Friday, July 23, 2021
ভালপোৱাৰ অপেক্ষাত..!! (নাহৰ ফুলাৰ দৰেই) খণ্ড-৩ *************************** দৃষ্টিৰ বুকুত এজাক ধুমুহাই হেন্দোলনি মাৰি আছিল৷ভয় কিম্বা উৎসুকতা এটিৰ সৈতে প্ৰথম দিনটোৰ প্ৰথম ক্লাছটো কৰিবলৈ বুলি সময়তকৈ আগতেই ৰুমৰ পৰা উলাই আহিছিল৷উদ্দেশ্য এটাই ইউনিভাৰচিটিৰ দিনকেইটা শুই বহি কটাব নিবিচাৰে,একেদিনাই যেন সকলো অভিজ্ঞতা সামৰি ল’ব৷ইউনিভাৰচিটিৰ মেইন গেটেৰেই সোমাই আহি সোঁহাতেই পোৱা মন্দিৰটোলৈ চাই প্ৰথম দিনটো ভালে কুশলে পাৰ হোৱাৰ আপাহৰে সেৱা এটি জনালে৷সময় তেতিয়া ন’ বাজিছিল,টিংটিং কৈ মন্দিৰৰ ঘন্টাটো বাজি উঠাত তাইৰ মন মগজুৰ পৰা আদি কৰি সমস্ত শৰীৰলৈকে পবিত্ৰ অনুভৱ এটাই আৱৰি ধৰিছিলহি৷মন্দিৰৰ পৰা অহা সুগন্ধি ধুপৰ গুন্ধটো নাকত লগাত দীঘলীয়া উশাহটোৰ সৈতে উজাই ল’লে৷চৰ্টকাট ৰাস্তাটোৰে নগৈ ৰাস্তাটোৰ দুইপাৰে দুৰদুৰলৈকে বিয়পি পৰা লাইন লাইনকৈ থকা নাহৰ কেইজোপাৰ ছাঁ লৈ দীঘলীয়া ফুটপাথটোৰে আগুৱাই আহিল৷ ইউনিভাৰচিটিৰ কেম্পাচটো সচাঁকৈ বৰ ধুনীয়া,সকলোৰে মনমুগ্ধ কৰিব পৰাকৈ আকৰ্ষণীয়৷সেউজীয়াবোৰৰ মাজত থাকি শৰীৰৰ পৰা মনলৈকে সতেজতা আনিব পৰা এটা পৰিৱেশ৷কিন্তু ইমান ডাঙৰ কেম্পাচটোত দীঘলীয়া বাট বুলোতেই দিশভ্ৰান্ত হৈ পৰিল তাই৷এদমিচনৰ সময়তহে যি এবাৰ চেন্তাৰলৈ আহিছিল সেয়ে ৰাস্তাটো অলপ খেলিমেলি লাগিছে ৷কোনফালেদি গ’লে ওলাব ভাবি ভাবি নাহৰ গছৰ মাজে মাজে আৰিঁ থোৱা ফলকবোৰ চাই গৈ আছে৷অন্যমনস্ক হৈ আহোঁতে কেনেকৈ জানো ফুটপাথটোৰ পৰা উজুটি খাই সৰি পৰিল তাই ধৰিবই নোৱাৰিলে৷ পটাপট কোনেও নেদেখাৰ আগতেই নিজকে সুস্থিৰ কৰি ইফালেসিফালে চালে,নাই কোনেও দেখা নাই ৷ কিন্তু পাছলৈ মুৰ কৰি দিওঁতেই দেখিলে,এদমিচনৰ সময়ত তাইক অচিনাকি ঠাইখিনিত ব্যস্ততাৰ মাজতো সহায় কৰি দিয়া "ৰুদ্ৰাক্ষ " নামৰ চিনিয়ৰ ল’ৰাটোক৷কেকোৰাচুলিৰ সৈতে সুথাম শৰীৰত ফৰ্মেল পেন্ট চাৰ্ট পিন্ধা হেন্দচম ল’ৰাটো৷লগালগ লাজ এটাই যেন তাইক ভিতৰৰ পৰা চিকুটি বাকুটি আহিছিল৷সি তাইৰ ফালেই আগবাঢ়ি অহাযেন দেখি তাই অনুভৱ কৰিলে তাইৰ গালে মুখে তপত তেজৰ সোতঁ এটি বৈ আহিছে৷এদমিচনৰ দিনাও তাই তাৰ মুখৰ আগতেই দিনটো নোখোৱা নোবোৱাকৈ থকাৰ বাবে মুৰ ঘুৰাই ঢলি পৰিছিল,কিন্তু আজি পুনৰ উজুটিতো খাই বাৰু তাৰ সন্মুখতহে পৰিব লাগেনে৷আগবাঢ়ি যাবও পৰা নাই,মুৰতুলি চোৱাৰো সাহস হোৱা নাই,সেমেনাসেমেনিকৈ ৰৈ আছে একে ঠাইতে৷তাইৰ কাষ পাই গহীন কণ্ঠস্বৰে ৰুদ্ৰই মাত দিলেহি " দুখ পালা নেকি ক’ৰবাত?" তাই লাজতে মৌন হৈয়ে সোঁৱেবাৱে মুৰ জোকাৰিলে৷ তাকে দেখি ৰুদ্ৰই তাইক বিশেষ একো নুসুধি আগবাঢ়ি গুচি গ’ল৷তাই ভাবিছিল ৰুদ্ৰই হয়তো তাই উজুটিখাই পৰাক লৈ ইতিকিং কৰিব,নাইবা অইন কিবা ক’ব আৰু হাঁহি দিব ,কিন্তু সি তেনেকুৱা একো নকৰি স্বাভাৱিক ভাৱেই সুধাপুচা কৰি পাৰ হৈ গুচি গ’ল,যেন সেইখিনিত একো হোৱাই নাছিল৷সচাকৈ এদমিচনৰ দিনাও তাই তাক থিকেই লক্ষ্য কৰিছিল "সি আনতকৈ বহুত বেলেগ"প্ৰয়োজনতকৈ অধিক এটা শব্দও বেছিকৈ নকয়৷জোখতকৈ অলপ বেছিয়েই গহীন৷ মনতেই কথাবোৰ ভাবি তাৰ প্ৰতি শ্ৰদ্ধাৰ ভাৱ এটাই তাইৰ মনত বাহ লৈছিলহি৷কথাবোৰ ভাবি ভাবি ৰুদ্ৰৰ পাছে পাছে তাইয়ো বাট ল’লে৷ক্লাছলৈ দেৰি হৈছিল যদিও তাই ৰুদ্ৰৰ সন্মুখেৰে পাৰ হৈ যাব বিচৰা নাছিল বাবেহে তাৰ কেকোৰাচুলিকোছাতেই অলেখ ভাৱনাৰ সুত এটি বিয়পাই লাহে ধিৰে খোজ ল’লে৷ আজিকালি তাই সৰু সৰু কথাবোৰো মিচাতে অলপ বেছিকৈয়ে ভাবিগুণি থাকে,সেয়ে ৰাস্তাৰ সিপাৰৰ পৰা তাইক চিঞৰি থকা সমীক্ষাৰ মাতটোকো তাই শুনা পোৱা নাই৷সেয়ে সমীক্ষাই দৌৰি অহাদি আহি তাইৰ সন্মুখত ৰৈ দিলেহি৷ হঠাৎ এইদৰে সমীক্ষাক সন্মুখত দেখি তাই থতমত খালে,কিন্তু কিবা এটা সুধিবলৈ লোৱাৰ আগতেই সমীক্ষাই বিশেষ ভংগীমাৰে কৈ উঠিল " কি হ’ল চিনি পোৱা নাই নেকি? সেই যে এদমিচনৰ দিনা লগ পাইছিলো মনত পৰিছেনে?" চকামকাকৈ তাইৰ মনত পৰিল সমীক্ষাৰ চেহেৰাটো,তাই যদি ভুল নহয় তেনেহ’লে সিহঁতৰ ক্লাছৰ আটাইতকৈ চুকা ছোৱালীজনীয়েই সমীক্ষা৷মেৰিট লিষ্টতো তাইৰ নামটো প্ৰথমেই আছিল৷কিন্তু অলপো গবভেম নথকা অমায়িক ছোৱালী৷সহজতে সকলোকে আপোন কৰি ল’ব পাৰে৷উৎফুল্লিত হৈ দৃষ্টিয়ে কৈ উঠিল "হেই কি কোৱা,কেনেকৈ পাহৰিম ইমান সোনকালে,হঠাৎ মুখৰ আগতে দেখিহে ৰৈ গৈছিলোঁ৷ পিছে তুমি ক’ত থাকা ন’হ ?" সমীক্ষাই কৈ উঠিল " মই ইউনিভাৰচিটিৰ মেইন হোষ্টেলতে চিট পালোঁ নহয়,তুমি " দৃষ্টিৰ মনটো অলপকৈ সেমেকি পৰিল,তাইৰো বহুত মন আছিল,ইউনিভাৰচিটিৰ মেইন হোষ্টেলত থাকিবলৈ কিন্তু চিটহে নাপালে, হ’লেও নতুন হোষ্টেলটোও বৰ বেয়া নহয় ,ভালেই লাগিছে থাকি সেয়ে পুনৰ মনটো আনন্দত উৎফুল্লিত হৈ পৰাত কৈ উঠিল " মই মেইন হোষ্টেলত নাপালোঁ সেয়ে ওচৰতে আশা নামৰ হোষ্টেলটোতে ৰুম ল’লো ৷পিছে তোমাৰ হোষ্টেলীয়া অনুভৱ কেনেকুৱা কোৱাচোন ,মোৰ যে খুউব জানিবলৈ মন যায় ,মই অনুভৱ কৰাৰ দৰেই আনৰো হৈছেনে৷হোষ্টেলত এতিয়াও ভিতৰুৱাকৈ কেনেবাকৈ ৰেগিং হয় নেকি ? একদম মানে এক্সচাইটেদ হৈ পৰোঁ৷ব্যক্তিগত হোষ্টেলবোৰত যিমান হ’লেও সেইখিনিৰ অনুভৱ সুকীয়া " সমীক্ষাই তাইৰ উত্তৰত কৈ উঠিল " তোমাৰ এক্সাইটমেন্টবোৰ বুজিছোঁ কিন্তু অভিজ্ঞতা মোৰ বাবে এতিয়ালৈ শূণ্য৷অলপ আগত ঘৰৰ পৰা আহি পাইছোহে, লগালগ কাপোৰ কানিবোৰ সলাই ক্লাছ কৰিবলৈকে উলাই আহিছোঁ৷ " দুয়োজনীয়ে কথাপতাত ব্যস্ত হৈ পৰাত কেতিয়ানো ৰুদ্ৰ দৃষ্টিৰ সন্মুখৰ পৰা আতৰি গ’ল তাই গমেই নাপালে৷চেন্তাৰলৈ যোৱা গোটেই ৰাস্তাটোত তাই কথাপতাৰ মাজতো ক’ৰবাত ৰুদ্ৰক দেখে নেকি জুমি চাই গ’ল৷ তাইৰ মনৰ অস্থিৰতাবোৰ দেখি সমীক্ষাই এপাকত সুধিছিল "কোনোবা আহিব লগা আছে নেকি? " কিন্তু তাই নাই,সেউজীয়াবোৰ চাই আহিছোঁ বুলি জীয়া ফাকি এটা মাৰি আগবাঢ়িছিল গন্তব্যস্থানলৈ৷ ইটো সিটো কথা পাতি সিহঁতি কেতিয়ানো চেন্তাৰৰ সন্মুখ পালে ধৰিবই নোৱাৰিলে৷ চেন্তাৰৰ সমুখতে আৰিঁ থোৱা ফলক দুখন চকুত পৰাতহে মনলৈ আহিল৷কিছুপৰ ৰৈ ফলক দুখন পঢ়ি চালে,ডাঙৰ ডাঙৰ আখৰেৰে ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাৰেই ব্যৱহাৰ কৰি প্ৰথমখন ফলকত লিখা আছিল "Centre for studies in journalism and mass communication সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰ" সমীক্ষাই ততাতৈয়াকৈ দৃষ্টিৰ আগত mass com.পঢ়িবলৈ থকা হেপাঁহটোৰ কথা কৈ পেলালে৷কিন্তু ঘৰৰ পৰা নিদিয়াৰ বাবেহে বোলে চিট পাইয়ো এদমিচন ল’ব নোৱাৰিলে৷ কিন্তু দৃষ্টিৰ ক্ষেত্ৰত সদায়েই পঢ়িবলৈয়ে হওক বা জানিবলৈ বিচৰা দ্বিতীয় ফলক খনত আঁৰি থোৱা ঠিকনাটোৱেই শেষলৈকে স্হায়ী হৈ পৰিছিল "প্ৰায়োগিক মনোবিজ্ঞান আৰু অধ্যয়ন কেন্দ্ৰ center for studies in applied psychology''৷ গ্ৰেজোৱেছন এইটো বিষয়তেই কৰিবলৈ বিচাৰিছিল যদিও তাই যথাসময়ত উজনিৰ কোনঠাইত পঢ়িব পৰাকৈ সুবিধা আছে কথাটোহে গম নাপালে৷কিন্তু এদমিচনৰ দিনাহে যোৰহাটৰে "women university"তে গ্ৰেজুৱেচনৰ বাবে বিষয়টো থকাৰ কথাটো জানিব পাৰি আচৰিত হৈছিল৷হ’লেও হৈ যোৱাবোৰ ভাবি নাথাকি গ্ৰাউণ্ড ফ্লৰতে থকা বিভাগটোৰ ভিতৰলৈ বহল দোৱাৰখনেৰে দুয়োজনী সোমাই আহিল ৷সিহঁতি ক্লাছ পোৱালৈ প্ৰায়খিনি ল’ৰাছোৱালীৱেই ক্লাছটোত উপস্থিত আছিল৷অচিনাকি মুখবোৰ দেখি দৃষ্টিয়ে অলপ অসহজ অনুভৱ কৰিছিল৷কোনোমতে দুয়োজনী গৈ শেষৰ বেঞ্চখনত বহি ল’লেগৈ৷ প্ৰথমদিন গতিকে ক্লাছ কৰিবলৈ অহা প্ৰতিগৰাকী প্ৰফেছাৰেই চিনাকী পৰ্ব এটি ৰাখি যিমান পাৰে বিষয়টোৰ সৈতে সকলোৱে সহজ হ’ব পৰাকৈ নতুন বিষয়টোৰ পৰা আদি কৰি Syllabus পৰ্যন্ত ভালদৰে বুজাই দিলে৷ইমান যে মৰমিয়াল তেওঁলোক,কথাবতৰা বোৰতেই ধৰিব পাৰিছিল৷ কিমানদিনৰ পৰা যে তাই ইউনিভাৰচিটিত পঢ়াৰ হেপাঁহ এটা পুঁহি ৰাখিছিল আৰু আজি সেই বহুদিনীয়া হেপাঁহটো পুৰ কৰাৰ স্বাৰ্থতেই ইমানখিনি কৰিব পাৰিছে দেউতাকৰ জোৰতেই৷ দেউতাকৰ সময়ৰ কথা,তেওঁ এইখন ইউনিভাৰচিটিৰ পৰাই এম.এ পাছ কৰি উলাই লগালগ চৰকাৰী চাকৰি পাইছিল,অৱশ্যে সেই সময়ত আজিৰ দৰে চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়াৰ কোনো কথাই নাছিল৷যিহ’লেও ইউনিভাৰচিটিৰ সময়বোৰৰ কথা মনত পেলাই আজিও তেওঁ গান গোৱাৰ দৰেই কৈ থাকে কাহিনীবোৰ ,তাই মাথোঁ শুনি যায়৷দেউতাকৰ মুখৰ পৰা কথাবোৰ শুনি শুনিয়েই যেন তাই ইউনিভাৰচিটিৰ প্ৰতিটো কোণৰ সৈতে যেন চিনাকি হৈ পৰিছিল৷ সেয়ে এবাৰলৈ দেউতাকৰ দৰেই সেই ব্যতিক্ৰম অনুভৱখিনি বাস্তৱিত কৰিবলৈ বুলিয়ে বাকীবোৰ ইউনিভাৰচিটিৰ চিটটো বাদ দি নাহৰ দেশলৈ বুলি আগবাঢ়িছিল৷ এদিন দুদিনকৈ সময়বোৰ পাৰ হ’বলৈ ধৰিছিল৷এইদিনকেইটা যে তাই ক্লাছকেইটা শেষ হোৱাৰ পাছতেই চিটপখিলাৰ দৰে ইউনিভাৰচিটিৰ অলিয়েগলিয়ে সমীক্ষাৰ সতে ঘুৰি ফুৰিছে৷বহুতো নতুন নতুন বন্ধুত্বও গঢ়ি উঠিছে,তাৰে মাজৰে ৰিতুৰাজ,কৰৱী,নিৰ্মালি,নয়না,আকাশহঁতৰ লগত ঘনিষ্ঠতাটো বাকীবোৰতকৈ বেছি৷মনগ’লেই সিহঁতৰ হঁতে আদ্দা দিব পাৰে,মুকলিকৈ হাঁহিব পাৰে ,কিম্মান যে ভাললগা এই সময়বোৰ৷ প্ৰথম সপ্তাহটোৰ আজি শেষৰটো দিন৷প্ৰথম ক্লাছটো আৰম্ভ নহওঁতেই ডিপাৰ্টমেণ্ট ৰিপ্ৰেজেণ্টেটিভ শিৱানী ভূঞা নামৰ ছোৱালীজনীয়ে ব্ৰেকটাইমত চেন্তাৰৰ চিনিয়ৰবোৰ চিনাকি হ’বলৈ আহিব বুলি কোৱা কথাকেইটাত তাইৰ যে বুকুখন ধপধপাই উঠিছিল৷ কি সুধিব,কি কৰিব,কেনেবাকৈ ৰেগিং কৰিব নেকি? ভাবি ভাবি মনটো অশান্ত হৈ পৰিছিল৷কোনো এটা ক্লাছতেই ভালদৰে মন বঢ়াব পৰা নাছিল৷তাই লক্ষ্য কৰিছিল সিহঁতৰ লগৰ সকলোৰে একেই অৱস্থা ,থিক তাই সন্মুখীন কৰি থকা পৰিস্হিতিটোৰ দৰেই৷ মাথোঁ সকলোৱে বাট চাই ৰৈছিল অনাগত সেই সময়খিনিলৈ৷ (আগলৈ) (আপোনালোক সকলোলৈ মৰম আৰু শ্ৰদ্ধা জনাই তৃতীয় খণ্ডটোও আগবঢ়াই দিলোঁ৷অপৈণত হাতৰ লেখাটো আদৰি লোৱাৰ বাবে প্ৰতিগৰাকী পঢ়ুৱৈলৈ ধন্যবাদ যাচিলোঁ৷আপোনৰলোকৰ দিহা পৰামৰ্শ আৰু সহযোগিতা মোৰ একান্তই কাম্য)
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment