Monday, July 26, 2021
ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-৫ "মন মোৰ উৰি গুচি যায় কি জানো পায়ো হেৰুৱাই " দৃষ্টিয়ে বেলিডুবা আকাশখনলৈ চাই কাণদুখনত হেদফোনডাল গুজি পাপনদাৰ প্ৰিয় গানটো শুনি হোষ্টেলৰ চাদৰ ওপৰতে তন্ময় হৈ বহি আছে ৷বহুদিন হ’ল এইদৰে অকলে নিজৰ মাজতে এখন্তেক সময় পাৰ নকৰা৷সৰুৰে পৰাই মাকৰ মুখত শুনি আহিছিল, মেট্ৰিকটো পাছ কৰিলেই আৰাম ,তাৰ পাছত হায়াৰচেকেণ্ডাৰী তাৰ পাছত গ্ৰেজুৱেচনৰ সময়চোৱাতো সেই একেটাই কথা৷হ’লেও ব্যস্ততাবোৰ লাহে লাহে নিজেই বুজি উঠিছিল৷ ইউনিভাৰচিটিৰ এই দিনকেইটাত যে তাই এদিনো শান্তিয়ে পোৱা নাই৷দিনটো ক্লাছৰ ব্যস্ততা,তাৰ পাছতে পেৰেডৰ নামত ব্যস্ততা,হোষ্টেলৰ ফ্ৰেচাৰ্চ,ইউনিভাৰচিটিৰ ফ্ৰেচাৰ্চ,উইকেন্দৰ শেষত ইউনিভাৰচিটিৰ ইটো সিটো প্ৰগ্ৰেম মুঠৰ ওপৰত ব্যস্ততা আৰু ব্যস্ততা৷ টং টং টংকৈ হোষ্টেলৰ চাহ দিয়াৰ ঘন্টাধ্বনিটো ভাহি আহিল৷গানৰ ভলিউমটো কমাই দিলে৷ইমানপৰে নিজান হৈ থকা পৰিৱেশটোত এজাক ছোৱালীয়ে খৰ খোজেৰে চিৰিলৈ অহা যোৱা কৰা চেণ্ডেলৰ চেতেপ চাতাপ শব্দ,ভুনভুনকৈ কথা পতাৰ শব্দ,কোনোবা দুজনীমানে খিলখিলাই হাঁহি দিয়াৰ শব্দ কিছুমান চৌপাশে বিয়পি পৰিল৷এই নিজাববীয়া অনুভৱখিনি এৰি তাইৰ চাহ খাবলৈ উঠি আহিবলৈ মন নগ’ল৷ স্বস্তিৰে দীঘলীয়া উশাহ এটা এৰি আকাশখনলৈ চাই ৰ’ল৷সন্ধিয়াৰ আকাশখন যে তাইৰ বৰ প্ৰিয় ৷আন্ধাৰ হ’লে আকাশৰ বিশালতাৰ মাজত জী উঠে তৰাবোৰ ,ভাললাগে তাইৰ৷জোনটোৰ কথা সুকীয়া,মৰি মৰিও জী থাকিবলৈ শিকাই দিয়ে কোনোবাখিনিত৷ চাদলৈ অহা চিৰিখনত কোনোবাই উঠি অহাৰ শব্দ শুনি দৃষ্টিয়ে বহুদেৰি চিৰিখনৰ বাটলৈ চাই ৰ’ল৷কোনো সোমাই নহা দেখি এপাক ভুমুকি মাৰি চাই আহিল অথচ কাকো নেদেখিলে,ভয় ভয় অনুভৱ এটাই ভিতৰৰ পৰা খুচি বিন্ধি আনিলে তাইক৷ইফালে আন্ধাৰেও চানি ধৰিছে সমগ্ৰ এলেকাটো৷এই সময়ত তাই এইখিনিত এইদৰে বহি নথকাটোৱেই ভাল হ’ব বুলি ল’ৰালৰিকৈ সেই চিৰিয়েদিয়েই নামি আহিল৷ আজি কিছুদিনৰ পৰা তাই লক্ষ্য কৰিছে হোষ্টেলত সিহঁতৰ মহলাৰ বাৰ নম্বৰ কোঠাটোত আজিলৈকে কাকো দেখা নাই৷বৰঞ্চ প্ৰকাণ্ড তলা এটাহে মাৰি থৈছে৷হোষ্টেলৰ ইমান বিলাক ৰুমৰ ভিতৰত আগ গুৰি নোহোৱাকৈ সিহঁতৰ মহলাৰ মাজৰ ৰুমটোত এইদৰে তলা লগাই থোৱাৰ যুক্তি ক’ত৷নিশ্চয় সেই কোঠাটোৰো কিবা ৰহস্য আছে নহ’লেনো এইদৰে মাজৰ ৰুম এটাত তলা লগাই থয়নে? কথাটোৱে তাইৰ মনত জিজ্ঞাসাৰ সৃষ্টি কৰিছে৷ৰুমটোলৈ সোমাই আহি লগালগ মলয়াৰ কাষতে বহি "বাৰ নম্বৰ কোঠাটোৰ ৰহস্যটো কি "বুলি সুধি পেলালে৷ মলয়াই দৃষ্টিৰ প্ৰশ্নটোৰ উত্তৰ দিয়াত সংকোচবোধ কৰিলে৷তথাপিও হাত সাৰিবলৈয়ে কৈ থ’লে "মই সেইবোৰ ভালদৰে নাজানো দেই,শুনামতে আজিৰ পৰা দহবছৰ আগত সেইটো ৰুমত..." মলয়াই কথাবোৰ ক’বলৈ লৈয়ো ৰৈ গ’ল৷ কাষতে বহি থকা মৌয়ে দৃষ্টিৰ প্ৰশ্নটোৰ উত্তৰ মলয়াই কি দিয়ে জানিবলৈ বুলি সিহঁতৰ ফালেই আগবাঢ়ি আহিল৷দৃষ্টিয়ে মৌ’ৰ ফালে চাই ৰ’ল,তাৰমানে তাইয়ো বাৰ নম্বৰ কোঠাটো কিয় বন্ধ জানিবলৈ উৎসুক নেকি? দৃষ্টিয়ে এইদৰে মৌ’য়ে নিজৰ ব্যস্ততাবোৰ এৰি সিহঁতৰ কথাৰ মাজত সোমাবলৈ অহা দেখি অলপ আচৰিত হ’ল৷নহ’বইবা কিয়? একেটা ৰুমতে থাকিলেও মৌ’য়ে সদায় নিজৰ মাজতেই ব্যস্ত হৈ থাকে৷বৰ বেছি কথা বতৰা সিহঁতৰ লগতো নাপাতে,নিজৰ প্ৰয়োজনীয় কথাকেইটাহে খুউবসম্ভৱ জুখিমাখি কয়৷ বিৰাট গহীন ছোৱালীজনী ,তাইৰ শান্ত শিষ্ট স্বভাৱটোৰ বাবেই আজিলৈ হোষ্টেলৰ কোনো ছোৱালীৰ লগতেই ঘনিষ্ঠতা নাই,আনকি মলয়াৰ লগতো৷মৌ’ৰ জটিলতাবোৰৰ বাবেই মলয়াই ধেমালি কৰিবলৈ গৈয়ো কেতিয়াবা সাংঘাতিক অনুশোচনাত ভুগে,দৃষ্টিৰ সৈতে কৰা ধেমালিবোৰৰ দৰেই তাইৰ লগতো বন্ধুত্বসুলভ ব্যৱহাৰ কৰিব খুজে,কিন্তু বোধহয় কথাবোৰ তাইৰ অপচন্দৰ কিন্তু মৌ’ৰ বিপৰীতে ফ্ৰেচাৰ্চৰ দিনাৰ পৰাই দৃষ্টিৰ বহুতৰে সৈতে ঘনিষ্ঠতা বাঢ়ি আহিছে৷তাই psychologyত এম.এ কৰা বুলি জানিব পাৰি বহু কেইজনীয়ে মুখদেখিলেই তাই সকলো কথা কৈ দিব পাৰে বুলি তাইৰ পৰা লোকাই থকাও তাইৰ চকুত নপৰাকৈ থকা নাই৷কিছুমানে পেটে পেটে দৃষ্টিৰ বাবে বেয়াভাব ৰাখিলেও পৰাপক্ষত তাইৰ সৈতে যিমান পাৰে স্বাভাৱিক ব্যৱহাৰ কৰাই দেখিবলৈ পোৱা যায়৷ বহুতেটো তাইক দেখিলে "মই কি ভাবি আছোঁ কোৱাচোন" বুলিও প্ৰশ্ন কৰে৷মুখখন চালেই যে কোনে কি ভাবিছে জানিব নোৱাৰি সেই কথা বুজাবলৈ গৈয়ো তাই বিফল হৈ পৰে৷হোষ্টেলৰে দুজনীমানে নিজৰ সৰু সুৰা সমস্যা কিছুমানো তাইৰ ওচৰলৈ লৈ আহে ,কিন্তু তাইহে পলাই ফুৰে এইবোৰৰ পৰা ৷কাৰণ তাই বুজাব খুজিলেও যে সিহঁতে বুজিব নুখুজে আৰু তুমি মোক সহায় কৰিবই নোখোজা বুলি ভুল ধাৰণা এটা মনতে পুহি লয়৷কথাবোৰ মনতে পাগুলি থকাৰ পৰা বাস্তৱলৈ উভতি তাই পুনৰ কৈ উঠিল "প্লিজ মলয়া বা,পিছৰখিনি কোৱা না" মলয়াই ফুচফুচাই কৈ উঠিল " এইবোৰ কথা ৰাতি পাতিলে কথাটো অলপ বেয়া হয় ,কাইলৈ মোৰ লগত ওলাবা গ্ৰাউণ্ড ফ্ল’ৰৰ জুনবিৰি বায়েহে তোমালোকক কথাবোৰ ভালদৰে ক’ব পাৰিব,আমাকো তাইয়ে কথাবোৰ কৈছিল৷" কথাষাৰ শুনি দৃষ্টিৰ মনলৈ জুনবিৰিৰ মুখখন ভাহি আহিল,ফ্ৰেচাৰ্চৰ দিনা সকলোৱে জুনবিৰিৰ সৈতে এই হোষ্টেলৰ আটাইতকৈ পুৰনি আৱাসী বুলি চিনাকি কৰাই দিছিল৷ইউনিভাৰচিটিত তাই পাঁচ বছৰীয়া Law’ৰ কৌচতো শেষ কৰি কিবা ইনটাৰ্ণশ্বিপৰ কামত হোষ্টেলতেই আছে৷পুৰণি আৱাসী হিচাপে হোষ্টেলৰ আটাইবোৰ ছোৱালীয়েই জুনবিৰিক হিয়াউজাৰি শ্ৰদ্ধা কৰে ,তাইয়ো জানো তাৰ ব্যতিক্ৰম ডাঙৰ সৰু সকলোকেই সমানে মৰম কৰে৷ হয়তো জুনবিৰি থকাৰ বাবেও এই হোষ্টেলত আজিলৈ ৰেগিং হোৱা নাই ৷কোনো চিনিয়ৰে কোনোবাজনী জুনিয়ৰক গালি এটা পাৰিলেও গাৰ্জেনৰ দৰে আহি প্ৰতিৰক্ষা দিয়েহি,সেইবাবে হোষ্টেলৰ প্ৰতিজনী জুনিয়ৰেই জুনবিৰিক বৰ ভাল পায়৷ মৌ’য়ে ৰুমটোৰ ইফালেসিফালে চাই তাইৰ টেবুলত থোৱা হনুমান চালিচাখন হাতত লৈ লৈ বিচনাত বহিলগৈ৷মনতে তাইৰ সন্দেহ উপজিছে,কিজানিবা বাৰ নম্বৰ কোঠাটোত কোনোবাই চুইচাইড কৰিয়েই মৰিছে ৷তাৰমানে ৰাতি হ’লেই তাই শুনা পোৱা চেন্দেল জোতাৰ শব্দবোৰ,ৰাতি এপৰত কুকুৰ মেকুৰীৰ শব্দবোৰ কোনোবা অশৰীৰী আত্মা দেখাৰ বাবেই নেকি? কথাবোৰ ভাবি ভাবি যেন তাই কপিঁবলৈ ধৰিছে ৷ মৌ’ক সেইদৰে কঁপি কঁপি বহি থকা দেখি দৃষ্টিয়ে ক’লে " কথাবোৰ নজনাকৈয়ে কিয়নো ইমান ভয় কৰিছা,ধৈৰ্য্য ধৰাচোন কাইলৈ জুনিবিৰি বাক কথাটো সুধিলেই ৰহস্যৰ ফাদিল হ’ব৷তুমি মই ভবাৰ দৰে ৰুমটোত একো নহ’বওটো পাৰে ৷" আগলৈ
Subscribe to:
Post Comments (Atom)
Val lagise Debaa🌼
ReplyDeleteThankyou
DeleteBhut dhuniya❣️
ReplyDeleteThankyou
Delete