰ পৰা ওলাই আহিল৷ ৰুম সোমাওঁতেই মৌ’য়ে দৃষ্টিক ৰুদ্ৰই তাইলৈ ফোন কৰিছে বুলি কোৱাত দৌৰি গৈ চাৰ্জত লগাই থোৱা ফোনটো হাতত ল’লেগৈ৷মৌ’য়ে দৃষ্টিলৈ চাই ফিচিঙাফিচিঙি কৰি হাঁহি দিলে,দৃষ্টিয়ে মনতে অনুমান কৰিলে ,হয়তো মৌ’য়ে মোবাইল স্ক্ৰীনত ৰুদ্ৰৰ নামটোৰ পাছত লগাই থোৱা ল’ভ ইমজিটো দেখিলে৷ মৌ’য়ে তেনেকুৱা কৰা দেখি দৃষ্টিৰ লাজ এটাই নিজে নিজেই আগভেটি ধৰিলেহি৷ যিহেতু আজি প্ৰথমবাৰ ৰুদ্ৰই তাইলৈ ফোন কৰিছে সেয়ে এই অসময়ত কিয় বা ফোন কৰিছিল জানিবলৈ তাই ব্যাকুল হৈ পৰিল যদিও তাৰ নাম্বাৰটো ডায়েল কৰিবলৈ লৈ ৰৈ গ’ল ৷ (আগলৈ)

No comments:

Post a Comment