Tuesday, August 3, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১২ চিৰঞ্জীৱ আতৰি যোৱাৰ পাছত আজিও আনদিনাৰ দৰেই মৌ’ৰ মুখত স্বতঃস্ফূৰ্ত অনুভূতিৰ কোনো দেখাদেখি নাই৷ মৌ’ৰ নিৰৱতাই দৃষ্টিক চিৰঞ্জীৱৰ সৈতে থকা সম্পৰ্কটোৰ মাজত থকা জটিলতাবোৰ জানিবলৈ উদ্বিগ্ন কৰি তুলিছে৷মৌ’ক তাই আজিলৈ অইন কোনো ল’ৰাৰ লগত কথা পতাও দেখা নাই,একেটা ৰুমতে ইমানদিনে একেলগে থাকি মৌ’ৰ স্বভাৱৰ সৈতে পৰিচিত কিন্তু চিৰঞ্জীৱৰ সৈতে তাই কিয় এনেকুৱা আচৰণ কৰে তাই বুজিব খুজিলেও একো সাৰসুৰ বিচাৰি নাপায়৷ তাইৰ তীব্ৰ ইচ্ছা জাগে এজনী ভৰযৌৱনা ছোৱালীয়ে কিয় হ’বলগা স্বামীৰ মৰমচেনেহৰ পৰা নিজকে বঞ্চিত কৰি ৰাখে,প্ৰশ্নবোধক দৃষ্টিৰে তাই মৌ’ৰ ফালে চাই ৰ’ল৷কিবা এটা সুধিম বুলি ভাবিছিল যদিও মৌ’ৰ মোদটো লক্ষ্য কৰিয়েই সুধিবলৈ মন নকৰিলে৷হয়তো মৌ’য়ে দৃষ্টিৰ মাজত উত্থাপিত প্ৰশ্নবোৰ অনুভৱ কৰিছিল সেয়ে এপাকত নিজেই দৃষ্টিক সুধিলে "কি ভাবিছা?" দৃষ্টিয়ে কওঁ নকওকৈ আৰম্ভ কৰিলে "চিৰঞ্জীৱ দা আৰু তোমাৰ সম্পৰ্কটোৰ মাজত কিবা এটা যেন আধৰুৱা ,মোৰ তেনেকুৱা লাগে৷" মৌ’য়ে আৱেগিক হৈ কৈ উঠিল "কিবা এটা নহয় দৃষ্টি সকলোবোৰেই আধৰুৱা " "তাৰমানে! কিবা ইচ্ছু হৈ আছে নেকি তোমালোকৰ মাজত?" মৌ’য়ে মুখেৰে একো নামাতিলে৷তাকে দেখি দৃষ্টিয়ে পুনৰ সুধিলে "চিৰঞ্জীৱ দাক তোমাৰ কেনেকুৱা লাগে? " এজন পুৰুষৰ মাজত থাকিবলগীয়া ধৈৰ্য্য,সততা,ডাঙৰৰ প্ৰতি শ্ৰদ্ধা ,সৰুৰ প্ৰতি মৰম সকলোবোৰ গুণেই আছে,তথাপিও মই মানুহজনক ভাল পাব নোৱাৰোঁ৷ " কথাষাৰ কৈয়ে মৌ’ৰ চকুহাল চলচলীয়া হৈ পৰিল,দৃষ্টিয়ে নেদেখাকৈ চকুপানীখিনি মোহাৰি তাই পুনৰ কৈ উঠিল "নিশ্চয়কৈ তেওঁ এজন ভাল মানুহ সেয়ে তেওঁৰ দৰে মানুহ এজনক মই শ্ৰদ্ধা কৰোঁ কিন্তু ভালপাব কেতিয়াও নোৱাৰোঁ" দৃষ্টিয়ে আচৰিত হৈ "কিয় ?"বুলি প্ৰশ্ন কৰাত মৌ’য়ে পুনৰ ক’বলৈ আৰম্ভ কৰিলে " মই প্ৰশান্তক ভাল পাওঁ৷আমাৰ তিনিবছৰীয়া এটা সম্পৰ্কও আছিল৷আমি একেলগেই কলেজত পঢ়িছিলোঁ কিন্তু কথাবোৰ ঘৰত গম পোৱাৰ লগে লগে মোক বিয়াৰ বাবে জোৰ জবৰদস্তি কৰিবলৈ ধৰিলে৷গ্ৰেজুৱেচনৰ পাছতেই চিৰঞ্জীৱৰ সৈতে মোৰ সম্পৰ্কটো হৈ উঠিল৷কিন্তু মই মানসিক ভাৱে তেতিয়াও এই বিয়াখনৰ বাবে প্ৰস্তুত নাছিলোঁ আৰু এতিয়াও নহয় " দৃষ্টিয়ে তধা লাগি মৌ’ৰ কথাবোৰ শুনি থকাৰ পৰা কৈ উঠিল "তোমাৰ জীৱনত এতিয়াও সেই প্ৰশান্ত নামৰ প্ৰেমিকজন আছে নেকি?" মৌ’য়ে উচুপি উচুপি কৈ উঠিল "নাই ,ঘৰৰ মানুহৰ আগত মোৰ এক কথাও নচলে৷ চিৰঞ্জীৱৰ সৈতে বাধ্যত পৰি সম্পৰ্কটোৰ বাবে সন্মতি জনাব লগা হ’ল৷সেইকথাতে প্ৰশান্তই মই তাক প্ৰতাৰণা কৰিলোঁ বুলি ভাবি মোৰ পৰা আতৰি গ’ল৷ " -" প্ৰশান্তক তুমি কথাবোৰ ভালদৰে নজনালা নেকি?" " ঘৰত আমাৰ কথাবোৰ গম পোৱাৰ পাছতেই দাদাই মোৰ ফোনটো ভাঙি পেলাইছিল,মোক মাৰপিট কৰি বহুত অত্যাচাৰো কৰা হ’ল,তাৰপাছতো মই প্ৰশান্তক ভালপাবলৈ এৰি দিয়া নাছিলোঁ৷ এদিন মাৰ ফোনৰ পৰা মনে মনে ফোন কৰি প্ৰশান্তক কথাবোৰ জনাইছিলো,মোৰ বাধ্যতাবোৰ বুজাইছিলো কিন্তু সি তেতিয়া মই থগ প্ৰৱঞ্চনা কৰি তাৰ পৰা আতৰি অহাৰ বুদ্ধি কৰিলোঁ বুলি কৈ আমাৰ ভালপোৱাক প্ৰতাৰণাৰ নাম দি মোৰ জীৱনৰ পৰা সদায়ৰ বাবে আতৰি গ’ল৷" "তেতিয়াহ’লে প্ৰশান্ত এতিয়াও তোমাৰ কন্টেক্টত আছেনেকি?" "কন্টেক্টত নাথাকিলে কি হ’ল,সদায় হৃদয়ত আছিলে,আছে আৰু চিৰদিন থাকিব৷মই আমাৰ ভালপোৱাবোৰ শেষ হ’বলৈ দিব নোৱাৰোঁ৷প্ৰশান্তৰ সৈতে প্ৰতাৰণা মই কাহানিও কৰা নাই " "বেয়া নাপাবা মৌ,মই ভাবোঁ তুমি এতিয়াও তোমাৰ পূৰ্ব প্ৰেমিকৰ স্মৃতিবোৰ জীয়াই ৰাখিবলৈ বৃথা চেষ্টা কৰিও মিচা হ’ব৷প্ৰশান্তৰ তোমাৰ বাবে ভালপোৱাবোৰ সচাঁ হোৱা হ’লে তোমাক এবাৰহ’লেও বুজিবলৈ চেষ্টা কৰিলে হয়৷বুজিছোঁ বাৰু এজনক কথা দি আন এজনৰ বিয়াৰ প্ৰস্তাৱ স্বীকাৰ কৰিলে সেই প্ৰেমত প্ৰতাৰণা কৰা যেনেই লাগিব৷ সেইবুলি আজি ইমানদিনে তোমাৰ বিয়াখন হোৱা নাই,কিয় হোৱা নাই তাৰ বাৰু জানিবলৈ মন যোৱা নাইনে?আজিলৈ তোমাক এবাৰো এই বিষয়লৈ সুধিবলৈ চেষ্টা কৰা নাইনে?মই ভাবো সচাঁ ভালপোৱাত ইজনে আনজনক বুজাটো বাঞ্ছনীয় যদি প্ৰশান্তই তুমি কোৱাৰ দৰেই প্ৰতাৰণাৰ নাম দি সম্পৰ্ক স্বেদ কৰিছে তেনেহ’লে সেয়া সচাঁ ভালপোৱা হ’বই নোৱাৰে৷ তুমি কি ভাবা এইক্ষেত্ৰত?" "মই প্ৰশান্তক সচাঁ হৃদয়ে ভাল পাওঁ,মোৰ বিশ্বাস আছে প্ৰশান্তই এদিন কথাবোৰ বুজিব৷হয়তো সি মোৰ বিয়াৰ খবৰটো আজিলৈ সহজে ল’ব নোৱাৰিলে৷" "যদি সেই ভালপোৱা সচাঁ আছিল তেনেহ’লে তুমি আজিলৈ প্ৰশান্তক বুজাবলৈ কিয় পৰা নাই ?" "ইউনিভাৰচিটিলৈ অহাৰ আগতে মই এবাৰ চেষ্টা কৰিছিলোঁ প্ৰশান্তৰ সতেঁ কথাপাতিবলৈ,কিন্তু তেতিয়া লগৰ এজনীৰ মুখেৰে গম পালোঁ যে এতিয়া তাৰ জীৱনত অন্য কোনোবা আছে ৷কথাটো মোৰ বিশ্বাস নোহোৱাত মই এবাৰ ফোন কৰি জানিবলৈ চেষ্টা কৰিছিলোঁ ,সি ক’লে সচাকৈয়ে তাৰ জীৱনত এতিয়া মোতকৈ ভাল কোনোবাই ঠাই লৈছে৷ প্ৰশান্তৰ প্ৰেম মিচা হ’লেও মোৰ প্ৰেম সচাঁ আছিল,সেয়ে মই কেতিয়াও প্ৰশান্তৰ ঠাই আন কাৰোবাক দিব নোৱাৰোঁ৷মোৰ বিশ্বাস সচাঁ কথাবোৰ সি যিদিনা বুজিব মোৰ জীৱনলৈ ঘুৰি আহিব৷" মৌ’ৰ কথাবোৰ শুনি দৃষ্টিৰ খংহে উঠি আহিল ৷সেয়ে মৌ’ক টানকৈয়ে এষাৰ কৈ দিলে " প্ৰশান্তই যদি নিজৰ জীৱনত আগবাঢ়িলে তুমি কিয় তাৰ অপেক্ষাত,তোমাৰ ভালপোৱাবোৰ সচাঁ আছিল বুলি প্ৰমাণ দিবলৈ চিৰঞ্জীৱ দাৰ দৰে মানুহ এজনক অগ্ৰাহ্য কৰিছা৷ বাদ দিয়া ,যি তোমাক আজিলৈ বুজিবলৈয়ে নুখুজিলে, সেই নুবুজা মানুহৰ বাবে চিৰঞ্জীৱ দাৰ দৰে মানুহ এজনৰ মৰম চেনেহৰ পৰা নিজকে বঞ্চিত নকৰিবা ৷তেওঁৰ চকুত মই তোমাৰ বাবে সচাঁ ভালপোৱা দেখোঁ মৌ,সেই ভালপোৱাক জীয়াবলৈ চোৱা৷প্ৰশান্ত তোমাৰ জীৱনলৈ উভতি আহিলে তুমি জানো তাক আগৰ দৰে গ্ৰহণ কৰিব পাৰিবা?" "কিন্তু দৃষ্টি তুমি কোৱাৰ দৰে কথাবোৰ যে অলপো সহজ নহয়৷ মই চিৰঞ্জীৱক কেতিয়াও প্ৰশান্তৰ ঠাই দিব নোৱাৰোঁ৷" "আমাৰ জীৱনত প্ৰত্যেক মানুহৰ বাবে নিদিষ্টকৈ এটুকুৰা সুকীয়া ঠাই আছে৷ সেই ঠাই আনে কেতিয়াও ল’ব নোৱাৰে ,মোৰ মা দেউতাৰ প্ৰতি থকা ভালপোৱা আৰু মোৰ হ’বলগা প্ৰেমিকৰ প্ৰতি ভালপোৱা দুয়োটাই সুকীয়া৷ থিক সেইদৰেই তোমাৰ অতীতৰ প্ৰেম আৰু বৰ্তমানৰ চিৰঞ্জীৱ দাৰ মৰমবোৰো সুকীয়া হ’ব৷আচলতে কি জানা ভালপোৱাই নিজেই হৃদয়ত ঠাই লয়,আমি মাথোঁ সেই ভালপোৱাবোৰ পাবলৈ নিজাকৈ সৰু চেষ্টা কৰিব লাগে৷তুমি যদি প্ৰশান্তক পাহৰি আজিলৈকে চিৰঞ্জীৱ দাৰ বাবে সেই ঠাইখিনি উলিয়াব পৰা নাই তেনেহ’লে সেয়া তোমাৰ বিফলতা৷ " চকুপানীবোৰ মোহাৰি মৌ’য়ে দৃষ্টিলৈ পোনপটীয়াকৈ প্ৰশ্ন এটি আগবঢ়ালে "দৃষ্টি তোমাৰ জীৱনত প্ৰেম আছেনে?" দৃষ্টিয়ে তপৰাই উত্তৰ দিলে " মা দেউতাই মোৰ প্ৰথম আৰু শেষ প্ৰেম ৷" "দৃষ্টি তুমিয়েই জানো কোৱা নাছিলা,মা দেউতা আৰু প্ৰেমিকৰ ঠাই সুকীয়া বুলি,যদি তোমাৰ জীৱনত কোনো প্ৰেমিক নাই তেনেহ’লে তুমি মোৰ অসহায় অৱস্থাটোৰ কথা নুবুজা"৷ বিৰক্তিৰ সুৰত দৃষ্টিয়ে ক’লে " প্ৰেমিক হিচাপে নাই কিন্তু একপক্ষীয় প্ৰেম হিচাপে এজন নথকা নহয়৷ " "তাৰমানে দৃষ্টি তোমাৰ জীৱনতো কোনোবা আছে?ভালপোৱাবোৰ একপক্ষীয়কৈ ৰখাতকৈ জনাই নিদিয়া কিয়?যদি তোমাৰ ভাললগা মানুহজনে আন কাৰোবাক ভালপাই তেতিয়াহ’লে তুমি কি কৰিবা?" দৃষ্টিয়ে এইবিষয়ে আজিলৈ সচাঁকৈয়ে একোৱে বিচাৰ কৰা নাই৷ ৰুদ্ৰক তাইৰ ভাললাগে কিন্তু তাই আজিলৈকে ৰুদ্ৰৰ নামটোৰ বাহিৰে তাৰ জীৱনত কোনোবা আছেনে নাই সেইবিষয়ে একোৱেই নাজানে৷ভালপাবলৈ জানো নামটোৱেই যথেষ্ট?সচাকৈ মৌ’য়ে কোৱাৰ দৰেই ৰুদ্ৰৰ জীৱনত যদি কোনোবা থাকে তেনেহ’লে তাই কি কৰিব? মৌ’ৰ প্ৰশ্নৰ উত্তৰ তাই একো দিব নোৱাৰিলে৷ তাইৰ মৌনতাক লক্ষ্য কৰিয়ে মৌয়ে বহি থকাৰ পৰা উঠি আহি হোষ্টেলৰ দিশে খোজ ল’লে৷ৰুদ্ৰৰ নামত ধুমুহা এজাকে দৃষ্টিক কপাঁই তুলিলে৷ মনলৈ বাৰে বাৰে এটা প্ৰশ্নই অগাদেৱা কৰি থাকিল "ভালপাবলৈ সহজ জানো?" (আগলৈ) দেৱাশ্ৰী বৰা

No comments:

Post a Comment