Saturday, July 31, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-১০ যোৱাকালি দৃষ্টিয়ে ৰুদ্ৰৰ প্ৰফাইলটো নিৰীক্ষণ কৰি থাকোঁতে এক্টিভিটি চেন্তাৰত বহি গান গোৱাৰ ভিদিঅ’ এটা দুদিনৰ আগতে আপলোড কৰা পালে৷ সেয়ে আজিও এইদৰে গান গাই আছেনি জানিবলৈ ক্লাছ শেষ হোৱাৰ পাছতেই সমীক্ষাৰ লগত এক্টিভিটি চেন্তাৰ পালেহি৷ৰুদ্ৰক এপলক দেখা পোৱাৰ আপাহেৰে গোটেই এক্টিভিটি চেন্তাৰটোৰ ইমুৰৰ পৰা সিমুৰলৈকে চিআইডিৰ দৰে ঘুৰিও ক’তো ৰুদ্ৰক দেখা নাপালে৷এক্টিভিটিৰ পৰা ওলাই যাব খোজোতেই তাইৰ ভাললগা লতামংগেছকাৰৰ " এক প্য়াৰ কা নগমা হে " গানটো কোনোবাই গোৱা শুনি ৰৈ দিলে দোৱাৰ মুখতে৷লগালগ জুমাজুমি কৰি ভিতৰলৈ এভুমুকি চাই পঠিয়ালে,এজাক ল’ৰাছোৱালীয়ে হয়তো গানৰ মেহফিল পাতিছে৷ সকলোৱে এটাৰ পাছত আনটো 90'sৰ তাইৰ ভাললগা গানবোৰ গাই আছে৷ আতৰি যাবলৈ মন নগ’ল তাইৰ,সেয়ে সমীক্ষাৰ হঁতে ৰৈ দিলে সেইখিনিতে খন্তেকৰ বাবে৷গানৰ মেহফিলত গীতাৰ বজাই থকা সিদ্ধাৰ্থই দৃষ্টিক এইদৰে দোৱাৰমুখত ৰৈ থকা দেখি তাইৰ ফালে আগবাঢ়ি আহি মাত লগালে " মই যদি ভুল নহওঁ তুমি দৃষ্টি নহয়নে?" দৃষ্টিয়ে সিদ্ধাৰ্থৰ কথাত হয়ভৰ দি ক’লে "হয় আৰু তুমি সিদ্ধাৰ্থ ?" এইদৰেই কথা বতৰা আৰম্ভ হোৱাত দৃষ্টিয়ে সিদ্ধাৰ্থৰ সতে সমীক্ষাৰ চিনাকি কৰি দিলে৷ সিদ্ধাৰ্থই সিহঁত দুজনীকো মেহফিলত যোগ দিবলৈ লগ ধৰিছিল কিন্তু দৃষ্টিয়েহে বেলেগ কাম থকাৰ অজুহাত দেখুৱাই সেইখিনিৰ পৰা আতৰি আহিল৷ অসন্তুষ্ট মন এটা লৈ এক্টিভিটি চেন্টাৰৰ পৰা বহুদুৰ আগুৱাই আহি চেকেণ্ড গেটৰ সন্মুখত থকা বৰগছজোপাৰ তলত বহি ল’লেহি৷ সমীক্ষা সেইখিনিতে থকা এ.টি.এমটোত সোমাইছে৷ তাইৰ অপেক্ষাৰে বাট চাই থাকোঁতে তাইৰ চকুত পৰিল ধুমুহা যোৱাদি তীব্ৰবেগী বাইকখনেৰে ৰুদ্ৰ তাইৰ সন্মুখেৰেই পাৰ হৈ গ’ল৷ কিন্তু ক্ষন্তেকতে দ্ৰুতগতিত যোৱা বাইকখনে কোন দিশে গতি কৰিলে তাই ধৰিবই নোৱাৰিলে৷ ৰুদ্ৰক বিচাৰি দুখোজ বেছিকৈয়ে আগবাঢ়ি আহিল তাই,পুনৰ সমীক্ষাৰ কথা মনত পৰাতহে দৌৰি অহাদি আহিল তাইৰ কাষলৈ৷ সমীক্ষাই মুখখন লুচিটোৰ দৰে কৰি তাই বহা বেঞ্চখনতে বহি আছে৷ দৃষ্টিয়ে ভয়ে ভয়ে তাইৰ ফালে আগুৱাই আহি মাত দিলেহি "ৰুমলৈ যামনে কি এতিয়া ?" ফেকুঁৰি উঠাৰ দৰে সমীক্ষাই কৈ উঠিল " এইখিনিতেই অলপ বহি দিওঁ মই,তোমাৰ দেৰি হৈছে যদি যোৱা" দৃষ্টিয়ে আজিও সেইদিনাৰ দৰে তাইক এৰি যোৱা বুলিয়েই ঠেহ পাতিছে ভাবিয়ে সুধিলে " কিয় মই আজিও এৰি থৈ গ’লো বুলি ভাবি বেয়া পাইছা" সমীক্ষাৰ পোনপটীয়া উত্তৰ "নাইপোৱা " -"তেনেহ’লে হৈছে কি ?" "মোক অলপ অকলশৰীয়াকৈ সময় লাগে দৃষ্টি, প্লিজ অলপ সময় !" দৃষ্টিয়ে লক্ষ্য কৰিলে সমীক্ষাৰ চকুহাল চলচলীয়া হৈ আছে৷ কিবা ক’লে কান্দি দিব বুলিয়েই বহুসময় তাইৰ ওচৰতে মৌন হৈ বহি থাকিল৷ এপাকত এইদৰে মৌনতাবোৰ সহ্য নোহোৱাত সুধিয়ে পেলাল "মোৰ পৰা কিবা ভুল হ’ল নেকি?" সমীক্ষাই উচুপি উচুপি ক’লে "নাইহোৱা,মা’লৈ মনত পৰিছে " "কিয়?এই অসময়ত মা’লৈ মনত পৰিল যে ? " সমীক্ষাই বিৰামহীন ভাৱে কৈ গ’ল - "মা’ক মনত পেলাবলৈ জানো কিবা সময় অসময় বুলি আছে? মোৰ দুখ লাগিছে কাৰণ এইবাৰো চাগে তেওঁৰ দৰমহাটো হোৱা নাই তথাপিও মই লাগ বুলি কোৱাতেই পইচাটো যেনেতেনে যোগাৰ কৰি পঠিয়াই দিছে৷এতিয়া এই পাচঁশ টকাটো উলিয়াই আনিছোঁ ,খুচুৰা কৰিলেই এইটো শেষ হ’বলৈ মোৰ এসপ্তাহো নালাগিব৷ সেয়ে দুখ লাগিছে মোৰ" দৃষ্টিয়ে এদমিচনৰ দিনা সমীক্ষাৰ মাকক লগ পাওঁতে মন কৰিছিল তেওঁৰ উকা কপালখনলৈ৷তাইৰ বুকুৰ ভিতৰৰ পৰা বিষ এটাই চেপিকুচি আনিল৷ বেয়া লাগে তাইৰ এইদৰে কোনোবাই টকা পইচাৰ অভাৱত কন্দাকটা কৰিলে৷এতিয়াও সমীক্ষাৰ আৰ্থিক অভাৱ হোৱা বুলিয়েই সুধিলে " ঘৰত পইচা পঠিয়াবলৈ দিগদাৰ হৈছে যদি দুদিনমান চলিব পৰাকৈ তুমি মোৰ পৰাই ল’ব পাৰিবা" ৷ সমীক্ষাই পোনচাতেই দৃষ্টিৰ কথাটো নাকচ কৰি ক’লে " টকা পইচাৰ অভাৱ এতিয়ালৈ হোৱা নাই কিন্তু এ.টি.এমৰ পৰা মাৰ কষ্টৰ ধন উলিয়াই আনোতে তেওঁ মুখখনলৈ মনত পৰিলেই মোৰ দুখ লাগে৷ দিনে ৰাতিয়ে মোক বৰ মানুহ কৰাৰ স্বাৰ্থতেই কষ্ট কৰিছে মানুহজনীয়ে ,আৰু মই জানো পাৰিছোঁ তেওঁৰ কষ্টবোৰৰ খতিয়ান পুৰাবলৈ৷ " দৃষ্টিয়ে মুখেৰে একো নামাতিলে,কি বুলিনো বুজাব তাইক ভাবিয়েই নাপালে৷তাই ভালদৰেই বুজে আন নহ’লেও সন্তানে কোনো জনমতেই পিতৃ মাতৃৰ ধাৰ সুধিব নোৱাৰে৷আজিলৈ দৃষ্টিয়ে সমীক্ষাৰ ব্যক্তিগত জীৱনৰ কথা একোৱেই সোধা নাই, কিন্তু আজি তাইৰ জানিবলৈ মন গৈছে সেয়ে সমীক্ষাৰ কান্ধত হাত বুলাই সুধিলে " তোমালোকৰ ঘৰত কোন কোন আছে? " -" মা আৰু মই মামাহঁতৰ ঘৰত থাকোঁ" -"কিয়? তোমালোকৰ দেউতাৰ ঘৰ?" -"নাজানো মই সেইবোৰ,মোক নুসুধিবা ৷মাত্ৰ মই জন্মৰে পৰা মামাহঁতৰ ঘৰতে আছোঁ,মামাৰ ঘৰতে ডাঙৰ হৈছোঁ৷ মামাহঁতৰ ঘৰখনেই মোৰ আৰু মাৰ বাবে সকলো৷তেওঁলোকে মোক বহুত মৰম কৰে, ভালো পায় যদিও মায়েহে মোক সদায় তেওঁলোকৰ পৰা আতৰাই প্ৰায়েই হোষ্টেলৰ কাঢ়া শাসনৰ মাজত ৰাখে৷মোৰ মন যায় মাৰহঁতে একেলগে থাকিবলৈ, এটা পৰিয়ালৰ মাজত ডাঙৰ হ’বলৈ ৷যিহেতু মা এগৰাকী স্বাস্থ্যকৰ্মী সেয়ে মায়ে সদায় নিজৰ কামতে ব্যস্ত হৈ থাকিবলগীয়া হয়, হয়তো মোৰ পৰা কাৰোৰে কষ্ট নহওক বা মই যাতে কাৰোৰে পৰা কষ্ট নাপাওঁ সেইবুলিয়েই সকলোৰে পৰা আতৰাই ৰাখে " বুলি কৈ সমীক্ষাই হুকহুকাই কান্দি পেলালে৷দৃষ্টিয়ে তাইক এইসময়খিনি হেপাঁহ পলুৱাই কান্দিবলৈ বুলিয়ে এৰি দিলে৷ জনা নজনাকৈ সমীক্ষাই আজি ব্যক্তিগত জীৱনৰ বিষয়ে বহু কথাই কৈ দিলে৷ সমীক্ষাক ভাগি নপৰিবলৈ সাহস দি দৃষ্টিয়ে ক’লে " এটা অতীত সকলোৰে থাকে,হয়তো সেই অতীতৰ বাট খুবেই দুৰ্গম কিন্তু আমি সেইবোৰ পাহৰি আগুৱাব লাগিব৷এইদৰে কান্দি থাকিলে জানো হ’ব৷" " তুমি ভবাৰ দৰে মোৰ কথাবোৰ একেবাৰেই নহয় দৃষ্টি,মই চেষ্টা কৰোঁ কষ্ট দিয়া কথাবোৰ পাহৰি যাবলৈ ,কিন্তু কিছুমান কথা পাহৰিবলৈ যে নিজক হেৰুৱাব লাগে সেয়ে ৰৈ যাওঁ৷ তুমি নুবুজিবা এইবোৰ " পাছলৈ সমীক্ষাৰ উচুপনিবোৰ নাইকিয়া হ’লগৈ,তন্ময় হৈ একেথিৰে চাই থকাৰ পৰা তাই কাষতে থকা বেগটো লৈ উঠি আহিল সেইখিনিৰ পৰা৷ দৃষ্টিৰ মনত বহু প্ৰশ্নই দোলা দি গ’ল "সমীক্ষাই কেনেকুৱা অস্তিত্ব শেষ হৈ যোৱাৰ কথা ক’লে ? দেউতাকৰ ঘৰৰ বিষয়ে কিয় একো নাজানো বুলি ক’লে৷ তাই কিয় আজি এইদৰে ভাগি পৰিল ৷"প্ৰশ্নবোৰৰ উত্তৰ হয়টো তাইৰ ওচৰত নাই কিন্তু সমীক্ষাই জানো দিব এই উত্তৰবোৰ৷ সময়বোৰ কঠিন যেন লগাত তাই সমীক্ষাৰ পিছে পিছে খোজ ল’লে ,কিন্তু তাইক এইবিষয়ে একো নুসুধিলে৷ যেনেতেনে সমীক্ষাই কান্দোনবোৰ সামৰিছে ,তাইৰ মনত দুখ দিব লগীয়া প্ৰতিটো প্ৰশ্নই তাইৰ পৰা দুৰত ৰাখিলে৷ ৰংঘৰ চাৰিআলিটোত দুয়োজনীৰে এৰাএৰি হ’ল,সমীক্ষাই গোমোঠা মাতেৰেই দৃষ্টিক বাই বুলি কৈ থৈ গ’ল,আৰু দৃষ্টিয়ে বহুসময় সমীক্ষা যোৱা ৰাস্তাটোৰ ফালে চাই ৰ’ল৷ আজি হঠাৎ সমীক্ষাৰ কি হ’ল তাই এতিয়াও ভালদৰে নুবুজিলে, মাথোঁ সমীক্ষাৰ বুকুৰ ভিতৰত উমি উমি জ্বলি থকা জুইকুৰাৰ উমান থিকেই পালে৷ (আগলৈ)

No comments:

Post a Comment