Monday, August 17, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 47) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷আপোনালোকৰ মৰমবোৰৰ বাবে অশেষ ধন্যবাদ❤️বহুত মৰম সকলোলৈ৷) দিন বাগৰাৰ লগে লগে সমীৰে অনুভৱ কৰিছে কিমান যে মধুৰ এই দাম্পত্যৰ জীৱন৷যিজনী বৰ্ষাৰ সৈতে এখন্তেক সময় কটাবলৈ তাৰ কঠিন যেন লাগিছিল সেইজনী বৰ্ষা নহ’লে এতিয়া তাৰ সময়বোৰ নাযায় নুপুৱায়৷যদি বৰ্ষাই এই সম্পৰ্কটো ধৰি বান্ধি জীয়াই নাৰাখিলে হয় তেতিয়াহ’লে সি কেতিয়াও নুবুজিলে হয় কঠিন যেন লগা এই সম্পৰ্কটোৱে যে এদিন এৰাব নোৱাৰা আত্মিক সম্পৰ্কলৈ ৰূপান্তৰিত হ’ব৷বিবাহৰ বান্ধোনেৰে অচিনা অজানা মানুহ এজনৰ লগত সম্পৰ্ক ৰক্ষা কৰাটো জানো সহজনে ?তাতে আজিলৈ হয়তো অৱহেলাৰ বাবে একোৱেই দিব নোৱাৰিলে তাইক৷শৰশয্যাকাৰী হোৱাৰ পৰাই বৰ্ষাই মাথোন তাক সুস্থ কৰি তুলিবলৈয়ে যৎপৰোনাস্তি চেষ্টা কৰি আছে৷বৰ্ষাৰ ঠাইত মায়া হোৱা হ’লে জানো ইমান কৰে? দুয়োজনীৰ মাজতেই এক তুলনা কৰি চালে৷৷কিন্তু উত্তৰত মনলৈ আহিল "প্ৰেমিকা হোৱাটো সহজ কিন্তু পত্নী হোৱাটো টান" ৷ সচাঁই প্ৰেমিকাৰ পৰা পত্নীৰ যাত্ৰাটো কেতিয়াবা উজুটি খায় মানুহে কিন্তু বিবাহপাশত আবদ্ধ হৈ দুখন অচিনাকি হৃদয়ো চিৰযুগমীয়া হয়৷আপোনত্বৰ অনুভৱে মানুহক সলনি কৰি দিব পাৰে৷এধানি মৰম পালে শিলো এদিন ক্ষয় যাব পাৰে,যেনেকৈ বৰ্ষাৰ মৰমে সমীৰক সলনি হ’বলৈ বাধ্য কৰিলে৷মৰম লাগি গ’ল তাৰ এই টিপটিপি বৰ্ষাজনীলৈ যি এতিয়া নিজৰ দায়িত্ববোধৰ আগত দুখ কষ্ট সকলোবোৰৰে বিসৰ্জন কৰি দিছে৷চাওঁতে চাওঁতে সময়বোৰ ইমান বেগত দৌৰিছে যে ভাবিয়েই ভাল লাগে৷হয় সি পুনৰ প্ৰেমত পৰিছে,বৰ্ষাৰ প্ৰেমত চিঞৰি চিঞৰি তাইক জনাবলৈ মন যায়,প্ৰেমৰ নিবেদন দিবলৈ মন যায় কিন্তু এই ভগা ভৰিৰে ক’লৈকো উঠি যাবওটো নোৱাৰে৷মনটোত বেজাৰ লাগিল কিন্তু হাতত টাৱেলখন লৈ বৰ্ষাক তাৰ ফালেই অহা মন কৰিলে,সেয়ে চকুহাল উজ্জ্বলি উঠিল৷ বৰ্ষাক দেখি সমীৰে নিজকে কামত ব্যস্ত থকা যেন দেখুৱাবলৈ যত্ন কৰিছে৷সমীৰৰ একেবাৰে ওচৰত থিয় হৈ বৰ্ষাই ক’লে " অলপ পাছত ডক্তৰ আহিব,চেকআপ কৰিবলৈ৷কাপোৰ সাজ সলাই দিওঁ " একান্ত বাধ্য ছাত্ৰৰ দৰে সমীৰে ৰৈ দিলে৷গৰম পানীত কাপোৰখন তিয়াই মচি দিলে তাৰ গাটো৷প্ৰথমে লাজ লাগিছিল তাইৰ,কিন্তু এতিয়া নালাগে,প্ৰতিদিনৰ অভ্যাসেই হৈ উঠিছে৷তাতে সমীৰ যিহে চাফ চিকুণ,এসাজ কাপোৰ দিনটো পিন্ধি থাকিব নোৱাৰে৷মুখহাতবোৰ মোহাৰি দিওঁতে সমীৰে "আস " বুলি কৈ জিকাৰ খাই উঠিল৷বৰ্ষাৰ বুকুখন ধিপধিপাই উঠিল,কেনেবাকৈ দুখ পালে নেকি? বৰ্ষাই চকুহাল মুদিয়েই সুধিলে "নজনাকৈ লাগিল,মই জানি বুজি কৰা নাই " সমীৰে হাঁহি এটা মাৰি ক’লে " একো নাই,মই কিবা কৈছোঁ জানো তোমাক " যেনেতেনে তাইৰ বুকুৰ ধপধপনি বোৰে হ্ৰাস পালে ৷সমীৰৰ মনত বৰ্ষাৰ প্ৰতি উন্মাদনা বাঢ়ি আহিল৷সেয়ে কৈ দিলে " তুমি মোৰ অৱহেলাবোৰ কেনেকৈ সহ্য কৰিছিলা ?" বৰ্ষাই অবাক লাগি তালৈ চালে,উত্তৰ দিব পৰাকৈ তাইৰ হাতত একোৱেই নাই৷সেয়েই লাহেকৈ সুধিলে " কিয় লাগে আপোনাক " " মোকো শিকাই দিয়া,তুমি অৱহেলা কৰা যেন পালে কষ্ট পাওঁ " "অৱহেলা আৰু মই ?" "তেনেহ’লে মোৰ পৰা কিয় আতৰি থাকা " বৰ্ষাৰ গালদুখন ৰঙা চিঙা পৰিল৷তাই আজিলৈ ভবাই নাছিলে সমীৰে যে তাই অৱহেলা কৰিছে বুলি কোনোদিন অনুভৱ কৰিব৷আচলতে তাইয়ো অৱহেলা কৰা নাই,মায়া উভতি আহিলে তাইৰ অস্তিত্ব হেৰাব বুলিহে অলপকৈ আতৰি থাকে৷কিন্তু দায়িত্ববোধৰ পৰা কেতিয়াও পলাই যোৱা নাই৷বুকুখন লাহে লাহে গধুৰ হৈ পৰিল৷সমীৰক ভালদৰে কাপোৰ কানি পিন্ধাই চুলিখিনি আছুৰি তাৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈয়ে যাবলৈ ওলাল৷সমীৰে তাইৰ চাদৰৰ আগটোতে টান মাৰি ধৰিলে৷পাছলৈ ঘুৰি তাই ক’লে " নাই যোৱা আতৰি,দৰব খোৱাৰ সময় হ’ব হ’ল৷তাৰ আগতে কিবা এটা খোৱাই লওঁ" চাদৰৰ আগটো এৰি দিলে সমীৰে৷বৰ্ষাও ৰুমটোৰ পৰা ওলাই গ’ল তেনেকুৱাতেই ফোনটো বাজি উঠিল,মায়াৰ ফোন৷ৰিচিভ কৰিবলৈ মন নথকা সত্বেও কিনো কয় জানিবলৈ খুজিলে৷সেইদিনা তাই হস্পিতালত বৰ্ষাৰ কথা মিচাকৈ কোৱা বুলি জানি খঙ এটা উঠিয়েই আছে৷তথাপিও এসময়ৰ প্ৰেমিকা আৰু ভাল বান্ধৱী বুলিয়েই ফোনটো ৰিচিভ কৰিলে৷মায়াই ভাল বেয়াৰ খবৰ সুধি,পুৰণা স্মৃতি কিছুমানৰ কথাও উলিয়ালে৷এতিয়া সেইবোৰ কথা পাতিবলৈ বা মনত কৰিবলৈ মন যোৱা নাই তাৰ৷বাৰে বাৰে কথাবোৰ সলাবলৈ খুজিলে৷কিন্তু মায়াই তাই যে এতিয়া অকলশৰীয়া সেই কথা জনাই বাৰে বাৰে সমীৰক উপলব্ধি কৰাব খুজিলে সিহঁতৰ প্ৰেমৰ কথা৷জপাই থোৱা দোৱাৰখন লাহেকৈ খুলি বৰ্ষাই ভাতৰ থালীখন লৈ তাৰফালে আগবাঢ়ি আহিছে৷তাকেদেখি মায়াৰ ফোনটো কাটি মোবাইলটো চুইটচ অ’ফ কৰি একাষে থৈ দিলে৷ সমীৰে তাইৰ দেখি ল’ৰালৰিকৈ ফোনটো থোৱা দেখি বৰ্ষাৰ অলপমান কথাবোৰ অসহজ যেন লাগিলে৷আজিকালি অৱশ্যে সমীৰলৈ থকা ভয়বোৰ কমিছে গতিকে লগালগ প্ৰশ্ন কৰিলে " কাৰ ফোন আছিল ?" "অফিচৰ পৰা " বুলি সমীৰে মিচাকৈয়ে কৈ দিলে৷কাৰণ আন এদিনো এইদৰে মায়াৰ সৈতে কথা পতাটো বৰ্ষাই মন কৰোঁতে তাক কৈ দিছিল ব্যস্ত আছে যদি মই পিছত আহিম আৰু তাৰ পাছত তাৰ পৰা দুৰে দুৰেই আছিল৷বৰ্ষাই যে অভিমান কৰে বুজিব পৰা হ’ল৷অভিমানৰ ওৰণি তুলি অন্যমনস্ক হৈ ইটো সিটো কৰি ফুৰিছিল তাই ৷এতিয়া তাইক কোনোধৰণৰ মানসিক অশান্তিত ভুগা দেখিলে তাৰো কষ্ট হয়,সেয়ে যিমান পাৰে অসহজ হ’ব পৰা সময়বোৰক এৰাই চলে৷বৰ্ষাক সুখত ৰাখিব খোজে,বৰ্ষা সুখী হওঁক৷ কথাবোৰ কৈ বৰ্ষাই তাক কেনেবাকৈ সন্দেহ কৰিছে নেকি ভাবিয়েই তাইৰ মুখলৈ চাই আছিল৷কিন্তু নাই তেনেকুৱা একো দেখা নাই৷বৰ্ষাই সানিপিটিকি ভাতৰ গৰাহ এটা তাৰফালে আগবঢ়াই দিলে৷মুখ মেলি পৰম তৃপ্তিৰে ভাতগৰাহ খাওঁতে বিয়াৰ দুদিনৰ পাছতেই তাই ৰন্ধাবোৰ দেখি তাইৰ ওপৰত চিঞৰি উঠাৰ দৃশ্যটো চকুৰ আগত ভাহি আহিল৷লগালগ কথাটোৱে বুকুত শূল বিন্ধাদি সোমাই পৰাত চৰচৰণি খালে৷ বৰ্ষাই তাৰ পিঠিতে থপথপাই মোহাৰি পানী অলপ খুৱাই দিলে৷সমীৰৰ চকুহাল চলচলীয়া হৈ পৰিল,বৰ্ষাই তাইৰ চাদৰৰ আগটোৰে সমীৰৰ চকুৰ কোণ কেইটা মোহাৰি সুধিলে "থিকেই আছেনে এতিয়া " সমীৰেও হুমুনিয়াহ এটি কাঢ়ি আন গৰাহ ভাত মুখত ল’লে৷সোঁহাতখনত বেণ্ডেজ থকাৰ বাবে বাওঁহাতেৰে চামুচেৰে খাবলৈ কষ্ট পাব বুলিয়েই বৰ্ষাই খোৱাই দিয়ে নিজ হাতেৰে৷এই ভাত গৰাহত এক বেলেগ ধৰণৰ তৃপ্তি আছে৷সৰুতে স্কুল যাওঁতে মাকে লাডু কৰি খোৱাই পঠিওৱাৰ দৰেই সোৱাদ৷বৰ্ষাৰ মাজত এতিয়া সমীৰে মাকৰ দৰেই নিস্বাৰ্থ মৰম আৰু আৱেগ বিচাৰি পায়৷আত্মসন্তুষ্টিত আৰু বেছি খাবলৈ মন যোৱা নাই তাৰ সেয়ে দুগৰাহমান খায়েই নাখাওঁ বুলি আব্দাৰ কৰিছিল কিন্তু বৰ্ষাইহে ফুচুলাই,ধমক দি আটাইখিনি শেষ কৰালে৷আজিকালি মৰম আদৰবোৰ বেছিকৈ পায় বাবে সমীৰো কেচুৱাৰ দৰে হৈ পৰিছে৷বৰ্ষাই অলপ মৰম লগাই বা কেতিয়াবা নিৰস কথা কিছুমান নক’লে সহজে সমীৰে মানিয়েই নলয় ৷ আবেলিপৰত ডক্তৰ আহিল,সমীৰক চেকআপ কৰি আজি ধৰি ধৰি অলপকৈ থিয় কৰাবলৈ যত্ন কৰিলে৷ধৰি দিলে সমীৰেও পাৰিছে থিয় হ’বলৈ,সেয়ে এতিয়াৰ পৰা ৰাতিপুৱা গধূলি খোজ কাঢ়িবলৈ চেষ্টা কৰিবলৈ জনাইছে৷বিষবোৰ এতিয়াও থকাৰ বাবে ইনজেকচন দিলে,ৰাতিলৈ জ্বৰ উঠিবও পাৰে বুলি বৰ্ষাক জনাই থৈ ডক্তৰজন গ’লগৈ৷এটা ভৰিত বেণ্ডেজ থকাৰ বাবে লৰাবই নোৱাৰে তাতে আজি ইটো ভৰিটো ইনজেকচন দিয়াত অলপ অলপকৈ ফুলি আছে৷ভয়ো হৈছে বৰ্ষাৰ,এপাকত ভাবিলে নিবিড়কে মাতি দিব নেকি কিন্তু পিছমুহূৰ্ততে মনলৈ আহিল কিমাননো আমনি কৰিব যি হয় নিজেই কৰিব লাগিব এতিয়া৷ৰাতিলৈ কিবা দিগদাৰ হ’লেটো প্ৰিয়া হঁত আছেই৷ গধূলি শাহুৱেক বৰুৱানীৰ ফোন আহিল৷খবৰ খাটি সুধাৰ পাছত সমীৰক এবাৰ দেখা কৰিবলৈ বুলিয়েই ভিদিঅ’ ক’ল কৰিবলৈ জনালে৷বৰ্ষাইয়ো ফোনটো হাততে লৈ সমীৰৰ কাষতে বহি ল’লেগৈ,তাৰ পাছতে বৰুৱানীলৈ ফোন লগালে৷দুয়োটাকে একেলগে ওচৰাওচৰিকৈ থকা দেখি বৰুৱানীৰ মনটোও উৎফুল্লিত হৈ উঠিল৷সিহঁতৰ কথা বতৰাবোৰতো দুয়োটাক সুখী থকা যেনেই লাগিছে৷ হাঁহি থকা চকু দুহালে মধুৰ সময়ৰ দোহাই দি গ’ল৷ সমীৰক হস্পিতালৰ পৰা অনা দিনাৰ পৰা আজিলৈ বৰ্ষাই তাৰসৈতে বিচনাৰ ভাগ বতৰা কৰি শুৱা নাই৷তাতে এতিয়া শুৱলৈ জেগা যেনেতেনে জোৰেহে সমীৰলৈ৷বৰ্ষাৰ ভয় লাগে কেনেবাকৈ হাতভৰি সমীৰৰ গাত পৰে বুলি সেয়ে মাটিতে সৰু তুলি এখন পাৰিলৈ শুৱে৷সমীৰৰ বেয়া লাগে তাইক তেনেকৈ শুৱা দেখিলে,সেয়ে দিগদাৰ পালে ইটো ৰুমতে শুৱলৈয়ো কয় কিন্তু তাইহে ৰাতি কেনেবাকৈ প্ৰয়োজন হ’ব বুলি তাক এৰি ক’লৈকো নাযায়৷আজিও তাই কাম বন সামৰি সমীৰক সকলোবোৰ যোগাৰ দি লৈ শুৱলৈ আহিল৷কিন্তু সমীৰে জানি বুজিয়েই মিচাকৈ ক’লে "মুৰটো পিটিকি দিয়াচোন খুউব বিষাইছে" ইনজেকচন দিয়াৰ বাবেই হৈছে বুলি বৰ্ষাই ল’ৰালৰিকৈ আহি সমীৰৰ মুৰটোত আলফুলে হাত বুলাই দিলে৷অলপ সময়ৰ পাছতে সমীৰে তাইৰ হাতখন টানি চুমা এটা আকি ক’লে "যাদু আছে তোমাৰ হাতত যাদু "৷ এক ৰক্তাক্ত শিহৰণে বৰ্ষাক কপাঁই গ’ল৷ভেবা লাগি তালৈ চাই থকা বৰ্ষালৈ ঈষৎ হাঁহি এটি মাৰি সমীৰে ক’লে "টোপনি অহা নাই নেকি? তুমিয়ো আজি মোৰ লগতেই শোৱা৷" হঠাতে বৰ্ষাৰ এক ৰহস্যময় শিহৰণ জাগি উঠিল৷তাইয়ো মন্ত্ৰমুগ্ধৰ দৰে তাৰ কাষতেই বহি পৰিল৷অলপ সময় নিস্তব্ধতা,সমীৰে লাহেকৈ টোপনি যোৱাত ভালদৰে কাপোৰকানিবোৰ দি জ্বৰ আছে নেকি কপালখন চুই চালে,নাই জ্বৰ এতিয়ালৈ উঠা নাই সেয়ে নিশব্দে নিজৰ বিচনা পালেগৈ৷(আগলৈ) দেৱাশ্ৰী বৰা ❤️

2 comments: