Friday, July 30, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-৯ চেপ্তেম্বৰ মাহ সোমোৱাৰ পাছৰে পৰা গৰমটো অলপকৈ কমিছে,সেয়ে আজি কালি দৃষ্টিৰ সন্ধিয়া এপাক চাহ আৰু পকৰি খাবলৈ বুলি DU Haat ৰ চুকৰ ফালে থকা বাইদেউৰ দোকানলৈকে ওলাই যোৱাৰ অভ্যাসটো হৈ উঠিছে৷ তাই লগতে পাপৰিও আহে কিন্তু তাইৰ চাহত ৰাপ নাই,তাই মাথোঁ প্ৰেমিক নয়নৰ বাবেহে এই সময়খিনি চাহ খোৱাৰ বাহানাৰে ওলাই আহে৷পাপৰিৰ প্ৰেমৰ বাবেই দৃষ্টি কেতিয়াবা অতিষ্ঠ হৈ পৰে৷ৰুমৰ পৰাই নয়নৰ সৈতে কাজি নালাগিবলৈ বুজাই বঢ়াই উলিয়াই নিয়ে কিন্তু লগ পালেই দুয়োটাৰ কাজিয়া আৰম্ভ হৈ যায়৷ নয়ন ল’ৰাটো বেয়া নহয় যদিও পাপৰিৰ সৰু সুৰা ঠেহবোৰ ভাঙিব নাজানে বাবেই কাজিয়া হয়গৈ তাৰপাছত দুয়োটাই দুফালে মুখ ফুলাই বহি থাকে ৷কিন্তু ৰুমলৈ যোৱাৰ সময়ত সিহঁতৰ আকৌ হেৰুৱা প্ৰেম জাগি উঠে৷ হোষ্টেললৈ যোৱা বাটটোত সদায় দৃষ্টি অকলশৰীয়া হৈ পৰে যদিও ভাল লাগে তাইৰ সিহঁত হালক একেলগে দেখি৷ পাপৰিয়ে কেতিয়াবা নয়নক কয় দৃষ্টিৰ বাবে ইউনিভাৰচিটিৰে ভাল ল’ৰা এটা চাই দিবলৈ ,যাতে সিহঁতৰ একান্ত সময়খিনিত তাই যাতে আমনি নাপায়৷ দৃষ্টিয়ে একো বুলি মুখেৰে নামাতে৷ মাথোঁ মনতে ভাবি চায়,ৰুদ্ৰ তাই আৰু এটি আবেলি নাহৰৰ দীঘলীয়া বাটেৰে খোজ দিব৷ পিছে ৰুদ্ৰই বা কিয়?সি দেখোন আজিলৈ তাইৰ ফেণ্ড ৰিকুৱেষ্টটোকে এক্সেপ্ত নকৰিলে,খঙ উঠি আহে তাইৰ তাৰ ওপৰত৷ভাললগাৰো এটা সীমা থাকে৷ কথা বতৰা নাপাতিলে কথা কেনেকৈ আগ বাঢ়িব,প্ৰেম কেনেকৈ হ’ব ?তাৰপাছত পিছমুহূৰ্ত্ততে নিজৰ ওপৰতে হাঁহি উঠে তাইৰ৷ সচাঁকৈ তাইৰ মনতো যে বিৰাট চঞ্চল,কিছুমান কথা মনতে মিচাতেই ভাবি পেলায়৷ আজিও আনদিনাৰ দৰেই চাহ খাবলৈ বুলি পাপৰিৰ লগতে ওলাই আহিল৷ কিন্তু নয়নৰ বোলে আজি অলপ দেৰি হ’ব,সেয়ে পোনেই চাহ খাবলৈ নগৈ ,DU HAATতে দুপাকমান লগাই দিলে৷ হঠাৎ তাই দুকান এখনৰ নিদিষ্ট বস্তু এটা চাই থাকোতেই খুন্দাখুন্দি খালে,মুৰ তুলি চালে ৰুদ্ৰ দেখোন৷ উফ্ চকুমুখ ৰঙা হোৱাকৈ লাজটোৱে বেৰি ধৰিলে৷ "চ’ৰি দাদা " বুলি কৈ আগবাঢ়িব লওঁতেই ৰুদ্ৰই মাত লগালে " শুনাচোন তোমাক বাৰু আগতে ক’ৰবাত লগ পাইছো নেকি?" হা না কি ক’ব বুলি ভাবি থাকোতেই ৰুদ্ৰই পুনৰ ক’লে " এদমিচনৰ সময়ত পাইছিলোঁ চাগে " পাছলৈ কিবা ক’ব খুজিছিল যদিও কিবা এটা মনত পৰাৰ দৰে ৰৈ দিলে আৰু ৰুদ্ৰৰ মুখত হাঁহি এটি বিৰিঙি পৰিল৷ দৃষ্টিয়ে ব্ৰজপাত পৰাৰ দৰে একে ঠাইতে ৰৈ থাকিল৷তাইৰ বুকুৰ হৃদস্পন্দনবোৰে ৰুদ্ৰক এইদৰে কাষত পাই ধিপধিপাই উঠিছে,অচিনা ভয় আৰু লাজে তাইক বোবা কৰি পেলাইছে৷ আজি তাই প্ৰথমবাৰ ৰুদ্ৰৰ মুখত হাঁহি দেখিছে,এই হাঁহিটোৱে যেন মুহি পেলাইছে তাইৰ সিৰা উপসিৰালৈকে৷ল’ৰাটো ধুনীয়া সেই কথা আগৰ পৰাই লক্ষ্য কৰি আহিছে কিন্তু আজি অলপকৈ হাঁহি দিয়াতহে তাৰ ডালিমফুটীয়া বিৰিয়া দাঁত কেইটা চকুত পৰিছে৷ইয়াৰ আগতে তাইয়ো বাৰু তাৰ মুখলৈয়ো চোৱা মনত নপৰে৷ কিন্তু আজি ক্ষন্তেকৰ বাবে লগপোৱা এই সময়খিনিত তাই হেপাঁহ পলুৱাই আঁৰচকুৰে তাৰ ফালেই চাই থাকিল অথচ তাৰ প্ৰশ্ন কেইটাৰ উত্তৰো সঠিককৈ নিদিলে৷ ৰুদ্ৰ এজাক বতাহৰ দৰে এই আহে এই যায় , অসময়তে লগ পাই যায় কিন্তু কেতিয়াবা বিচাৰি ফুৰিলেও ক’তো নাপায়৷ আজিও ধুমকেতুৰ দৰে তাইৰ সন্মুখৰ পৰা নোহোৱা হৈ পৰিল৷গোটেই DU HAATৰ অলিয়েগলিয়ে তাইৰ চকু কেইটাই পিটপিটাই ফুৰিল ৰুদ্ৰক বিচাৰি ৷পাপৰিয়ে নয়নে মাতিছে বুলি কোৱাতহে চাহ কাপৰ কথা মনত পৰাত বাইদেউৰ দোকান পালেহি৷আজি নয়নৰ সৈতে আন এজন ল’ৰাও আহিছে৷ নয়নে তাৰ সৈতে দৃষ্টি আৰু পাপৰিৰ চিনাকি কৰাই দিলে "নাম সিদ্ধাৰ্থ ৰঞ্জন বৰুৱা,performing artsৰ ,গান ভাল গাই"৷ নয়নৰ কথাবোৰত দৃষ্টিৰ মনত পৰিল জেনেৰেল ফ্ৰেচাৰ্চত দেখিছিল তাক গীতাৰ এখনলৈ জুবিন দাৰ "মায়া মাথোঁ মায়া" গানটো গোৱা৷তাইয়ো খুউব চিঞৰি চিঞৰি তাৰ performanceটো এনজয় কৰিছিল৷ কিন্তু এতিয়া ইচ্ছা কৰিয়েই তাক নামাতিলে,মাথোঁ হাঁহি এটা মাৰি চিনাকি পৰ্বটো সামৰি পেলালে৷ এইসময়ত ৰুদ্ৰ নামৰ অনুভূতি খিনি দলিয়াই আন কাৰোৰে লগত তাইৰ কথা পতাৰ ইচ্ছা যোৱা নাই৷যিমান পাৰে সোনকালেই চাহখিনি গিলি হোষ্টেলৰ ৰুমলৈ বুলি ওলাই আহিল৷ আনদিনাৰ দৰেই নয়ন আৰু পাপৰিয়ে ব্যস্ত হৈ পৰিল ষ্ট্ৰীট লাইটৰ পোহৰত খোজত খোজ মিলাই বাট ল’বলৈ৷ নতুন ল’ৰাটোৰ সৈতে দৃষ্টিৰ অসহজ লাগিছে এই সময়খিনি, মাতবোল নকৰাকৈ আহি আছে দুয়োটা অগা পিছাকৈ৷ এপাকত সিদ্ধাৰ্থই মাত লগালে " তুমি পাপৰিহঁতৰ হোষ্টেলতে থাকা হয়নে?" তাইয়ো গপছত "উমম"বুলি কৈ সামৰি থ’লে৷ পুনৰ কিবা সুধিম বুলি ভাবিলেও তাইৰ মুদটো লক্ষ্য কৰিয়েই সিদ্ধাৰ্থৰ সাহ নহ’ল৷ নিষিদ্ধ গলিটোৰে দুয়োটা আগুৱাই গৈ থাকিল৷ নয়নৰ লগতে সিহঁত দুজনীক হোষ্টেলৰ গেটলৈকে আগবঢ়াই দুয়োটা উভতি আহিল৷ চকুৰ দুৰ নোহোৱা লৈকে পাপৰিয়ে গেটৰ মুখৰ পৰা নয়নক চাই থাকিল৷ দৃষ্টিৰ মনটো কিবা ভাললগা নাই, ৰুদ্ৰক আজি একেবাৰে ওচৰৰ পৰা পাইয়ো তাৰ লগত কথা এষাৰ পাতিবলৈ সাহস নহ’ল তাইৰ৷কথাবোৰ ভাবি ভাবি ৰুম পাই বিচনাখনতে বাগৰি দিলে৷ তাইৰ সৈতে কিয় এনেকুৱা হয় তাই ধৰিবই নোৱাৰে,যেন পাইয়ো হেৰুৱাই দিয়ে হাতৰ মুঠিৰে ধৰি ৰাখিব খোজা পানীৰ টোপালবোৰ৷ৰুদ্ৰক দেখিলেই তাইৰ সময়বোৰ স্তব্ধ হৈ ৰৈ পৰে৷ চকুহাল মুদি দিলে ,ৰুদ্ৰৰ চিনাকি মাতটোৱে আমনি কৰি থাকিল " তোমাক মই ক’ৰবাত দেখিছোঁ"৷অভিমানতেই খঙ উঠি আহিল তাইৰ,আজিলৈ কিম্মান বাৰ ৰুদ্ৰক লগ পাইছে ,তাৰ মুখামুখি হৈছে হিচাপ নাই আৰু সি এতিয়া তাইক চিনিয়েই নোপোৱা হ’ল৷ পিছমুহূৰ্ত্ততে পুনৰ মনলৈ আহিল ,আজিলৈ হোৱা মুখামুখিবোৰ ৰুদ্ৰই জানো মন কৰিছে?ৰুদ্ৰৰ চকুত জানো তাই পৰিছে? নহ’লেনো এইদৰে সুধে নে? ভুল তাইৰ গাতো নথকা নহয় ইমানদিনৰ সাক্ষাৎকাৰবোৰত তাই জানো ৰুদ্ৰৰ পৰা পলাই থাকিব বিচৰা নাছিল৷তাই জানো ৰুদ্ৰৰ পৰা মুখ লুকুৱাই ঘুৰি ফুৰা নাছিল ,ক’ৰ পৰা মনত ৰাখিব ৰুদ্ৰই তাইক৷ ফেকুৰি উঠিল তাই গাৰুটোত মুখ গুজি৷ তেনেকুৱাতেই মোবাইলত নটিফিকেচনৰ ৰিংটনটো বাজি উঠিল৷ মোবাইলটো হাতত তুলি ল’লে,ফেচবুকটো অ’ন উক্ত নটিফিকেচনটো খুলি দেখিলে "Rudraksha Nandan Baruah accepted your friend request"৷পলকতে সেমেকি থকা চকু মুখবোৰ উজ্জ্বলি উঠিল৷লগালগ ৰুদ্ৰাক্ষৰ ল’ক কৰি থোৱা প্ৰফাইলটো খুলি চালে,তেনেকুৱাতেই মেছেনজাৰত পুনৰ এটি নটিফিকেচন আহিল "say hii to Rudraksha for further conversation'' মবাইলটো হাতত তুলি কপাঁ কপাঁ হাতেৰেই লিখিবলৈ আৰম্ভ কৰিলে " Thankyou for accepting my friend request " ৷মনতে ভাবিলে এক্সেপ্ত কৰাৰ লগে লগেই মেছেজ দিলে বা কি ভাবিব,আত্মসন্মান লাঘৱ হ’ব নেকি কেনেবাকৈ?তাই এইদৰে নিজৰ স্বাভিমান হেৰুৱাই আনক মেছেজ দিব নোৱাৰে,সেইবুলি ভাবি পিছমুহূৰ্ত্ততে টাইপিং কৰা আখৰ কেইটা মোহাৰি পেলালে৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment