Thursday, July 22, 2021
ভালপোৱাৰ অপেক্ষাত..!! (নাহৰ ফুলাৰ দৰেই) খণ্ড-2 *************************** (প্ৰথম খণ্ডটোত আপোনালোকে জনোৱা মৰম,সহাৰি আৰু শুভাষাবোৰৰ বাবে সকলোলৈকে বহু বহু ধন্যবাদ৷আপোনালোকৰ দিহা পৰামৰ্শৰ কামনাৰে মোৰ হিয়াভৰা মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ দ্বিতীয় খণ্ডটোও আগবঢ়াই দিলোঁ৷) ওপৰমহলাৰ আঠ নং কোঠাটো তাইৰ৷কোঠাটোৰ খিৰিকীৰ কাষৰ বিচনাখন তাই প্ৰথম অহাদিনাই পচন্দ কৰি বস্তুবাঢ়নীবোৰ থৈ গৈছিল৷আজি ৰুমটোত সোমাইয়েই নাকলৈকে ভাহি অহা ধুপৰ ধুনীয়া সুগন্ধটোৱে তাইক যেন পৰম শান্তি দিছিল৷মলয়াই তাইক আদৰি সাদৰি ৰুমটোলৈ আনি গিলাচ এটা আগবঢ়াই দি ক’লে " লোৱা,গ্লু’কন দি পানী দিছোঁ,শক্তি অলপ বঢ়াই লোৱা,বস্তুবিলাক চিজিল কৰিব লাগিব নহয় " এই গেলা গৰম ভাগৰকো নুই কৰিব পৰা মলয়াৰ কথাকেইটাত তাইৰ চকুকেইটা চলচলীয়া হৈ পৰিছিল,সচাঁকৈ মলয়াৰ হৃদয়খন বৰ কোমল৷মানুহক বুজে তাই ,দেখিবলৈ খঙাল যেন লাগিলেও অন্তৰ খন বৰ কোমল থিক তাইৰ মাকৰ দৰেই৷ এনেকৈয়ে মাকে কলেজৰ পৰা ভাগৰুৱা হৈ আহিলে নেমুপানী এগিলাচ আগবঢ়াই দিয়ে,সাদৰি মাকৰ মৰমবোৰ কোনোবাখিনিত মিলি গ’ল মলয়াৰ সৈতে৷ মনলৈ কথাবিলাক আহিছিলহে,মলয়াই তাইৰ চকুকেইটা মোহাৰি সুধিলে " কি হ’ল ,আহিছিলাহে ঘৰলৈ মনত পৰিলেই নে?এনেকৈ নচলিব দেই,মোৰ ৰুমত কন্দাকটা কৰিলে মই হ’লে কঠোৰ নিয়ম বান্ধিবলৈ বাধ্য হ’ম আৰু নিয়ম ভংগ কৰিলে মোৰ সমান শকত কৰি তোলা হ’ব " তাৰপিছত দুয়োজনীয়ে গিৰ্জনি মাৰি খিলখিলাই হাঁহি উঠিল৷সিহঁতৰ হাঁহিৰ মাতে ৰুমটোৰ চাৰিওকাষ ৰজনজনাই গ’ল৷মনটো অলপ মুকলি লগাত দৃষ্টিয়ে নিজৰ বস্তুবাঢ়নীবোৰ চিজিল কৰাত ব্যস্ত হৈ পৰিল৷দুই এটা কামত মলয়াই সহায় কৰি দিছিল কিন্তু অলপতেই যে তাইৰ ফোপনিটো ধৰে সেয়ে দৃষ্টিয়েহে নালাগে বুলি ক’লে৷দৃষ্টিয়ে বস্তুবোৰ পৰিপাটি কৰি ৰুমটো একেবাৰতেই সাৰি মুচি চিকচিকিয়াকৈ চফা কৰি নি ভালদৰে ফ্ৰেছ হৈ ল’লে৷আজিৰ দিনটোত আৰু কোনো কাম কৰিব পৰাকৈ তাইৰ গাত শক্তি নাই,ইফালে আন্ধাৰো নামিছে সেয়ে বাকীবোৰ কাম পিছেপৰে কৰিব বুলিয়েই এৰি দিলে৷দৃষ্টি ঘৰৰ একমাত্ৰ ছোৱালী সেয়ে কামকৰাৰ বৰ এটা অভ্যাস নাই,মাকে কিবা এটা কৰিব দিলেও দেউতাকে হাতপাতি ধৰি কুটা এগচো কৰিবলৈ নিদিয়ে সেয়ে অলপ এলেহুৱা৷সেইবুলি কাম নজনাও নহয় বাৰু,মাকে শিকোৱা মতে সকলো কামেই অলপ বেছিকৈ জানে ,মন যোৱালৈকে কামবোৰ কৰে মন নগ’লে আধাতে এৰি দিয়ে৷ ৰাতিপুৱা তাইৰ সাৰপোৱা অলপ দেৰি হ’ল,সাতবাজি পাৰ হ’ল কিন্তু ক’তো একো সাৰসুৰ নাই,শূইন হৈ আছে সমগ্ৰ পৰিৱেশটো৷বিচনাৰ পৰা নামি দোৱাৰখন খুলি দীঘলীয়া কৰিদ’ৰটোলৈ ইমূৰৰ পৰা সিমূৰলৈ জুমি চালে,একো এটা শব্দ শুনিবলৈ নাই হয়তো দেওবাৰ বাবে সকলো শুইয়ে উঠা নাই৷পুনৰ দোৱাৰখন জপাই থৈ আহি বিচনাৰ কাষৰ খিৰিকীখন মেলি দিলে৷ লগে লগে মৃদু বতাহ এচাটিৰ সতে কুমলীয়া চাহপাতৰ গুন্ধ এটাই তাইৰ মন জোৰ পেলাই দিলে৷খিৰিকীৰ সিপাৰে যেন তাই ভাললগা সেউজীয়াখিনিয়ে বাট চাই আছিল৷চকুৰে মণিব পৰা দূৰদূৰলৈকে বিয়পি থকা সেউজীয়াখিনি চাই তাই দীঘলীয়া উশাহ এটা উজাই ল’লে৷তাইৰ অজানিতে মুখৰ পৰা ফুটি উঠিল "ৱাহ... এই সেউজীয়াবোৰ ইম্মান ধুনীয়া " কাষৰ বিচনাখনৰ পৰা মলয়াই শুই থকাৰ পৰাই ক’লে "মুখৰ আগত ভোলানাথে নাচিবলৈ হ’লে আৰু ধুনীয়া লাগিব" ভোলানাথ বুলি নিশ্চয়কৈ যে সাপৰ কথাই কৈছে বুজিব পাৰি দৃষ্টিয়ে তৎক্ষণাত খিৰিকীখন জপাই বিচনাতে হাত ভৰি তুলি বহি কৈ উঠিল "সাপলৈ যে মোৰ বৰ ভয় লাগে,ৰুমলৈকে সাপ সোমাই নেকি মলয়া বা?" মলয়াই বিচনাৰ পৰা একেজাপে উঠি আহি ভুতৰ চিনেমাৰ কাহিনী কোৱাৰ দৰে ভয়ংকৰ কণ্ঠৰে ক’বলৈ ধৰিল- " খিৰিকী মেলি থ’লে যে নোসোমোৱাৰ প্ৰশ্নই নুঠে,মোৰো খিৰিকীৰ সিপাৰৰ সেউজীয়াবোৰ বৰ প্ৰিয়,কিন্তু এদিন ক্লাছলৈ যাওঁতে ৰুমটোত হাৱা বতাহ সোমাওক বুলিয়ে খিৰিকীখন মেলি থৈ গ’লো,ঘুৰি আহি ৰুম পাই দেখোঁ মোৰ বিচনাতেই প্ৰকাণ্ড সাপ এদাল পৰি আছে৷ তাৰ পাছত মই সেই বিচানাও এৰিলোঁ,খিৰিকীতো তলা লগাৰ দৰে হ’ল৷" দৃষ্টিৰ মনত সাপৰ ভয়ে যেন আতংকৰ ৰূপ লৈছে সেই কথা লক্ষ্য কৰি মলয়াই ধেমেলীয়া সুৰত পুনৰ ক’লে " ভয় খাব নালাগে ,আমি দুমহলৰ ওপৰত আছোঁ,পৰাপক্ষত সাপ নাহে ,কিন্তু বিচনাখন খিৰিকীৰ কাষতে যেতিয়া কথাটো কৈ থ’লো,সাংঘাতিক এক্সপিৰিয়েঞ্ছ যে মোৰ, মুঠৰ ওপৰত খিৰিকীখন নেমেলিলেই দেও মনিষ একোৱেই সোমাব নোৱাৰে৷বিন্দাছ থাকা ! " দৃষ্টিৰ বাবে সেউজীয়াবোৰৰ উজ্জ্বলতা আৰু কেচাঁ চাহপাতৰ গুন্ধটো ইম্মান ভাললগা আছিল যে সাপৰ ভয়টোও ক’ৰবাত আজি নোহোৱা হৈ পৰিছে৷সেয়ে দৃষ্টিয়ে এবুকু সাহস লৈ পুনৰাই খিৰিকীখন অলপকৈ মেলি সেউজীয়াবোৰ হেপাঁহ পলুৱাই চাই,কেনেবাকৈ খিৰিকীৰ আশেপাশে ভোলানাথ দেখে নেকি জুমি আছে৷আগষ্ট মাহৰ কটকটীয়া গৰম,ৰাতিপুৱাই বেলিটোও খাওঁ খাওঁকৈ ওলায়হি৷তাতে সাপে হেনো ৰ’দ লৈ ভাল পায়৷সেয়ে গৰম দিনবোৰ আহিলেই গাঁতৰ পৰা ওলাই আহে৷মানুহে যদি সিহঁতৰ একো ক্ষতি নকৰে তেনেহ’লে সাপেও মানুহৰ কোনো অনিষ্ট নকৰে৷ তাইৰ সাপৰ ভয়টো বেছি বাবেই মাকে ভয় ভাঙিবলৈ বুলিয়ে কথা কিছুমান ৰসাল কৰি কয়৷ কিন্তু আজি মলয়াই দিয়া সাপৰ এক্সিপিৰিয়েঞ্ছটো ইমান ভয়ানক যে তাই ভাল লগা,ভয় লগাবোৰৰ পাৰ্থক্যবোৰ বাৰে বাৰে আউৰাই থাকিব লগা হৈছে৷তেনেকুৱাতেই মলয়াই বাথৰুমৰ পৰা আহি খৰখেদা কৰি তাইক ক’লে " ব’লা আঠ বাজিবৰ হ’ল,ব্ৰেকফাষ্টটো ৰুমলৈয়ে লৈ আহোগৈ,নতুবা দেৰি হ’বলৈ হ’লে শুকান ৰুটি কেইটা বৰ টান হৈ পৰেগৈ" দৃষ্টিয়ে ল’ৰালৰিকৈ খিৰিকীখন জপাই মুখ হাতকেইটা ধুই ব্ৰেকফাষ্টটোও কৰি ল’লে৷ দিনটো ৰুমত সোমাই আমনি পাব বুলিয়েই মলয়াই তাইক হোষ্টেলৰে ছোৱালী কিছুমানৰ সতে চিনাকি কৰাই দিবলৈ বুলিয়েই মামনিহঁতৰ ৰুমলৈয়ে লৈ গ’ল৷ যিহেতু সিহঁতৰ তিনিজনীয়েই চিনিয়ৰ আৰু হোষ্টেলৰ প্ৰায়খিনি ছোৱালীৰ লগতেই সিহঁতি ভাল৷ কিন্তু সিহঁতৰ ৰুমতে বহি আদ্দা দি থকা দহনম্বৰ ৰুমটোৰ জয়শ্ৰী নামৰ চিনিয়ৰ ছোৱালীজনীহে তাইৰ কিবা ভাল নালাগিল৷ মলয়াই দৃষ্টিক মৰমেৰে আকোঁৱালি লোৱাত তাই হয়তো কথাটো বৰ এটা ভাল পোৱা নাই সেয়ে দহাই দহাই আওৰাই থাকিল " জুনিয়ৰ কেইজনী আহোঁতেই মুৰত উঠাই নল’বি পাছত গুৰু গোসাঁই নমনা হ’বগৈ"৷ সেইসময়ত দৃষ্টিৰ মনটো কিবা কোচ খাই আহিছিল৷কথাটো লক্ষ্য কৰি মলয়াই "বহু সময় বহিলোঁ আকৌ আহিম দে "বুলি কৈ দৃষ্টিৰ হঁতেই ৰুমটোৰ পৰা উলাই আহিছিল৷আৰু ৰুমলৈ আহি দৃষ্টিক ফুচফুচাই কৈছিল " জয়শ্ৰীৰ কথাত বেয়া নাপাবা হ’লে দেই,তাই তেনেকুৱাই ভাল বেয়া নাচায় মুখৰ আগতেই কথাবোৰ খেচেককৈ কয়,যিহ’লেও থাকেই দিয়াচোন কোনোবা এজনী,কিন্তু সেইবোৰৰ কথাত কাণ নিদিলেই হ’ল৷ " আবেলিলৈ দৃষ্টিয়ে শুবলৈ বুলি বিচনাত বাগৰ দিছিলহে দোৱাৰত কোনোবাই খটখটাই দিয়াত দোৱাৰখন মেলি দিলেগৈ৷ এজনী ধুনীয়া দিপলিপ মৰমলগা ছোৱালীয়ে দোৱাৰমুখতে বস্তুবাঢ়নি এগ্গালমান লৈ ৰৈ আছে আৰু তাইৰ পাছতেই এহাল দম্পতী হয়টো তাইৰ মাক দেউতাক৷ সিহঁতৰ ৰুমটো সৰু হ’লেও তিনিখন বিচনা থকা কথাটো দৃষ্টিয়ে প্ৰথমৰে পৰাই লক্ষ্য কৰি আছিল যদিও কেতিয়াও কাকো এই বিষয়ে সুধা নাই কিন্তু আজি এইদৰে ছোৱালীজনীক বস্তু বাঢ়নীৰে সতে দেখি তাইৰ আৰু বুজিবলৈ বাকী নাথাকিল,হাঁহি এটিৰে সম্ভাষণ জনাই তেওঁলোকক ৰুমটোৰ ভিতৰলৈ মাতি আনিলে৷ ছোৱালীজনী অলপ শান্তশিষ্ট যেন দেখি দৃষ্টিয়েই প্ৰথমে তাইৰ নামটো সুধিলে,হয়তো দৃষ্টিৰ দৰেই তাইৰো আজি প্ৰথমটো দিন বাবে অলপ ভয় কৰিছে,সেয়ে তাই থোকাথুকি মাতেৰেই ক’লে " মৌ...মানে মৌচুমী , মৌচুমী হাতীমূৰীয়া ৷তোমাৰ?" এইদৰেই চীনা পৰিচয় হোৱাৰ পাছত মৌ’ৰ ঘৰৰ মানুহৰ হতেও দৃষ্টিৰ ভালদৰেই চীনা পৰিচয় হৈ কম সময়তে দুয়োজনী মিলি পৰিল৷বস্তু বাঢ়নিবোৰ আউতাই থাকোঁতে কথাৰ প্ৰসংগত মৌ’ৰ মাকে তাইক বাৰে বাৰে সকীয়নি দি কৈ থাকিল "ইউনিভাৰ্চিটিৰ দিনকেইটা সাৱধানে থাকিবি,চিৰঞ্জীৱহঁতৰ ঘৰখনে যাতে কোনো কথাতেই দোষ ধৰিব নোৱাৰে,দেউতাৰা আৰু মোৰ মান সন্মান ৰাখিবি,আগৰ দৰে সহজ নহয়টো কথাবোৰ,ক’ৰবাত যাব লগীয়া থাকিলে চিৰঞ্জীৱকে মাতি দিবি৷অকলে ক’তো ঘুৰি নুফুৰিবি,ল’ৰাবন্ধু থাকিলেও বৰ হাঁহি চুপতি মাৰি নাথাকিবি,চিৰঞ্জীৱৰ খুড়াকৰ জীয়েকো ইউনিভাৰচিটিতে আছে বুলি শুনিছোঁ " কিন্তু মাকৰ কথাবোৰত মৌ’য়ে যেন কিবা বিৰক্তি অনুভৱ কৰিছিল৷একেবোৰ কথাকে এদমিচনৰ দিনাৰ পৰা আজি এই ৰুম আহি পোৱাৰ পৰ্যন্ত শুনি শুনি তাইৰো ধৈৰ্য্যৰ সীমা যেন পাৰ হ’বলৈ ধৰিছিল হয়তো দৃষ্টি ওচৰতে থকাৰ বাবে অধৈৰ্য্যতাবোৰ উলিয়াই দিব পৰা নাছিল৷ হ’লেও মাকক ফুচফুচাই কৈ আছিল " কিমাননো একেবোৰ কথাকে কৈ নাথাকা,মই জানো কি কৰিব লাগে নালাগে,আৰু চিৰঞ্জীৱহঁতৰ ঘৰখনে কি ভাবিব সেই লৈ মই এতিয়া মুকলিমনেৰে উশাহ ল’বও নোৱাৰিম নেকি? নে মই এতিয়া চাবিদিয়া পুতলা ?" মাকে তাইৰ কথাৰ কটাক্ষ কৰি গৰজি উঠিছিল "খবৰদাৰ,পাখি কাটিবলৈ মোৰ হ’লে বেছি সময় নালাগিব,মই যদি আজি চিৰঞ্জীৱহঁতৰ ঘৰখনক তোৰ পঢ়াৰ ইচ্ছাটোৰ কথা নক’লোহেতেন তেনেহ’লে আজি তই সেইখন ঘৰৰ বোৱাৰী হ’লিহেতেন ,কিন্তু এতিয়া বোৱাৰী নহ’লেও আঙঠিটো পিন্ধাই থোৱা বাবে নিজৰ ঘৰখনতকৈয়ো বেছি অধিকাৰ সিহঁতৰ ঘৰখনৰ৷সেয়ে নাক কাণ কাটিব লগা কোনো কামেই যাতে নকৰ’ তই৷ তোৰ ভৱিষ্যতৰ লগত এতিয়া দুয়োখন ঘৰৰে মান সন্মান জড়িত হৈ আছে৷বাজে কথাবোৰ বাদ দি পঢ়াত মন দিবি ৷" দৃষ্টিয়ে নুশুনাৰ ভাও ধৰি পঢ়াৰ টেবুলখনতে বহি আছিল,কথাবোৰ ফুচফুচকৈ ক’লেও অস্পষ্টকৈ হ’লেও শুনিছিল তাই৷মৌ’ৰ কোনোবা চিৰঞ্জীৱ নামৰ ল’ৰা এজনৰ সৈতে বিয়া ফিক্স কৰি থোৱাৰ কথাটোও আলেঙে আলেঙে বুজিছিল,কোনোবাখিনিত তাইৰ বুকুখনো ধান বনাদি খুজি বান্ধি ধৰিছিল,এজনী ছোৱালীৰ বিয়া ফিক্স হৈ থাকিলেই তাইৰ স্বাধীনতাখিনি খৰ্ব হৈ যায় নেকি?বিয়া ফিক্স হৈ থাকিলেই নিজ সন্তানৰ ওপৰত মাক দেউতাকৰ অধিকাৰতকৈ হ’বলগা নতুন মানুহবোৰৰ অধিকাৰ বেছি হ’ব পাৰে নেকি? মুক্ত পখীৰ দৰে উৰি ফুৰা ছোৱালীজনী পিঞ্জৰাবদ্ধ চৰাইৰ দৰে হৈ পৰে নেকি? জীৱনটোত শিকলি বান্ধি জানো এইদৰে আগুৱাই যোৱাটো সম্ভৱ?কথাবোৰ মনৰ মাজতে পাগুলি থাকোঁতেই মিহি মাতেৰে মৌ’ৰ মাকে মাত লগালে " আমি তেতিয়াহ’লে আজিলৈ আহোঁ দেই তোমালোক থাকিবা " দৃষ্টিয়ে লাহেকৈ মোৰটো ঘুৰাই তেওঁৰ কথাত হয়ভৰ জনাই মৌ’ৰ মুখলৈ চাইছিল৷তাইৰ চকুকেইটা তেজাল ৰঙাকৈ চলচলীয়া হৈ আছিল৷তথাপিও মুখত মিচা হাঁহিৰ প্ৰলেপ এটা৷দৃষ্টিয়ে অনুভৱ কৰিছিল সচাকৈয়ে জীৱনটো যেন এখন নাটকৰ খেল৷তাত অভিনয় কৰি থকা মানুহবোৰে একো একোখন মুখা পিন্ধি লয়,জীৱন নামৰ খেলখনত জয়ী হ’বলৈ৷ মলয়াই সিহঁতৰ ৰুমলৈ নতুন জুনিয়ৰ অহা খবৰটো কেনেবাকৈ পাই লগৰজনীৰ ৰুমৰ পৰা ঢপলিয়াই আহি ওলাইছিলহে আলহী যাবলৈ ওলোৱাত শেষতীয়াকৈ হ’লেও মাত এষাৰ মাতিলেহি৷যাবৰ সময়ত মৌ’ৰ মাক দেউতাকে "এতিয়াৰ পৰা তোমালোক কেইজনী মিলিজুলি থাকিবা,আমাৰ এইকো বিপদে আপদে সহায় কৰিবা " বুলি কৈ চকুপানী এটোপ টুকি ৰুমটোৰ পৰা ওলাই গ’ল৷ মৌ’ৰ লগতে মলয়া আৰু দৃষ্টিয়েও তেওঁলোকক আগবঢ়াই দিবলৈ গেটৰ সন্মুখ পালেগৈ৷গাড়ীখনৰ কাষত বাটতে ৰৈ থকা ককায়েক মনজিতৰ লগত মৌয়ে "ৰুমমেট" বুলি কৈ দৃষ্টি আৰু মলয়াক চিনাকি কৰাই দিলে৷ যোৱাৰ পৰত মনজিতে দৃষ্টিলৈ বাৰে বাৰে ঘুৰি চাই গ’ল৷তাৰ চাৱনিত দৃষ্টিৰ কিবা লাজ লাজ অনুভৱ এটাই বেৰি ধৰিল৷পলকতে হেৰুৱা অনুভৱ খিনিৰ হঁতে গান এটি গুণগুণাই দীঘলীয়া কৰিদৰটোৰ মাজত থকা চিৰিখনেৰে তাই ৰুম পালেগৈ৷ (আগলৈ) দেৱাশ্ৰী বৰা
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment