Wednesday, August 4, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৩ *************************** (আপোনালোকৰ মৰম আৰু আৰ্শীবাদবোৰৰ বাবে ধন্যবাদ৷সকলোকে কমেন্টৰ ৰিপ্লাই দিব পৰা নাই তাৰবাবে ক্ষমাপ্ৰাৰ্থী৷এই ধাৰাবাহিক উপন্যাসখন আগুৱাই নিয়াত আপোনালোকৰ সহায় সহযোগিতা মোৰ বাবে একান্তই কাম্য৷আপোনালোকলৈ মোৰ হিয়াগভৰা মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ খণ্ডটিও আগবঢ়াই দিলোঁ) দৃষ্টিয়ে ৰুদ্ৰৰ নামত বিষন্নতাৰে বহুসময় পাৰ কৰি দিয়াৰ পাছত হঠাৎ ৰুদ্ৰই চাৰি বজাৰ মিটিংখনলৈ আমন্ত্ৰণ কৰা কথাটো মনত পৰাত সকলোবোৰ কথা পাহৰি ল’ৰালৰিকৈ ওলাই মেলি আজৰি হৈ ঘড়ীটো চাই থকাতকৈ কৰিদৰৰ ফালে ওলাই আহিল৷মৌ’য়ে নাযাঁও বুলি কালিয়েই কৈছিল,মলয়াই ৰাতিপুৱাই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ফিল্ডৱৰ্কত ওলাই গৈছে ,সেয়ে অকলশৰীয়া নহ’বলৈ বুলিয়ে আগতীয়াকৈ লগ এটা বিচাৰিবলৈ বুলিয়ে ইফালেসিফালে চাই ফুৰিছে৷ দৃষ্টিৰ মিটিং শুনাত চখ নাই ,ৰুদ্ৰক চাবলৈ বুলিহে এই তৎপৰতা৷ চাৰি বাজিবৰেই হ’ল কিন্তু হোষ্টেলত কাকো ওলোৱা নেদেখি দৃষ্টিয়ে ডেইজি আৰু জাইলিনৰ ওচৰ পালেগৈ৷ সিহঁতি দৃষ্টিক দেখি অলপ আচৰিত হোৱা যেনেই হ’ল৷কাৰণ ৰাতিপুৱালৈকে যিজনী ছোৱালী মিটিংলৈ যাবনে নাই সিদ্ধান্ত ল’ব পৰা নাছিল তাই আকৌ এতিয়া সকলোতকৈ আগতে ওলাই মেলি আজৰি৷তথাপিও বিশেষ প্ৰতিক্ৰিয়া নকৰি সিহঁত দুজনীয়েও ৰুমটোৰ তলাটো লগাই ওলাই আহিল৷এজনী দুজনীজনী কৈ ছোৱালীবোৰ লগ খাই প্ৰায় চাৰে চাৰিমান বজাত হোষ্টেলৰ পৰা ওলাই আহিল৷জ’চাগৰ সন্মুখ পাই হোষ্টেলৰ জুমটোৰ পৰা ডিঙি মেলি মেলি দৃষ্টিয়ে ক’ৰবাত ৰুদ্ৰক দেখে নেকি চাই থাকোতেই পাছফালৰ পৰা কোনোবাই তাইৰ নামটো লৈ চিঞৰা যেন শুনি পাছলৈ ঘুৰি চাই দেখে সমীক্ষা দেখোন৷ হোষ্টেলৰ ছোৱালীবোৰৰ পৰা আতৰি তাই সমীক্ষাৰ কাষলৈ ওলাই আহিল৷ সমীক্ষাই দৃষ্টিক দেখিয়ে প্ৰথমে প্ৰশ্ন কৰিলে "নহা মানুহ ইয়াত যে?আৰু আহিয়েই কাকনো ইমান ডিঙি মেলি মেলি চাই আছা? " " তোমাকেই দেখোঁ নেকি বিচাৰি ফুৰিছিলোঁ৷ভালেই হ’ল তুমি মাত লগাই দিলা" মুখৰ আগতেই মিচা কথা কৈ হাত সাৰিবলৈ চাইছিল ৷ কিন্তু সমীক্ষাই দৃষ্টিৰ কথা বিশ্বাস নকৰি সন্দেহৰ সুৰেৰে ক’লে "আট্চা মোক নে আনকাৰোবাক? মোক আহিম বুলি এবাৰো নজনোৱাকৈ এইদৰে মনে মনে আহি কোনোবাই মোলৈ ফোন এটাকো কৰা নাই তাৰ ওপৰত মিচা কথা" " ফোন কৰিবলৈ পাহৰি থাকিলোঁ অ’,পিছে আজি তোমাক বহুত কথাই ক’বলৈ আছে "বুলি কৈ দুয়োজনীয়ে অতিথিৰ বাবে সজাই থোৱা শেষৰ ফালৰ চকী কেইখনত বহি ল’লেগৈ৷ দৃষ্টিয়ে এফালৰ পৰা আজি ৰাতিপুৱা ৰুদ্ৰক লগ পোৱাৰ পৰা আদি কৰি এই মিটিংলৈকে মাতি পঠোৱালৈ সকলো কথাই সমীক্ষাক কৈ গ’ল৷ইমান সময়ে সিহঁতি মিটিংখনত কি হ’ল কি নাই হোৱা একোৱেই নাজানে,মাত্ৰ ফুচফুচাই নিজৰ কথাৰ মাজতেই ব্যস্ত হৈ আছে৷ তেনেকুৱাতেই গীতাৰত আঙুলি বোলাই "সুৰ হেৰাব খোজে জীৱন উচুপি উঠে" চিনাকী কণ্ঠৰ গান এটি দৃষ্টিৰ কাণত পৰিল৷ মুৰতুলি চালে সকলোফালে নিস্তব্ধতা,সকলোৱে খুউব মনোযোগেৰে গানটো উপভোগ কৰিছে৷ চিনাকি কণ্ঠই তাইৰ বুকুত খুন্দিয়াইছিল,বুজিবলৈ বাকী নাছিল,গানটো ৰুদ্ৰই গাইছে৷ সচাকৈ এইমাতষাৰত যাদু আছে,মোবাইলৰ কেমেৰাটো অ’ন কৰি ভিদিঅ’ কৰাত ব্যস্ত হৈ পৰিল৷ নিজৰ ব্যস্ত পৃথিৱীৰ পৰা ওলাই ৰুদ্ৰৰ গানৰ মায়াজালত হেৰাই গ’ল তাই৷ ৰুদ্ৰই গানটো গাই শেষ কৰাত পুনৰ দৰ্শকে "once more "বুলি চিঞৰ এটা মাৰি পঠিয়ালে৷ এই চিঞৰবোৰে দৃষ্টিৰ বুকুৰ অতত’ত খুন্দিয়াই থাকিল৷ সকলোৰে আগ্ৰহত ৰুদ্ৰই আকৌ এটা গান গাবলৈ আৰম্ভ কৰিলে৷মন্ত্ৰমুগ্ধৰ দৰে গান শুনি থকাৰ পৰা ইমান সময়ে দৃষ্টিয়ে হোষ্টেলৰ ছোৱালীবিলাকৰ কথা পাহৰিয়েই পেলাইছিল৷ ৰুদ্ৰক দেখাৰ পাছত মনলৈ অহা আত্মসন্তুষ্টি হোৱাৰ পাছতহে লক্ষ্য কৰিলে,সিহঁতৰ হোষ্টেলৰ ছোৱালী সেইখিনিত এজনীও নাই৷ সমীক্ষাকো হোষ্টেলৰ লগৰ বিলাকৰ লগত যাম বুলি কৈ অলপ আগতেই পঠিয়াই দিলে৷ভালেখিনি আন্ধাৰো নামি আহিল ধৰালৈ ৷জ’চাগৰ পদূলিত লৈ এইসময়ত চেকেণ্ড গেটৰ নিজান ৰাষ্টাটোৰে তাই অকলে কেনেকৈ যাব,কাৰলগত যাব ভাবি ভাবি কিছু সময় ৰৈ দিলে সেইফালে যোৱা কাৰোবাক লগ পায় বুলিয়েই৷ ষ্টীট লাইটৰ পোহৰৰ বাবে তাই ইমান বেছি আন্ধাৰ হৈ যোৱাৰ কথা পৰিকল্পনাই কৰা নাছিল৷মিটিং শেষ হ’ল ,কিন্তু এতিয়ালৈ তাই কাকোৱেই লগ পোৱা নাই হোষ্টেলৰ দিশে যোৱা ৷ ভয়তে হাত ভৰিবোৰ টানি অনাৰ দৰে লাগিল তাইৰ ৷ তেনেকুৱাতে ৰুদ্ৰই আহি তাইৰ সন্মুখত দেখা দিলেহি৷ ৰুদ্ৰ দেখাৰ লগে লগেই তাইৰ যমে নিয়া প্ৰাণটো ঘুৰাই দিয়া যেন লাগিল৷যদিও বুকুৰ ধিপধিপনি এটা লাহে লাহে বাঢ়ি আহিল৷ আচলতে তাইক এইদৰে অকলে ৰৈ থকা দেখি ৰুদ্ৰই তাইৰ ফালে আগবাঢ়ি আহিছিল৷কিয় ৰৈ আছে সুধিবলৈ অসহজ লাগিল বাবে ৰুদ্ৰই " প্ৰগ্ৰেম চাই কেনেকুৱা লাগিল" বুলি কৈয়ে আৰম্ভ কৰিলে৷ মনৰ মাজত থকা ভয় ভাৱবোৰ লুকুৱাই দৃষ্টিয়ে ক’বলৈ ধৰিলে " প্ৰগ্ৰেম চাই ভালেই লাগিল,ফেচবুকত আপোনাৰ ভিদিঅ’বোৰ দেখি থাকোঁ ,আজি সন্মুখত এইদৰে শুনিবলৈ পাই বেছি ভাল লাগিল৷" " Thankyou ,পিছে এইখিনিত কাৰোবালৈ ৰৈ আছা হ’বলা?" "নাই নাই মই আচলতে হোষ্টেলৰ লগৰবোৰৰ সৈতে আহিছিলোঁ,কিন্তু সমীক্ষাৰ লগত বহি থাকোঁতে কেতিয়ানো সিহঁতবোৰ গুচি গ’ল মই গমেই নাপালোঁ ৷সেয়ে সেইফালে যোৱা কোনোবা পাওঁ নেকি চাই আছো" " মইয়ো সেইফালেই যাম ,যদি ইচ্ছা কৰা মোৰ লগতে যাব পাৰা" দৃষ্টিয়ে এই কথাকেইষাৰত কেনেকুৱা সাহস অনুভৱ কৰিছে সেইয়া তাই প্ৰকাশ কৰিব নোৱাৰে৷কিন্তু এইদৰে নিজান ৰাস্তা এটাত দুদিনৰ চিনাকি ল’ৰা এজনৰ সৈতে যোৱাটো কিমান যুক্তিকৰ হ’ব তাই নাজানে৷ তথাপিও এই সময়ত তাতকৈ বেলেগ উপায় নাই বাবেই নাহৰৰ তলে তলে ষ্ট্ৰীট লাইটৰ ধিমিকধামাক পোহৰৰ মাজেৰে দুয়োটাই খোজ ল’লে৷ গোটেই বাটটো দৃষ্টিয়ে ৰুদ্ৰৰ সৈতে কি কথা পাতিব একো ভাবিয়েই পোৱা নাই৷নিস্তব্ধ ৰাস্তাটোত সিহঁতৰ মৌনতাই বেছিকৈ নিজম কৰি তুলিছিল৷সেয়ে ৰুদ্ৰই মাজে সময়ে দৃষ্টিক দুই এটা কথা সুধি আহিল ,উত্তৰত দৃষ্টিয়ে উম,হুমৰ বাহিৰে একো এটাও শব্দ উচ্চাৰণ নকৰিলে৷ আচলতে তাইৰ এইদৰে অকলশৰে ৰুদ্ৰৰ সৈতে সময় অতিবাহিত কৰি বেয়া লগা নাই,প্ৰিয়জন কাষত ৰ’লেই দেখোন সকলোবোৰ ভাল যেনেই লাগে ,কিন্তু ৰুদ্ৰক দেখিলেই তাই মনমগজুৱে কাম কৰা বন্ধ কৰি দিয়ে ৷ ভয় আৰু উৎকণ্ঠাৰ মাজেৰে প্ৰিয় মানুহজনৰ লগত পাৰ কৰা এই ভাললগা অনুভৱবোৰে তাইৰ হৃদয়ত টুকুৰিয়াই থাকিল৷ ৰুদ্ৰই তাইক একেবাৰে সিহঁতৰ হোষ্টেলৰ গেটৰ মুখতে থৈ গ’লহি৷লগতে কেতিয়াবা এনেকুৱা চিটুৱেচনত পৰিলে তালৈ ক’ল কৰি দিবলৈ বুলি তাৰ ফোন নাম্বাৰটোও দি থৈ গ’ল৷ প্ৰত্যেকজনী ছোৱালীয়ে প্ৰেমিকৰ মাজত বিচৰা বিশ্বাস আৰু নিৰ্ভয়তা ৰুদ্ৰৰ মাজত পাই দৃষ্টিৰ মনত ভালপোৱাৰ আৱেগিক অনুভৱবোৰ আৰু অধিক শক্তিশালী হৈ উঠিল৷ ৰুদ্ৰৰ নামটো চুটিকৈ নিলিখি ৰুদ্ৰাক্ষ নন্দন বৰুৱা বুলি লিখি লগতে হাৰ্ট ইমজি❤️ এটা টাইপ কৰি চেভ কৰি ল’লে৷গোটেই বাটতোত ৰুদ্ৰক মুখ খুলি ক’ব নোৱাৰা "thankyou" শব্দটো মেছেজৰ কি বৰ্ডত আঙুলি বুলাই লিখি পঠিয়ালে৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment