Friday, August 7, 2020
সেন্দূৰবুলীয়া ৰঙাবোৰ তোমাক নামত... ------------------------------------------------ (Part 36) (সকলোলৈ মৰম আৰু কৃতজ্ঞতা জনাই আজিৰ খণ্ডটো আগবঢ়াই দিলোঁ ৷) বেমাৰত পৰাৰ পাছত বৰ্ষাই মানসিক অৱস্থাটোৰ লগত যুজি যুজি যেনেতেনে মনলৈ সতেজতা আনিছিলহে পুনৰ তাইৰ সুখবোৰত যেন আউল লাগিল৷ইতিমধ্যে অফিচৰ পৰা ওলোৱাৰ আগতেই বৰ্ষাৰ পুনৰ গা বেয়া হোৱাৰ খবৰটো সমীৰক গুপ্তা আন্টিয়ে জনাইছিল৷সেয়ে ল’ৰালৰিকৈ অফিচৰ সকলো কাম বন সামৰি সিও বৰ্ষাৰ পুনৰ কি হ’ল চিন্তাতে ঘৰমুৱা হ’ল৷ বৰ্ষাই ইমানপৰে উচুপি উচুপি কুচিমুচি বহি আছিল ,কিন্তু সমীৰক দেখাৰ লগে লগেই আজি বেছিকৈয়ে আৱেগিক হৈ পৰিল,লাজ ভয় শংকা সকলোবোৰ পাহৰি তাক সাবটি ধৰি কান্দিবলৈ ধৰিলে৷কান্দি কান্দি যেন তাই ভাগৰি পৰিছে,চকুলো বোৰেও এতিয়া লগ এৰা দিছে ৷সমীৰৰ বুকুত মুৰগুজি তাই মাত্ৰ এটাই অনুৰোধ কৰিছে "মোক ঘৰত থৈ আহক গৈ, মই মাৰ ওচৰলৈ যাওঁ ৷মাৰ বাদে মোৰ এই জীৱনত আন কোনোৱেই নাই ৷মাক মোৰ প্ৰয়োজন হৈছে কিজানি "৷ বৰ্ষাক এইদৰে কন্দা আজিলৈকে সি কাহানিও দেখাই নাই,কান্দিলেও সি মন কৰা নাই ৷বৰ্ষাক কিবা এটা হোৱা বুলি জানিছিল কি হৈছে থিক বুজিয়েই পোৱা নাই ৷তাই মাত্ৰ হুকহুকাই কান্দি আছে৷বৰ্ষাৰ কান্দোনবোৰে তাকো আৱেগিক কৰি তুলিছে সেয়ে সকাহ দিবলৈ বুলিয়ে সিও প্ৰথমবাৰৰ বাবে তাইক আলফুলে সাবটি ধৰি ল’লে আৰু চোফাখনত বহুৱাই কি হ’ল কিয় কান্দিছে সুধ পুচ কৰাত বৰ্ষাই এফালৰ পৰা সকলোখিনি কৈ গ’ল৷ বৰ্ষাৰ কথাবোৰ ভালদৰে শুনি সকলো থিক হ’ব বুলি আশ্বাস দিলে আৰু নিজে কি কৰিব পাৰে সেইকথা ভাবি ৰুমটোৰ পৰা ওলাই গ’ল৷গুপ্তা আন্টিও সেইসময়তে সিহঁতৰ ঘৰ উলালহি৷তেখেতক বৰ্ষাৰ কাষতে বহুৱাই সিও বৰ্ষালৈ ফোন অহা সেই আননউন নাম্বাৰটো ডাইল কৰি কথাবোৰ বিতংকৈ জানি ল’লে৷ফোনত সিমুৰৰ পৰা জনালে যে বৰ্ষাৰ মাকৰ অৱস্থা খুবেই বেয়া,ৰাস্তা পাৰ হওঁতে সাবধান নোহোৱা বাবেই ব’লেৰ এখনৰ চেপাত বহুদুৰ উফৰি গ’ল৷বৰ্তমান গাওঁৰে দুই এজন ল’ৰাই তেওঁক যোৰহাট মেডিকেলৰ আই.চি.ইউত এডমিট কৰাইছে৷কথাখিনি শুনি সমীৰৰো বুকুখন কপিঁ উঠিল৷সপোনতো কল্পনা কৰিব নোৱাৰা এক মৰ্মান্তিক ঘটনা ৷লগালগ নিজৰ ঘৰলৈ ফোন কৰি কথাবোৰ জনাই পাৰে যদি দেউতাককেই বৰ্ষাৰ মাকৰ অৱস্থাটোৰ খবৰ ল’বলৈ যাবলৈ ক’লে৷অকলশৰীয়া মানুহগৰাকীক চাবলৈয়ো এই সময়ত আত্মীয় কুটুম্ব কোনোৱেই লগত নাই সেয়ে ঘৰৰ বুলি কোনোবা গ’লে টকা পইচাৰো সুবিধা হ’ব৷সমীৰৰ কথামতেই দেউতাকেও যাবলৈ মান্তি হোৱাত ৰাতিপুৱাই সোনকালে পোৱাকৈ গুৱাহাটীৰ পৰা যোৰহাট অভিমুখী প্ৰথমখন ফ্লাইটৰ টিকটটো কাটি দিলে৷সমীৰৰ অফিচৰ ব্যস্ততাৰ বাবে এদিনৰ ভিতৰত সকলো কাম শেষ কৰিয়েই ঘৰলৈ যাবলৈ বুলিয়েই সিহঁতৰো টিকট কাটিলে৷সকলোখিনি ঠিক কৰি সি বৰ্ষাৰ ওচৰতে আহি বহিলহি আৰু যদিও কথাখিনি শুই ভয়ভাৱ এটাই তাক খেদি ফুৰিছিল তথাপিও বৰ্ষাৰ অৱস্থাটো বুজি সকলো থিকেই আছে বুলি কৈ তাইক সাহস দিলে ৷যাতে তাইৰ কন্দা কটাবোৰ ক’ম কৰি পুনৰ অলপ স্বাভাৱিক অৱস্থালৈ আহে৷বৰ্ষাৰ মাকৰ আশু আৰোগ্য কামনা কৰি তাইক বহুপৰ বুজাই বঢ়াই গুপ্তা আন্টিও ঘৰলৈ গ’ল৷ বিচনাতে বহি লৈ হঠাৎ তাইৰ জীৱনলৈ কেনেধৰণৰ কাল ধুমুহা নামি আহিল তাইয়ো ধৰিবই পৰা নাই৷গোসাঁই থাপনাত শিৰনত কৰি মাকৰ বাবে প্ৰাৰ্থনা জনাইছে৷ঘৰৰ কাষৰ মানুহবোৰৰ সৈতে যোগাযোগ কৰি মাকৰ খবৰখাটি লৈ আছে,সমীৰেও মি.বৰুৱাই ৰাতিপুৱাৰ প্ৰথমখন ফ্লাইটতেই মাকৰ ওচৰলৈ যাব আৰু অফিচৰ কামবনবোৰ সামৰি হ’লে সিহঁতিও সোনকালেই ঘৰলৈ যাব বুলি বৰ্ষাক জনালে৷ বাৰে বাৰে বৰ্ষাৰ মনটো মাকৰ ওচৰলৈ ল’ৰ মাৰিছে,তেখেতে কি কৰিছে,এতিয়া বা কেনেকৈ আছে ভাবি ভাবি উচুপি আছে৷যাওঁ বুলিলেও সোনকালে যাব নোৱাৰি,বহুদুৰ বাট সময়টো লাগিবই তাতে টিকটৰো কথা আছে৷৷সেইটো নিজেও বুজিছে তাই তথাপিও সমীৰক বাৰে বাৰে সোনকালেই মাকৰ কাষলৈ নিবলৈ কৈ আছে৷ এটা বিপদ শেষ নহয়েই পুনৰ নতুন এটা বিপদৰ আৰম্ভণি হয়েই৷তাইৰ সুখবোৰ যেন কোনোবাখিনিত লোকাই পৰিছে৷সুখ দুখৰ সমাহাৰেৰে তাইৰ সৈতে লুকাচুৰিৰ খেলা কৰিছে৷চিন্তাতে তাইৰ খাবলৈ একোৱেই মন নাই তথাপিও সমীৰৰ বাবে কিবাকিবি অলপ বনাই দিছে৷ৰাতিৰ সাজ সমীৰক বাঢ়ি তাই একো নুখুৱাত সমীৰে সকলো কথা পাহৰি মাত্ৰ তাইৰ মানসিক অৱস্থাটোৰ কথা ভাবিয়েই যোৰ কৰি নিজ হাতেৰেই খোৱাই দিছে৷ৰাতিটো বিচনাতে বিভিন্ন চিন্তাৰে ধৰফৰাই যেনেতেনে কটাই দিলে৷ ৰাতিপুৱাও সমীৰে অফিচলৈ ওলাই যোৱাৰ পাছতে তাইয়ো কাপোৰ কানিবোৰ বান্ধি যাবলৈ থিকথাক কৰিছে৷তেনেতে কলিংবেলটো বাজি উঠিল,ৰাতিপুৱাই কোন উলালেহি বুলি খুলি দিয়াৰ লগে লগে সমীৰে ল’ৰালৰিকৈ বৰ্ষাক ঘৰলৈ যাবলৈ ওলাবলৈ ক’লে৷হঠাৎ এইদৰে ৰাতি ফ্লাইট থকা পাছতো ৰাতিপুৱা দহ বজাতেই ল’ৰালৰি কৰাত বৰ্ষা আচৰিত হৈ পৰিল৷কেনেবাকৈ মাকৰ কিবা অঘটন ঘটা নাইটো সেই ভাবিয়েই ভয়তে বাৰে বাৰে সমীৰক প্ৰশ্ন কৰিছে কিন্তু সমীৰে কোনো প্ৰশ্নৰ উত্তৰ নিদি ল’ৰালৰিহে কৰি আছে৷কিন্তু বৰ্ষাই কন্দাকটা কৰি প্ৰশ্ন কৰিয়েই আছে "আমাৰ টিকট ৰাতিহে আছিল এতিয়াই কিয়?মা থিকেই আছেটো?একো নকয় যে কিবা এটাটো কওঁক?উফ্ এইদৰে মই শেষ হৈ যাম এতিয়া" সমীৰৰ বৰ্ষালৈ দয়া উপজিল ,আচলতে সমীৰৰ দেউতাকে ফোন কৰি সোনকালে মাতি পঠিয়াইছে সিহঁতক৷বৰ্ষাৰ মাকৰ অৱস্থা বোলে খুবেই শোচনীয়,জীয়াই থকা সম্ভাৱনা তিনেই ক্ষীণ৷কিন্তু এই কথা সি বৰ্ষাৰ আগত ক’ব নোৱাৰে কিন্তু সি যদি এইদৰেই বৰ্ষাৰ প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ থাকে তেনেহ’লে তাইৰ সন্দেহবোৰ বাঢ়ি যাব৷সেয়েই মিচা কথাৰ আশ্ৰয় লৈ সি ক’লে " ৰাতিৰ টিকটটো কেঞ্চেল হ’ল গতিকে ইমাৰজেন্সীত ৰাতিপুৱা এঘাৰ বজাৰ টিকটটোৱেই পাই গ’লো৷এতিয়া তুমি উলাবানে ইয়াতে থাকিবা নিজৰ ওপৰত কথা৷এয়াৰপৰ্টলৈ ইয়াৰ পৰা ত্ৰিশ মিনিট,আমাৰ হাতত এঘন্টা সময় আছে ল’ৰালৰি কৰা৷" সমীৰৰ কথা খিনিত সচাঁ মিছা ভাবিবলৈ বৰ্ষাৰ অলপো সময়েই নহ’ল৷সেয়ে পাচঁমিনিটতে ৰেডি হৈ চিনুক গুপ্তা আন্টিহঁতৰ ঘৰতে কেইদিনমানলৈ থাকিবলৈ দি উলাই আহিল দুয়ো ঘৰৰ পৰা এয়াৰপৰ্টৰ দিশে৷গোটেই বাটতো বৰ্ষাই সমীৰৰ কান্ধতে মুৰটো থৈ কিবাকিবি ভাবি আহিল৷এইহেন বিপদৰ সময়ত সমীৰে কিবা এষাৰ টানকৈ ক’বলৈয়ো বেয়া পাইছে গতিকে নিজৰ ফালৰ পৰা যিমান পাৰিছে বৰ্ষাক লগ দিছে৷চাৰিঘন্টাৰ বাট অতিক্ৰম কৰি সিহঁতি যোৰহাট পালেহি৷এয়াৰপৰ্টৰ পৰা ওলায়েই সমীৰে খবৰ পালে বৰ্ষাৰ মাক আৰু নাই সেয়ে মেডিকেলত ৰ’ব নালাগে,পোনেই সিহঁতৰ ঘৰলৈ আহিলেই হ’ল৷সকলোৱে মাত্ৰ বৰ্ষাৰ অপেক্ষাতহে ৰৈ আছে ৷কথাষাৰ জানিব পাৰি সমীৰৰ বুকুখনেও ধান বনাদি বান্ধিবলৈ ধৰিলে,এইসময়ত বৰ্ষাক এইষাৰ কথা কিদৰে ক’ব একোকে ভাবি নাপালে৷সেয়ে বৰ্ষাক কথাষাৰ নজনালে৷এয়াৰপৰ্টৰ পৰা গাড়ী মেডিকেল নোসোমাই পোনেই শিৱসাগৰৰ সিহঁতৰ ঘৰখনৰ দিশে পোনাই দিলে৷বৰ্ষাৰ মনটোত এইবাৰ সন্দেহেৰে উপচি পৰিল৷সমীৰে কিয় এনেকুৱা কৰিলে তাইৰ যেন বুজিবলৈ বাকী নাথাকিল,ইমান পৰে মাকক লগ পোৱাৰ আশা দশাবোৰ এইখিনিতেই শেষ হৈ পৰিল৷কাতৰ ভাৱে সমীৰক সাবটি ধৰি সুধিলে " মা থিকেই আছেনে,সচাকৈ কওঁক?" এইষাৰ কথা সুধাৰ সাহস তাই বহুত কষ্ট কৰিহে সুধিছে কিন্তু আশানুৰূপ উত্তৰেই সমীৰে আগবঢ়ালে "মাক ঘৰলৈ নিয়া হ’ল,চ’ৰি বৰ্ষা" কথাষাৰ কৈ সমীৰৰ চকুৰ পৰাও চকুলো বাগৰি আহিল৷কিন্তু বৰ্ষাই কথাষাৰ শুনিয়েই বৰ্জ্ৰপাত পৰাৰ দৰে একেঠাইতে থেৰেঙা লাগিল৷এইসময়ত তাইক সান্ত্বনা দিব পৰাকৈ সমীৰৰ ওচৰতো শব্দৰ অভাৱ ঘটিছে৷পাৰিব জানো বৰ্ষাক স্বম্ভালিবলৈ,তথাপিও ভাগি পৰা বৰ্ষাক দেখি সিও সিমানেই কষ্ট পাইছে৷এইসময়ত সি বৰ্ষাৰ হৈ পৰিছে,মাত্ৰ বৰ্ষাৰ কথাহে ভাবিছে৷একমাত্ৰ মাকেই আছিল তাইৰ জীৱনৰ কণাৰ লাখুটি এতিয়া যেন তাই একেবাৰেই অকলশৰীয়া হৈ পৰিছে৷ গাড়ীখন আহি বৰ্ষাহঁতৰ ঘৰৰ পদূলিত ৰ’লহি৷চিনাকি ঠাইখিনি দেখি গাড়ীৰ পৰা নামি দৌৰাদৌৰিকৈ তাইয়ো ভিতৰলৈ সোমাই আহিল৷আজি গোটেই গাওঁখন নিমাওমাও ৷চোতালত অসংখ্য মানুহৰ ভিৰ আৰু চোতালৰ মাজতে পৰি আছে বৰ্ষাৰ মাকৰ নশ্বৰ দেহ ৷ডেডবডিটোৰ কাষতে স্তব্ধ হৈ বহি পৰিল তাই৷বিষাদবোৰে বুকুভেদি হুল মাৰিছে তাইলৈ৷মাকৰ গালে মুখে চুমা দি তাইয়ো ৰাউচি যুৰি হিয়াভগা কান্দোনৰ ৰোল তুলিলে৷ বৰ্ষাৰ এটা এটা চিঞৰত কিয় জানো সমীৰৰো বুকুখন কপি উঠিছে৷অস্থিৰ হৈ পৰিছে সমীৰৰ মনটো৷ঘৰৰ ওচৰৰ মানুহবোৰে বৰ্ষাক বুজাবলৈ চেষ্টা কৰিছে তথাপিও তাই আউলীবাউলী হৈ কন্দাকটা কৰিয়ে আছে৷এইমুহূৰ্তত যে তাই যন্ত্ৰণাত ভাগি পৰিছে সেই কথা সমীৰে বুজিছে৷সহজ হয় জানো ভালপোৱাৰ আদিপাঠ শিকোৱা মানুহগৰাকীক বিদায় জনাবলৈ৷সমীৰে ক্ষন্তেকৰ বাবে নিজকে বৰ্ষাৰ ঠাইত ৰাখিবলৈ চালে কিন্তু নোৱাৰিলে,কেনেকৈনো পাৰিব৷এই প্ৰেম যে দুৰ্লভ,সেইকথা বুজিয়ে দুখোজমান আগবাঢ়ি আহি বৰ্ষাৰ ওচৰ চাপিল৷শেষকৃৎ কৰ্মখিনি কৰিবলৈ আত্মীয় কুটুম্বৰ প্ৰয়োজন হ’ল কিন্তু বৰ্ষা আৰু মাক অকলশৰীয়া হোৱাৰ বাবে এইখিনি কৰ্ম কৰিবলৈ সমীৰেই আগবাঢ়ি আহিল৷মি.বৰুৱাইয়ো সমীৰৰ প্ৰস্তাৱত সুখী হ’ল৷নশ্বৰ দেহটোক সেৱা সৎকাৰ কৰাই গাওঁৰে দুগৰাকী মানে বৰ্ষাক ভিতৰলৈ লৈ গ’ল৷যি যেনেকৈ পাৰে তাইৰ মুৰত তেল পানী দিয়াত ধৰিল৷মাকে এক মৰ্মান্তিক মৃত্যু আকোৱা্লি লোৱাৰ বাবেই বৰ্ষাই বেছিকৈ কষ্ট পাইছে,শেষবাৰৰ বাবে যে দুৰত থকাৰ বাবেই পানী এটোপো মাকৰ মুখত দিবলৈ নাপালে৷সেইদিনা ৰাতিপুৱাই মাকে ফোন কৰি তাইৰ সৈতে কথা পাতিছিল,পাৰিলে এপাক ঘৰলৈ পাক মাৰিবি বুলিও জনাইছিল৷তাই অসুস্থতাৰ কথা মাকক জনোৱা নাছিল যদিও সমীৰৰ ব্যস্ততাবোৰ শেষ হ’লেই আহিম বুলি কথা দিছিল কিন্তু কথা দি যে সেই কথা তাই ৰাখিব নোৱাৰিলে৷ সন্ধিয়ালৈ বৰ্ষাৰ শাহুৱেক বৰুৱানীও ওলালহি৷এইসময়ত তেখেতৰ বাদে যেন কোনোৱেই বৰ্ষাক সকাহ দিব নোৱাৰিব৷বৰুৱানীক দেখাৰ লগে লগে মা বুলি কৈ তাইয়ো সাবটি ধৰি বহুসময় উচুপি থাকিল৷ৰাতিও বৰুৱানীৰ কোলাতেই মুৰ থৈ মাকৰ সৈতে এই ঘৰটোত উপভোগ কৰা সুখ দুখৰ প্ৰতিটো কথাই কৈ গ’ল৷মাকৰ অভাৱ অনুভৱ কৰিব নিদিয়াকৈ বৰুৱানীয়ে যিমান পাৰে নিজৰ ফালৰ পৰাও চেষ্টা চলালে৷ইফালে বৰ্ষাৰ খবৰটো পাই নিবিড় আৰু ছায়াইয়ো মোম্বাই পৰাই যিমান পাৰে বৰ্ষাক সুস্থিৰ অৱস্থালৈ আনিবলৈ চেষ্টা অব্যাহত ৰাখিলে৷এইক্ষেত্ৰত সমীৰো পিছপৰি ৰোৱা নাই,তাইৰ ছাঁ হৈ থিয় দিছে প্ৰতিটো খোজতে৷বাৰদিনৰ ভিতৰত মৃতকৰ ঘৰত প্ৰয়োজনীয় সকলো কৰ্ম কৰি তিনিদিনমান ঘৰত থাকি সিহঁতিও পুনৰ মোম্বাইলৈ উভতিলে৷ ঘুৰি অহাৰ পাছৰ পৰা বৰ্ষা পুনৰ অকলশৰীয়া হৈ পৰিল৷যেনেতেনে নিজকে সময়ৰ সৈতে যুজিবলৈ বুলি সুস্থিৰ কৰি তুলিছিলহে কিন্তু পুনৰ এজাক ধুমুহাই তাইৰ জীৱনটো চাৰখাৰ কৰি থৈ গ’ল৷আপোন মানুহৰ মৃত্যুত হতাশাত ভুগাটো স্বাভাৱিক কিন্তু সেইবুলি জীৱন জানো ৰৈ যায়?দুখবোৰ বুকুত সামৰি নতুনকৈ জীয়াব বুলি পণ লৈ তাইয়ো আগবাঢ়িল৷সমীৰে বৰ্ষাৰ অৱস্থাটো দেখি প্ৰথমে ভয়েই খাইছিল,কিন্তু এতিয়া তাই নিজকে সংযত কৰিবলৈ লোৱা দেখি সিও নিচিন্ত হৈ পৰিছে৷তথাপিও বুকুৰ এচুকত ভয়ভাব এটা নথকা নহয় ৷সেয়েই অফিচলৈ ওলাই গ’লে গুপ্তা আন্টি নহ’বা নিবিড়ক মাজে সময়ে খবৰ খাটি কৰি থাকিবলৈ বুলি সহায়ৰ হাত বিচাৰিলে৷সমীৰ ঘৰৰ পৰা ওলাই যোৱাৰ পাছতেই নিবিড়ে বৰ্ষাই অকলশৰীয়া অনুভৱ নকৰিবলৈয়ে ছায়াক দিনটোৰ বাবে তাইৰ কাষত থৈ যায়হি৷ছায়াৰ জৰিয়তে বৰ্ষাই বহুখিনি মনোবল শক্তিশালী কৰি তুলিব পাৰিছে৷ ছায়াই তাইক বুজাই যে তাই বৰ্ষাতকৈয়ো এক বিভৎস জীৱন পাৰ কৰি আহিছে৷তাই যেতিয়া সময়ৰ সৈতি জিকিব পাৰিছে তেনেহ’লে বৰ্ষাই কিয় নোৱাৰিব৷তথাপিও আনে বুজালেইটো জীৱনটো সলনি হৈ নাযায়৷যেনেহ’লেও ছায়াৰ জীৱনত তাইৰ প্ৰিয় আপোন মানুহজন লগত আছে কিন্তু বৰ্ষাৰ যে সকলো থাকিও অকলশৰীয়া৷যদিও সমীৰৰ ব্যৱহাৰ তাইৰ প্ৰতি সলনি হ’ল তথাপিও এয়া যেন সমীৰে বৰ্ষালৈ থকা দায়িত্ববোধৰ ফলশ্ৰুতিতহে আগবঢ়াই নিছে,এতিয়াও তাই বিচৰা এক সম্বন্ধ সিহঁতৰ মাজত গঢ়ি উঠা নাই৷কেতিয়াবা সমীৰৰ মুখামুখি হ’বলৈয়ো ভয় হয় তাইৰ৷কাৰণ আজিকালি বৰ্ষাক কোনো কথা টানকৈ নকয় বাবে নিজৰ মাজতেই যে যুজি থাকে সি৷এইদৰে সমীৰে যুজি থকা দেখিলে তাইয়ো ভাগি পৰে নজনাকৈ অজানিতে৷সমীৰে তাইৰ প্ৰতি দেখুওৱা সহানুভূতি খিনিৰ বিনিময়ত তাই সদায়েই সমীৰৰ আগত কৃতজ্ঞ হৈ ৰ’ব৷সেইদিনা সমীৰে মাকৰ শেষকৃৎ নকৰাহেতেন কি হ’ল হয়৷ সমীৰৰ মহানুভৱতাই তাইক তুচ্ছজ্ঞান কৰিছে৷কথাবোৰ ভাবিলে তাইৰ বুকুখন কপি উঠে তেতিয়াই মায়াৰ কথা মনলৈ আহিলে সমীৰক প্ৰতাৰণা কৰা যেন অনুভৱ কৰে৷তাই জানো সমীৰৰ পৰা কথাবোৰ লুকুৱাই ৰাখি ভুল কৰা নাই?মাত্ৰ নিজৰ স্বাৰ্থৰ বাবেই সমীৰক এইদৰে যন্ত্ৰণাত দগ্ধ হ’বলৈ দিব পাৰিব জানো?সমীৰে দেখুৱাই নিদিলেও তাই বুজি পাই,আজিও যে সমীৰে মায়াক পাহৰিব পৰা নাই৷কিয় পৰা নাই তাই নাজানে অথচ কথাবোৰ লুকুৱাই যেন চকুৰ সন্মুখতে ৰং চাই থকাৰ দৰে সমীৰক এইদৰে জীয়াবলৈ দিব নোৱাৰে তাই৷সোনকালেই সমস্যাবোৰৰ সমাধান কৰি তাই সমীৰক সত্য কথাবোৰ জনাই দিব৷(আগলৈ) দেৱাশ্ৰী বৰা
Subscribe to:
Post Comments (Atom)
Kandi goluge😢
ReplyDelete😭😭😭😭
ReplyDelete