Thursday, August 20, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 50) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) সমীৰ আৰু বৰ্ষাৰ জীৱনৰ এটা কলা অধ্যায়ৰ যৱনিকা পৰিল৷সিহঁতি সুখী অনাগত জীৱনটোত আগবাঢ়িবলৈ৷দুপৰীয়াৰ ভাতসাজ খাই আবেলিপৰত ছায়া আৰু নিবিড় ঘুৰি যোৱাৰ কথা আছিল ৷কিন্তু বাহিৰত দুপালপিটা বৰষুণ,যাবলৈ ৰৈ থাকোঁতেই সন্ধিয়া লাগিল৷বৰষুণ ক’ম হোৱাৰ নামেই লোৱা নাই৷বৰ্ষা আৰু সমীৰে সিহঁতকো আজি ইয়াতেই থাকি দিবলৈ যোৰ কৰিলে৷লগতে সমীৰে কোনো কথাৰ অৱতাৰণা নকৰাকৈ মায়াক কাইলৈ এসেকা দিম বুলিয়েই ঘৰলৈ মাতি পঠিয়াইছে,পুনৰ ৰাতিপুৱা অহাতকে সিহঁতিও থাকি দিয়াটোৱেই শ্ৰেয় বুলি ধৰি ল’লে৷ৰাতিসাজ আটাইয়ে খোৱা বোৱা কৰি নিজৰ নিজৰ ৰুমত সোমালগৈ৷ সমীৰে যদিও বৰ্ষাক কাষত পাই সুখী তথাপিও মায়াৰ প্ৰতি ক্ষোধাগ্নিৰ জুইত দগ্ধ হৈ পৰিছে৷মায়াই তাৰ সমস্তখিনি এক মুহূৰ্ততে নুই কৰি দিলে৷খঙত সমীৰৰ চকুমুখ জবাফুলৰ দৰে হ’ল৷তীব্ৰ আক্ৰোশেৰে কৈ উঠিল "মায়াক মই সুদাই নেৰোঁ" কথাষাৰ বৰ্ষাই শুনি সমীৰৰ মুখতে হাত পাতি ধৰিলেহি৷সমীৰে বৰ্ষালৈ আচৰিত ভাৱে চাই সুধিলে "বৰ্ষা তুমি এতিয়াও?" "মায়াই আপোনাৰ লগত যি কৰিলে আপুনিও যদি তাইৰ লগত সেই একেই ব্যৱহাৰেই কৰে তেনেহ’লে আপোনাৰ আৰু তাইৰ মাজত জানো কিবা পাৰ্থক্য থাকিব৷" "কিন্তু বৰ্ষা তাইৰ বাবেই জানো আমি ইমানদিনে কাষত থাকিও দুৰ হৈ থকা নাই৷ইমানদিনে মৌন হৈ ৰোৱা নাই? সমীৰৰ চকুত চকু থৈ বৰ্ষাই কৈ গ’ল "আপুনি বাৰু কিয় ভাবিলে মৌনতাবোৰে দুৰত্ব বঢ়াই বুলি৷এই মৌনতাবোৰৰে সুযোগ লৈ আমি আমাৰ সৈতে চিনাকি হৈছিলোঁ,ইজনে সিজনৰ ভাল লগা বেয়ালগাবোৰ উপলব্ধি কৰিছিলোঁ,এই মৌনতা বোৰতেই আমি আমাৰ সৈতে পৰিচয় হৈছিলোঁ৷ মৌনতা বোৰে শূন্যৰ দেৱাল বগাই সোণৰ সাকো গঢ়ে৷ আজি আমি সেই সোণৰ সাকোঁ ঢুকি পোৱা হ’লো" সমীৰে স্তম্ভিত হৈ বৰ্ষাৰ ফালে চাই ৰ’ল৷বৰ্ষাই মেডচিন কেইটা তাৰ ফালে আগবঢ়াই খাবলৈ দিলে ৷আজি ভালেমান দিনধৰি নিজৰ চিন্তা ভাৱনাবোৰৰ বাবে চিনুৰ কথা পাহৰিয়েই পেলাইছিল তাই৷আজি নিবিড়হঁতে সিটো ৰুমত শোৱাৰ বাবেই নেগুৰ জোকাৰি জোকাৰি চিনু আহি তাইৰ কাষত ৰৈ আছেহি৷বৰ্ষাই মৰমেৰে তাৰ মুৰত হাত বুলাই বাহিৰৰ ৰুমটোত তাৰ বাবে শোৱাৰ ব্যৱস্থা কৰি দিলেগৈ৷এইদৰে ৰাতিখন তাইৰ কাষলৈ সি অহাতেই তাইয়ো বুজিছে নিশ্চয় তাৰো টোপনি ধৰিছে৷ সমীৰে যিহেতু ঘৰ যোৱা কথা ক’লেই সেয়ে ফূৰ্তিতে তাইয়ো কাপোৰ কানিৰ আজিৰ পৰা জাপিবলৈ আৰম্ভ কৰি দিলে৷আজি বহুত দিনৰ মুৰত বৰ্ষাৰ মনটো মুকলি যেন লাগিছে৷গান এটা গুণগুণাই ৰাতি বহুদেৰিলৈ কাপোৰ কানি আটাইখিনি জাপি শেষ কৰিলে৷ভাগে ভাগে ব্যৱহাৰ নোহোৱা কাপোৰবোৰ বেগত ভৰাই গ’ল৷ কিমান যে ভাল লাগিছে তাইৰ,বহুত দিনৰ মুৰত আপোন ঘৰখনলৈ উভতি যাব,অসমলৈ উভতি যাব৷ ৰাতি দেৰিকৈ শোৱাৰ বাবে বৰ্ষাৰ সাৰপোৱা আনদিনাতকৈ আজি দেৰি হ’ল৷সমীৰে সোনকালে সাৰ পালে যদিও তাই ইমান ধুনীয়াকৈ শুই থকা দেখিয়েই জগাবলৈ বেয়া পালে৷বৰ্ষাই সাৰ পাই সমীৰক বিচনাত নেদেখি সময় কিমান হ’ল চালে,সাত বাজিবৰ হ’ল৷ইমান দেৰি হ’ল বুলি ল’ৰালৰিকৈ উঠি বিচনাখন পাৰি বাথৰুমত সোমালগৈ৷ সমীৰে হাতত চাহ দুকাপ লৈ বৰ্ষালৈ বাট চাই বেলকনিতেই বহি আছে ৷খপজপকৈ বাথৰুমৰ পৰা ওলাই আহি বৰ্ষাই আইনাৰ সন্মুখত বহি লৈ তিতা চুলিকোছা মোহাৰি আছে৷তাইৰ ব্লাউজ তিতি স্বচ্ছ হৈ পৰা পিঠিখনে সমীৰক উন্মাদ কৰি তুলিছে৷আজিলৈ আগতে কেতিয়াও এনে হোৱা নাই৷আগবাঢ়ি গ’ল তাইৰ ফালে৷আইনাত সমীৰৰ প্ৰতিকৃতিটো ভাহিঁ পৰাত বৰ্ষাই তালৈ চাই হাঁহি এটি মাৰি সুধিলে " মোৰ উঠা দেৰি হৈ গ’ল ,নিবিড়হঁত উঠিলে নি বাৰু " গহীন সুৰত সমীৰে ক’লে "নাই উঠা " বৰ্ষাই সমীৰক "ৰ’ব মই আপোনালৈ চাহ কৰি আনোগৈ" বুলি কোৱাৰ লগে লগে সমীৰে তাইৰ হাতত ধৰি বেলকনিৰ ফালে টানি নিলে৷চাহৰ কাপটো তাইৰ হাতত তুলি দি ক’লে "কিমাননো তুমিয়ে চাহ দি থাকিবা?আজি মোৰ হাতৰে খাই চোৱা৷" সমীৰৰ কথাত বৰ্ষাৰ চকুহাল চমকি উঠিল৷তাইৰ হাতলৈ সমীৰে চাহৰ কাপটো আগবঢ়াই কেনেকুৱা হৈছে জানিবলৈ তাইৰ মুখলৈ চাই ৰ’ল ৷বৰ্ষাই চাহত চুমুক মাৰিয়েই তিতা আৰু চেনি নিদিয়া চাহ কাপ খাই সমীৰৰ মন ৰাখিবলৈ বুলিয়ে একোকে নক’লে৷সমীৰে তাইৰ সোৱাদবিহীন মুখখন দেখি কি হ’ল সুধিলে৷তাইয়ো সেমেনাসেমেনি কৰি একো নাই বুলি কৈ পুনৰবাৰ চাহত চুমুক দিলে৷সমীৰৰ সন্দেহ হ’ল নিশ্চয় কিবা এটা গণ্ডগোল যে হৈছে৷সেয়ে নিজৰ চাহৰ কাপটো হাতত তুলি শুহাটো মাৰিয়েই জিকাৰ খাই গ’ল৷বৰ্ষাই খিলখিলাই হাঁহি দিলে৷তাকে দেখি সমীৰেও তাইৰ হাতৰ পৰা চাহকাপ কাঢ়ি আনি ক’লে " কেনেকৈ খালা এইবোৰ৷মোক অন্তত জনাব লাগিছিল " বৰ্ষাই হাঁহি এটা মাৰি কাপকেইটা সামৰি তাক কৈ থৈ গ’ল "একো নাই প্ৰথমবাৰ বনাইছে৷আপুনি বহক মই চাহ লৈ আহোঁগৈ৷" বৰ্ষাৰ পাছে পাছে সমীৰো ডাইনিং ৰুমলৈ ওলাই আহিল৷বৰ্ষাই চাহ বনাইছেই যেতিয়া ৰাতিপুৱাৰ চাহ কাপ আটাইয়ে একেলগে খাওঁ বুলিয়েই ছায়া আৰু নিবিড়কো জগাই দিলে৷আটাইয়ে হাঁহি ফূৰ্তিৰে দিনটোৰ আৰম্ভণি কৰিলে৷ছায়াই থাকিম বুলি লগত কাপোৰ অনা নাছিল বাবেই গা ধুই বৰ্ষাৰে কাপোৰ এসাজ খুজিলে৷বৰ্ষাই আলমিৰাটো খুলি যি যোৰ লাগে লৈ ল’বলৈ ক’লে৷কিন্তু বৰ্ষাৰ কুৰ্তাবোৰ তাইৰ চাইজৰ নহয় সেয়ে উপায় নাপাই শাৰী এখনকে পিন্ধাৰ কথা ভাবিলে৷চাদৰ মেখেলা এযোৰ ঘৰলৈ পিন্ধি যাবলৈ থোৱাৰ বাদে আটাইবোৰ কাপোৰ তাই বেগত ভৰাই থ’লে৷সেয়ে বেগটোৰ পৰা কাপোৰ উলিয়াওতে বৰ্ষাই ছায়াক জনালে যে ঘৰলৈ যাবলৈ তাই কাপোৰ পেক কৰিলেই৷ছায়াইয়ো কথাষাৰ শুনি ফুৰ্তিতে ল’ৰালৰিকৈ কাপোৰসাজ পিন্ধি বৰ্ষাৰ বেগটো বাহিৰলৈ উলিয়াই আনি নিবিড়ক ক’লেহি "দেখিছা ঘৰ যোৱাৰ নাম শুনি বৌয়ে কাপোৰ জাপিলেই ,আমি কেতিয়া যাম" নিবিড়েও ধেমেলীয়া সুৰতেই তাইকো সিহঁতৰ লগতে পঠিয়াই দিম বুলি ক’লে৷কথা বতৰাৰ মাজেৰেই সময়বোৰ গৈ আছে৷ৰাতিপুৱা দহ বাজিবৰেই হ’ল,সেয়ে ল’ৰালৰিকৈ বৰ্ষাই ব্ৰেকফাষ্ট বাঢ়ি দিলে৷ খোৱা বোৱা কৰি আজৰি হৈছিলহে কলিংবেলটো বাজি উঠিল ৷বৰ্ষাই ড’ৰহ’লেৰে জুমি চালে ,দোৱাৰৰ সন্মুখত মায়া ৰৈ আছে ৷কথাটো সমীৰক জনোৱাত সি ছায়া আৰু নিবিড়ক ৰুমৰ ভিতৰত সোমাবলৈ ক’লে৷বৰ্ষাই লাহেকৈ দোৱাৰখন খুলি দিলে৷তাইৰ উপস্থিতিক উপেক্ষা কৰি মায়াই গপগপাই ভিতৰলৈ সোমাই আহিল৷সমীৰক চোফাতে বহি থকা দেখি প্ৰথমেই চকু পৰা বেগকেইটাৰ কথাটোকে উলিয়ালে৷ "তাৰ মানে সমীৰ তুমি সিদ্ধান্ত লৈ পেলালা" সমীৰৰ মায়াৰ প্ৰতি উঠি থকা খঙটোক সামৰি গহীনাই ক’লে "হয় মই সিদ্ধান্ত ল’লোঁ" হাঁহি এটি মাৰি মায়াই ক’লে " তেনেহ’লে ডিভোৰ্চ পেপাৰখন দিয়া আকৌ মোক " সমীৰে তাইক বহুৱাই ডিভোৰ্চ পেপাৰখন ভিতৰৰ পৰা লৈ আনিলেগৈ৷বৰ্ষাই একো কোৱা নাই মৌন হৈ ৰৈ আছে ৷এখন ব্লেংক ডিভোৰ্চ পেপাৰ সমীৰে তাইৰ হাতত গুজি দিলেহি৷মায়াই হতবাক হৈ প্ৰশ্ন কৰিলে " এইখন খালী যে ?" সমীৰে বৰ্ষাৰ কাষলৈ আহি তাইৰ কান্ধত হাত থৈ ক’লে "মই বৰ্ষাক ডিভোৰ্চ নিদিওঁ " মায়াই খপজপকৈ সমীৰৰ সন্মুখলৈ আহি সুধিলে "তেনেহ’লে এইবোৰ কিহৰ বেগ?বৰ্ষা মানে ক’লৈকো নাযায় ?" সমীৰে বেগকেইটালৈ মন কৰাই নাছিল,ছায়াই ৰাতিপুৱাই নিবিড়ক দেখাবলৈ আনি ডাইনিং ৰুমতে এৰিলে৷কথাটো মনত পৰাত মিচমিচাই হাঁহি এটা উঠি আহিল তাৰ আৰু কৈ উঠিল " বৰ্ষাই নহয় আমি যামগৈ ইয়াৰ পৰা " মায়াই পগলাৰ লেখিয়াকৈ সমীৰক প্ৰশ্ন কৰিলে " কি কৈছা এইবোৰ৷তুমি গুচি গ’লে মোৰ কি হ’ব?আমাৰ ভালপোৱা বোৰৰ কি হ’ব৷মই জানো নহয়, এইসব এই বৰ্ষাৰ কাৰণেই হৈছে " বৰ্ষাৰ ফালে মায়াই হাত ডাঙি অহাত তাই কঁপি উঠিল৷সমীৰে মায়াৰ হাতত ধৰি বাধা দি চিঞৰি উঠিল " বন্ধ কৰা তোমাৰ নাটক ৷অতদিনে বহুত সহ্য কৰিলোঁ৷আজি আৰু নহ’ব ৷তোমাৰ মুখা খোল খালে মায়া " মায়াই সমীৰলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই ক’লে " সমীৰ তুমি মোক এনেকৈ ক’ব পৰা হ’লা ?" "বহুত আগতেই ক’ব লাগিছিল দেৰিহে কৰিলোঁ৷তুমি কি ভাবিছিলা মুখা পিন্ধিলেই মানুহ ভদ্ৰ হৈ পৰে৷মই মুৰ্খ নহয়,তোমাৰ সকলোখিনি ইতিমধ্যে গম পাইছোঁঁ৷ " "কি আবোলতাবোল গাই আছা হা...কি জানা তুমি মোৰ কথা কি জানা ?" সমীৰে ছায়াক মাত দিলে,চলচলীয়া চকুহালেৰে সম্পূৰ্ণ দুটা বছৰৰ মুৰত ছায়াই মায়াৰ মুখামুখি হৈছেহি৷ছায়াই মুখেৰে একো নমতাকৈ তলমুৰকৈ ৰৈ আছে৷নিবিড়ে দাঁত কৰচি মায়াক কৈ উঠিল " এই ওপৰত কৰা অত্যাচাৰবোৰ কম আছিল নেকি? এতিয়া যে বৌক খেদিবলৈ বিচাৰিছা ?" মায়াই ইমান দিনৰ মুৰত ছায়াক দেখি আচৰিত হ’ল৷কোনো এটা মুৰ বিচাৰি পোৱা নাই ৷তথাপিও নিজকে সচাঁ প্ৰমাণ কৰিবলৈ সমীৰক খাটিৰ কৰিছে "নিশ্চয় তোমাক ইহঁতিয়েই কিবা লগাইছে নহয়নে? কিন্তু সমীৰ তোমাক মই সচাঁকৈ বহুত বেছি ভালপাওঁ আজিও৷" সমীৰে ককৰ্ষ হঁাহিৰে ক’লে " ভালপোৱা আৰু তুমি ...যদি তোমাৰ ভালপোৱা সচাঁ হ’ল হয় দুবছৰ আগতে মোক অকলশৰীয়া কৰি টকাৰ পিছত দৌৰ নিদিলাহেঁতেন৷আৰু এতিয়া মোৰ অসহায় অৱস্থা দেখি টকাৰে কিনিব বিচাৰিছা!ৱাহ ৷ তোমাৰ দৰে অবিশ্বাসী,অসৎ আৰু স্বাৰ্থপৰ মানুহ পাবলৈ সহজ কিন্তু বৰ্ষাৰ দৰে বিশ্বাস আৰু নিস্বাৰ্থ মনোভাব পোৱা কাৰোবাক পাবলৈহে টান সেয়ে মই বৰ্ষাক হেৰুৱাব নোখোজোঁ৷" সমীৰে ডিভোৰ্চ পেপাৰখন হাতত তুলি মায়াৰ চকুৰ সন্মুখতে ফালি টুকুৰাটুকুৰ কৰিলে৷তাকে দেখি মায়াই কাবৌ কাকুতি কৰি সমীৰক ক’লে "মোৰ ভুল হ’ল মানিছোঁ কিন্তু মই সলনি হ’লো সমীৰ৷" " হুহ সলনি আৰু তুমি?কুকুৰৰ নেজ জীৱনভৰ পুতি থ’লেও পোন নহয়৷যিজনী ছোৱালী নিজৰ জন্মদাত্ৰী মাকৰ আপোন হ’ব নোৱাৰিলে তাই মোৰ কি আপোন হ’ব ৷এনিৱেইছ এতিয়া মোক আৰু বৰ্ষাক কোনেও আতৰ কৰিব নোৱাৰে৷ তোমাৰ টকাৰ শক্তি বেলেগৰ আগত দেখুৱাগৈ৷তোমাৰ দৰে স্বাৰ্থলোভী নাৰীৰে টকাৰে মানুহৰ কিনাবেচা কৰিব খুজে৷আজি মোক কিনিব আহিছা কাইলৈ মন সলনি হ’লে মোক কাৰোবাৰ হাতত বিক্ৰী কৰি দিবও পাৰা" "নাই নাই সমীৰ মই এনেকুৱা কেতিয়াও নকৰোঁ,সচাঁ হৃদয়ৰে ভালপাওঁ তোমাক " চিঞৰমাৰি সমীৰে মায়াৰ গালত এটা পোনপটীয়া চৰ সোধালে আৰু " এতিয়াও যদি লাজ মান কিবা অলপো বাকী আছে ওলাই যোৱা ইয়াৰ পৰা,নহ’লে তোমাক মই " বুলি কৈ তাইলৈ পুনৰ হাত ডাঙি গৈছিল কিন্তু বৰ্ষাইহে কোনোমতে ৰখালে তাক৷খঙত জ্বলন্ত আঙঠাৰ দৰে সমীৰৰ চকুহাল ৰঙা হৈ পৰিছে,খঙতে তাৰ ফোপনি উঠিছে৷মায়াই অলপ ভয় খালে তাৰ ৰূপটো দেখি সেয়ে যাবলৈ বুলিয়েই এখোজ দুখোজকৈ দৰ্জাখনৰ ফালে খোজ ল’লে৷সমীৰে এইবাৰ পুনৰ মাত লগাই ক’লে " আৰু শুনি যোৱা,ইমান দিনৰ কোম্পানীৰ চাৰ্ভিছখিনি তোমাৰ প্ৰেম প্ৰতাৰণাৰ দান বুলি ধৰি ল’বা ,আকৌ যাতে মোৰ আৰু বৰ্ষাৰ জীৱনত তোমাৰ ছাঁটোকো নেদেখোঁ মনত ৰাখিবা "৷ মায়া ওলাই গ’ল সিহঁতৰ ঘৰৰ পৰা হয়টো ইমান অপমান কৰাৰ পাছত পুনৰ সিহঁতৰ জীৱনলৈ ঘুৰি আহিব নোৱাৰে৷খং বিৰক্তিত সমীৰৰ কপালেৰে ঘাম বৈ আহিছে৷ছায়াই পানীৰ গিলাচ এটা তাৰফালে আগবঢ়াই দিলেহি৷নিবিড়েও সমীৰৰ বাহুত হাত থৈ তাক সকাহ দিছে৷বৰ্ষা নিমাত হৈ কাষতে ৰৈ আছে৷মনলৈ বহুত কিবাকিবি কথাবোৰ আহি আছে তাইৰ ৷আজি মায়াৰ সন্মুখত তাইৰ হাতত ধৰি সকলোৰে আগত চিঞৰি চিঞৰি তাইক যে ভালপোৱা বুলি কোৱাৰ সাহস কৰিলে সেইটোতে মনটো ভৰি পৰিছে৷কিছুসময় পৰিৱেশটো নিস্তব্ধ হৈ পৰিল৷ ইমান ডাঙৰ ঘটনা এটা হৈ গৈছে৷সকলোৰে মনবোৰ ভাল নহয়৷যদিও মায়া সিহঁতৰ জীৱনৰ পৰা আতৰি গৈছে তথাপিও ছায়া আৰু সমীৰৰ দুয়োটাই আপোনজনৰ পৰা পোৱা প্ৰতাৰণা আৰু বিষাদত বহু জীয়া কাহিনীক জীৱন্ত ৰূপত শেষ কৰি দিছে৷পৰিৱেশ গুমা যেন দেখি নিবিড়েই উকি এটা মাৰি সকলোৰে মুখত হাঁহি আনিবলৈ বুলিয়েই ক’লে " ইট’ছ চেলিব্ৰট টাইম,তোমালোকে কিহৰ ইমান বিষন্ন মনেৰে বহি আছা ৷বৌ আৰু ছায়া যোৱা তোমালোকে ভাত বনোৱাগৈ৷" বৰ্ষাইয়ো চকুহাল মচি পাকঘৰলৈ সোমাই গ’ল৷সমীৰে নিবিড়ক ক’লে "আমি দুদিনৰ পাছতে ঘৰলৈ উভতিম৷পাৰিলে তইয়ো সোনকালে যাবলৈ চেষ্টা কৰিবি" আবেলিপৰতে ভাতপানী খাই নিবিড়হঁতো গ’লগৈ৷মায়াক সিহঁতৰ ঘৰৰ পৰা উলাই যোৱা দেখি প্ৰিয়াই ভয় কৰি আছিল কি বা হ’ল৷সেয়েই নিবিড়হঁত উলাই যোৱাৰ পাছত খবৰ ল’বলৈ আহিল৷বৰ্ষাই সকলো কথা প্ৰিয়াৰ আগত বিৱৰি ক’লে আৰু দুদিনমানৰ পাছতে ঘৰলৈ যোৱাৰ কথাটোৰো অৱতাৰণা কৰিলে৷প্ৰিয়াৰ মনটো ভাল লাগি আহিল সমীৰ আৰু বৰ্ষাৰ জীৱনটো স্বাভাৱিক হ’বলৈ ওলোৱা দেখি কিন্তু সদায়ৰ কাৰণে যে আতৰি যাবগৈ সেই কথা শুই মনটো গধুৰ হৈ পৰিল৷এতিয়াৰ পৰা আহিবলগা যুগ্মজীৱনৰ শুভেচ্ছা জনাই তাইয়ো ওলাই গ’ল৷ আনদিনাৰ দৰেই বৰ্ষাই দিনটোৰ ভাগৰত ৰাতি খোৱা বোৱাবোৰ সামৰি বহল বিচনাখনৰ এচুকত একাটি কৰি সমীৰৰ ফালে পিঠি দি শুই পৰিল৷হঠাৎ তাইৰ শৰীৰৰ ককাঁলৰ ভাজটোত চিনাকি হাতৰ পৰশত উচপ খাই পৰিল৷ভয়তে কপিঁ উঠিল তাই,তাইৰ কাণতে সমীৰে ওঁঠ লগাই সুধিলে "বৰ্ষা কেন আই" ইচ্ছা কৰিয়েই তাইয়ো দুই হাতেৰে আকোঁৱালি ল’লে৷ সমীৰৰ ফালে মুখখন ঘোৰাই দিব লওঁতেই তাইৰ কোমল ওঁঠত সমীৰৰ উষ্ম আলিংগন৷উশাহবোৰ ঘন হ’বলৈ ধৰিলে,ক্ৰমাত বুকুৰ ধপধপনিবোৰৰ উচ্চ স্বৰ তাই নিজ কাণেৰে শুনিবলৈ পালে৷ডেৰবছৰৰ বৈবাহিক জীৱনত তাই এই মুহুত্বটোলৈকে অধীৰ আগ্ৰহেৰে বাট চাই আছিল৷সমীৰৰ উন্মাদ প্ৰেম চুম্বনত চকুহাল মুদি দিলে৷সমীৰে প্ৰচণ্ড আবেগেৰে তাইক সাবটি ধৰিলে৷চকু,মুখ,বাহু,ডিঙি সকলোতে তপত ওঠঁৰ চুম্বনত বৰ্ষাই নিজকে সমৰ্পণ কৰিলে সমীৰৰ ওচৰত৷আস্ এই সমৰ্পণৰো যে আছে মাদকতা ৷দুটি আত্মাৰ মিলনেৰে দুয়ো বিলীন হৈ পৰিল এক নতুন পৃথিৱীত৷এই ৰাতিটো সিহঁতৰ বাবে!!! মধুলগনৰ মধুক্ষণ... সমাপ্ত ******* (সমীৰ আৰু বৰ্ষাৰ দাম্পত্যজীৱন সফল হ’ল৷নিবিড় আৰু ছায়াৰ বিয়াখন একেখন ৰভাতে উলহমালহেৰে পতা হ’ল৷নিবিড় আৰু সমীৰে নতুনকৈ আৰম্ভ কৰা "বৰুৱা ব্ৰাদাৰ্চ"ইনডাষ্ট্ৰিটোৱে পুনৰ সফলতাৰ শীৰ্ষত থিয় দিলে৷বৰ্ষাইয়ো পঢ়াৰ সপোনটো পুৰ কৰিলে তাৰ পাছতে সমীৰৰ সৈতে কোম্পানীৰ কামবনত সহায় সহযোগিতা আগবঢ়ালে৷এহাল যমজ সন্তানেৰে (অনুভৱ আৰু অৰুণোভৱ )সিহঁতৰো এখন সুখৰ সংসাৰ৷টকা পইছাৰে অন্ধ হৈ পৰা মায়াই আজি এধানি মৰম বিচাৰি হাবাথুৰি খাইছে৷অসমলৈ ঘুৰি অহাৰো সাহস পুনৰ নকৰিলে৷জীৱনত মৃত্যুহীন চেতনাৰ উপস্থিতি বিচাৰি তিলতিলকৈ নৰক যান্ত্ৰনা ভোগ কৰিছে৷এয়াই প্ৰকৃতাৰ্থক জীৱন,কৰ্মফলৰ ভোগবিলাসৰ জীৱন৷ ) *******************❤️❤️❤️******************* আপোনালোকৰ মৰম আদৰে উপন্যাসৰ লেখনিটোক আগবঢ়াই নিবলৈ মোক যথেষ্ট সহায় কৰিলে৷আজি সম্পূৰ্ণ পঞ্চাশটা খণ্ডৰে মোৰ এই উপন্যাসৰ কাহিনীটোৰ যৱনিকা পৰিল৷আশা কৰাতকৈও বহুত বেছি মৰম দিলে,মৰমবোৰ ভাষাৰে প্ৰকাশ কৰিবলৈয়ো শব্দৰ অভাৱ হৈ পৰিছে৷আপোনালোকৰ মৰম চেনেহবোৰৰ আগত চিৰকৃতজ্ঞ হৈ ৰ’ম৷পুনৰ এটা নতুন লেখনিৰে আপোনালোকৰ কাষলৈ উভতিম আজিলৈ এটা ধন্যবাদেৰে আপোনালোকৰ "সেন্দুৰ বুলীয়া ৰঙাবোৰ তোমাৰ নামত "উপন্যাসখনে বিদায় মাগিলোঁ৷ পুনঃ উপন্যাসৰ কাহিনীটো লিখিবলৈ মোক উৎসাহ জনোৱা সকলোলৈ প্ৰণিপাত জনালো৷ধন্যবাদেৰে দেৱাশ্ৰী বৰা 😊

5 comments: