Wednesday, August 11, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৮ *************************** "দৃষ্টি এইয়া মোৰ জীৱনৰ কলাঅধ্যায় যাক মই ইচ্ছা কৰিও কাহানিও কাকো খুলি ক’ব পৰা নাই,হয়তো তোমাৰ আগত আৱেগিক হৈ নপৰাহেতেন তুমিও কাহানিও এই বিষয়ে একো নাজানিলা হয়৷ মইযে এই সমাজ ব্যৱস্থা ৰীতিনীতিবোৰ বেয়া পাওঁ তাৰ মুলতেই হ’ল মোৰ এই জীৱনটো ৷বহু ৰহস্যৰে ডুব যাব পৰাকৈ মোৰ জীৱনৰ কাহিনীবোৰ তোমাৰ আগত ক’লে নিশ্চয় তুমিও কি ভাবা মই নাজানোঁ ৷তোমাক বিশ্বাস কৰি কথাবোৰ ক’বলৈ ওলাইছোঁ ,মই ভাবো তুমি বুজিবা৷ " "সমীক্ষা মই তোমাক কথা দিলোঁ ,তোমাৰ এই কথাবোৰ আজি শুনাৰ পাছতেই নাহৰৰ বুকুত জাহ যাব৷ইয়াৰ পৰা মই এক কথাও ল’ৰচৰ নকৰোঁ৷ তুমি মোক বিশ্বাস কৰি তোমাৰ জীৱনৰ ক’লা অধ্যায়ৰ বিষয়ে ক’বলৈ ওলাইছা এইক্ষেত্ৰত মই কেতিয়াও তোমাক নিৰাশ নকৰোঁ৷যদি মোৰ ওপৰত তোমাৰ সিমানখিনি বিশ্বাস আছে তেনেহ’লে কোৱা,যদি সেই বিশ্বাস নাই তেনেহ’লে তোমাৰ ৰহস্য ৰহস্য হৈয়ে থাকিবলৈ দিয়া ,মই অলপো বেয়া নাপাওঁ৷" "আজিলৈ জীৱনত সচাঁ অৰ্থত কাৰোবাক পাইছো যদি সেইয়া তুমি দৃষ্টি ,সেয়ে তোমাৰ পৰাও একেই বিশ্বাস কামনা কৰিলোঁ৷" দৃষ্টিয়ে সমীক্ষালৈ চাই মুৰ দুপিয়াই তাইৰ কান্ধত হাত থৈ সকাহ দিলে৷ সমীক্ষাই আৰম্ভ কৰিলে " জানা দৃষ্টি ,এই সমাজে কেতিয়াও মোক স্বীকাৰ নকৰে ,কাৰণ মই দুখন হৃদয়ৰ সাক্ষী হৈ অজানিতে হোৱা এটি ভুল৷ যি ভুলৰ এই সমাজত কোনো ক্ষমা নাই ৷ আজিৰ পৰা খুউব সম্ভৱ একৈছ,বাইছ বছৰৰ আগৰ কথা,তেতিয়া মোৰ মায়ে হায়াৰচেকেণ্ডেৰী পৰীক্ষা পাছ কৰি গাওঁৰ পৰা চহৰলৈ নতুন কলেজত নাম লগাই গ্ৰেজুৱেচনৰ বাবে পঢ়িবলৈ আহিছিল৷সেইসূত্ৰেই আমাৰ কাষৰ গাওঁখনৰ ৰঞ্জিত গোস্বামী নামৰ কলেজত পঢ়ি থকা ল’ৰা এজনৰ সৈতে ওচৰচুবুৰীয়া হিচাপে মাৰ চিনাকি হৈ পাছলৈ তেওঁলোকৰ সম্পৰ্কই প্ৰেমৰ ৰূপ লৈছিল৷ সেই প্ৰেমত উবুৰি খাই মায়ে নিজৰ সৰ্বস্ব পাহৰি পেলাইছিল আৰু তেতিয়াই তেওঁলোকৰ অন্তৰংগ মুহূৰ্তৰ সাক্ষী হৈ মাৰ গৰ্ভত মোৰ ভৱিষ্যতে তেওঁলোকৰ অজানিতেই থিতাপি লৈছিল৷ কথাষাৰ মায়ে গম পোৱাত বহুতেই পলম হৈ প্ৰায় তিনিমাহ অতিক্ৰম কৰিছিল৷ তেতিয়াই মায়ে কথাবোৰ তেখেতক কওঁতে ওলোটাই তেওঁ মাক গৰ্ভতে সন্তানটি শেষ কৰি পেলাবলৈ হস্পিতাললৈ লৈ গৈছিল৷কিন্তু ডাক্তৰে ভ্ৰুণটো বৃদ্ধি হোৱাত এই কাম সম্ভৱ নহয় বুলি কোৱাত তেখেতে ভয় খাই মাক অকলেই এৰি তাৰ পৰা পলায়ন কৰিছিল৷মাৰ পৰা দুৰে দুৰে ফুৰিছিল,টকা পইচা,মান সন্মান ,সমাজ ব্যৱস্থা,ৰীতিনীতি আৰু তেওঁৰ নিজৰ কেৰিয়াৰৰ কথা ভাবি এই সন্তান কোনোমতেই তেওঁৰ হয় বুলি স্বীকাৰ কৰিব খোজা নাছিল৷কিন্তু মায়ে প্ৰতিপল চেষ্টা চলাইছিল এটা স্হিৰ ভৱিষ্যতৰ বাবে কিন্তু যি প্ৰেম বিশ্বাসত তেওঁ নিজৰ সৰ্বস্ব শেষ কৰিছিল সেই প্ৰেমত প্ৰতাৰণা পাই তেওঁও ভাগি পৰিছিল৷ লাহে লাহে মাৰ পেটতো বাঢ়ি অহাত মাঁহতৰ হোষ্টেলত ছোৱালীবোৰৰ মুখতো কথাবোৰ বুবুবাবা চলিছিল৷ইফালে আইতাহঁতৰ ভয়তো তেওঁ কথাটো ঘৰতো কাকো ক’ব পৰা নাছিল৷ অকলে অকলেই প্ৰতিপল জীয়াতু ভুগিছিল, ৰঞ্জিত গোস্বামীক কাবৌ কাকুতি কৰিছিল তেওঁলোকৰ প্ৰেমৰ সাক্ষীৰ এই অংশটোক থিতাপি দিবলৈ৷ কিন্তু তেওঁ মানসিকভাৱে অত্যাচাৰ চলাইছিল মাৰ ওপৰত নানানটা বদনাম জাপি দিছিল যে ,তেওঁ যেতিয়া সেইদৰে তেওঁৰ লগত অন্তৰংগ সম্পৰ্ক ৰাখিব পাৰে তেনেহলে আনৰ সৈতেও একেই সম্পৰ্ক ৰাখিব পাৰে৷তেওঁ এই সন্তানক স্বীকাৰ নকৰে৷ মা ভাগি পৰিছিল কিন্তু হাৰ মনা নাছিল,হয়তো হতাশাত ভুগি মৰিবলৈও চেষ্টা কৰিছিল তথাপিও পেটত থকা অংশটোৰ বাবেই সেই চেষ্টাক বিফল কৰি ঘৰলৈ ঘুৰি আহি সকলো কথাই আইতা আৰু মামাহঁতৰ আগত খুলি কৈছিল৷মাৰ মুখত তেনে কথা শুনি আইতাৰ মুখৰ মাত হেৰাইছিল, মামাহঁতৰ ভৰি তলৰ মাটিকনেই খহি পৰাৰ দৰে লাগিছিল ,কিন্তু পাচঁমহীয়া সন্তান পেটত লৈ ফুৰা মাৰ মুখলৈ চাই তেওঁলোকে সহায়ৰ হাত বিচাৰি ৰঞ্জিত গোস্বামীৰ আগত মাৰ ভৱিষ্যত জীৱনটো সুৰক্ষিত কৰাৰ ভিক্ষা খুজিছিল৷ তেওঁ যদিও নিজকে এই সন্তানৰ পিতৃ বুলি স্বীকাৰ কৰিছিল তথাপিও ঘৰৰ বিৰুদ্ধে গৈ মাক স্বীকাৰ নকৰোঁ বুলি জনাইছিল৷যিহেতু তেখেতৰ ঘৰ আমাৰ কাষৰ গাওঁখনেই সেয়ে আইতাহঁতে তেওঁলোকৰ ঘৰলৈ মোৰ জীৱন সুৰক্ষা কৰাৰ স্বাৰ্থতেই মা আৰু ৰঞ্জিত গোস্বামীৰ প্ৰেমৰ প্ৰতিদান বিচাৰি গৈছিল৷ কিন্তু তেখেতৰ ঘৰখনে ধনী দুখীয়া,উচ্চ নীচৰ তুলাচনীৰে মা আৰু ৰঞ্জিত গোস্বামীৰ প্ৰেমক জুখমাখ কৰি তিৰস্কৃত কৰি আইতাহঁতক পঠিয়াই দিছিল আৰু তাৰ পাছতে ভৱিষ্যতে যাতে মাৰ পৰা ৰঞ্জিত গোস্বামীৰ কোনো সমস্যা নহয় সেইলৈ তেওঁকো কোনোবা আন ঠাইলৈ পঠিয়াই দিছিল৷তাৰপাছতে গোটেই গাওঁখনতে এই কথাবোৰ জুইৰ দৰে বিয়পি পৰিছিল ৷মাঁহতৰ পৰিয়ালৰ কোনেও ক’তো মুখ দেখুৱাব নোৱাৰা হ’ল৷লাজ মান সহ্য কৰিব নোৱাৰি খঙতে ককাই আত্মহত্যাৰ দৰে পথ বাছি ল’লে৷ " এৰাসুঁতিৰ পাৰ ভাঙি কথাবোৰ শুনি থকাৰ পৰা দৃষ্টিৰ দুগালেৰে দুধাৰি লোটক বৈ আহিল৷পাছৰখিনি জানিবলৈ দৃষ্টি অধীৰ হৈ পৰিল ৷ সমীক্ষাই অলপ সময় ৰৈ দীঘলীয়া উশাহ এটা উজাই পুনৰ ক’বলৈ ধৰিলে- " ককাৰ মৃত্যুত মাহঁতৰ গোটেই ঘৰখনেই চাৰখাৰ হৈ পৰিল৷ বহুতে বহু কথাৰে মাঁক ককৰ্থনা কৰিলে৷ মাঁ দীশভ্ৰান্ত হৈ পৰিল৷ ককাৰ মৃত্যুৰ পাছত আইতায়ো মাক দেখিব নোৱাৰা হ’ল,মায়েও কাকো একো ক’ব নোৱাৰা হ’ল৷ ঘৰখনত তিনিটা ল’ৰাৰ মাজত মাঁক মামাহঁতে বহুত মৰমেৰে ডাঙৰ দীঘল কৰিছিল,সেয়ে যি ইচ্ছা তাকেই কৰিবলৈ দিছিল,কিন্তু তেওঁলোকৰ সপোনবোৰ মায়ে এইদৰে ভাঙি পেলোৱাত তেওঁলোক দুখী হৈছিল যদিও মাৰ অসহায় অৱস্থাটো দেখি তেওঁলোকে লাজ মান সকলো কাটি কৰি মাৰ দায়িত্ব মুৰ পাতি লৈছিল৷ডাঙৰ মামাই তেতিয়াই স্কুল এখনত মাষ্টৰৰ চাকৰি কৰিছিল সেয়ে বহু মানুহেই তেওঁলৈ ভয়ো কৰিছিল,কোনোবাই মা’ৰ কথা কিবা ক’লেই সেইবোৰক আওকাণ কৰি মাক মানসিক ভাৱে আহিব লগা পৰিস্থিতিৰ সৈতে যুজিবলৈ সক্ষম কৰি তুলিছিল আৰু আইতাকো এই বিষয়ে বুজাই বঢ়াই মান্তি কৰাইছিল৷হৈ যোৱাবোৰ পাহৰি আইতাই মাক সন্তান প্ৰসৱৰ পাছতেই সন্তান ত্যাগ কৰি নতুন জীৱন আৰম্ভ কৰিবলৈ সকীয়নি দিছিল৷কিন্তু ন’মাহ দহদিন পেটত ৰাখি ,সমাজ,ৰাতিনীতি সকলোৰে বিৰোধিতা কৰি সমাজৰ পৰা এঘৰীয়া হোৱাৰ পাছত এই সন্তান ত্যাগ কৰাৰ কথা মায়ে সপোনতো ভাবিব নোৱাৰিলে৷ ইমান দিনে দুখ কষ্টৰ প্ৰতিটো মুহূৰ্ত যি সন্তানৰ আশাত তেওঁ মৃত্যুক নেউচি জীয়াই থাকিলে সেই সন্তানকো এই ৰঙীন পৃথিৱীৰ মাজত জীয়াই ৰাখিবলৈ আজীৱন অবিবাহিতা হৈ এই সন্তানৰ মাতৃ দায়িত্ব ল’বলৈ সিদ্ধান্ত ল’লে৷ " সমীক্ষাৰ মুখত সন্তোষৰ হাঁহি এটি বিৰিঙি উঠিল৷ বহু সংগ্ৰামৰ মাজেৰে সমাজ,ঘৰ পৰিয়াল সকলোৰে বিপক্ষে গৈ মাকে তাইক জীয়াই ৰখাৰ সিদ্ধান্ত লৈছিল৷। দৃষ্টিয়ে তাৰপাছত সমীক্ষাৰ মাকৰ ঘৰখনে কেনেকৈ এই কথাত স্বীকৃতি দিলে,এই সংগ্ৰাম আৰু কিমান দিন চলিলে কথাবোৰ জানিবলৈ অধৈৰ্য্য হৈ পৰিল ৷সমীক্ষাৰ সন্তোষৰ হাঁহিকো নুই পেলাই তাই সুধিলে " তাৰপাছত ?" (আগলৈ)

No comments:

Post a Comment