Sunday, July 25, 2021
ভালপোৱাৰ অপেক্ষাত...!(নাহৰ ফুলাৰ দৰেই) খণ্ড- ৪ অপেক্ষাৰ অন্ত পৰিল,যথাসময়ত চিনিয়ৰৰ বেট্ছটো আহি উপস্থিত হ’ল৷কিন্তু তাই ভবাৰ দৰে একোৱেই নহ’ল৷অথচ চিনিয়ৰ কেইগৰাকীয়ে চা-চিনাকি হৈ অনাগত সময়ত ১৫আগষ্টৰ দিনা হ’বলগা পেৰেড কম্পিটিছনৰ বাবে সাজু হ’বলৈ অহা কাইলৈৰ পৰাই প্ৰেক্টিছ কৰাৰ কথাষাৰ জনাই ৰুমটোৰ পৰা ওলাই গ’ল৷ দৃষ্টি আচৰিত হ’ল,তাই ইমানদিনে হোষ্টেলৰ লগৰবোৰৰ মুখেৰেই হওক বা ক্লাছমেটৰ মুখেৰেই হওক বেলেগ বেলেগ ডিপাৰ্টমেণ্ট,চেন্টাৰবোৰত চিনিয়ৰে বান্ধি দিয়া কঠোৰ ৰুল ৰেগুলেশ্বন খিনিৰ বিষয়ে শুনি আহিছিল৷দুই এটা ডিপাৰ্টমেণ্টত বোলে ফ্ৰেচাৰ্চ নোহোৱা পৰ্যন্ত চাদৰমেখেলা নতুবা জনজাতীয় সাজপাৰ পিন্ধি আহিবলৈ কৈছে,কোনোবাটোত আকৌ কাজল,লিপ্সষ্টিক আদি লগাই ষ্টাইল কৰি অহাটোৱেই মানা কিন্তু সিহঁতৰ দেখোন তেনেকুৱা একোৱেই হোৱা নাই৷তাৰমানে সিহঁতি এইবোৰৰ পৰা বাছি গ’ল নেকি? নে চিনিয়ৰে কথাবোৰ ক’বলৈহে পাহৰিলে৷ যি কি নহওক সিহঁতি অৱশ্যে পেটে পেটে কথাটো ভালেই পালে৷ Weekendৰ শেষত দৃষ্টিয়ে সপ্তাহটোৰ ব্যস্ততাবোৰৰ পৰা আতৰি ৰাতিপুৱা দেৰিলৈকে শোৱাৰ কথাটো ভাবিছিলহে তাইৰ আশাত চেচাঁ পানী পৰিল৷ চিনিয়ৰবোৰে ৰাতিপুৱা ছয় বজাতে চেন্টাৰৰ সমুখতে থকা অল্ড প্লেগাউণ্ডলৈ প্ৰেক্টিছ কৰিবলৈ আহিবলৈ কোৱা মতে ৰাতিপুৱা সোনকালে শুই উঠি মুখহাত কেইটা ধুই চিধাই ফিল্ড পালেহি৷ যোৱাৰাতি চিপচিপীয়া বৰষুণ এজাক আহিছিল সেয়ে ফিল্ডখনৰ ঠায়ে ঠায়ে পানী জমা হৈ পিচল হৈ আছে৷তাই যিমান পাৰে সতৰ্কতাৰে খোজ দিবলৈ চাইছে৷হঠাৎ ক’ৰবাৰ পৰা বল এটা চিটিকি আহি তাইৰ গাতে পৰিল,পকা কঠাল পৰাৰ দৰে পুনৰ ধুপুচ্ ৷তাই লক্ষ্য কৰিলে সূদূৰত এজাক ডেকাই ভলীবল খেলি আছিল কিন্তু তাৰে মাজৰে কোনোবা এটা দৌৰি আহিল তাই ফালেই , উফ্ বুকুখন ধিপধিপাই উঠিল তাইৰ৷ৰুদ্ৰ দেখোন ,লাজতে কাণ মুৰ গৰম হৈ আহিল,সদায় সদায় বাৰু এই শণিপাতটোৰ সমুখতহে পৰিব লাগানে বুলি মুখৰ ভিতৰতে ভোৰভোৰাই উঠিল৷তলমূৰ কৰি মুখখন ঢাকি ধৰোঁতেই কোনোবাই মাত লগালে , " দৃষ্টি নহয়নে? -তুমি এই ভিজা বননিখনত বহি কি কৰিছা?" ছোৱালীৰ মাত শুনি লগালগ মুৰতুলি চালে ,তাইৰ লগৰ সমীক্ষা আৰু পল্লবীয়ে ৰৈ আছে তাইৰ কাষত৷ ইফালেসিফালে চালে,নাই দেখোন এইখিনিত সিহঁত তিনিজনীৰ বাহিৰে আৰু কোনো নাই,তেনেহ’লে ৰুদ্ৰক দেখাতো তাইৰ ভ্ৰম আছিল নেকি? নিজৰ মুৰটো নিজেই খজুৱাই পঠিয়ালে৷মনতে ভাবিলে নাই নাই তাইৰ ভুল হ’ব নোৱাৰে,কোনোপধ্যেই হ’ব নোৱাৰে৷নহ’লেনো ৰাতিপুৱাই শুই উঠিয়ে বাৰু তাক দেখেনে৷তাইৰ মনৰ মাজতে যেন ৰুদ্ৰক দেখা নেদেখা লৈ যুদ্ধ হ’বলৈ ধৰিলে৷পুনৰ পল্লবীয়ে মাত দিয়াতহে বাস্তৱলৈ ঘুৰি আহিল৷ ৰাতি বহুদেৰি হ’ল,হোষ্টেলৰ ছোৱালীবোৰেও চাগে দিনটোৰ ভাগৰত আহি বিচনাত পৰি দিয়াতে টোপনি গ’ল কিন্তু তাইৰ যে টোপনিটো অহাৰ নামেই লোৱা নাই৷আবেলি প্ৰেক্টিছৰ পৰা ৰুমলৈ অাহোঁতে বাটত ৰুদ্ৰক দেখিছিল,মনটো যেন কিবা এক প্ৰসন্নতাৰে ভৰি পৰিছিল,তাক দেখাৰ লগে লগেই যেন ভাগৰুৱা শৰীৰৰ যথৰতাবোৰ নোহোৱা হৈ পৰিছিল৷তাই ভাবি ভাবিও পাৰ পোৱা নাই আচলতে তাইৰ সৈতে কি হৈ আছে৷পুৰুষৰ প্ৰতি দুৰ্বলতা তাইৰ কেতিয়াও নাছিল কিন্তু এই একৈছটা বছৰে চিংগল হৈ থকাৰ বাবে হয়তো কেতিয়াবা কোনোবাখিনিত নিজকে অকলশৰীয়া অনুভৱ কৰিছিল,আনক ক’ব নোৱাৰিলেও তাই কোনোবাখিনিত আধৰুৱা প্ৰেমবিহীন ভাৱে৷নিজৰ জীৱনৰ ৰহস্যবোৰ তাইৰ ভাল নালাগে আনৰ আগত গাই ফুৰিবলৈ তথাপিও ইউনিভাৰচিটি অহাৰ আগৰে পৰা তাইক প্ৰায়ে কলেজীয়া লগৰ বিলাকে "ইমান দিন অকলে থাকিলি আৰু কিন্তু ইউনিভাৰচিটিতটো কোনোবা পতিব নহ’ " এইবুলি জোকাওতে জোকাওতে এতিয়া তাইৰ কাৰোবাক দেখিলেই ভাল লগা হৈ পৰিছে৷এক কথাত তাই আজি কালি সহজতেই যিকোনো কথাতেই বিপৰীত ছেক্সৰ প্ৰতি আকৰ্ষিত হৈ ৰয়৷ নোৱাৰে মনটোক বান্ধি ৰাখিব৷সেইদিনা মৌৰ ককায়েকৰ প্ৰথম চাৱনিতে যেন পিচলি পৰিছিল,আৰু এতিয়া ৰুদ্ৰ৷ কথাবোৰ ভাবি ভাবি পাৰ নাপাই নিজৰ চুলি কোচাকেই খামুচি ধৰিলে৷ চকুহাল অলপকৈ জপাই দিয়াত ৰাতিপুৱা ৰুদ্ৰই তাইৰ ফালে দৌৰি অহা প্ৰতিচ্ছবিখন বাৰে বাৰে মনলৈ আহি আছে,আৰু আবেলি বাটত দেখাটোও স্পষ্টকৈ মনমগজুত উফৰি ফুৰিছে৷কিন্তু হঠাৎ তাই লক্ষ্য কৰিলে,ৰুদ্ৰই ৰাতিপুৱা পিন্ধা পেৰট গ্ৰিন টি’চাৰ্টটো আৰু আবেলি দেখা কাপোৰসাজ একেই ৷তাৰমানে তাইৰ ভুলহোৱা নাছিল,তাই থিকেই ৰুদ্ৰক দেখিছিল৷অনুতাপৰ লাজ এটাই তাইক পুনৰ বেৰি ধৰিলে৷ উফ্ এই লাজটোৱে যে তাইক কেতিয়াবা দুবিধাত পেলাই দিয়ে ৷ কিন্তু এতিয়াৰ পৰা তাই নিজকে সংযত কৰি চলিব লাগিব বুলি মনতে প্ৰতিজ্ঞাবদ্ধ হৈ শুই পৰিল৷ লাহে লাহে সময়ৰ সালসলনিয়ে পোন্ধৰ আগষ্টৰ ব্যস্ততাখিনি পাৰ কৰি নিলে৷পোন্ধৰ আগষ্টৰ পেৰেদত ৰুদ্ৰই বেষ্ট কামাণ্ডাৰ পাবলৈ সক্ষম হ’ল৷ প্ৰেক্টিছৰ দিনকেইটাত দৃষ্টিয়ে মনটোক বান্ধিব খুজিও সফল হ’ব নোৱাৰিলে৷ ক’ৰবাত নহয় ক’ৰবাত ৰুদ্ৰক দেখিলেই অনাকাংক্ষিত লাজ এটাই বেৰি ধৰে৷নধৰিবই বা কিয়,প্ৰেক্টিছৰ দিনকেইটাত তাই জানো নিজকে ৰুদ্ৰৰ পৰা লোকোৱাই ৰাখিব পাৰিছিল,যিমানেই চেষ্টা কৰে আতৰি থাকিবলৈ সিমানেই তাক সন্মুখতে পায়৷ ইমানৰ পাছতো কি বুলি বুজাব মনটোত৷ এইকেইদিন তাই লক্ষ্য কৰিছিল দিনে নিশাই ইউনিভাৰচিটিৰ ইটো সিটো কামত ব্যস্ত হৈ ঘুৰি ফুৰা ৰুদ্ৰৰ ব্যস্ততাবোৰ৷সকলোৱেই তাক খুউব আদৰ সন্মান কৰে,দেখাৰ লগে লগেই তাক দাদা বুলি সম্বোধন কৰিলেও বন্ধু্ত্বসুলভ ব্যৱহাৰেৰে বান্ধি ৰাখে সকলোকে৷ হয়তো এইবোৰ কাৰণতেই সেইকেইদিন তাইৰ মনটো প্ৰেক্টিছত বঢ়াবই নোৱাৰিলে,সেইবাবেহে পেৰেদ কৰিবলৈ চিলেক্ট নহ’ল ৷তথাপিও ৰুদ্ৰক এপলক চোৱাৰ হেপাঁহেৰেই প্লেগ্ৰাউণ্ডত সকলোতকৈ আগত উপস্থিত হয়গৈ৷ভাললগাৰ উন্মাদনাবোৰ বুকুত পুহি ৰাখি এইকেইদিন ৰুদ্ৰই নজনাকৈ তাৰ বহুকেইখন ফটো মনে মনে মাৰি মোবাইলৰ গেলেৰীত আৱদ্ধ কৰি ৰাখিছে স্মৃতি হোৱালৈ৷ কিন্তু পেৰেডৰ দিনা তাই ৰুদ্ৰক সিহঁতৰ হোষ্টেলৰে ছয়নিকা নামৰ চিনিয়ৰ ছোৱালীজনীৰ সৈতে বাটতে লগ পাইছিল,তেতিয়াৰ পৰা মনটো কিবা অশান্ত হৈ পৰিছিল ৷ আজিও ৰাতি দুই বাজি পাৰ হ’ল তাইৰ চকুত টোপনি নাই,যি টি কথাবোৰ মনলৈ আহি আছে৷পাৰে মানে মনটোক বুজাইছে চকুৰ চিনাকিহে,তাইৰ কিয় বেয়া লাগিছে ৷তথাপিও মনে মানি ল’লেও যে কিছুমান কথাত মগজু্ৱে হয়ভৰ নিদিয়ে৷সেয়ে ফেচবুকটো খুলি তাৰ নামটো চাৰ্চ কৰিবলৈ লৈ ৰৈ গ’ল তাই ৷ -কি বুলি চাৰ্চ কৰিব ?তাই দেখোন আজিলৈ তাৰ নামটোকে ভালদৰে নাজানে,মাথোঁ এদমিচনৰ দিনা কাৰোবাৰ মুখত তাক "ৰুদ্ৰ" বুলি সম্বোধন কৰা শুনিছিল৷ফেচবুকৰ বিশাল দুনীয়াত জানো তাই বিচাৰিব পাৰিব ৰুদ্ৰ নামটো চাৰ্চ কৰি দিলেই৷ নাই নাই তাই এইদৰে চঞ্চল হৈ পৰিব নোৱাৰে দুদিনৰ চকুৰ চিনাকি ল’ৰা এজনৰ বাবে৷নিজকে নিজে বুজালে - psychology পঢ়ি নিজৰ মনটোকেই যদি বান্ধিব নোৱাৰে পাছলৈ আনক কি উপদেশ দিবগৈ,সেয়ে উপদেশতকৈ আৰ্হি ভাল৷পাহৰি যাব তাই ৰুদ্ৰ নামৰ কাৰোবাক লগ পাইছিল বুলিও৷দুটা অপ’জিৎ জেন্দাৰৰ মাজত আকৰ্ষণ হোৱাটো স্বাভাবিক কিন্তু অতিমাত্ৰা কেতিয়াও ভাল হ’ব নোৱাৰে৷অ’ পাহৰি যাব তাই ৰুদ্ৰক ! (আগলৈ) (ভেকচিন লোৱাৰ বাবে কালিৰ খণ্ডটো দিব নোৱৰিলোঁ,তাৰ বাবে ক্ষমাপ্ৰাৰ্থী৷কেনেকুৱা হৈছে লিখনিটো জনাব বুলি আশাবাদী)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment