Wednesday, September 1, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-২৫ *************************** ইউনিভাৰচিটিৰ ইলেকচনৰ কেম্পেনিংৰ কামত ল’ৰাছোৱালীবোৰ যথেষ্ট ব্যস্ত হৈ পৰিছে৷দৃষ্টিয়ে আজি ইচ্ছা কৰিয়ো ক’তো মন বহাব পৰা নাই ৷যদিও সিহঁতৰ চেন্তাৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্ব্বিতা কৰা প্ৰণামী হাতীমূৰীয়াৰ নামত কেইবাখনো পোষ্টাৰ বনোৱাৰ কামত সহায় কৰি দিছে৷কামবোৰ কৰি থাকোঁতেই দৃষ্টিৰ ফোনটো বাজি উঠিল৷প্ৰত্যাক্ষাৰ ফোন,পোষ্টাৰ বনাই থকা কামবোৰৰ ব্যস্ততাবোৰ এৰি চেন্তাৰৰ বাহিৰলৈ ওলাই আহিল ৷ ক’লটো ৰিচিভ কৰি কাণত লৈ হেল্ল বুলি ক’বলৈয়ে নাপালে সিমুৰৰ পৰা প্ৰত্যাক্ষাই কান্দোনামোৱা হৈ থোকাথুকি মাতেৰে কৈ উঠিল "দৃ মোক অলপ সময় দিব পাৰিবিনে?নহ’লে মই চাগে নিজৰ মাজতে যুদ্ধ কৰি কৰি নোহোৱা হৈ যাম কোনোবা এদিনা৷ " কি হৈছে দৃষ্টিয়ে একো বুজি পোৱা নাই তথাপিও প্ৰত্যাক্ষাৰ প্ৰত্যেকটো কথাত তাইৰ গাঁৰ নোম শিয়ৰি উঠিছে৷ ভয়ত বুকুখনে দ্ৰুতগতিত দৌৰিছে৷ কপাঁ কপাঁ মাতেৰে তাই সুধিলে " প্ৰত্যাক্ষা কি হৈছে তোৰ ৷কান্দিছ যে এইদৰে,ইমান ডাঙৰ ছোৱালীয়ে এইদৰে কান্দে নেকি? " " নাকান্দি কি কৰিম তইয়ে ক’৷ তহঁতি সবেই ভালদৰে পাছ কৰি ভাল ভাল ইউনিভাৰ্চিটিত পঢ়িবলৈ গ’লি আৰু মই ..." "সেই কি কওঁ ৷তোৰ ৰিজাল্ট দেখোন মোতকৈ বহুগুণে ভাল,তইটো গ্ৰেজুৱেছনতো ৮৭%ৰে পাছ কৰিছ৷ " "অ’হ পাছ কৰিছো নাই কৰা বুলি কোৱা নাই কিন্তু মোৰ মাৰ্কচিটখনৰ যে একো ভেলুৱে নাথাকিল৷ ইমানবোৰ নম্বৰ পাইয়ো মই তহঁতৰ দৰে কোনো ইউনিভাৰ্চিটিত পঢ়িবলৈ চিট নাপালোঁ৷ এনেকৈ পাছ কৰি কি লাভ ক’ ?" দৃষ্টিয়ে বুজিলে প্ৰত্যাক্ষাই নিশ্চয় ক’তো চিট নোপোৱা কথাটোক লৈ এতিয়াও আগৰ দৰেই অনুশোচনাত ভুগিছে৷ স্কুলৰ পৰাই দৃষ্টিয়ে প্ৰত্যাক্ষাক ভালদৰে বুজি পায়৷ পঢ়াত তাই দৃষ্টিতকৈ বহুগুণে মেধাবী৷মেট্ৰিক,হায়াৰচেকেণ্ডেৰীৰ,গ্ৰেজুৱেচন সকলোতে ডিচটিংচন লৈ পাছ কৰিছে ৷ পঢ়াশুনাৰ প্ৰতি তাই যথেষ্ট কনচিয়াছ৷কিন্তু এইবাৰ কেমেষ্ট্ৰিত মেজৰ লৈ এম.এ.চি কৰাৰ খুউব হেপাঁহ আছিল যদিও এন্ট্ৰেঞ্চৰ সময়ত ঘৰুৱাসমস্যা কিছুমানত ভুগি ভাল ৰিজাল্ট কৰিব নোৱাৰিলে৷ তাৰপাছতে তাই ক’তো চিট নোপোৱাক লৈ হতাশাত ভুগিছিল৷সেইকথা দৃষ্টিয়েও অলপকৈ জানিছিল কিন্তু তাৰ কেইদিনমান পাছতে APSC কচিং কৰিবলৈ গুৱাহাটীলৈ যোৱাত তাইৰ সমস্যাবোৰ নোহোৱা হ’ল বুলিয়ে ভাবিছিল ৷ কিন্তু আজি হঠাৎ পুনৰ তাই এইদৰে ক’তো চিট নোপোৱাৰ কথা কৈ অনুশোচনাত ভুগা কথাটোক লৈ দৃষ্টি অলপ আচৰিত হৈছে৷ অলপ সময় মুক হৈ থাকি দৃষ্টিয়ে তাইক বুজোৱাৰ চলেৰে ক’লে " ৰ’হ চোন কন্দাকটা বোৰ বন্ধ ক’ৰ৷ হৈ যোৱাবোৰ হৈ গ’ল,মানুহৰ জীৱনত ভাল বেয়া সময়বোৰ আহেই দেখোন৷ এইবছৰ নাপালি অহাবছৰ আকৌ ট্ৰাই কৰিবি৷বয়স শেষ হৈ যোৱা নাই নহয়৷ " কান্দি কান্দি পুনৰ প্ৰত্যাক্ষাই ক’বলৈ আৰম্ভ কৰিলে " কথাবোৰ ক’বলৈ বৰ সহজ ,কিন্তু মই ভুক্তভোগী ন’ সেয়ে মইহে বুজিছোঁ মই কিদৰে জীয়াতু ভুগিব লগা হৈছে ৷ " " কি হৈছে তোৰ ,কি আবোলতাবোলখন গাই আছ ?" " তই নাজান’ মই কিম্মান অশান্তিত আছোঁ৷এজনী মেধাৱী ছোৱালী কিয় চাইন্সত মেজৰ লৈ পঢ়াৰ পাছত এইদৰে এম.এ.চি নকৰি আজি ঘৰৰ পৰা অতদূৰত APSCৰ কচিং কৰি আছোঁহি কিমানক কিমান উত্তৰ দিম৷মই বাৰু এই কথাবোৰ বৰ বেছিকৈ ধৰি নাথাকোঁ কিন্তু বংশ পৰিয়াল,ঘৰৰ মানুহ,গাওঁৰ মানুহবোৰে ঘৰলৈ আহি মা দেউতাক একেবোৰ কথাকে সুধি সুধি অতিষ্ঠ কৰি তুলিছে ৷যাৰ ফলত দেউতাই মোক আজি ৰিজাল্ট দিয়াৰ দিন ধৰি ভালদৰে মাতবোল কৰা নাই ,মই তেওঁলোকৰ সপোনবোৰ বাস্তৱ কৰিব নোৱাৰিলোঁ বুলি ভাবিছে৷ সেয়ে আজি এমাহ ধৰি ঘৰৰ পৰা মোলৈ পইচা পাতি পঠিওৱা বন্ধ কৰি দিছে৷ মায়ে সকিয়নী দিছে যে ঘৰলৈ ঘুৰি আহ্ বিয়াত বহহি নহ’লে তাতে থাক সদায়ৰ কাৰণে৷ মই দিশহাৰা হৈ পৰিছোঁ দৃ ,মই কি কৰোঁ৷ " "আৰ্ৰে মানুহবোৰৰ কিহে পালে৷ তইটো ঘৰত বহি খাই শুই থকা নাই ,APSCৰ কচিংটো কৰি আছ যেতিয়া মানুহবোৰে ইমানকৈ আনৰ জীৱনক লৈ ৰুচি দেখুৱাৰ অৰ্থটো ক’ত?" " নাজানো,সবৰে মুখত এটাই কথা APSC ক্লিয়াৰ কৰাটো মুখৰ কথা নহয় ,বহুত কঠিন ক’মেও পাঁচ ছয়বছৰ লাগি যাব ক্লিয়াৰ কৰিবলৈ ৷ ইমান দীঘলীয়া প্ৰচেছিংৰ মাজেৰে যোৱাতকৈ এম.এ.চিটো কৰাৰ পাছত নেট ক্লিয়াৰ কৰি যিকোনো এখন কলেজত এচিচটেণ্ট প্ৰফেছৰ হ’বলৈ সহজ হ’ল হয়৷ চাইন্সত পঢ়ি ইঞ্জিনীয়াৰিং,ডাক্তৰ সেইবোৰ কিয় নপঢ়িলোঁ উফ্ মুঠৰ ওপৰত দহৰ দহটা প্ৰশ্ন৷কিন্তু তেওঁলোকক কোনে কেনেকৈ বুজাব যে কোনো কামেই সহজ নহয় ক’বলৈ সকলো সহজ কিন্তু ভবাৰ দৰে একোৱেই নহয় ৷সকলোৰে চাইন্সত পঢ়ি ডাক্তৰ,ইঞ্জিনীয়াৰ হোৱাৰ সপোন নাথাকে নহয় " ৷ "তই মানুহৰ কথা বাদ দে , নিজৰটো ক’ৰ ভালদৰে পঢ় আৰু আজি যিবোৰ মানুহে তোক হাঁহিছে সেইবোৰৰ মুখত চুঙা চাই সোপা দে ৷মই জানো তই পাৰিবি৷ " " নাই দৃ মই হাৰি গৈছোঁ ৷এতিয়া যে মই একোৱেই কৰিব নোৱাৰা হৈছোঁ৷নিজৰ আপোন মানুহবোৰেই যেতিয়া নুবুজে এইদৰে থাকি কি লাভ৷" "মা দেউতাই মনত কিবা কথাত আজি দুখ পাইছে ,আনৰ কথাত বেছিকৈ গুৰুত্ব দিছে বাবে মন বেয়া কৰি তোক মাতবোল কৰা নাই ৷কিন্তু মোৰ বিশ্বাস আছে তই যেতিয়া তেওঁলোকক কথাবোৰ বুজাবি তেওঁলোকে বুজিব৷ নহ’লে মই এবাৰ কৈ চাম নেকি?" "মা দেউতাক বাৰু মই বুজাম ,মোৰ বিশ্বাস আছে সময় লাগিলেও তেওঁলোকে বুজিব ,কিন্তু নিলয়ক এতিয়া মই কি বুলি বুজাও৷ যাৰ সাহসত এতিয়া মই এই দুখময় কষ্টকৰ দিনবোৰ কটাব পাৰিব লাগিছিল সেই মানুহজনেই মোক যে অলপো নুবুজে৷" "আকৌ নিলয়ৰ কি হ’ল ? " নিলয় প্ৰত্যাক্ষাৰ প্ৰেমিক ৷সিহঁতৰ প্ৰেমৰ সম্পৰ্ক দীঘলীয়া যদিও দুয়োটা একেবয়সৰ হোৱাৰ বাবে দুয়োঘৰৰ কোনো এঘৰেই এই সম্পৰ্কটোত সন্মতি নিদিয়ে৷নিলয় ভাৰতীয় সেনাত কৰ্তব্যৰত ,সেয়ে চাকৰিসূত্ৰে কাশ্মীৰত আছিলগৈ৷ সেই লৈ যোৱা এবছৰ ধৰি প্ৰত্যাক্ষাৰ প্ৰতিক্ষণ নিলয়ৰ চিন্তাত খোৱা লোৱা শুৱাৰ কোনো সময় নোহোৱাৰ দৰেই৷প্ৰত্যাক্ষাৰ এট্ৰেঞ্চৰ সময়তো নিলয় থকা ঠাইৰ পৰা অলপ দুৰৈত লেণ্ডমাইন বিষ্ফোৰণ এটাত অসমৰ দুজন সাতাইশ বছৰীয়া সেনাজোৱান শ্বহীদ হৈছিল,কথাটো নিউজত পোৱাৰ পাছৰে পৰাই প্ৰত্যাক্ষাই নিলয়ৰ চিন্তাত খোৱা বোৱা নকৰি শুকাই ক্ষীণাই নোহোৱা হৈছিল৷সেইসময়তে ঘৰৰ মানুহবোৰেও কথাবোৰ জানিব পাৰি প্ৰত্যাক্ষাক নিলয়ক এৰি দিবলৈ দাবী ধমকি জনাইছিল৷যিটো ল’ৰাৰ জীৱনৰ কোনো ভৰসা নাই তেনে ল’ৰালৈ কেনেকৈ ছোৱালীজনীক বিয়া দিব বুলি মাকে কন্দাকটা কৰাত প্ৰায় কেইবাদিনো ঘৰত অশান্তিকৰ পৰিস্থিতি চলিয়ে আছিল৷ইমানবোৰ চিন্তা আৰু সমস্যাৰ মাজত প্ৰত্যাক্ষাই পঢ়া শুনাত অলপো গুৰুত্ব নিদিয়াৰ বাবেই পাছত দেউতাকে তাইকেই দুখী সজাইছিল৷তথাপিও ভালপোৱাৰ খাতিৰত সকলো সহ্য কৰি গ’ল তাই৷ ভালসময়ো ঘুৰি আহিছিল, নিলয়ৰ অইন ঠাইলৈ বদলি হোৱাত সিহঁতৰ মাজৰ সমস্যাবোৰ কিছু পৰিমাণে লাঘৱ হৈছিল৷ পিছে এতিয়া নতুনকৈ নিলয়ৰ বাবে কেনে সমস্যাৰ সৃষ্টি হৈছে সুধিব লওঁতেই প্ৰত্যাক্ষাই "নিলয়ে ফোন কৰিছে তোৰ সৈতে পাছত কথা পাতিম "বুলি কৈ ফোনটো কাটি দিলে৷ বহুসময় বেলি মাৰ যোৱা আকাশখনলৈ চাই দৃষ্টিয়ে চেন্টাৰৰ দোৱাৰমুখতে বহি থাকিল ৷ আন্ধাৰে চানি ধৰা ৰাষ্টাটোৰ আন্ধাৰ ফালি গাড়ীৰ হেডলাইটৰ হালধীয়া পোহৰ আহি দৃষ্টিৰ চকুত পৰিল৷ পোহৰটোৱে চকুত তৰতৰাই ধৰাই হাত দুখনেৰে মুখখন ঢাকি বহি থাকিল৷ তাইৰ ফালেই আগুৱাই অহা বুলেটখনৰ শব্দবোৰ কাণত পৰিল৷ পোহৰবোৰ নোহোৱা হোৱাত মুৰতুলি চাওঁতেই চকামকাকৈ দেখা পালে ফৰ্মেল ড্ৰেছআপ কৰা ল’ৰা এটা তাইৰ ফালে আগবাঢ়ি আহিছে৷ (আগলৈ)

No comments:

Post a Comment