Thursday, August 26, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-২৪ *************************** দৃষ্টিয়ে ৰ’ লাগি ৰুমালখনলৈ চাই ৰ’ল৷ অলপসময় আগতে ৰুদ্ৰক খঙাল যেন লাগিছিল তাইৰ কিন্তু হঠাৎ এইদৰে সজল চাৱনিৰে তাইৰ ফালে চাই এইদৰে ৰুমালখন আগবঢ়াই দিয়াত তাই আচৰিত হৈছে৷কাৰণ ৰুদ্ৰক বুজিবলৈ সদায়েই আউল লাগে তাইৰ ৷ বাহিৰে নাৰিকলৰ টান খোলাৰ দৰে হ’লেও ভিতৰি অন্তৰখন কোমল তাৰ ৷ দৃষ্টিয়ে হাত পাতিৰুদ্ৰৰ পৰা ৰুমালখন লোৱাৰ পাছত চকুমুখবোৰ মোহাৰি ল’লে৷ ৰুদ্ৰই গহীন কণ্ঠস্বৰে সুধিলে "তুমি কান্দিছা যে? বিশেষ কিবা অসুবিধা ?" তাই চকু পানী মুচি থকাৰ পৰাই ক’লে "একো নাই ভিতৰুৱা সমস্যা ,থিক হ’ল এতিয়া " ৰুদ্ৰই তাইক প্ৰশ্ন কৰাৰ দৰেই সুধিলে " বয়ফ্ৰেণ্ডৰ সমস্যা ?" দৃষ্টিয়ে লগালগ তাৰ কথাষাৰ নাকচ কৰি কৈ উঠিল " নাই মোৰ বয়ফ্ৰেণ্ড৷ লগৰ এজনীয়ে ফোন ৰিচিভ কৰা নাছিল বাবেহে চিন্তা হৈছিল ৷ কিন্তু এতিয়া সকলো থিক হ’ল ৷" ৰুদ্ৰই মুখেৰে একো নামাতিলে ৷ পকেটত হাত ভৰাই দৃষ্টিৰ সমানে সমানে নিজান ৰাষ্টাটোৰে খোজ দি আহি থাকিল৷ইউনিভাৰ্চিটিত এই ৰাষ্টাটো আনকেইটা ৰাষ্টাতকৈ অলপ নিজান আৰু মানুহ ক’মকৈ অহাযোৱা কৰে বাবেই ট্ৰেজেডী গ’লি বুলিও জনাজাত৷বহুতৰে মতে এই ৰাষ্টাটোত হেনো ইউনিভাৰচিটিৰ বহু ল’ৰাছোৱালীয়ে নিজান বাবেই আগতে দুখবোৰ পাতল হোৱাকৈ চিঞৰি চিঞৰি কান্দিবলৈ আহে নতুবা নিজৰ দুখবোৰ প্ৰকাশ কৰিবলৈয়ো লগৰীয়া নহ’লে বন্ধুবান্ধৱৰ লগত আহে সময় অতিবাহিত কৰিবলৈ৷আজি সৌভাগ্যক্ৰমে দৃষ্টিৰ অন্তৰত থকা দুখকিছুমানৰো সাক্ষী হৈ ৰ’ল এই ট্ৰেজেডী গ’লিটো৷দৃষ্টিয়ে অৱশ্যে এই গ’লিটোৰ বিষয়ে সিদ্ধাৰ্থৰ মুখেৰে এদিন এক্টিভিটিলৈ আহোঁতে শুনিছিল৷ হঠাৎ কথাটো মনত পৰাত ৰুদ্ৰলৈ এপলক আৰ চকুৰে চালে৷অলপসময় ৰুদ্ৰৰ গতিবিধি লক্ষ্য কৰাৰ পাছত দৃষ্টিয়ে সুধিলে " আপুনি ইমান ৰাতিপুৱাই ইয়াত যে ?" ৰুদ্ৰই গহীনাই ক’লে " হয়তো জে.চি.এনৰ কথাটো শুনিছা ৷" দৃষ্টিয়ে শোক প্ৰকাশ কৰি হুমুনিয়াহ এটা এৰিলে ৷ৰুদ্ৰই পুনৰ ক’লে " ডেডবডিটো মেডিকেললৈ নিয়া হৈছিল ,তাকেই এম্বুলেন্সৰ পাছে পাছে আহি অলপ আগবঢ়াই দিলোঁ ৷ " দৃষ্টিয়ে দুখবোৰৰ গভীৰলৈ সোমাই গৈ কিবা এটা ভাবি থকাৰ পৰা কৈ উঠিল " কিয় যে এজনী ভৰযৌৱনা ছোৱালীয়ে এনে এক পদক্ষেপ বাছি ল’লে৷হয়তো জীৱনবোৰ এনেকৈয়ে হেৰাই যায় ক’ৰবাত কাহানিবা" ৷ ৰুদ্ৰই হুমুনিয়াহ এটা কাঢ়ি শলাগ ল’লে ৷দৃষ্টিয়ে উৎকণ্ঠাৰে সুধিলে "ছোৱালীজনীয়ে কিয় এনে কৰিলে জানে নেকি? " ৰুদ্ৰই বহু সময় মুখেৰে একো নামাতিলে ৷ দৃষ্টিক চেন্তাৰলৈকে আগবঢ়াই সেইখিনিতে অলপপৰ ৰৈ ক’লে " মৃত্যু কৰুণ এক চিৰসত্য৷ মৃত্যুয়ে হাত বাউলি মাতিলে মৰিবলৈ কোনো কাৰণ নালাগে,অজুহাত নালাগে ৷যি হ’ল বেয়া হ’ল, এনে মৃত্যু কেতিয়াও মোৰ বাবেও কাম্য নহয় ৷তথাপিও হৈ যোৱাবোৰৰ কথা পাতি কিবা লাভ আছে জানো৷ এতিয়া তাই কিয় এনে পদক্ষেপ বাছি ল’লে জানিলেও আমি জানো তাইক ঘুৰাই পাম৷সেয়ে এইবোৰ কথা পাতি সময় নষ্ট নকৰাই ভাল৷" "কিন্তু কিমান কষ্টত বা কিমান বেছি অশান্তিত ভুগিলে মানুহে নিজক শেষ কৰি দিব পাৰে বাৰু?সেইটো ভাবিবলগীয়া " "তাৰমানে তুমি চুইচাইড কৰাটো সমৰ্থন কৰা৷ " "নাই,মই কোনোপধ্যেই এনে মৃত্যুক সমৰ্থন কৰিব নোৱাৰোঁ কিন্তু সেইবুলি তেনে কাম কৰা মানুহ এজনৰ মানসিক অৱস্থাটো নুবুজাকৈ মই কেতিয়াও দুখাৰোপ কৰিবও নুখুজোঁ৷ হ’লেও জানিবলৈ ইচ্ছা হয় ৷ " " হ’ব দিয়া ,এইবোৰ বেছি ভাবি মুৰঘমাই লাভ নাই ৷ যোৱাবোৰ গুচি গ’ল ,তেওঁৰ আত্মাই শান্তি পাওঁক৷ তুমিও পঢ়াত মন দিয়া ,ইলেকচন হৈ যোৱাৰ পাছতে পৰীক্ষাও পাবহি,এইবোৰৰ পাছত ঘুৰি ফুৰিলে সময় কেনেকৈ গুচি যাব গমেই নাপাবা৷ " দৃষ্টিয়ে ৰুদ্ৰৰ কথাবোৰত হয়ভৰ জনাই,ৰুদ্ৰক সেইখিনিতে বিদায় জনাই চেন্তাৰৰ ভিতৰলৈ সোমাই আহিল ৷ এইকেইদিন ইলেকচনৰ কেম্পেনিং থকাৰ বাবে পিছবেলাৰ ক্লাছবোৰ হোৱাৰ সম্ভাৱনাই নাই ৷ ক্লাছৰুমলৈ সোমাই আহি এফালৰ পৰা চকু ফুৰাই সমীক্ষাক বিচাৰিলে৷কিন্তু সমীক্ষাক ক’তো নেদেখি শেষৰফালে থকা বেঞ্চখনত বহি ল’লেহি৷ মোবাইল স্ক্ৰীনত সমীক্ষাৰ নাম্বাৰটো উলিয়াই তাইলৈ ক’ল লগালে৷লগালগ ফোনটো ৰিচিভ কৰাৰ পৰাই এক উৎফুল্লিত কণ্ঠৰে সমীক্ষাই কৈ উঠিল " আজি ৰাতিপুৱাই মাৰ ওচৰলৈ আহিলোঁ " অভিমানৰ সুৰত দৃষ্টিয়ে কৈ উঠিল " আৰ্ৰে মোক নক’লি যে এবাৰো? " "চ’ৰি, ইমান ল’ৰালৰিকৈ ওলাই আহিব লগা হ’ল যে তোক কথাবোৰ ক’বলৈয়ো সময়েই নাপালোঁ৷কিন্তু হোৱাটছপআপত মেছেজ এটা দিছিলোঁ চাবি চোন ৷" "হ’ব দে হেপ্পী জাৰ্ণি,ক’ত পালিগৈ ? " " নাজানো নহয় ৰ’হ আদি ক সুধি দিওঁ " দৃষ্টিয়ে আচৰিত হৈ চিঞৰি কোৱাৰ দৰে সুধিলে " কিহ্ ! তোৰ লগত আদিত্যও গৈছে নেকি? " এক্সাইটমেন্টত দৃষ্টিয়ে কিম্মান জোৰেৰে চিঞৰিলে তাই নিজেও নাজানে কিন্তু যেতিয়া গোটেই ক্লাছটোৱে তাইৰ ফালে তধা লাগি চালে তেতিয়াহে সকলোকে চ’ৰি বুলি কৈ মনে মনে থাকিল ৷সিমুৰৰ পৰা সমীক্ষাই ক’লে " অ’হ আদিৰ আইতাকৰো গাটো বেয়া বাবেহে সি মোক ঘৰলৈ যোৱাৰ কথা কৈ আছিল এইকেইদিন,তাতে ইউনিভাৰ্চিটিতো ইলেকচনৰ বাবে এইকেইদিন ক্লাছবোৰ নহয়েই ৷তাৰ মাজতো উনেইকেন্দটোও পৰিলে ৷সেয়ে সকলো সময় সুবিধা মিলাই মাৰ লগত কথা পাতি আদিৰ লগতে মইয়ো গুচি আহিলোঁ ৷" দৃষ্টিয়ে কিবা এটা ক’ব খুজিছিল সমীক্ষাক কিন্তু হঠাৎ ক্লাছলৈ ফেকাল্টি কেইগৰাকীমান সোমাই অহাত লগালগ ক’লটো কাটি ফোনটো বেগত ভৰাই থিয় দি ৰ’ল৷ প্ৰায় আধাঘন্টা সময় তেওঁলোকে গোটেই ক্লাছটোৰ আগত অলপতে হৈ যোৱা চুইচাইড কেছটোক লৈ মেন্টেলহেল্থৰ প্ৰয়োজনীয়তা সম্পৰ্কে বহু কথাই বুজাই কৈ গ’ল৷কথাবোৰ শুনি দৃষ্টিৰ ভাল লাগিল,কেতিয়াবা জীৱনলৈ অহা অনিহাবোৰ আজিৰ লেকচাৰ কেইটাই নোহোৱা কৰি দিলে৷ মনটো দৃঢ় কৰি জীৱন বাটৰ সকলো সমস্যাক হেয়জ্ঞান কৰি তাই জীৱন জয়ী কৰিম এনে এক প্ৰতিজ্ঞা লৈ দৃঢ়মনা হ’ল৷ দিনটোলৈ ক্লাছবোৰ শেষ হোৱাৰ পাছত বহুতৰে মুখত দৃষ্টিয়ে চুইচাইড কৰা ছোৱালীজনীৰ বিষয়ে হকেবিহকে যাৰ যি ইচ্ছা তেনেধৰণে কাহিনী বনাই কোৱাও শুনিলে৷ কাৰোবাৰ মতে ছোৱালীজনী প্ৰেগনেণ্ট হ’লে কাৰোবাৰ মতে বয়ফ্ৰেণ্ডে থগিলে,কাৰোবাৰ মতে ঘৰুৱা সমস্যা হ’লে কাৰোবাৰ মতে একাডেমিক কেৰিয়াৰৰ সমস্যা৷ মুঠৰ ওপৰত সকলোৰে মুখত বেলেগ বেলেগ কাহিনী৷ কিছুমানে সেই ছোৱালীজনীৰ চুইচাইড কৰাৰ সাহসীকতাক লৈ টুলুঙা মন্তব্য কৰাও পৰিলক্ষিত হ’ল৷ কিন্তু দৃষ্টিয়ে কাৰো কথাত একো নামাতিলে ৷সকলোৰে কথাবোৰ মৌন হৈ এখন কাণে শুনি আনখন কাণেৰে বাহিৰ কৰি গ’ল ৷ মাথোঁ তাইৰ কাণত ৰুদ্ৰই কোৱা কথাকেইষাৰেই বাজি থাকিল " মৃত্যু কৰুণ এক চিৰসত্য৷মৃত্যুয়ে হাতবাউলি মাতিলে মৰিবলৈ কোনো কাৰণ নালাগে,অজুহাত নালাগে ৷" (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment