Wednesday, July 28, 2021

ভালপোৱাৰ অপেক্ষাত...! (নাহৰ ফুলাৰ দৰেই)খণ্ড-৭ দৃষ্টিয়ে ইচ্ছা কৰিও আজি ক্লাছত মন লগাব পৰা নাই ৷পৰাহ’লে আজিৰ ক্লাছকেইটা নকৰিলেই হয় কিন্তু এটেনডেন্সৰ বাবেহে বহি আছেহি৷দিনটো নাযায় নুপুৱায় যেন অসহ্য লাগিছে তাইৰ,কেতিয়া হোষ্টেল পাই জুনবিৰিৰ পৰা বাৰ নম্বৰ কোঠাটোৰ ৰহস্য জানিবলৈ আহিব সেই লৈ বাট চাই আছে৷পিছে আজি দৃষ্টিয়ে ৰাতিপুৱাৰ পৰাই সমীক্ষাৰ অস্হিৰতা কিছুমান লক্ষ্য কৰি আছে কিন্তু আনৰ ব্যক্তিগত জীৱনত নোসোমাও বুলিয়েই এতিয়ালৈ তাইক এইবিষয়ে একো সোধা নাই ৷ সদায় ক্লাছত আহি হাঁহি মাতি থকা,ফাৰ্ষ্ট বেঞ্চত বহি ভালপোৱা ছোৱালীজনীয়ে আজি শেষৰ ফালৰ মুৰৰ বেঞ্চখনত বহি ৰাতিপুৱা কান্দি থকাৰ দৰে লাগিছিল,কিন্তু কিয় কান্দিছা বুলি সোধোতে "নাই কন্দা,ঘৰলৈ মনত পৰিলেই মোৰ চকু পানী নজনাকৈয়ে ওলায়" বুলি জীয়া ফাকি এটা মাৰি সেইখিনিৰ পৰা ল’ৰালৰিকৈ আতৰি বাথৰুমৰ বেচিনত মুখখন ধুই চকুপানীবোৰ লুকুৱাইছিল৷ এইকেইদিনত দৃষ্টি আৰু সমীক্ষা অন্তৰংগ বান্ধৱী হৈ পৰিছে যদিও দুয়োজনীয়েই কিছুক্ষেত্ৰত ব্যক্তিগত জীৱনটোৰ পৰা ইজনীয়ে সিজনীক আতৰাই ৰাখিছে৷ আজি দিনটোত সমীক্ষাৰ মাকেও তাইলৈ ঘনাই ফোন কৰি আছে,দৃষ্টিৰ মনত সন্দেহ উপজিছে নিশ্চয় সমীক্ষাৰ মনৰ মাজতেই এজাক ধুমুহা বলি আছে৷ সেয়ে সমীক্ষাই নিজেই উপযাচি নোকোৱাৰ আগতে তাইৰো সুধিবলৈ বেয়া লাগিছে৷ সমীক্ষাৰ মনটো অলপ ভাল লাগক বুলিয়েই দৃষ্টিয়ে তাইক অ’ফ টাইমত জ’চাগলৈ কিবা এটা খাবলৈ বুলিয়ে লগতে লৈ আনিছিল৷কি খাব অৰ্দাৰ দি পাচঁ নম্বৰ টেবুলখনত বহিবলৈ যাওঁতেই চকুত পৰিল,এজাক ল’ৰাৰ সৈতে ৰুদ্ৰই খুউব গম্ভীৰকৈ কিবা কথাৰ আলোচনা কৰি আছে৷আজিও নীলা টি চাৰ্টটোৰ সৈতে ব্লেক ফৰ্মেল পেন্টটোত বেষ্ট হেন্দচম দেখাইছে ৰুদ্ৰক৷ দৃষ্টিয়ে ইচ্ছা কৰিয়ে তাৰ পৰা চকু আতৰ কৰি নানিলে,এপাকত ৰুদ্ৰৰ সৈতে চকুত চকু পৰাত লাজতে তলমুৰ কৰি বহি পৰিল৷ চঞ্চল মনটোত ইম্মান লাজ যে চকুমুখলৈকে জবাফুলৰ দৰে তেজাল ৰঙা হৈ পৰিল৷দৃষ্টিৰ অৱস্থাটো দেখি সমীক্ষা অলপ আচৰিত হ’ল,কি হৈছে তাইৰ একো ধৰিব নোৱাৰি সুধিয়ে পেলালে "কি হ’ল দৃষ্টি?" দৃষ্টিয়ে ফুচফুচাই ক’লে " চোৱাচোন, সৌ ল’ৰাটোৱে বাৰু মোৰ ফালেই কেনেবাকৈ চাই আছে নেকি? " -"কোনটো ল’ৰা?" "নীলা টিচাৰ্ট পিন্ধা থকা ল’ৰাটোৰ কথা কৈছোঁ" সমীক্ষাই পুনৰ এবাৰ ডিঙি মেলি ল’ৰাৰ জাকটোলৈ চাই পঠিয়ালে৷তাৰ পিছত ক’লে -"ৰুদ্ৰ দাৰ কথা কৈছা নেকি তুমি " "চুু...পপ সি শুনিলে কথাটো বেয়া হ’ব ৷" -"কিয় ?" "মোৰ লাজ লাগিছে সেই কাৰণে " -"তোমাৰ লাজ আৰু ৰুদ্ৰ দা’ৰ কথাটো মই হ’লে বুজি নাপালোঁ দেই ,ৱাহহ ছোৱালীয়ে ইউনিভাৰচিটি আহিয়েই মনে মনে.." "সেই এইজনী সেইবোৰ একো নহয়,দীঘলীয়া কাহিনী পাছত ক’ম কেতিয়াবা ,এতিয়াও চাই আছে নেকি সেইটো কোৱা " সমীক্ষাই পুনৰ এপাক চাবলৈ লওঁতেই ৰুদ্ৰৰ চকুৱে চকুৱে পৰাত "দাদা ভালনে"বুলি সুধিয়েই পেলালে৷ দৃষ্টিয়ে মোৰে কপাঁলে হাত দি মুখৰ ভিতৰতে ভোৰভোৰালে "চেচ্ এইজনীয়ে জান খাই দিলে মোৰ "৷দুৰৰ পৰাই কথা বতৰা পাতিবলৈ অসুবিধা হোৱাত হয়তো ৰুদ্ৰই সিহঁতৰ ফালেই আগবাঢ়ি আহিল৷ যিমানে ৰুদ্ৰৰ মাতটো কাষ চপা যেন লাগিল সিমানেই দৃষ্টিৰ বুকুৰ ধপধপনিবোৰ বাঢ়ি আহিল৷ নোৱাৰিলে আৰু তাই এইদৰে বহি থাকিব,সমীক্ষাক সেইখিনিতেই এৰি উলাই আহিল জ’চাগৰ পৰা৷সেইসময়ত দৃষ্টিয়ে মাথোঁ পলাবলৈ চাইছে,বুকুৰ ধপধপনিবোৰ কম নোহোৱালৈকে তাই কিমান দুৰ বাট এইদৰেই অকলে গুচি আহিল ঠিক নাই ৷ক্লাছ পোৱাৰ আধা বাটতহে মনত পৰিল সমীক্ষালৈ৷ ৰুদ্ৰৰ পৰা পলাবলৈ চাওঁতে এইয়া তাই কি কৰি পেলালে বুলি মুৰটোকে খজুৱাবলৈ ধৰিলে৷ উপায়টো নাই লগত আনিছিল যেতিয়া নিবটো লাগিবই৷সেয়ে পুনৰ ঘুৰি আহিল জ’চাগৰ পদূলিলৈ৷কিন্তু তাইৰ সাহ হোৱা নাই ভিতৰলৈ সোমাই যাবলৈ সেয়ে বাহিৰতে বহি সমীক্ষালৈ বাট চালে৷ প্ৰায় এঘণ্টাতকৈ বেছি সময় পাৰ হ’ল,এই সময়খিনিত কিমানে জ’চাগলৈ অহা-যোৱা কৰিলে তাৰ হিচাপ নাই কিন্তু সমীক্ষাৰহে কোনো দেখাদেখি নাই৷সমীক্ষালৈ দুবাৰমান ফোনো কৰিছিল পিছে তাই ৰিচিভহে নকৰিলে৷ ইমান সময়ে তাই ৰুদ্ৰকো উলাই অহা দেখা নাই ,তেনেহ’লে সিহঁতি এতিয়াও কথা পাতিয়েই আছে নেকি? নে দুয়োটাই ওলাই আহিল জ’চাগৰ পৰা জানিবলৈ আৰু পোন্ধৰ মিনিটমান সেইখিনিতে ৰৈ বাট চালে সমীক্ষাৰ বাবে৷কিন্তু কাকো ওলাই নহা দেখি তাইয়ে পুনৰ জ’চাগৰ ভিতৰলৈ সোমাই আহিল৷কিন্তু সিহঁত এটাকো নেদেখি খৰখোজেৰে চেন্টাৰৰ ফালেই খোজ ল’লে৷ ব্ৰেকৰ পাছৰ ক্লাছটোৱেই শেষ আছিল ,কিন্তু তাই তাকো মিছ কৰি দিলে ৷সেয়ে চেন্টাৰলৈ সোমাই যাবলৈ ভাল নালাগিল তাইৰ৷ মেথেমেটিক্স ডিপাৰ্টমেণ্টৰ সন্মুখতে ইফালৰ পৰা সিফাল কৰি সমীক্ষালৈ বাট চালে৷ এপাকত সমীক্ষাক চেন্টাৰৰ পৰা ওলাই অহা দেখি তাইৰ চকু মুখ উজ্জ্বলি উঠিল৷কিন্তু সমীক্ষাই ইচ্ছা কৰিয়েই দৃষ্টিক মাত নিদিয়াকৈ তাইৰ কাষেদিয়েই গপগপাই হোষ্টেলৰ ফালে খোজ ল’লে৷ দৃষ্টিয়ে সমীক্ষাক বহুবাৰ মাতিবলৈ চেষ্টা কৰিলে কিন্তু তাই মাত নিদিওঁ বুলিয়েই অভিমান কৰি নিদিয়াকৈ থাকিল৷কিন্তু এপাকত দৃষ্টিলৈ বেয়া লগাত মুখ বিকতাই দৃষ্টিক কৈ থৈ গ’ল " মোক ফচাই থৈ তাত অকলে এৰি গুচি আহিলা বেয়া পালোঁ তোমাক " দুখ দৃষ্টিৰ গাত সেয়ে তাইয়েই বাৰে বাৰে সমীক্ষাক চ’ৰি কৈ তাইৰ পাছে পাছে খোজ দি একেবাৰে সমীক্ষাহঁতৰ হোষ্টেলৰ ওচৰ পালেহি৷দৃষ্টিক আওকাণ কৰি সমীক্ষা হোষ্টেলৰ ভিতৰলৈ সোমাই আহিল,হ’লেও তাইৰ মনে নামানিলে৷ গেটৰ বাহিৰৰ পৰা অপৰাধীৰ দৰে তাইলৈ হেপাঁহেৰে চাই থকা দৃষ্টিৰ মুখখন মনলৈ অহাট তাইৰ ওচৰলৈ ঘুৰি আহিল৷পুনেই দৃষ্টিক চ’ৰি বুলি কৈ তাইৰ হাতখন ধৰি ল’লে৷ দৃষ্টিৰ সেমেকা মুখখনত সোণগুটি যেন হাঁহি এটা বিৰিঙি উঠিল৷সমীক্ষাই অভিমান কৰিয়েই ক’লে " মোক অকলে এৰি অহাৰ কাৰণটো ক’ব লাগিব,কি চলি আছে ৰুদ্ৰ দাৰ লগত" দৃষ্টিয়ে লাজ লাজ অনুভৱেৰে ক’লে " তেনেকুৱা তুমি ভবাৰ দৰে একোৱেই নহয় ,একদম চিম্পল ষ্টৰী মোৰ " তাৰ পাছত তাই কথাবোৰ ক’বলৈ আৰম্ভ কৰিলে৷দৃষ্টিৰ কথাবোৰ শুনাৰ পাছত সমীক্ষাই উচ্চ স্তৰত গিৰ্জনি মাৰি হাঁহি উঠিল৷দৃষ্টিয়ে ৰুদ্ৰৰ ওচৰত লাজ পোৱাতকৈয়ো বেছি লাজ সমীক্ষাই হাঁহি দিয়াতহে পাইছে৷অন্তত যিটো মানুহৰ সৈতে ঘটনাতো ঘটিছে সি আজিলৈ তাইক পাত্তাই দিয়া নাই কিন্তু যাক ক’লে তাই হাঁহি ৰখাবই পৰা নাই৷মুখখন ফুলা লুচিটোৰ দৰেই ফুলি উঠিল৷ দৃষ্টিৰ ফুলা মুখখন দেখি সমীক্ষাই গহীনাই কৈ উঠিল "হ’ব দিয়া ইমান লাজ কৰিবলগীয়া একো নাই ইয়াত,ৰুদ্ৰ দাই চাগে এইবোৰ কথা কাহানিবাই পাহৰিলে৷ তাৰ মনত থকা হ’লে আজি তোমাক জ’চাগত দেখাৰ পাছতেই চিনি পালে হয় " দৃষ্টিয়ে সমীক্ষাৰ মুখলৈ চাই প্ৰশ্ন কৰিলে "তাৰমানে মোৰ কথা কিবা সুধিছিল নেকি?" -"উহোঁ একো নাই সোধা লগৰজনী গুচিয়েই গ’ল দেখোন বুলি কৈ মোৰ ভাল বেয়াৰ খবৰ সুধিছিল সিমানেই " "ভাগ্য ভাল তেওঁৰ যে মোৰ মুখখন মনত নাই৷পিছে তুমি ৰুদ্ৰ দাক কেনেকৈ চিনি পোৱা?" -"ইউনিভাৰচিটিৰ এদমিচনৰ কিবা কামতে চিনাকি হৈছিলো,তাৰ পাছৰ পৰাই ভাল চিনাকি আমাৰ " ৰুদ্ৰৰ বিষয়ে আৰু অধিক জনাৰ উদ্দেশ্যৰে গেৰোঁগেঁথোকৈ দৃষ্টিয়ে পুনৰ সুধিলে "আট্চা ,পিছে সম্পূৰ্ণ নামটো কি বাৰু?" "ৰুদ্ৰাক্ষ নন্দন বৰুৱা " দৃষ্টিয়ে তপৰাই ক’লে -"ধুনীয়া নামটো " " অকল নামটোৱেই নে ল’ৰাটোও ধুনীয়া দেখোন,পচন্দ হৈছে যদি মোক ক’লেই হ’ল " "ধেই কি যে কোৱা ,সেইবোৰ একো নাই৷মাত্ৰ নাজানো কাৰণেহে সুধিছোঁ ৷মই যাওঁ এতিয়া নহ’বা দেৰি হ’বগৈ হোষ্টেল পাওঁতে" -"ইচ্ দেৰি হ’বনে পলাব খুজিছা৷যি কি নহওঁক for more information জনাই থ’লো ইউনিভাৰচিটিৰ মেইন হোষ্টেলতেই থাকে " সমীক্ষাই কামোৰ দিয়া দেখি দৃষ্টিয়ে যিমান পাৰে সিমান খৰখেদাকৈ খোজ দি তাইৰ কাষৰ পৰা পলাবলৈ বিচাৰিলে৷হ’লেও হোষ্টেললৈ অহা গোটেই বাটটোত মনলৈ এটা নামেই আহি থাকিল "ৰুদ্ৰাক্ষ নন্দন বৰুৱা"৷নামটো শুনাৰ পাছৰ পৰাই যেন প্ৰিয় হৈ পৰিছিল তাইৰ বাবে,সেয়ে লগালগ ফেচবুকটো খুলি নামটো চাৰ্চ কৰিলে, হাতত গীতাৰ লৈ কেকোৰা চুলিকোছা মেলি হোৱাইট চাৰ্ট আৰু নেভিব্লু পেন্টৰ ফৰ্মেল ড্ৰেচত প্ৰফাইল ফটোখন আপলোড কৰা আছে৷ বহুদেৰি ভাবি চিন্তি কপাঁ কপাঁ হাতেৰে ফ্ৰেণ্ড ৰিকুৱেষ্টটো পঠিয়াই দিলে৷পুনৰ বাৰ দৃষ্টিৰ হৃদয়ৰ কেকুঁৰিটোত ৰুদ্ৰ নামৰ বতাহজাক আহি থেকা খাই পৰিল৷ এই বতাহ জাকতেই তাই যেন উৰি ফুৰিব এতিয়াৰে পৰা মাথোঁ অপেক্ষা ফ্ৰেণ্ড ৰিকুৱেষ্টটো এক্সেপ্ত কৰালৈ৷ সন্ধিয়া পাৰ হ’ল,কিন্তু এতিয়ালৈ দৃষ্টিয়ে এবাৰো জুনবিৰিৰ ওচৰলৈ যাবলৈ মলয়াক লগ নধৰা দেখি তাই অলপ আচৰিত হ’ল৷যিজনী ছোৱালীয়ে কালিৰে পৰা বাৰ নম্বৰ কোঠাৰ ৰহস্য জানিবলৈ উৎসুক হৈ আছিল সেইজনী ছোৱালীয়ে এতিয়ালৈ এবাৰো তাইক এই বিষয়ে একো এটা সোধা নাই,কি আচৰিত৷ তাই কেনেবাকৈ পাহৰিলে নেকি বুলিয়ে জুখি চাবলৈয়ে দৃষ্টিক মাত লগালে " দৃষ্টি তুমি কিবা এটা পাহৰিছা নেকি বাৰু? " শুই থকাৰ পৰাই দৃষ্টিয়ে কৈ উঠিল " একো নাই পাহৰা মলয়া বা,কিয় সুধিলা " "কিয় বাৰ নম্বৰ কোঠাৰ ৰহস্য জনাটো কি হ’বগৈ" দৃষ্টিয়ে একেজাপেই বিচনাৰ পৰা নামি মলয়াক লগত লৈ দ্ৰুতগতিত ৰাজধানী যোৱাদি গৈ জুনবিৰিৰ ৰুমৰ কাষ পালেগৈ৷কিন্তু ভাগ্যই বেয়া প্ৰকাণ্ড তলা এটা মাৰি থোৱা আছে৷উদাস মনটো লৈ ৰুমলৈ ঘুৰি আহিল৷ কেনেকৈ যে ইমান ইম্পৰটেণ্ট কথাটো পাহৰি থাকিল বুলি নিজৰ ওপৰতে খং উঠিল তাইৰ৷দৃষ্টিৰ উদাসীন মুখখন দেখি মলয়াই জুনবিৰিলৈ ফোন কৰি তাইৰ ৰুমলৈ যোৱাৰ কথাটো কোৱাত জুনবিৰিয়ে ৰাতিলৈ ভাত খোৱাৰ পাছত ৰুমলৈয়ে মাতি পঠিয়ালে৷ উফ্ পুনৰ এক অপেক্ষা ৰাতি হোৱালৈ ৷ (আগলৈ)

1 comment: