Wednesday, July 21, 2021

ভালপোৱাৰ অপেক্ষাত..!! (নাহৰ ফুলাৰ দৰেই) খণ্ড-১ ************************* খিৰিকীৰে এচমকা ৰ’দে খেদিছিল,বিৰিঙি পৰিছিল ৰ’দালি পোহৰজাক তাইৰ চকু মুখলৈকে৷বাছ যাত্ৰাত খিৰিকীৰ ওচৰৰ চিটটো তাইৰ খুবেই প্ৰিয়,কিন্তু আজি ৰ’দজাকে বাৰে বাৰে কেচাঁ ঘুমটি ভাঙিছে৷বতাহত বাৰে বাৰে বিশৃংখল হৈ পৰা পৰ্দাখন টানি দিবলৈ লওঁতেই তাইৰ চকুত পৰিল ৰাস্তাৰ সিপাৰে ডাঙৰ ডাঙৰ আখৰেৰে আঁৰি থোৱা ফলকখনলৈ৷লিখা আছিল " ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ স্বাগতম "৷ভাললগা অনুভৱ এটাই হেচুকি দিলে তাইক৷ভাললগাবোৰ সামৰিব নাপালেই বাছৰ হেণ্ডিমেনজনে চিঞৰি উঠিল ইউনিভাৰচিটি.. ইউনিভাৰচিটি.. প্ৰথম গেট নামি আহক!! খকামকাকৈ বেগকেইটা হাতত লৈ ওলাই আহিল৷DU HAAT ৰ ওচৰতে ৰুম এটা দুদিনমান আগতেই চাই থৈ প্ৰায়খিনি বয়বস্তু থৈ গৈছিলহি৷ আজি মাত্ৰ মানুহজনী আৰু দুই এটা প্ৰয়োজনীয় বস্তুহে লগত লৈ আহিছে৷বাছৰ পৰা নামিয়েই এঙামুৰি এটি এৰি দীঘলীয়া জ্যোতিবাটচ’ৰাটোলৈ চাই সেৱা এটি জনাই তাইৰ সেই বিশেষ ৰুমটোৰ দিশে খোজ ল’লে৷ দুমহলীয়া অট্টালিকা সদৃশ "আশা"নামৰ এই হোষ্টেলটোত কমেও পঞ্চাশৰ উৰ্ধত ছোৱালী থাকে৷গেটৰ সন্মুখ পোৱাৰ পাছতেই তাইৰ বুকুখন কিবা অজান ভয় এটাত ধপধপাই উঠিল৷কাণ মুৰ গৰমহৈ আহিল,বুকুত বহুত সাহস বান্ধি গেটৰ হুকটো থেলি দিয়াত গেটখনে কেৰমেৰাই উঠিল৷ গেট খোলাৰ শব্দ শুনি ওপৰমহলাৰ ছোৱালীবোৰে খিৰিকীৰে জুমাজুমি কৰি চোৱাত তাইৰ ভয়টো দুগুণে বাঢ়ি আহিল ৷তেনেতেই চাৰিজনীমান ছোৱালী তাইৰ ফালেই আগবাঢ়ি আহিল ৷হয়তো তাই ভয়ত কপিঁ থকা দেখিয়েই তেওঁলোকে নতুন বুলি বুজিয়ে সুধিলে :New commer right? মুখেৰে একো এটা শব্দ ফুটাব পৰা নাই ,সেয়ে মুৰটোকে জোকাৰি হয়ভৰ দিলে৷তাকে দেখি তেওঁলোকে পুনৰ সুধিলে :পিছে নামটো ? তাই ভয়ে ভয়ে থোকাথুকি মাতেৰে ক’লে :দৃষ্টি ! কোনোবা এজনী চিনিয়ৰে কৈ উঠিল "উপাধিটো কি আমি সুধিলেহে ক’ব নেকি?" তাৰ মাজৰে কোনোবা এজনীয়ে কৈ উঠিল " এহ হ’ব দে’চোন নতুন ছোৱালীজনীক তই কিয় ভয় খুৱাইছ" এক প্ৰচণ্ড শব্দ কৰি হাঁহিৰ গিৰ্জনি মাৰি সেই গৰাকীয়ে ক’লে "ভয় খালা নহ’ দৃষ্টি? মই মলয়া তোমাৰ ইউনিভাৰচিটি লাইফৰ প্ৰথম ৰুমমেট৷আজিৰ পৰাটো আমি একেলগই থাকিব লাগিব সেয়ে এনেকুৱা ফটকা মাজে সময়ে ফুটাই থাকিম হ’লে৷" প্ৰথমে দৃষ্টিৰ মলয়াৰ কথাকেইটা শুনি জীওঁ উৰি যাওঁ যেন কৰিছিল, তাতে শকত আৱত স্বাস্থ্যবান চেহেৰাৰ ছোৱালীজনীয়ে খঙ নকৰি ডাঙৰকৈ কোৱা কথাকেইটাও ভয়ংকৰ যেন লগা কথাটো তেনেই স্বাভাৱিক কিন্তু পাছত কোৱা হাঁহিমুখীয়া কথা কেইটাতহে দৃষ্টিৰ জীওঁ ঘুৰি অহা যেন লাগিল,নহ’লেটো আজি গেটৰ মুখতে সোমায়েই কান্দিবলৈহে বাকী আছিল৷দৃষ্টিৰ মনটো সেমেকি যোৱা যেন দেখি মলয়াই তাইৰ সৈতে থকা আটাইকেইজনীৰ লগত দৃষ্টিৰ চিনাকি কৰাই সকলোৰে নামবোৰ এফালৰ পৰা এবাৰ এবাৰ কৈ দিলে৷দৃষ্টিৰ মুখত সোণগুটি যেন হাঁহি এটি বিৰিঙি উঠিল ৷তাকে দেখি চিনিয়ৰ সংগীতা নামৰ এগৰাকীয়ে তাইক পুনৰ সুধিলে "ভয় ভাগিল যদি তোমাৰ সম্পূৰ্ণ নাম,ঠিকনা,মোবাইল নম্বৰ ইত্যাদিবোৰ দিবানে?আজিৰ পৰা তুমি আমাৰ পৰিয়ালৰে সদস্য যেতিয়া তোমাৰ দায়িত্ব আমাৰ ওপৰত সেয়ে এইবোৰ নঠিপত্ৰ আমাৰ বাবে বৰ জৰুৰী৷বেয়া নাপাবা আহি পাই ৰুম সোমাব নৌপাওঁতেই তোমাক আমি এইবোৰ প্ৰশ্ন কৰিছোঁ৷" তাইক অনাকাংক্ষিত ভয়টো মৰমৰ মাতকেইষাৰে মূহূৰ্ততে পাতলাই আনিলে৷এইবাৰ দৃষ্টিয়ে ৰেজিষ্টাৰ বহিখন চাই পূৰাবলৈ ধৰিল "নাম:দৃষ্টি শইকীয়া, ঠিকনা :যোৰহাট মোবাইল নং : ××××××××××" ৰেজিষ্টাৰ বহীত ঠিকনা যোৰহাট পাই তাৰে নিচা নামৰ ছোৱালীজনীয়ে কৈ উঠিল "আৰ্ৰে ভাই আমি দেখোন যোৰহটীয়ান ,ব্ৰ’ ক’ড মেইনটেইন কৰিব লাগিব হ’লে "৷ হাঁহি এটি মাৰি দৃষ্টিয়েও হয়ভৰ জনাই ক’লে "নিশ্চয় "কিন্তু কেনেকুৱা ব্ৰ’কডৰ কথা ক’লে সেইটোহে নুবুজিলে হ’লেও মুখখুলি কোৱাৰ সাহস নহ’ল তাইৰ৷৷হ’লেও যি কি নহওঁক ইউনিভাৰচিটিৰ হোষ্টেলীয়া জীৱনৰ আৰম্ভণি বৰ ভয়ংকৰ বুলিটো বহুতেই কয় আৰু সেইলৈ দৃষ্টিৰ ভয় এটি আগতীয়াকৈয়ে সোমাই আছিল কিন্তু ক্ষন্তেকতে আপোন কৰি পেলোৱা এই চিনিয়ৰ কেইগৰাকীয়ে তাইৰ ভয়টো নাইকিয়াই কৰি দিলে৷ আগলৈ (পুনৰবাৰ মই মোৰ অপৈণত হাতৰ লিখনিৰে আৰম্ভ কৰা তৃতীয়খন ধাৰাবাহিক উপন্যাস আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ৷"সেন্দুৰবুলীয়া ৰঙাবোৰ তোমাৰ নামত"উপন্যাসখনলৈ যিদৰে আপোনালোকে মৰম জনাইছিল সেই একেখিনি মৰমকেই আপোনাসবৰ পৰা বিচাৰি "ভালপোৱাৰ অপেক্ষাত(নাহৰ ফুলাৰ দৰেই"নামেৰে পুনৰ আৰম্ভ কৰিছোঁ এক জীয়া কাহিনী৷ আশাকৰোঁ মোৰ ভুলবোৰ শুদ্ধৰাই,আপোনালোকৰ দিহা পৰামৰ্শৰে মোৰ এই প্ৰয়াসক সফল কৰাত যাতে আপোনালোকে সহায় সহযোগিতা আগবঢ়াই৷মই সুখী হ’ম যদি মোৰ এই ক্ষুদ্ৰ প্ৰয়াসক আপোনালোকে মৰম আৰু আৰ্শীবাদ দিয়ে ! ইতি ধন্যবাদেৰে দেৱাশ্ৰী বৰা😊

6 comments: