Tuesday, August 11, 2020

সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত... ------------------------------------------------ (Part 40) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) "জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াত প্ৰীতিৰ ঢৌবোৰেও খেলি থাকে ভবাই নাছিলোঁ মোৰ দৰে তোমাৰ চকুৰ পিয়াহ টুপিও হয় মোৰে" ভাললগাবোৰ সামৰি বৰ্ষা ব্যস্ত হৈ পৰে আপোন যেন লগা অনুভৱবোৰৰ সৈতে৷জীৱনত সুখী হ’বলৈ বিশেষ একো নালাগে প্ৰিয় জনৰ সচাঁ অনুভূতিয়েই যথেষ্ট ৷আজিকালি প্ৰায়েই বৰ্ষাৰ চকুহাল তিৰবিৰাই থাকে লাগিলে ভাগৰেই হওঁক বা বেজাৰেই হওক৷চকুৰে ঢুকি পোৱা দূৰত্ববোৰ লাহে লাহে নোহোৱা হৈ পৰিল,বৰঞ্চ চকুহাল মুদিলেই দেখা পোৱাকৈ সমীৰ তাইৰ একেবাৰে কাষৰত৷স্মৃতিৰ মেটমৰা জোলোঙাটি মেলি প্ৰথমৰ সমীৰ আৰু এতিয়াৰ সমীৰৰ পাথৰ্ক্যবোৰ মিলাই ভাললাগে তাইৰ৷সমীৰ সলনি হোৱাৰ বাবেইটো কমি অহা দুৰত্ববোৰত এতিয়া সিহঁতি ওপঙি ফুৰে৷প্ৰাপ্তি অপ্ৰাপ্তিৰ হিচাপবোৰ নোহোৱা হৈ পৰিছে ভালপোৱাৰ আলিংগনত৷বৰ্ষাই আন্দোলিত হৃদয়ৰ উত্তৰ বিচাৰি ফুৰাত ব্যস্ত৷এতিয়া সমীৰ তাইৰ বাবে প্ৰয়োজন নে ভালপোৱা? ব্যৰ্থতাৰ দৌৰত ভাগৰি পৰা সমীৰৰ হৃদয়ৰ কুঁহে কুঁহে বিয়পি ফুৰে বৰ্ষাৰ আদৰুৱা মৰমবোৰ৷বৰ্ষাক সুখী কৰাৰ স্বাৰ্থতেই কেতিয়ানো ইমানেই কাষ চাপি গ’ল সমীৰেও নাজানে৷নুবুজে সি হৃদয়ৰ ভাষা বৰ্ষাৰ বাবে থকা অন্তৰংগ অনুভৱবোৰ৷পুৱাৰ চাহ কাপৰ পৰা ধৰি ৰাতি শোৱালৈকে বৰ্ষাৰ নামটো শ শ বাৰ উচ্চাৰণ কৰি প্ৰিয় হৈ পৰিছে তাৰ বাবে৷কিন্তু অতীতৰ বিচিন্ন পৃষ্ঠাবোৰে কোনোমতে এতিয়াও বান্ধি ৰাখিছে সমীৰক৷মাজে মাজে অতীতে বিষ হৈ শিপাই হৃদয়ৰ কোণত৷বৰ্ষাই নেদেখাকৈ মেলি লয় মায়া নামৰ জীৱন্ত পৃষ্ঠাবোৰ৷মায়াক পোৱাৰ হেপাঁহ এতিয়া আগৰ দৰে হৈ থকা নাই তথাপিও এবাৰ ঘুৰাই পোৱাৰ আপাহত দৌৰি ফুৰে হৃদয়৷হেৰাই যোৱা ঠিকনাটো পুনৰ ঘুৰাই পোৱাৰ বিশ্বাস আলোড়িত হয় হৃদয়ত ৷ পোহৰৰ সন্ধানত ঘুৰি ফুৰা বৰ্ষাৰ উশাহ বন্ধ হোৱাকৈ আন্ধাৰবোৰে কেতিয়াবা মেৰিয়াই ধৰে৷কেতিয়াবা তাইৰ বৰকৈ ভয় লাগে ৷শুই থকা অৱস্থাত আন্ধাৰবোৰে ঘনাই আবৰি ধৰে৷প্ৰিয়জনক হেৰুৱাৰ ভয়ে বুকুৰ ধপধপনিবোৰ বঢ়াই তুলে৷উশাহৰ ঘনত্বই সুৱৰাই অদুৰ ভবিষ্যতৰ কথা৷সমীৰলৈ থকা বিশ্বাসৰ ভৰতে আজিকালি ভয়বোৰ আগতকৈ কম হ’ল৷যিকোনো কথা ইচ্ছা কৰিলেই ক’ব পৰা হ’ল৷তাই মন কৰিলেই নিজৰ পচন্দৰ খোৱা বোৱা বনালেও সমীৰে আপত্তি নকৰা হ’ল৷কোনোবাখিনিত এইবোৰৰ বাবেই বিশ্বাসবোৰ বাঢ়ি গ’ল সমীৰৰ প্ৰতি৷সাংসাৰিক জীৱনটোত লক্ষ্যহীন ভাৱেই আগুৱাই গৈছে দুয়ো সুখে শান্তিৰে৷ আজি দেওবাৰ,ৰাতিপুৱাই ঘৰৰ সকলো কামবন সামৰি বৰ্ষাই চুলিমুৰ ধুই বাথৰুমৰ পৰা ওলাই আহিছে৷তিতাচুলিত ৰ’দৰ পোহৰ পৰাত জিলিকি আছে৷সমীৰ শুই থকাৰ বাবেই ধীৰে স্হিৰে শব্দ নকৰাকৈ আইনাৰ সন্মুখত বহি কিবাকিবি সানিছে৷ইফালে টোপনিৰ ভাও ধৰি সমীৰে তাই কি কি কৰে মনে মনে লক্ষ্য কৰি আছে৷দীঘলীয়াকৈ ৰঙাবোৰ শিৰত লৈ আইনালৈ চাই তিতাচুলিখিনি মোহাৰি আছে৷সমীৰৰ কিনো মন গ’ল মবাইলৰ কেমেৰাটো অ’ন কৰি তাইৰ এই সময়বোৰৰ ভিদিঅ’ কৰিছে৷আজিকালি অৱশ্যে মন গ’লেই সি মনে মনে বৰ্ষাৰ ফটো তুলি ৰাখে৷তাই ভয়াৰ্ত মুখখন বাৰে বাৰে চাবলৈ কেতিয়াবা তাইৰ একেবাৰে কাষলৈ গৈ তাইক অস্বস্তিত পেলাই দিয়ে৷বৰ্ষাইয়ো ভয়তে যোৰ কৰি চকুহাল মুদি দিয়ে আৰু সমীৰে একো নোকোৱা নেমেলাকৈ আতৰি আহে তাইৰ কাষৰ পৰা৷এতিয়াও ভিদিঅ’ কৰি থকা কথাটো নাজানিলেও বৰ্ষাই সমীৰে যে টোপনিৰ ভাও ধৰি আছে সেইটো ভালদৰেই বুজিছে৷সেয়ে টাৱেলখনত চুলিমোৰ মেৰিয়াই সমীৰৰ ফালে আগবাঢ়ি আহিল৷তাকে দেখি সমীৰেও খপজপকৈ মোবাইলটো লুকুৱাই টোপনিৰ ভাও ধৰাত লাগিল ৷বৰ্ষাই মাত দিলে তাক "আপুনি সাৰ পালে যদি উঠক,বজাৰৰ পৰা মোক বস্তু অলপ আনি দিব লাগিছিল" সমীৰে সংসাৰৰ কোনো কথা নজনা নুশুনাৰ দৰে সাৰ সুৰ নোহোৱাকৈ টোপনিৰ ভাও দিয়াত ব্যস্ত ৷বৰ্ষাই জানি বুজিয়েই তাৰ গাৰ পৰা কাপোৰখন আতৰাই দিলে৷নবেম্বৰ মাহৰ ঠাণ্ডা,ৰাতিপুৱা অলপ বেছিকৈয়ে পৰে,সেয়ে কাপোৰখন টানি দিয়াত একেজাপে বিচনাত বহি কাপোৰখন গাৰে মুৰে লৈ সমীৰে ক’লে " উ...ইমান ঠাণ্ডা,কি কি লাগে লিষ্ট এখন বনাই থ’বা পিছত গৈ লৈ আনিম গৈ " বৰ্ষাই সমীৰৰ মুদটো লক্ষ্য কৰি কুমল সুৰত কৈ থৈ গ’ল " আলু কেইটাৰ বাদে একোৱেই নাই ঘৰত,সোনকালে বজাৰ কৰিব নগ’লে দিগদাৰেই হ’ব তাতে আজি নিবিড় আৰু মোৰ লগৰ এজনী আহিব দুপৰীয়া ভাত খোৱাকৈ৷সিদিনা যে আপোনাক কৈছিলোঁ৷" বৰ্ষাৰ লগৰ কোনোবা আহিব,কিন্তু মোম্বাইৰ দৰে চহৰত তাই আকৌ কাৰ লগত চিনাকি হ’ল কেনেকৈ হ’ল মনতে ভাবি ভাবি আলহী অহাৰ নাম শুনিয়েই ল’ৰালৰিকৈ গাটো ধুবলৈ গ’ল৷সমীৰে পিন্ধা উৰাৰ উপৰিও প্ৰায়ভাগ বস্তু বেন্ডেট কোম্পানীৰেই ব্যৱহাৰ কৰে ৷কিন্তু চেম্পু শেষ হোৱাত পুনৰ নতুনকৈ এটা আনিবলৈ পাহৰি মুৰটো তিয়াই দিয়াত উপায় নোহোৱাত বৰ্ষাৰ চেম্পুটোকে ব্যৱহাৰ কৰোঁ বুলি ভাবি বটলটো হাতত তুলি ল’লে৷চেম্পুৰ নামত শুদ্ধ পানী এগালমান পাই সি আচৰিত হ’ল৷চেম্পু বটলটোত পানী যে,তাৰ পাছত মনলৈ আহিল যে তাই দেখোন তাক আজিলৈ কোনোধৰণৰ টকা পইচাই বিচৰা নাই আৰু সিওঁ আজিলৈ শাক পাচলি বা দাইল আলু কিনাৰ জোখাৰেহে তাইক পইচা দিছে৷তাইৰো যে কোনোধৰণৰ প্ৰয়োজন থাকিব পাৰে সেইবোৰৰ বাবেটো কোনোদিনেই ভবা নাই তেনেহ’লে তাই ক’ৰ পৰা কিনিব৷গা ধুই আহি ড্ৰেছিংত সজাই থোৱা ক্ৰিমৰ টেমাটো চালে তলিত সামান্যতম লাগি আছে,লগতে বৰ্ষাই ব্যৱহাৰ কৰা টুথপেষ্টটোও চেপেটা হৈ আছে৷মুৰটো কামুৰি গ’ল তাৰ ,এতিয়াও বৰ্ষাই আগৰ দৰেই টনা আজোৰা কৰিয়েই চলি আছেনে?তাৰমানে আজিও সি বৰ্ষাক তাইৰ প্ৰয়োজনখিনি পুৰাব পৰাকৈ সুখী কৰিব পৰা নাই৷কথাবোৰ ভাবিয়েই খঙ ভৰা অভিমানী মুখখন লৈ ব্ৰেকফাষ্ট কৰিবলৈ বহিলেগৈ৷ ব্ৰেকফাষ্ট কৰি উঠি বজাৰৰ লিষ্টখন বিচৰাত ঘৰৰ সামগ্ৰীৰে ভৰপূৰ লিষ্টখন বৰ্ষাই তাৰফালে আগবঢ়াই দিলে যদিও লিষ্টখনৰ ক’তো তাইৰ বাবে তেল,চেম্পু বা ক্ৰিমৰ নামটো নাপালে৷ কিয় তাই এইবোৰ বস্তু শেষ হোৱাৰ পাছতো আনিবলৈ লিখা নাই তাইক সুধিম বুলি ভাবিও একো নুকুৱাকৈ তাইনো কি কি প্ৰডাক্ট ব্যৱহাৰ কৰি আছে নিজেই চাই লৈ ওলাই গ’ল৷৷ছুপাৰ মাৰ্কেট এখনত সোমাই বৰ্ষাৰ বাবে ক্ৰিম,পাউদাৰ,ডাঙৰ চাইজৰ পেডৰ পেকেট এটাকে ধৰি বাকী লিষ্টত লিখা বস্তুখিনি লৈ ঘৰ পালেহি৷ কলিংবেলটো বজোৱাতেই নিবিড়ে আহি দোৱাৰখন খুলি দিলেহি৷নিবিড়ক পালিহি বুলি কৈ চোফাতে বহি থকা ছায়াকো মাত লগাই পুনেই বৰ্ষাৰ ওচৰ পালেগৈ৷বৰ্ষাই পাকঘৰত ভাত বনাই আছে,বস্তুৰ টোপোলাটো ডাইনিংতেই থৈ তাইক মাত লগালে " বৰ্ষা সকলোবোৰ বস্তু আহিলনে চাই দিয়াহি" নিবিড়ে সমীৰক জোকাবলৈ বুলিয়েই তাৰ কাণৰ কাষতে কৈ থৈ গ’লহি " তই মানুহটো বিৰাট সাংসাৰিক হৈ পৰিলি দেই " কথাষাৰ ছায়াই শুনি হাঁহি এটা মাৰি দিলে৷তাকে দেখি সমীৰে অলপকৈ লাজ পালে কিন্তু লাজৰ প্ৰতিক্ৰিয়া দেখাবলৈ নৌপাওঁতেই বৰ্ষাই আহি টোপোলাৰ পৰা বস্তুবোৰ উলিয়াই সকলোবোৰ আছেনে হিচাপ কৰাত লাগিল৷হিচাপৰ বস্তুখিনিৰ উপৰিও বেগৰ ভিতৰত আৰু কিবাকিবিবোৰ দেখি বৰ্ষাই লগালগেই সমীৰক কৈ উঠিল " এই কেইটাতো লিষ্টত নাছিল ?" সমীৰে পানীৰ গিলাচ খাই থকাৰ পৰাই গহীনাই ক’লে " তোমাৰ বাবে আনিছোঁ" বৰ্ষাই আচৰিত হৈ ক’লে " মোৰ বাবে?কিন্তু মোৰ দেখোন এতিয়াও এইকেইটা বস্তু আছেই " আগপিছ নভবাকৈ সমীৰে কৈ দিলে " শেষ হোৱা চেম্পু বটলটোত পানী ভৰালেও চেম্পু নোলাই আৰু ক্ৰিম দেখোন শেষেই হ’ল ৷প্ৰয়োজনীয় বস্তুবোৰ আনিবলৈ নোকোৱা কিয়?আজি মই মন কৰিলোঁ বুলিহে৷" বৰ্ষাই এইবোৰ কথা সমীৰে কেনেকৈ জানিলে বুলি ভাবিয়েই অবাক লাগি তালৈ চাই আছে৷কিন্তু সমীৰে এইবোৰ মনকাণ নকৰি ৰুমত সোমালগৈ৷সমীৰৰ সলনি হোৱা স্বভাৱটো দেখি নিবিড় আৰু ছায়াও আচৰিত হৈছে৷নিবিড়ে ভেবা লাগি বৰ্ষালৈ চাই প্ৰশ্ন কৰিলে " বৌ আমাৰ বছ কেতিয়াৰ পৰা ইমান সলনি হ’ল? " বৰ্ষাই নিজেও নাজানে এই কথা তাকনো কি বুলি উত্তৰ দিব৷বিয়াৰ পাছতো বহুদিনলৈ তাইৰ মুখখনকে চাবলৈ নিবিচৰা সমীৰে আজি তাইৰ ক্ৰিম,পাউদাৰ পৰ্যন্ত হিচাপ ৰখা হ’ল৷সচাঁই এই অনুভৱ বোৰ বৰ ভাললগা৷মনৰ মাজতে কথাবোৰ ভাবি থৰ লাগি ৰৈ আছিল তাই৷ছায়াই আহি তাইক সাবটি ধৰি ক’লে " বৌ তোমাৰ কাৰণে আজি বহুত সুখী,চাও চাও ক’লা তিল এটা লগাই দিওঁ নহ’বা মোৰেই মুখ লাগিব এতিয়া " তাৰ পাছতে ছায়াই নিবিড়ৰ কাণখনতে চেপা এটা দি তাক জেৰা কৰাৰ দৰে প্ৰশ্ন কৰাত ধৰিল " তুমি আজিলৈকে মোৰ বস্তুবোৰৰ এইদৰে খবৰ ৰাখি পাইছা ?" নিবিড়েও তাইৰ সৈতে সমানে সমানে কৈছে " কিয় কিয়,এইবোৰৰ হিচাপ নাৰাখিলেও জানো কেতিয়াবা মৰম নিদিয়াকৈ আছোঁ " ছায়াই থুনথুনাই বৰ্ষাক আপত্তি দিছেগৈ "চোৱানা বৌ ই নানুৱে কেনেকৈ কৈছে " ইফালৰ পৰাও নিবিড়ে বৰ্ষাৰ ওচৰলৈ গৈ ছায়াই কৈ যোৱা কথাকেইষাৰকেই ৰিপিট কৰি তাইৰ দৰে এক্টিং কৰি ছায়াৰ খং উঠাইছে ৷বৰ্ষা বিমোৰত পৰিছে তাই এতিয়া কোনফালে কি ক’ব৷দুয়োটাই তাইৰ খুউব মৰমৰ৷সেয়েই মিহিকৈ দুয়োটাকে ক’লে " হ’ব বাৰু বিয়াখন পাতি দিম তাৰ পাছত যি লাগে প্ৰতিটো হিচাপ ৰাখিব নিবিড়ে" নিবিড়েও বৌয়েকৰ কথাত হয়ভৰ জনাই " ওম চাকৰিটো পাই ল’ব দিয়া তাৰ পাছত কি লাগে হুকুম দিবা মেৰে আকাস "বুলি কৈ ছায়াৰ আগৰ আঠুকাঢ়ি বহি দিলে৷ সময়বোৰ হাঁহি ফূৰ্তিৰেই পাৰ হৈছিল কিন্তু হঠাৎ সমীৰে ৰুমটোৰ পৰা ওলাই অহাত সকলোৱে হাঁহিবোৰ সেৰেঙাই নিজৰ নিজৰ কামত ধৰিলেগৈ৷ সমীৰে নিবিড়ক মাতি নি যিহেতু আৰু কিছুদিনৰ পাছতে তাৰ এম.বি.এৰ কচিংটো শেষ হ’ব সেয়ে কোম্পানীৰ কিছুমান কামত এতিয়াৰ পৰাই পাৰে যদি সহায় কৰি দিবলৈ ক’লে৷নিবিড়েও এই সুযোগতে ছায়াৰ কথাবোৰ ঘৰত জনোৱাৰ কথাটোও ভাবিলে৷ইফালে পাকঘৰত বৰ্ষাৰ সমানে সমানে ছায়াইয়ো বনোৱা মেলাত সহায় কৰি দিয়াত আটাইয়ে এটা সুন্দৰ দুপৰীয়া লগে ভাগে কটাই পাৰ কৰি দিলে৷বৰ্ষা বা নিবিড় কোনো এটাইয়ো সমীৰক ছায়াৰ বিষয়ে নজনালে মাথোঁ বৰ্ষাই ইয়াত চিনাকি হোৱা নতুন বান্ধৱী বুলিয়েই সি জানি থ’লে৷ ক্ষণ গণি গণি সময়বোৰ হাঁহি ধেমালীৰে পাৰ হ’বলৈ ধৰিলে৷প্ৰিয়াই মাজে সময়ে বৰ্ষাৰ খবৰখাতি ল’বলৈ আহি থাকে,নতুনকৈ জিলিকি থকা বৰ্ষাৰ মুখৰ হাঁহিটোৰ কাৰণ সমীৰ বুলি তাইয়ো বুজি পোৱা হ’ল৷বৰ্ষা আৰু সমীৰৰ বাবে তাইয়ো সুখী,সম্পৰ্ক যেনেকুৱাই নহওক এতিয়া অন্তত বৰ্ষা সুখী আছে,সুখী হ’ব পৰা জোখাৰে সমীৰে তাইক সিমানখিনি মৰম দিছে,বিশ্বাস দিছে৷প্ৰিয়াইয়ো বৰ্ষাৰ সুখবোৰ অটুত ৰখাৰ কামনাৰে মায়াৰ পৰা তাইৰ অতীতৰ বিষয়ে জনাৰ অহৰহ চেষ্টা চলাইয়ে আছে কিন্তু প্ৰতিবাৰতেই বিফল হৈছে৷কিন্তু এইবাৰ মায়াৰ বিষয়ে,তাইৰ অতীতৰ বিষয়ে ভালেমান তথ্য লৈ বৰ্ষাৰ কাষ পালেহি৷ (আগলৈ) দেৱাশ্ৰী বৰা

1 comment: