Thursday, July 29, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-৮ অপেক্ষিত সময়বোৰ নাযায় নুপুৱায়,ক’ৰবাত যেন সময়বোৰ ডাৱৰৰ দৰেই গোমা হৈ ৰৈ যায় ৷দৃষ্টিয়ে পঢ়ি থকাৰ পৰাই বাৰে বাৰে কাছৰ গতীত চলা ঘড়ীটোলৈ চাই আছে,মাজে মাজে মোবাইলটোত আঙুলিও বুলাইছে,তথাপিও সময়বোৰ পাৰ নহয় হে নহয়৷ ভাত খোৱাৰ পাছত জুনবিৰিৰ ৰুমলৈ যাবলে কোৱাৰ বাবে আজি ভোকটোৱেও সোনকালেই আমনি কৰিছে৷ ইমানপৰ ৰৈও ধৈৰ্য্য ধৰিব নোৱাৰি দৃষ্টিয়ে ৰান্ধিনী শালৰ ফালেই ভাত হ’লনে নাই চাই অহাৰ উদ্দেশ্যৰে আগবাঢ়ি গ’ল৷পাকঘৰ পোৱাৰ আগেয়েই পাছফুৰনৰ ধুনীয়া গুন্ধ এটা আহি তাইৰ নাকত লাগিলহি ৷ মনতে অনুমান কৰিলে হয়তো দাইলত তেল মাৰিছে৷ তাইক সেইদৰে পাকঘৰৰ আশেপাশে দেখি ভাত বনোৱা খুড়ী এগৰাকীয়ে সুধিয়েই পেলালে "আজি ভোক লাগিলেই নেকি? " তাই সেমেনাসেমেনিকৈ ক’লে " অলপ অলপ নলগা নহয়,কিমান দেৰি হ’ব বাৰু " বনাই থকাৰ পৰাই মানুহগৰাকীয়ে কৈ পঠিয়ালে " ভাত দাইল হ’লেই,ভাজিখিনি বনালেই হৈ যাব আৰু" কথাষাৰ শুনিয়েই তাই ল’ৰালৰিকৈ ৰুমলৈ ঘুৰি আহিল৷ অপেক্ষাৰ যতি পেলাই খোৱা বোৱাবোৰৰ পৰা আজৰি হৈ উঠাত দৃষ্টিয়ে মলয়াৰ সৈতে পোনেই গৈ জুনবিৰিৰ ৰুম পালেগৈ৷মৌ’কো লগ ধৰিছিল কিন্তু তাইহে এই ৰাতিখন ভুতৰ কথা শুনিবলৈ নাযাওঁ বুলিয়েই লগত নাহিলে৷ জুনবিৰি চিংগল ৰুমত থাকে সেয়ে চিন্তা নাই,সিহঁতে কথা পাতিলে কোনেও আমনি নাপায়৷ হোষ্টেলত থকাৰ পৰা দৃষ্টি আজি প্ৰথমবাৰ এইদৰে কাৰোবাৰ ৰুমলৈ আহিছে৷সেয়ে সময় আৰু পৰিস্থিতিৰ সৈতে মিলি যাবলৈ অলপ সময় লাগিছে৷মলয়াই ইটো সিটো কথা পাতি আছে জুনবিৰিৰ সৈতে সেই সময়খিনি দৃষ্টিয়ে একান্ত বাধ্য ছাত্ৰীৰ দৰে মনে মনে বহি থাকিল৷পৰিস্থিতিটোৰ লগত অলপ সহজ হোৱা যেন লাগি দৃষ্টিয়েই বাৰ নম্বৰ কোঠাৰ ৰহস্যটো কি বুলি সুধি পেলালে৷জুনবিৰিৰ প্ৰথমে দৃষ্টিৰ প্ৰশ্নত আচৰিত যেন লাগিল৷কাৰণ আজিলৈ এইদৰে কোনেও সেই কোঠাৰ ৰহস্য জানিবলৈ তাইৰ ৰুমলৈ এইদৰে অহা নাই৷মাত্ৰ এবাৰহে খুউব সম্ভৱ এবছৰৰ আগতেই তাই দুজনীমান ছোৱালীৰ সৈতে কথাবোৰ আলোচনা কৰিছিল৷ তাই ঈৰ্ষাত হাঁহি এটি মাৰি কৈ উঠিল " কি হ’ল বাৰ নম্বৰ কোঠাৰ ভূত প্ৰেতে আমনি কৰিছে নেকি তোমাক ?" দৃষ্টি কঁপি উঠিল,মলয়াৰ মুখলৈ চালে,তাই সাধাৰণ ভাৱেই বহি আছে ৷সেয়ে কওঁ নকওঁকৈ মাত লগালে "নাই মানে ৰুমটো অহাৰ পৰা বন্ধ দেখিহে সুধিলোঁ৷পৰাপক্ষত এইদৰে হোষ্টেলৰ ৰুম এটা বিনা কাৰণত বন্ধ কৰি নথয় যে ,চুইচাইড বা তেনেকুৱা কিবা হ’লেহে..." শেষৰ ফালে তাইৰ মাতটো সৰু হৈ পৰিলগৈ৷ তাইৰ কথা শুনি জুনবিৰিয়ে হাঁহি মাৰি কৈ উঠিল " তুমি ভবাৰ দৰে তেনেকুৱা একোৱেই নহয় বাৰু কিন্তু ৰহস্য নথকাও নহয় " প্ৰবল উৎসাহেৰে দৃষ্টিয়ে কৈ উঠিল " তাৰমানে?" জুনবিৰিয়ে আৰম্ভ কৰিলে " আজিৰ পৰা দহ বছৰ আগত সেইটো ৰুমত ইউনিভাৰচিটিতেই Ph.d কৰিবলৈ অহা বা এজনী আছিল৷ তাই হেনো ৰুমটোত কিবা অলৌকিক শক্তি থকাৰ অনুমান কৰে৷ দিনতেই হওঁক বা ৰাতিয়েই হওক তাইৰ সৈতে বোলে ছাঁ এটি ঘুৰি ফুৰে৷তাই সাহসী আছিল ,সেয়ে কথাবোৰ বৰ এটা গুৰুত্ব নিদিলে,হ’লেও পাছলৈ তাইৰ লগত ঘটা কিছুমান ঘটনাত তাইৰ মনোবল লাহে লাহে ভাগি পৰিল৷কি ঘটিছিল সেইয়া সঠিককৈ নাজানিম,কিন্তু মই জনা মতে তাৰ পাছৰে পৰা তাই হেনো ৰুম চেঞ্জ কৰিবলৈ বিচাৰি ফুৰিছিল৷কিন্তু ক’তো ৰুম নাপাই উপায় নোপোৱাত তাতেই থাকিব লগা হ’ল৷ আচলতে বস্তুবোৰহে ৰুমটোত থ’লে মানুহজনী প্ৰায়েই ওচৰৰ পি.জিৰ লগৰ এজনীৰ তাত থাকেগৈ৷ এদিন তেনেকৈয়ে লগৰজনী ৰুমলৈ উলাই যাওঁতে নাজানো কেনেকৈ তাইৰ ৰুমত জুই লাগিল,তাইৰ সকলো বস্তু বাঢ়নিৰ পৰা আদি কৰি কিতাপ পত্ৰলৈকে জ্বলি চাই হৈ গ’ল৷ ৰাতিয়েই কোনোবাই তাইৰ ৰুমৰ পৰা ওলোৱা ধোৱাবোৰ দেখিহে তাইলৈ ফোন কৰিলে৷ লগালগ তাই আহি ৰুমৰ দৰ্জা খুলে মানে ৰুমৰ প্ৰতিটো বস্তুৱেই আধাতকৈ বেছি জ্বলি চাই হ’ল ৷পশ্চিছ বছৰীয়া জীৱনটোত আৰ্জিব পৰা তাইৰ সকলো ডকুমেণ্টেই জ্বলি চাই হ’ল,সেইদিনা ৰুমটো দেখিয়েই তাই মুৰ ঘুৰাই পৰিল আৰু তাৰ পাছত তাইক হস্পিতাললৈ নিয়া হ’ল৷ সুস্থ হোৱাৰ পাছতো তাই হেনো এদিনো হোষ্টেললৈ ঘুৰি নাহিল,লগতে ইউনিভাৰচিটিটো বোলে তাইক দ্বিতীয়বাৰলৈ কোনেও নেদেখিলে৷সেয়ে তাইয়ো আজিলৈ ৰহস্য হৈ থাকিল,আৰু সেই কোঠাটোও৷ " "তাৰপাছত ?" "আচলতে সেই সময়ত মোৰ জেঠাই ছোৱালীজনী এই হোষ্টেলতে এইটো ৰুমতেই আছিল,মইও তাইৰ পৰাহে কথাবোৰ শুনিছিলোঁ আৰু তাই কোৱা মতে পিছত যেতিয়া ৰুমটো কেনেকৈ জ্বলি চায় হ’ল সেই প্ৰমাণ কৰিছিল তেতিয়া ফৰেনছিক ৰিপৰ্ট মতে চৰ্ট চাৰ্কিট নহ’লে ধূপ বা চাকি জ্বলাই থোৱাৰ বাবেহে ৰুমটোত জুই লাগিল৷কিন্তু সঠিককৈ কোনেও নাজানিলে আচলতে ৰুমটোত জুই লাগিল কেনেকৈ ? পিছে বহুতৰে মুখ বাগৰি তাই নোহোৱা হোৱাৰ পিছত বহু কথাই উলাইছিল,কাৰোবাৰ মতে তাই বোলে মানসিক ৰোগী আছিল সেয়ে মনতে যি টি ভ্ৰম হয় কিবা দেখা বুলি ,সেই খঙতেই তাই চাগে নিজেই ৰুমটো জ্বলাই দি কোনেও কথাটো নাজানিবলৈ লগৰজনীৰ ৰুমলৈ গ’লগৈ৷কিছুমানৰ মতে তাই বোলে প্ৰেমিকৰ হঁতে পলাই যাবলৈ এনেকুৱা কৰিলে,যাতে তাইৰ ওপৰত কোনেও সন্দেহ কৰিব নোৱাৰে৷কিছুমানৰ মতে তাইৰ হঁতে ঘটা ঘটনাবোৰৰ আগে আগে তাই আৰু লগৰদুজনী মানে মিলি হেনো ৰাতি বাৰ বজাৰ পাছত কিবা আত্মা মতাৰ মন্ত্ৰ পঢ়িছিল সেই ৰুমত,কিন্তু যেতিয়া সিহঁতৰ ভয় লাগিল তেতিয়া বোলে আধাতে সামৰি থ’লে৷সেয়ে বোলে অতৃপ্ত আত্মাই তাইক হাৰাশাস্তি কৰি তাইৰ জীৱনটোৱেই ৰহস্যকৰ কৰি পেলালে৷ " দৃষ্টি বহা ঠাইতে কথাবোৰ শুনি কঁপিবলৈ ধৰিলে,অজান ভয় এটাই তাইক যেন চেপি কুচি আনিলে ভিতৰৰ পৰা,সেয়ে জোৰকৈ মলয়াৰ হাতখনতে টেপামাৰি ধৰি ল’লে৷ কথাবোৰ আমোদলগা হ’লেও এই ৰাতিখন এনে কথাবোৰ শুনি ভয় লগাটো স্বাভাৱিক কথা৷ দৃষ্টিয়ে ভয় কৰা যেন দেখিয়েই জুনবিৰিয়ে কথাবোৰ কৈ থকাৰ পৰা আধাতে ৰৈ দিলে ৷কিন্তু এইবাৰ দৃষ্টিৰ পিছৰখিনি কি হ’ল সুধিবলৈ সাহস নহ’ল৷ সেয়ে জুনবিৰিয়ে পুনৰ ক’বলৈ আৰম্ভ কৰিলে " ভয় খাব নালাগে দৃষ্টি,ইয়াত ভয় কৰাৰ কোনো কথাই নাহে৷ আচলতে কি জানা মই এইবোৰ কথাত বৰ বেছি গুৰুত্ব নিদিওঁ, আৰু আজিলৈ পাচঁ বছৰেই পাৰ হ’বৰ হ’ল কিন্তু এনেকুৱা একো অনুভৱেই কৰা নাই৷মোৰ কথাটো বাদেই দিয়া এই হোষ্টেলত থাকি যোৱা কোনো এজনী ছোৱালীয়েই আজিলৈ এনে কোনো সমস্যাৰ সন্মুখীন হোৱা নাই৷হ’লেও এনেকুৱা অবাঞ্চিত কাহিনী কিছুমান চলি থকাৰ বাবেই বহুতে ৰুমটোত থাকিবলৈ ভয় কৰে, পিছে ৰুমটোৰ অৱস্থাটোও বহুত বেয়া হৈ গ’ল সেয়েহে সকলোৱে মিলি পূজা পাতল কৰি তেতিয়াই ৰুমটো তলা লগাই দিলে৷ আজিলৈ মই থকাত এবাৰো সেই ৰুমটো খোলা মনত নাই,মনে মনে কোনোবাই খুলিবলৈ চেষ্টা কৰিছে যদিও নাজানো কিন্তু মই ভাবোঁ বাটৰ কচু গাত নঘহাই ভাল৷যি যেনেকৈ আছে তেনেকৈয়ে থাকিবলৈ দিয়া হওঁক৷যদিও ভূত প্ৰেত আছে থাকক,আমাৰ কাকোৱেই আজিলৈ আমনি কৰা নাই যেতিয়া আমিনো কিয় কৰোঁ৷ " যেনেতেনে দৃষ্টিৰ মনত চলি থকা ধুমুহাজাকে সাম কাটিল৷ৰুমটোৰ বিষয়ে জানিবলৈ থকা উৎসুকতাখিনিও দুৰ হ’ল৷কিন্তু কথা পাতি থাকোঁতে কেতিয়ানো ৰাতি বাৰ বাজি পাৰ হ’ল গমেই নাপালে৷ দুয়োজনীয়ে জুনবিৰিক শুবলৈ দি গুড নাইট বুলি কৈ ৰুমটোৰ পৰা ওলাই আহিল৷ কিন্তু এই ৰাতিখন সেই ৰুমৰ সন্মুখেৰে পাৰ হৈ নিজৰ ৰুম পাবলৈ সাহ হোৱা নাই৷ মলয়ালৈ চালে ,তাইৰো সেই একেই অৱস্থা৷ জুনবিৰিক ইমান সময়ে আমনি দিয়াৰ পাছত পুনৰ সিহঁতক ৰুমৰলৈকে আগবঢ়াই থৈ আহিবলৈ বুলি ক’বলৈ ভাল নালাগিল ৷দুইজনীয়ে ভয়তেই গ্ৰাউণ্ড ফ্লৰৰ চিৰিখনৰ ওচৰত ৰৈ থাকিল ৰুমলৈ যোৱাৰ উপায় বিচাৰি৷ এপাকত দৃষ্টিৰ মনলৈ এটা বুদ্ধি আহিল, মিছাকৈয়ে সিহঁতৰ হোষ্টেলৰ হোৱাটছপআপ গ্ৰুপটোত "Happy birthday malaya baa" বুলি লিখি পষ্ট কৰিলে৷লগতে মলয়া বাক চাৰপ্ৰাইজ দিবলৈ বুলি সকলোকে কৰিদৰৰ ফালে মাতি পঠিয়ালে৷ এইসময়ত এনে দুসাহসীক কাম কৰাৰ বাদে তাইৰ হাতত আন উপায় একো নাই৷হোষ্টেলৰ ছোৱালীবিলাক প্ৰায়েই ৰাতি এক দুই বজালৈ সাৰে থাকে,হ’লেও নিজৰ নিজৰ কামত ব্যস্ত থাকে বাবেই ভাত খোৱা পাছৰ পৰা গোটেই হোষ্টেলটো শূইন্ হৈ পৰে৷ দৃষ্টিৰ মেছেজটো চাই প্ৰায়খিনি ছোৱালীয়েই কৰিদৰৰ ফালে ওলাই আহিল৷প্ৰথমে মলয়াই যদিও এনে কাম কৰাৰ পৰা দৃষ্টিক বাধা দিছিল তথাপিও পাছত উপায় নোহোৱাৰ বাবে সেই কথাই মান্তি হৈ আগুৱাই আহিল৷কৰিদৰটোত মলয়াক চাৰপ্ৰাইজ দিবৰ বাবে ৰৈ থকা ছোৱালীবোৰ দেখি দৃষ্টিৰ পেটে পেটে হাঁহি উঠিল৷ সকলোৱেই মলয়াক শুভকামনাৰ সৈতে উপচাই পেলালে, দৃষ্টিয়ে পাৰে মানে নিজকে আনৰ চকুৰ পৰা লুকুৱাই মুখ টিপি হাঁহি হাঁহি যেনেতেনে দুয়োজনী আহি ৰুম পালেহি৷ৰুম পাই মৌ’য়েও মলয়াক জন্মদিনৰ শুভেচ্ছা জনোৱাত দুয়োজনীয়েই হাঁহি হাঁহি বিচনাত বাগৰি পৰিল৷ শুভেচ্ছা জনোৱাৰ পাছত সিহঁত দুজনীয়ে হাঁহি দিয়াৰ বাবে মৌৰ অলপ খঙ উঠা যেন দেখিহে আজি ভূতৰ ভয়ে মলয়াৰ বাৰ্থদে পাতি দিয়াৰ কথাবোৰ মৌ’ৰ আগত কৈ কৈ তিনিওজনীয়েই বিচনাত বাগৰি বাগৰি পাৰে মানে হাঁহিবলৈ ধৰিলে৷ (আগলৈ)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment