Monday, August 9, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১৬ *************************** ৰাতিপুৱালৈ শুই উঠিয়ে দৃষ্টিয়ে নিজক হস্পিতালৰ বেদত দেখি কেতিয়া কি হ’ল,কেনেকৈ আহিলে জানিবলৈয়ে ইফালেসিফালে গাটো ল’ৰচৰ কৰি দেখিলে মৌ’ শুই আছে কাষৰ চকী এখনতে আৰু তাইৰ বেডিংত মুৰথৈ ৰুদ্ৰই টোপনিয়াই আছে৷ৰুদ্ৰক দেখি তালৈ মায়া জাগিল তাইৰ৷ সেয়ে কপালৰ আগত পৰি থকা তাৰ বিশৃংখল কেকুৰাঁ চুলিকোছা লাহেকৈ চকুৰ আগৰ পৰা আতৰাই দিলে৷ দৃষ্টিৰ স্পৰ্শত ৰুদ্ৰই খকামকাকৈ সাৰ পাই তাইৰ ফালে চাই সুধিলে "তুমি সাৰ পালাই নেকি? এতিয়া কেনেকুৱা অনুভৱ কৰিছা" ৰুদ্ৰই এইদৰে সাৰ পোৱাত ভয় কিম্বা লাজ এটাত তাইৰ বুকুখন ধিপধিপাই উঠিল৷ নিজকে সংযত কৰি সৰু সৰু মাতেৰে ক’লে " ভাল পাইছোঁ অলপমান" কথাষাৰ কৈ দৃষ্টিয়ে তলকিবই নোৱাৰিলে ৰুদ্ৰই বহাৰ পৰা উঠি আহি তাইৰ কপালখন চুই চালে৷তাৰপাছত একো নোকোৱাকৈ সেইখিনিৰ পৰা আতৰি গ’ল৷ দৃষ্টিয়ে গাত বিজুলী পৰাৰ দৰে একে ঠাইতে ৰৈ থাকিল ৷মাথোঁ অনুভৱ কৰিলে,ৰুদ্ৰৰ স্পৰ্শত বুকুৰ গতিবেগ বাঢ়ি যোৱাৰ লগতে গৰম তেজৰ সুত এটি পিৰপিৰাই গাললৈ বিয়পি অহাৰ কথা৷ কপালখন এবাৰ নিজেও চুই চালে, ঠাণ্ডা হৈয়ে আছে, কিন্তু গালদুখন তপত গৰম৷ বহুসময় শিলপৰা কপৌজনীৰ দৰে তাই বহি থাকিল৷ মৌ’য়ে সাৰ পাই দৃষ্টিক এইদৰে বহি থকা দেখি খঙ অভিমানৰ সুৰত ক’লে "তুমি সাৰ পালা৷ কালি যে আমাক ভয় খোৱাইয়ে দিছিলা৷ ইম্মান বেছি জ্বৰ !কিহে পাইছিল তোমাক সন্ধিয়াখন বৰষুণত তিতি আহিবলৈ৷" দৃষ্টিৰ বুকুখন গধুৰ হৈ পৰিল৷ কথাবোৰ মনত পৰাত সেমেকি পৰিল তাইৰ মুখখন৷ তেনেকুৱাতে মৌ’য়ে পুনৰ ক’লে " কালি যে ৰুদ্ৰ দা নথকা হ’লে আমি অকলে কি কৰিলোঁ হয় মাথোঁ ভগৱানে জানে " ৰুদ্ৰৰ নামটো শুনি পুনৰ দৃষ্টিৰ চকুমুখ জিলিকি উঠিল৷ চকুকেইটা ডাঙৰ কৰি মৌ’লৈ একেথিৰে চাই সুধিলে " ৰুদ্ৰ দা ? " মৌ’য়ে কথাবোৰ ক’বলৈয়ে নাপালে দৃষ্টিৰ ফোনটো বাজি উঠিল৷ মোবাইলটো হাতত লৈ দেখিলে মাক দেউতাকৰ দহটামান মিচক’ল৷ লগালগ ফোন লগালে মাকৰ নম্বৰটোত ৷ফোন ৰিচিভ কৰি কপাঁ কপাঁ মাতেৰে মাকে ক’লে " মাজনী জ্বৰ ভাল পাইছানে ? দেউতা আৰু মই গৈ আছোঁ তোমাক লৈ আহিমগৈ আজি ৷ গাটো বেছি বেয়া নেকি? " " নাই মা ,মই ভাল পালো নহয়,কালি ক্লাছৰ পৰা ৰুমলৈ আহোঁতে বৰষুণত তিতিলো কাৰণে পানীলগা জ্বৰহে উঠিছিল৷তোমালোকক কোনে ক’লে মোৰ জ্বৰ হোৱাৰ কথা?" "কালি ৰাতি ফোন কৰোঁতে মৌ’য়ে ধৰিছিল আৰু তেতিয়াই গম পালো জ্বৰ উঠাৰ কথাটো,ইমানপৰে ফোনটো ৰিচিভ নকৰাত ভয়েই লাগিছিল আমাৰ" দৃষ্টিয়ে মৌ’লৈ চাই চকুৰ ইংগিতেৰে মাকে হস্পিতালত থকাৰ কথাটো গম পাই নেকি সুধিলে,মৌ’য়ে নাপায় বুলি কৈ মুৰ জোকাৰা দেখি মাকক ক’লে " একো নাই মা,আপোনালোকে চিন্তা নকৰিব ,মই এতিয়া একদম ফিটফাট হৈ গ’লো৷ ঠাণ্ডাদিন সোমাইছে যেতিয়া হয়েই দেখোন সৰুসুৰা পানীলগা জ্বৰ৷ আপোনালোকে মিচাতে আহি কষ্ট কৰিব নালাগে৷" কথাখিনি পাতি ফোনটো ৰাখিছিলহে তাইৰ সন্মুখত সিদ্ধাৰ্থ আহি উপস্থিত হ’লহি৷ দৃষ্টিয়ে মনতে ভাবিলে মৌ’য়ে ভয়তে আৰু চাগে কিমানক খবৰ দিলে ঠিক নাই ৷ পিছে মৌ’য়ে দেখোন সিদ্ধাৰ্থক ভালদৰে চিনিয়েই নাপায় তেনেক্ষেত্ৰত সিদ্ধাৰ্থক তাই খবৰ দিয়াটো অসম্ভৱ ৷বিষ্ময়েৰে সিদ্ধাৰ্থৰ ফালে চাই থাকোতেই সি তাইৰ ফালে টিফিন আৰু চাহৰ থাৰমেলটো আগবঢ়াই দি ক’লে " তই মেডিকেলত আছ বুলি গম পাই মায়ে চাহ ৰুটি দি পঠিয়াইছে,হু খাই ল’৷ " " মই অলপ পিছত হোষ্টেলেই যাম,আন্টিক কিয় ৰাতিপুৱাই মিছাতে অশান্তি দিব লাগে বাৰু ?" "তোৰ কাৰণে কোচ ভি " এই ল’ৰাটোৰ কথাবোৰ শুনি থাকিলে দৃষ্টিৰ কেতিয়াবা খেলিমেলি লাগে,যি টি কথা কৈ কেতিয়াবা তাইৰ মনত বেমেজালিৰ সৃষ্টি কৰি দিয়ে দেখোন৷ বেছিকৈ কথাষাৰত ৰিয়েক্ট নকৰি তাক সুধিলে " তই কেনেকৈ গম পালি মই ইয়াত থকাৰ কথা? " " যাদু আছে যাদু, তোৰ কথা জানিবলৈ মোক বাৰু লেচু লাগেনে" দৃষ্টি অবাক লাগিল তাৰ কথাত ৷তাইৰ বিষ্ময় মুখখন দেখি সিদ্ধাৰ্থই গহীনাই সুধিলে " কালি তই কিবা হৃদয় ভঙাৰ কথা কৈছিলি যে মই বুজি নাপালোঁ" দৃষ্টিয়ে ইফালেসিফালে চালে মৌ আৰু সিদ্ধাৰ্থৰ বাদে কোনো নাই সেইখিনিত৷মৌ’য়ে ৰুদ্ৰৰ কথাবোৰ জানে অলপকৈ৷কিন্তু তাইয়ো দৃষ্টিৰ হৃদয় ভঙাৰ কথা শুনি চকু ডাঙৰ কৰি সন্দেহৰ চকুৰে দৃষ্টিলৈ চালে ৷তাকে দেখি দৃষ্টিয়ে লগালগ ক’লে " নাই নাই তহঁতি ভবাৰ নিচিনা একোৱেই নহয়,কালি জাষ্ট ক্ৰাছক ছোৱালী এজনীৰ লগত দেখি মনটো বেয়া লাগিছিল " সিদ্ধাৰ্থই তপৰাই ক’লে " আট্চা কথা গুৰি ক’ৰবাত তেতিয়াহ’লে৷কালি ক্ৰাছক বেলেগৰ লগত দেখি হৃদয় ভাগিল তাৰ পাছত বৰষুণত তিতি জ্বৰ উঠিল ,তাৰ পাছত জ্বৰ ভাল নোহোৱাত এইয়া হস্পিতালত৷মানুহে মানুহৰ কাৰণে ইমান পজেচিভ হ’লে কেনেকৈ হ’ব কচোন তই ?মোৰো দেখোন ইউনিভাৰচিটিৰ বাটে পথে য’তে ত’তে ক্ৰাছেই ক্ৰাছ,যাকে দেখো তাকেই ভাল লাগি যায় ৷সিহঁতকো কেতিয়াবা বইফ্ৰেণ্ডৰ লগত নহ’বা আন ল’ৰাৰ লগত দেখিয়েই থাকোঁ সেইবুলি কাৰোবাৰ কাৰণে কিবা পগলামী কৰা দেখিছ জানো?" দৃষ্টিয়ে লাজ পাইছে সেয়ে মুখেৰে একো নামাতিলে৷সচাঁকৈ তাইৰ অভাৰ পজেচিভনেছৰ কাৰণেই আজি এইদৰে হস্পিতালত থাকিবলগীয়া হৈছে৷ তাইৰ যিদৰে ৰুদ্ৰক ভাললাগে সেইদৰে জয়শ্ৰীৰো তাক ভাল লাগিব পাৰে তাত ইমান বেছি মনত দুখ পাব লগা একো নাছিল ,আনকি তাই মীনাক্ষীৰ মুখেৰে ৰুদ্ৰই প্ৰতিবাৰেই জয়শ্ৰীৰ প্ৰেম প্ৰস্তাৱ নাকছ কৰাৰ কথাও শুনিছিল ৷তেতিয়া হ’লে তাইৰ কালি ইমান বেছি খঙ অভিমান কিয় হ’ল৷ কথাবোৰ মনতে ভাবি ভাবিয়েই বহু সময় কটাই দিলে৷ ৰুদ্ৰই ডিচাৰ্চ পেপাৰখন হাতত লৈ সিহঁতৰ ফালেই আগুৱাই আহিল৷ সিদ্ধাৰ্থই ৰুদ্ৰক দেখাৰ লগে লগেই তাৰফালে দুখোজ আগুৱাই গৈ ক’লে " মায়ে খাবলৈ বুলি কিবাকিবি দি পঠিয়াইছে তইয়ো খাই ল’বি" ৰুদ্ৰই মুখেৰে একো নামাতিলে৷দৃষ্টিয়ে টিফিনটো হাতত লৈ সিহঁতৰ ফালেই চাই আছিল ,সিদ্ধাৰ্থই ৰুদ্ৰৰ সৈতে ইমান বেছি আপোনভাৱত কথা পতাত দৃষ্টি প্ৰথমে আচৰিত হৈছিল তথাপিও ল’ৰাবোৰৰ বন্ধুত্ববোৰ খুউব সোনকালেই গাঢ় হৈ পৰে বুলি কথাবোৰ বৰ বেছি গুৰুত্ব নিদিলে৷ৰুদ্ৰই তাইৰ ফালেই আগবাঢ়ি আহি সোনকালে খাই বৈ আজৰি হ’বলৈ কোৱাত দৃষ্টিয়ে তাৰ ফালে চাহৰ কাপটো আগবঢ়াই দিলে৷ ৰুদ্ৰই চাহৰ কাপটোক আওকাণ কৰি গাড়ী বিচাৰি যোৱাৰ ব্যস্ততা দেখুৱাই সেইখিনিৰ পৰা আতৰি গ’ল৷ হোষ্টেলৰ ৰুম আহি সোমোৱাৰ পাছতেই ইজনী সিজনী ছোৱালীয়ে তাইৰ খবৰ ল’বলৈ আহি থাকিল ৷ যদিও দৃষ্টিৰ জ্বৰটো ভাল হ’ল তথাপিও দুৰ্বলতা কিছু এতিয়াও আছে তথাপিও হস্পিতালৰ পৰা আহি ভাল নালাগে বাবেই মুৰ গা ধুই অলপ আৰাম কৰি ল’লে৷টোপনি খতি হোৱাৰ লগতে দৃষ্টিৰ বাবেই মৌ’য়েও ক্লাছ কৰিবলৈ নগ’লে৷সেয়ে দিনটো ৰুদ্ৰই কেইবাবাৰো মৌ’লৈ ফোন কৰি দৃষ্টিৰ বিষয়ে সুধপুচ কৰি আছে৷দৃষ্টিৰ অসুখ হৈ হস্পিতালত এডমিট কৰিব লগা কথাটো গম পোৱাৰ পাছত ক্লাছমেটৰ পৰা আদি কৰি চেন্টাৰৰ বহুকেইজন ফেকাল্টিয়েই তাইৰ খবৰ লৈছে৷ ক্লাছবোৰ শেষ কৰি আবেলিলৈ সমীক্ষাও আহি দৃষ্টিহঁতৰ হোষ্টেলৰ মুখ পালেহি৷কিন্তু ৰুমটো চিনি নোপোৱাৰ বাবে গেটৰ মুখতেই ৰৈ আছে৷যিহেতু আবেলিলৈ দৃষ্টিয়ে নিজকে সুস্থ যেনেই অনুভৱ কৰিছিল সেয়ে মৌ’ক লগত লৈ গেটৰ মুখলৈকে ওলাই আহিল৷সমীক্ষাৰ লগতে ৰুদ্ৰইয়ো সিহঁতৰ গেটৰ সন্মুখত ৰৈ আছে৷দুৰৰ পৰাই দৃষ্টিয়ে সিহঁতক প্ৰত্যক্ষ কৰি ৰুদ্ৰ থকা বাবে লাজ লাজ অনুভৱেৰে যিমান পাৰে মোবাইলৰ স্ক্ৰীনত চাইয়ে তাইৰ দীঘল চুলিকোছা সামৰি ল’লে৷ দৃষ্টিক দেখাৰ লগেলগেই ৰুদ্ৰই মাত লগালে " এতিয়া থিকেই আছানে?" "আছোঁ" বুলি কৈ তাই মুৰ জোকাৰিলে৷অলপসময় কথা বতৰা পাতি ৰুদ্ৰ গ’লগৈ৷ মুখত সন্তুষ্টিৰ হাঁহি লৈ দৃষ্টিয়ে চিত পখিলাৰ দৰে লৰিঢাপৰি সমীক্ষাৰ হঁতে ৰুম সোমালহি৷ৰুম পাইয়েই সমীক্ষাই দৃষ্টিৰ হাতলৈ ফলমূলেৰে ভৰ্তি টোপোলা এটা আগবঢ়াই দিলে ৷টোপোলাটো লৈয়ে দৃষ্টিয়ে সমীক্ষাক কৈ উঠিল "এইবোৰ কিয় আনিব লাগে বাৰু৷মইচোন ফলমূল নাখাওঁৱে " সমীক্ষাই ফিচফিচীয়া হাঁহি মাৰি গহীনাই ক’লে " মই অনা নাই ,তোমাৰ হ’বলগা জনে দি পঠাইছে" হ’বলগাজন বুলি কথাষাৰ শুনি দৃষ্টিৰ চকু কপালঁত উঠিল৷ তথাপিও দুইজনীয়ে ইজনীয়ে সিজনীলৈ চকুত চকু পৰাত গিৰ্জনী মাৰি হাঁহি উঠিল৷সিহঁতৰ হাঁহিৰ মাতত মৌ’ও সিহঁতৰ কাষত আহি বহি ল’লেহি৷ দৃষ্টিয়ে বুজিছিল হ’বলগা জন বুলি সমীক্ষাই ৰুদ্ৰৰ কথা কৈয়ে তাইক কামুৰিব বিচাৰিছিল,কিন্তু তাই ইচ্ছা কৰিয়ে আজি কোনোধৰণৰ প্ৰতিক্ৰিয়া নকৰি হাঁহি দিলে৷ ল’ৰালৰিকৈ তাই আগ্ৰহেৰে টোপোলাটো খুলি চালে ,আপেল ,ৰিয়েল মিক্স জুচৰ বটল এটা ,খাজুৰৰ পেকেট এটা আৰু Dairy milkৰ চকলেট এটা৷ চকলেটটো নিজলৈ ৰাখি বাকীবোৰ সিহঁতৰ ফালে আগবঢ়াই দৃষ্টিয়ে ক’লে " এইটোৰ বাদে বাকীবোৰ তোমালোকক গতালোঁ৷ প্ৰিয় মানুহজনৰ পৰা প্ৰথম কিবা এটা পাইছোঁ সেয়ে এইটো সাচি থ’ম আলফুলে৷ " দৃষ্টিয়ে ৰুদ্ৰই দিয়া বস্তুবোৰৰ এইদৰে আদৰ কৰাত মৌ’ৰ মনটো সেমেকি পৰিল৷তাইৰ মনত পৰিল আজিলৈ কিম্মানদিন যে চিৰঞ্জীৱে তাইৰ বাবে তাইৰ প্ৰিয় বস্তুবোৰ অকলে থাকিও তাইৰ বাবেই মৰমত বনাই আনে কিন্তু তাই আজিলৈ সেইবস্তুবোৰৰ আদৰ এইদৰে কাহানিও কৰি পোৱা নাই ৷ চকুৰ কোণত চকুপানী এটোপ বিৰিঙি পৰিলহি৷ মৌ’য়ে দৃষ্টিয়ে চিৰঞ্জীৱক এটা চান্স দিবলৈ কোৱাৰ দিন ধৰি যিমান পাৰে হৃদয়ত চিৰঞ্জীৱৰ বাবে এটুকুৰা নিদিষ্টকৈ ঠাই দিবলৈ চেষ্টা চলাই আছে৷সেয়ে সিহঁত দুজনীয়ে নেদেখাকৈ চকুপানীটোপ মোহাৰি দ্বিতীয়বাৰৰ পৰা তাইয়ো চিৰঞ্জীৱৰ হৈ তাৰ মৰমবোৰক আদৰ কৰিবলৈ ল’ব বুলি মনতে বান্ধি ল’লে৷ হাঁহি ধেমালিৰে সিহঁতৰ সন্ধিয়াটো জীপাল হৈ উঠিল৷কথাৰ মাজতে মৌ’য়ে সমীক্ষাক ৰুদ্ৰৰ কথা জনাই ক’লে " জানানে সমীক্ষা আমাৰ দৃষ্টিৰ ভাগ্যখন খুবেই ভাল " আগগুৰি নোহোৱাকৈ মৌ’ৰ মুখত এনেকথা শুনি সমীক্ষা আৰু দৃষ্টি দুজনীয়েই একেলগে কৈ উঠিল " কিয় ? কি হ’ল ?" মৌ’য়ে ক’বলৈ আৰম্ভ কৰিলে " যোৱাৰাতি ইম্মান ডাঙৰ বৰষুণ জাকক নেউচি দৃষ্টিৰ বাবে ৰুদ্ৰ দাদাই ইয়ালৈ অহাটো ক’ম ডাঙৰ কথানে ৷" দৃষ্টিয়ে কেৰাহিকৈ চাই কৈ উঠিল "সেইটোনো কি ডাঙৰ কথা ,মোৰ ঠাইত বেলেগ থকা হ’লেও তেওঁ তেনেকুৱাই কৰিলে হয় " মৌ’য়ে পুনৰ ক’লে " জানা সমীক্ষা দৃষ্টিয়ে গমেই নাপায় ,ৰুদ্ৰদাই কালি ধুমুহা বৰষুণকো নেউচি হোষ্টেললৈ আহি এই ওপৰৰ ৰুমৰ পৰা চাউথৰ হিৰ’ৰ দৰে দৃষ্টিক তললৈ দাঙি নি এম্বুলেন্সত বঢ়োৱাইছিলগৈ৷আৰু মেডিকেল যোৱা গোটেই বাটটো দৃষ্টি তেওঁ কোলাতেই শুই গ’ল ৷হিঃ হিঃ কিম্মান যে ৰোমাণ্টিক চিন আছিলে " সমীক্ষাই সম্পূৰ্ণ উৎসুকতাৰে কৈ উঠিল " সচাঁ...ইমান ৰোমাণ্টিক চিন এটা মইহে মিছ কৰি দিলোঁ" দৃষ্টিয়েও সমীক্ষাৰ কথাটোত সহযোগ কৰাৰ দৰে উদাসীন মনোভাবেৰে কৈ উঠিল " মইয়ো মিছ কৰি দিলোঁ" দৃষ্টিৰ কথা শুনি দুইজনীয়ে হাঁহি হাঁহি ক’ব নোৱাৰা হৈ যোৱা দেখি দৃষ্টিয়ে কৈ উঠিল " কিহৰনো ৰোমাণ্টিকটো হ’ল ,তেওঁৰ মনত চাগে সেইবোৰ নাছিলেই সেই সময়ত আৰু মইটো একো গমেই নাপাওঁ৷ তোমালোকে এনেকুৱা অৰ্থহীন ৰোমাণ্টিকতাত হাঁহি কি ৰস পাইছা নাজানো কিন্তু মই damn sure চিনেমাৰ কাহিনী হ’লে এইটো 100% ফ্লপ মাৰিব৷তাকো চাউথৰ চিনেমাত " দৃষ্টিৰ অবাঞ্চিত খঙটো দেখি দুইজনীয়ে মুখেৰে একো নামাতিলে,মাথোঁ যিমান পাৰে মুখটিপা মাৰি হাঁহিলে৷সন্ধিয়া বেছি হৈ অহাত সমীক্ষাও যাবলৈ ওলাল৷ দৃষ্টিহঁতে গেটৰ মুখৰ লৈকে সমীক্ষাক আগবঢ়াই দিলে ,তাইক সেইখিনিৰ পৰা নিবলৈ আদিত্য কেতিয়াবাই আহি সিহঁতৰ গেটৰ মুখতে ৰৈ আছে৷ যোৱাত আগত দৃষ্টিয়ে সমীক্ষাৰ কাণে কাণে কৈ পঠালে " সন্ধিয়াৰ নিৰিবিলি পোহৰত নাহৰৰ তলে তলে,এই দীঘলীয়া বাটেৰে তুমি আৰু আদিত্য একেলগে ,বিৰাট ৰোমাণ্টিক " সমীক্ষাই মুখখন ভেঙুচাই একো নোকোৱাকৈ সেইখিনিৰ পৰা আতৰি গ’ল৷ইউনিভাৰচিটিলৈ অহাৰ দুসপ্তাহ মানৰ পাছৰে পৰাই আদিত্যই সমীক্ষাৰ আগে পিছে ঘুৰি থকা দৃষ্টিয়ে প্ৰত্যক্ষ কৰিছে৷ বুজি পায় তাই সমীক্ষালৈ আদিত্যৰ মন থকা কথাটো৷দৃষ্টিয়ে কেতিয়াবা সমীক্ষাৰ সৈতে এই কথাবোৰো আলোচনা কৰে কিন্তু আদিত্যই আজিলৈ আগবঢ়া নাই ,আচলতে সমীক্ষাই আদিত্যক পচন্দ কৰিলেও সেইখিনি অধিকাৰ দিয়া নাই৷সমীক্ষাই মাথোঁ বন্ধুত্বৰ নিভাজ সম্পৰ্কৰ দোলেৰে বান্ধি ৰাখিছে অপ্ৰত্যাশিত ভালপোৱা ভাললগাবোৰকো৷ (আগলৈ)

No comments:

Post a Comment