Tuesday, July 27, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-৬ কঁপি থকাৰ পৰাই মৌ’য়ে ক’লে "দৃষ্টি তুমি ভুত প্ৰেত আত্মা এইবোৰ বিশ্বাস কৰানে?" উত্তৰ দিবলৈ দৃষ্টি বিমোৰত পৰিল৷তথাপিও ধেমেলীয়া সুৰতে আৰম্ভ কৰিলে "দিনত হ’লে বিশ্বাস নকৰোঁ কিন্তু ৰাতি হ’লে বিশ্বাস কৰোঁ৷আচলতে এইবোৰ বিশ্বাসৰ বান্ধোন,যি বান্ধোনেৰে বান্ধ খাই আমি সোমাই পৰোঁ গভীৰলৈকে৷" এইবাৰ দৃষ্টিলৈ মলয়াৰ পোনপটীয়া প্ৰশ্ন "তাৰমানে তুমি এই অলৌকিক শক্তিবোৰ বিশ্বাস কৰা? " দৃষ্টিয়ে আৰম্ভ কৰিলে- বিশ্বাসটো এক বেলেগ ধৰণৰ বস্তু৷ আচলতে কি জানা ,আমাৰ অজ্ঞাতে এই পৃথিৱীখনত দুটা শক্তিয়ে বাহ লৈ আছে৷তাৰে এটা নকাৰাত্মৰ আনটো সকাৰাত্মক মানে ঋণাত্মক আৰু ধনাত্মক শক্তিৰ কথা ক’লো৷ লোক বিশ্বাস মতে এই শক্তিবোৰ হেনো পৃথিৱীৰ উৰ্যাৰ ফল ৷মই আজিলৈ ভুত,প্ৰেত,আত্মা আদিৰ কেতিয়াও সন্মুখীন হোৱা নাই আনকি ভগৱানো দেখা নাই তথাপিওচোন ৰাতিপুৱা ধূপদাল নজ্বলোৱালৈকে মনটো শান্তি নালাগে,ক’ৰবাত নামঘৰ এটাই হওঁক বা মন্দিৰ,মছজিদ,দৰগাহেই হওঁক দেখাৰ লগে লগেই আপোনাআপুনি মুৰ দোঁ খাই আহে৷এইবোৰ জানো আমাৰ বিশ্বাস নহয়৷" দৃষ্টিয়ে কথাবোৰ কৈ শেষ কৰিবলৈয়ে নাপালে মাজতে মলয়াই পুনৰ প্ৰশ্ন কৰিলে "কিন্তু এই শক্তিবোৰৰ বাবে ভুত প্ৰেত আত্মা থকাৰ যুক্তিটো ক’ত?" দৃষ্টিয়ে পুনৰ ক’বলৈ আৰম্ভ কৰিলে " কিয় কৈছিলোৱেই দেখোন এই শক্তিবোৰৰ মূলতে হ’ল বিশ্বাস,যিদৰে ঈশ্বৰৰ প্ৰতি আমাৰ অগাধ বিশ্বাস থিক সেইদৰেই ৷আমাৰ সমাজতো বহুকেইটা লোকবিশ্বাস আছে,যিবোৰ আজিলৈ বহুতেই অন্ধবিশ্বাস বুলি মানি লোৱা নাই৷এইধৰা দেৱতা,অপদেৱতাৰ পৰা হাত সাৰিবলৈ তুলিৰ তলত লোহাৰৰ চুকা অস্ত্ৰ থৈ দিয়া,বিহুৱে সংক্ৰান্তীয়ে ঘৰৰ চাৰিওফালে নহৰু আৰু গোৱৰ পানী চতিওৱা,অপশক্তিৰ পৰা ৰক্ষা পাবলৈ গোৱৰমাটিৰে চোতালঘৰ মোচা,বিয়াবাৰুত কন্যা আনিবলৈ যোৱা দৰাৰ গালৈ চাউল চতিওৱা,বৰগছত ভুত,প্ৰেত নতুবা দেৱতাৰ আশ্ৰয় স্থল মানি পূজাপাতল কৰা৷ মাত্ৰ এয়াই নে ,হিন্দু সংস্কৃতিৰ লোকবিশ্বাস মতে,আমাৰ শৰীৰৰহে মৃত্যু হয় আত্মা অমৰ,সেয়ে শৰীৰৰ মৃত্যুৰ পাছতো বোলে আত্মাটোৱে শৰীৰলৈ উভতি অহাৰ প্ৰয়াস কৰি থাকে,আৰু সেই প্ৰয়াস ভাঙিবলৈয়ে শৰীৰটোৰ দাহ কৰি দিয়া হয়৷আৰু মৃতকৰ আত্মাক সন্তুষ্ট কৰাৰ উদ্দেশ্যৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰে৷তেনেহ’লে তোমালোকেই কোৱা যদি নকাৰাত্মক শক্তি বুলি একো নাই তেনেহ’লে প্ৰাচীন কালৰে পৰা মানুহে এইবোৰ পালন কৰাৰ যুক্তি ক’ত ? দৃষ্টিৰ কথাত দুইজনীয়ে হয়ভৰ জনাই আৰু অধিক জনাৰ উদ্দেশ্যেৰে তাইৰ মুখলৈ তধা লাগি চাই ৰ’ল৷ দৃষ্টিয়ে এইবাৰ পুনৰ আৰম্ভ কৰিলে "আচলতে কি জানা,বিশ্বাস অবিশ্বাস এইবোৰ আমাৰ মানৱ মনৰ স্ব-সৃষ্ট অৱয়ব৷ হ’লেও যে বিজ্ঞানেও আজিলৈ এইবোৰ শক্তি নাই বুলি প্ৰমাণ কৰিব পৰা নাই ৷সেয়ে গুৰু গোসাইক পূজি নিজা কৰ্মবোৰ কৰি যাব লাগে৷" দৃষ্টিৰ কথাষাৰ যেনেতেনে শেষ হ’বলৈ পালেহে মৌ’য়ে খপজপকৈ উঠি গৈ ধূপ এদাল জ্বলাই গোটেই ৰুমটোতে ঘুৰাই দিলেগৈ৷তাকে দেখি মলয়া আৰু দৃষ্টিয়ে ইজনীয়ে সিজনীলৈ চাই ফিচফিচাই হাঁহি উঠিলে৷পুনৰ এই অলৌকিক শক্তিবোৰ থকা নথকা লৈ সিহঁতৰ মাজত আদ্দা বহিল ৷ হঠাৎ ভাতখোৱাৰ ঘন্টাধ্বনিৰ শব্দটো শুনি তিনিওজনী উচপ খাই উঠিল৷ছোৱালীবোৰৰ চিঞৰ বাখৰ,দৌৰিদৌৰিবোৰ কাণত পৰাতহে সময়টো চালে আঠ বাজি পাৰ হ’ল৷কথাৰ মহলা মাৰোঁতে কেতিয়ানো ইমান সময় পাৰ কৰি দিলে সিহঁতি ক’বই নোৱাৰিলে৷ আজি বাৰ নম্বৰ কোঠাৰ ৰহস্য বিচাৰিবলৈ গৈ ভুত,প্ৰেত ,আত্মাইহে সিহঁতৰ আদ্দাত ঠাই ল’লেগৈ৷ভাত খাবলৈ বুলি কাঁহী বাতি কেইটা হাতত লৈ মৌ’য়ে দোৱাৰখন খুলিব লওঁতেই চিঞৰি উঠিল৷তাইৰ চিঞৰত দৃষ্টিয়েও লগতে চিঞৰ মাৰি দিলে৷ সিহঁতৰ গগনফলা চিঞৰ শুনি গলিটোত থকা আটাইকেইজনী আগুৱাই আহিল৷মলয়াইয়ো সিহঁত দুজনীয়ে কিয় চিঞৰিলে একো সাৰ সুৰ নাপালে,সেয়ে কি হৈছে সুধাৰ আগেয়ে দোৱাৰৰ সিপাৰৰ পৰা অহা টোকৰৰ মাতত দোৱাৰখন খুলি দিলেগৈ৷আটাইবোৰে প্ৰশ্নৰ ওপৰত প্ৰশ্ন কৰি গ’ল -কি হ’ল? -কিয় চিঞৰিছে ? -চিঞৰাৰ কাৰণ কি? ইত্যাদি ইত্যাদি৷ মৌ’য়ে চকুকেইটা বন্ধ কৰি কাণে মুৰে হাত দি পকাতে বহি আছে৷দৃষ্টিয়েও মুখেৰে একো মাতিব পৰা নাই,মলয়াই কাৰো প্ৰশ্নৰ উত্তৰ দিবলৈ পৰা নাই সেয়ে তাইয়ো মৌন হৈ ৰৈ আছে৷ এইবাৰ সংগীতা নামৰ চিনিয়ৰ ছোৱালীজনীয়ে দৃষ্টিক উদ্দেশ্যি সুধিলে "দৃষ্টি তুমিয়েই কোৱা এই ৰাতিখন এইদৰে চিঞৰাৰ কাৰণ কি?" হেমেনাহেমেন কৰি দৃষ্টিয়ে ক’লে "আমি আচলতে ভূতৰ কথা পাতি আছিলোঁ,তাৰপাছত কি হ’ল নাজানো ভাত খাবলৈ যাব লওঁতেই মৌ’য়ে চিঞৰি দিলে সেয়ে তাইৰ চিঞৰতে ময়ো চিঞৰি দিলোঁ ৷" সংগীতাই এইবাৰ মৌ’ক সুধিলে "তুমিয়েই কোৱা কিয় চিঞৰিলা" কম্পিত মাতেৰে মৌ’য়ে কৈ উঠিল "ভূ...ভূ..ভূত " মৌ’ৰ মুখৰ পৰা ভূত শব্দটো শুনি আটাইবোৰৰ মাজতে হৈ চৈ লাগিল৷মৌ’য়ে ক’ত ভূত দেখিলে,ভূতটো দেখিবলৈ কেনেকুৱা উপৰাউপৰি বহুকেইটা প্ৰশ্নই তাইক জুমুৰি ধৰিলেহি৷ছোৱালীবোৰৰ উপৰাউপৰি প্ৰশ্নবোৰৰ দুমোজাত পৰিয়েই মৌ’ মুচ্ছা গ’ল ৷পুনৰ এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হোৱাত তাতে উপস্থিত থকা চিনিয়ৰ কেইজনীমানে মৌ’য়ে ভূত দেখা কথাটোত অসন্তুষ্টি প্ৰকাশ কৰিলে লগতে আজি ইমানদিনে কোনেও এনে ঘটনাৰ সন্মুখীন হোৱা নাই আৰু এই আঠটা বজাতে হোষ্টেলৰ ভাত বঢ়াৰ সময়ত যিহে হুলস্থূল হয় এই সময়ত ভূতটো দুৰৰে কথা ঈশ্বৰ আহিবলৈয়ো ভাবিব লাগিব৷তেনেক্ষেত্ৰত ভূত দেখাটো অসম্ভৱ বুলিয়েই কোনোবা এজনীয়ে কৈ উঠিল৷ মৌ’ৰ মুৰত পানী দুনি ঢালি অচেতন অৱস্থাৰ পৰা ঘুৰাই অনা হ’ল৷তাৰপাছতেই ক’ত ভুত দেখিছিল সুধাপুচা কৰাতহে তাই গোটেই ৰুমটোলৈ চকু ফুৰালে আৰু মনতে কথাবোৰ ভালদৰে উনুকিয়াবলৈ ধৰিলে৷তাই আচলতে ক’তো ভূত দেখা নাছিলে,ভয়ে ভয়ে দোৱাৰ খুলিবলৈ লওঁতেই দৃষ্টিৰ দীঘলকৈ পৰি থকা ছাঁটোকে দেখিহে কোনো বিবেচনা নকৰাকৈ চিঞৰ মাৰি দিছিল ভূত বুলি ভাবি৷ মৌ’ৰ কথাবোৰ শুনি সকলোৱে আচৰিত হৈছিল,ছাঁটোকে ভূত দেখা বুলি জানি দুজনীমানে খিলখিলাই হাঁহি দিলে৷চিনিয়ৰ দুজনীমানে পুনৰ এইদৰে অবাঞ্চিত কথা পাতি সময় ব্যয় কৰাৰ পাছত নিজৰ লগতে আনৰ মাজতো এইদৰে এইদৰে আতংকিত পৰিস্থিতিৰ সৃষ্টি যাতে দ্বিতীয়বাৰ নকৰে সেই লৈ উৱাৰ্ণিং দি উলাই গ’ল৷গালি খোৱাৰ পাছতো দৃষ্টি আৰু মৌ’য়ে ইজনীয়ে সিজনীৰ মুখলৈ চাওঁতে হাঁহি উঠি আহিল৷আৰু সিহঁতৰ নিলাজ যেন হাঁহিটো দেখি মলয়াই ক’লে "বিশ্বাসটোও যে এটা বেমাৰ,ইয়াৰ প্ৰমাণ লগালগ পাই গ’লো " ৰাতিলৈ মৌ’ৰ অকলে শুবলৈ সাহস নহ’ল সেয়ে দৃষ্টিৰ ঠেক বিচনাখনতে কুচিমুচি সোমাই লৈছেহি৷আজি সিহঁতৰ ভূতৰ আদ্দাই গৰমৰ অনুতাপ নাইকিয়া কৰি পেলাইছে৷পিছে দৃষ্টিৰহে বাৰেবিংকৰা চিন্তাবোৰে টোপনি আহিবলৈ দিয়া নাই৷ চিন্তা হৈছে তাইৰ আজি ঘটনাটোৰ পাছত বাৰু জুনবিৰি বায়ে তাইক বাৰ নম্বৰ কোঠাৰ ৰহস্যটো ক’বনে নাই৷নে বাৰ নম্বৰ কোঠাৰ ৰহস্য সদায় ৰহস্য হৈয়ে থাকি যাব৷ (আগলৈ) (সকলোলৈ মৰম আৰু শ্ৰদ্ধা জনাই আজিৰ খণ্ডটিও আগবঢ়াই দিলোঁ,কেনেকুৱা হৈছে জনাবলৈ নাপাহৰিব,যদি লেখাটো পঢ়ি আমনি পাইছে জনাব৷আপোনালোকৰ মৰম,আৰ্শীবাদবোৰৰ বাবে ধন্যবাদ প্ৰান্তত দেৱাশ্ৰী বৰা )

No comments:

Post a Comment