Sunday, May 31, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪৭)
_____________________
ৰাশিয়ে ৰুমলৈ আহি কাপোৰ কানি সলাই বিচনাতে বাগৰি পৰিল৷কেতিয়াবা চকুৱে দেখা আৰু কাণেৰে শুনাবোৰ ভুল হ’ব পাৰে কিন্তু আপোন বুলি ভবাবোৰে যেতিয়া বুকুত ঘাঁ দিয়ে কোনো দৰবেই সেয়া থিক কৰিব নোৱাৰে৷তাতে তাইৰ আটাইতকৈ বিশ্বাসী যাক নিজৰ বুলি ভাবে,চকুুমুদিয়ে বিশ্বাস কৰি লয় সেই জীয়া আৰু অনুজে তাইক মিছা কথা কৈছে বুলি তাইৰ মনটো সিহঁতৰ প্ৰতি খং আৰু অভিমানেৰে ভৰি পৰিল৷ইফালে অনুজ আৰু জীয়াই তাইৰ কাৰণে বাৰাণ্ডাতে বহি বাট চাই থাকিল৷সন্ধিয়া ছয়টা বাজি গ’ল,ইমানপৰ ৰাশি ঘৰলৈ নহা দেখি অনুজৰ চিন্তা বাঢ়ি গ’ল৷দিনকাল ভাল নহয় তাতে ঠাণ্ডাদিনত সোনকালে আন্ধাৰ হয়,ইমান দেৰি এজনী ছোৱালী বাহিৰত অকলে থকাটো ভাল নহয়৷তাই ক’ত আছে জানিবলৈ তাইলৈ call কৰিলে কিন্তু তাৰ callটো ৰিচিভ নকৰা দেখি জীয়াক call কৰিবলৈ ক’লে৷জীয়াই ফোনটো আনিবলৈ ভিতৰলৈ সোমাই গৈ ৰাশিক বিচনাতে শুই থকা দেখি সুধিলে
:"পেটু তই কেতিয়া ঘৰলৈ আহিলি,অনুজ দা আৰু মই তোৰ কাৰণে অথনিৰে পৰা wait কৰি আছিলোঁ "
:" তহঁতৰ মোলৈ সময় ওলাল যে সেইটোৱেই বহুত "
:"মানে ?"
:"একো নাই thnq কৈছোঁ মোৰ কাৰণে চিন্তা কৰা কাৰণে ,অহা অলপ time হ’ল ,actually বহুত tired feel কৰিছোঁ so তহঁতক distrub নকৰিলোঁ "
:"are you okey ?যোৱা দুদিনমান ধৰি তই বহুত weird behave কৰি আছ আৰু কিবা tensionত থকা দৰে লাগিছে,মোকো ভালদৰে মাতবোল কৰা নাই, সব থিকেই আছেনে ?"
:"yaa ,its alright ,bdw তই মোক কিবা কথা ক’বলৈ পাহৰিছ নেকি ?"
:"নাই একোটো পাহৰা নাই আৰু কিবা ক’বলৈ হ’লে তোকেই 1st কম,কিয় সুধিলি?"
:"নাই নাই ইনেই সুধিছোঁ,আজিকালি বৰ উৰি ফুৰ যে মই বোলো pyarr yaar হৈছে নেকি আকৌ "
"ইস্ সেইবোৰ কিবা হ’লেটো তোক কমেই আৰু এনেকুৱা একো কথা নাই ,ৰ’হ মই অনুজদাক তই ঘৰ পালিহি বুলি কৈ থৈ আহোঁ নহ’বা মিচাতে সি চিন্তা কৰি থাকিব" বুলি কৈ জীয়া ৰুমটোৰ পৰা ওলাই গ’ল৷ৰাশিৰ মনটো আকৌ অলপ বেয়া লাগি গ’ল জীয়াই এতিয়াও তাইক সচাঁ কথাটো নাই কোৱা বুলি৷মনৰ দুখতে গাৰুটো সাবটি কাণত হেদফোনদাল লগাই শুই থাকিল ৷
জীয়াই অনুজক ৰাশি ঘৰলৈ অহা কথাটো কোৱাৰ লগে লগেই সি আহি দৰ্জামুখৰ পৰাই ৰাশিক মাত লগালে৷কিন্তু ৰাশিয়ে একো মাত নিদিয়া দেখি তাই শুলে বুলি ভাবি দুৱাৰমুখৰ পৰাই উভতি গ’ল৷ৰাতি ভাতৰ টেবুলতো ৰাশিয়ে কাকো একো মাতবোল নকৰাকৈ মনে মনে ভাত খাই উঠি গ’ল৷দুদিনমান ৰাশিয়ে কাৰো লগত ভালকৈ কথাবতৰা নপতা হ’ল,একেখন ঘৰতে থাকিও অনুজক মাতিব লাগে বুলি নিগনি মেকুৰীৰ দৰে অনুজৰ পৰা লোকাই থকা হ’ল৷অনুজে সদায় চাদৰ ওপৰত ৰাশি অহালৈ বাট চাই থাকে কিন্তু ৰাশিয়ে ক্লাছৰ পৰা ঘৰলৈ আহি কাৰো লগত মুখামুখি নহ’বলৈ বুলিয়ে ৰুমতে সোমাই থাকে চাদলৈয়ো নোযোৱা হ’ল৷জীয়াৰ লগতো ভালদৰে কথা বতৰা নাপাতে,জৰুৰী কিবা থাকিলে মাত দিয়ে নহ’লে জীয়াই কথা পাতিব বিচাৰিলে গা বেয়া,mood নাই বুলি কৈ থৈ দিয়ে৷ৰাশিৰ অদ্ভুৎ আচৰণ দেখি শেৱালি আন্টিৰো তাইৰ প্ৰতি চিন্তা হ’ল আৰু ৰাশিৰ লগত কথা পাতিলে ৷কিন্তু বক্সিং ক্লাছৰ কিবা কিবি খেলিমেলি বুলি কৈ কথাষাৰ পাতলাই দিলে৷শেৱালি আন্টিয়েও তাইক যিটি কথাবোৰ ভাবি মন বেয়া নকৰিবলৈ বহুত কথা বুজালে৷কথাবোৰ বুজিয়ে তাই অনুজ আৰু জীয়াক আৰু এটা chance দিয়াৰ কথা ভাবিলে৷হয়টো অনুজ আৰু জীয়াক মিছা কথাৰ বাবে কাহানিও সিহঁতক ক্ষমা কৰিব নোৱাৰিব কিন্তু একেলগে থাকি সিহঁতৰ পৰা দুৰত থকাটোও সম্ভৱ নহয়৷ভুল মানুহৰেই হয় বুলি এবাৰলৈ সিহঁতক এৰি দিয়াৰ কথা ভাবিলে৷
জীয়া আৰু অনুজে plan bৰ planning মতে কামবোৰ আৰম্ভ কৰিলে৷এইবাৰ যিয়েই নহওঁক লাগিলে 14februaryত অনুজে ৰাশিক তাৰ মনৰ কথাবোৰ খুলি ক’বই লাগিব নহ’লে তাতকৈ আগত যদি আন কোনোবাই ৰাশিক propose কৰি দিয়ে তেতিয়াহ’লে তাৰ মনৰ আশা মনতে মৰহি ৰ’ব আৰু কেতিয়াও ৰাশিক মনৰ কথাবোৰ ক’বই নোৱাৰিব৷আজিকালি কলেজত বহুতৰ লগত ৰাশিৰ ঘনিষ্ঠ সম্পৰ্কও গঢ়ি উঠিছে, সহজ সৰল ভাৱৰ কাৰো প্ৰতি বেয়া ভাব নৰখাকৈ সকলোকে সহায় কৰা মনটোৰ বাবে ৰাশিক বহুতে ভাল পায়৷বহুত ল’ৰাই ৰাশিৰ লগত চিনাকি হ’বলৈয়ো বিচাৰি ফুৰে,তাৰ মাজৰে কাৰোবাৰ লগত ৰাশিৰ ভালপোৱা হোৱাতো দুৰৰে কথা ৰাশিক বেলেগৰ লগত দেখিলেই অনুজৰ তেজ উতলি আহে৷সেয়ে সোনকালে কথাবোৰ খুলি খালী ক’বই লাগিব৷যদি উত্তৰত ৰাশিয়ে no কয় তেনেহ’লে friendshipটো বেয়া নকৰিবলৈ তাইৰ আগত কাকুতি মিনতি কৰিব কিন্তু তাৰ feelingsবোৰৰ কথা নোকোৱাকৈ তাইক বেলেগৰ লগত সহ্য কৰাটো টান হৈ পৰিছে৷
14febৰ দিনা আছিল দেওবাৰ,অনুজৰ মাহীয়েকৰ ফালৰ মিটিৰ এঘৰত বিয়া শেৱালি আন্টিও তালৈকে গৈছে৷ৰাতিটো মাহীয়েকৰ ঘৰতে থাকিব৷দিনটো ৰাশিয়ে ইটো সিটো কাম কৰি ৰুমতে সোমাই থাকিল ৷মাজে মাজে অনুজে তাইক অশান্তি কৰি থাকিল আৰু special দিনটোত আৰু কি special কৰিব পাৰি জীয়াৰ লগত সেইটোও মনে মনে আলোচনা কৰিলে৷অনুজে ৰাতিৰ সাজ ৰাশিলৈ specialকে নিজেই বনাব আৰু জীয়াক ভাত বনোৱাত সহায় কৰি দিবলৈ ক’লে৷যিহেতু ৰাশিয়ে ভাত পানী বনাব নাজানে সেয়ে তাইৰ বাবে surprise হৈ থাকক বুলিয়ে এটায়ো তাইক একো নক’লে৷সন্ধিয়া যেতিয়া সিহঁতি ভাত বনাবৰ বাবে যা যোগাৰ কৰি আছিল তেতিয়া ৰাশিয়ে দুইটাকে পাকঘৰত একেলগে দেখিলে৷কিন্তু সিহঁতৰ ওচৰলৈ গ’লে কাবাব মে হাৰ্ডি বনা দৰে হ’ব বুলি মাত নিদিলে৷ডাইনিং ৰুমটোও ধুনীয়াকৈ সজাই থোৱা দেখি জীয়া আৰু অনুজৰ 1st dinner date বুলি ভাবি ৰুমলৈ গৈ নিজলৈ বাহিৰৰ পৰাই কিবা এটা অৰ্ডাৰ কৰি দিলে ৷সন্ধিয়া সাতমান বজাত কলিং বেলটো বাজিল ৷(আগলৈ)
Friday, May 29, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪৬)
_____________________
অনুজ আৰু জীয়াই সকলো Arrangement শেষ কৰি ৰাশিক মাতিবলৈ আহিল৷ৰাশিৰ দৰ্জাখন বন্ধ পাই বহুতবাৰ মাত লগালে কিন্তু তাই কাণত হেডফোন লগাই থোৱা বাবে একোকে নুশুনিলে৷ৰাশিয়ে দৰ্জাখন খুলি নিদিয়াত কাগজৰ টুকুৰাত "we have a surprise for you "বুলি লিখি ভিতৰলৈ দলিয়ালে ,তাইলৈ মেছেজো পঠিয়ালে কিন্তু মেছেজৰো ৰিপ্লাই নাহিল লগতে তাই কাগজৰ টুকুৰাবোৰ পাইয়ো খংতে দৰ্জাখন নুখুলিলে আৰু "তহঁতৰ surprise তহঁতিয়েই ৰাখ মোৰ mood off "বুলি ৰুমৰ পৰা ওলাই নাহিলে৷অনুজ আৰু জীয়াই হঠাৎ ৰাশিৰ কি হ’ল একো ধৰিব নোৱাৰিলে৷মনৰ দুখত অনুজে চাদৰ ওপৰলৈ গৈ অকলে অকলে বহি থাকিলগৈ৷অলপ সময়ৰ পাছত জীয়াই তাৰ ওচৰলৈ গৈ কাষতে বহি তাক সাহস দিলে যে
:"অনুজ দা plan A flop হ’লে কি হ’ব আমি আকৌ plan B কৰিম ,এতিয়া চাব এইটো কেনেকৈ succes হয় "
:"মই ইমান সোনকালে হাৰ মনা নাই,কিন্তু ইমান হেপাঁহেৰে এইবোৰ arrangement কৰিছিলোঁ,atleast এবাৰ ওলাই চাব পাৰিলে হয় মই তাইৰ কাৰণে কি surprise থৈছোঁ ৷answerটোৰ বাবে time ল’ওক দৰকাৰ হ’লে কিন্তু তাইটো দৰ্জাখনেই নুখুলিলে কিনো surprise আছে চাবলৈয়ো৷"
:"একো নাই কিবা এটা পাবলৈ অলপ সময় ৰ’বই লাগিব৷"
:"ওম’ যিমান সময় লাগে মই তাইৰ কাৰণে বাট চাম৷"
:"আহক ভাত খাব হ’ল তলতৈ যাওঁ "
:"তুমি ৰাশিক এতিয়া চাদলৈ লৈ আনা যোৱা "
''try এটা কৰি চাব পাৰি "বুলি জীয়াই দৌৰ মাৰিলে৷আকৌ ৰাশিক মাত লগালে কিন্তু তাই দৰ্জাখন নুখুলিলে,ভাত খাবলৈ মন নাই বুলিহে ক’লে৷ভাতৰ টেবুলতো ৰাশিক নেদেখি অনুজৰ মনটো বেছিকৈয়ে সেমেকি গ’ল৷জীয়াই শোৱলৈ আহিল,ভাগ্যক্ৰমত ৰাশিয়ে দৰ্জাখন খুলিলে কিন্তু জীয়াৰ লগত একো কথা নাপাতিলে ৷জীয়াই তাইক মাত দিছিল যদিও ৰাশিয়ে "মোৰ একো কথা পাতিবলৈ মন নাই,টোপনি আহিছে" বুলি কৈ লাইটটো off কৰি দিলে৷
ৰাতিপুৱা উঠি অনুজে ৰাশিক নেদেখি জীয়াক সুধিলেগৈ ,তাইয়ো নজনাত দুয়োটাই মিলি গোটেই ঘৰটোতে বিচাৰিলে কিন্তু নাপাই তাইক call কৰিলে কিন্তু তাইৰ পৰা মেছেজ এটা আহিল যে " বক্সিং ক্লাছৰ কাম এটাত আহিছোঁ,ইয়াৰ পৰা direct কলেজ গুচি যাম ,মোৰ কাৰণে tension ল’ব নালাগে,আন্টিক কৈ থৈ আহিছোঁ"৷অনুজৰ মনটো আকৌ এবাৰ ভাগি গ’ল,ৰাশিৰ কি হৈছে সিহঁতি দুয়োটাই ভাবি পাৰ পোৱা নাই৷ জীয়াই ৰাশিৰ লগত কথা পাতিম বুলি কৈ কলেজলৈ ওলালে৷ ৰাশি কলেজত আছে ভাবিয়ে সিহঁতিও ন’ বজাতে কলেজলৈ ওলাই আহিলে৷অনুজে জীয়াক তাৰ লগত বাইকতে যাবলৈ লগ ধৰিলে৷
যি টি কথাবোৰ ভাবি ৰাশিয়ে ষ্টেডিয়ামৰ ওপৰতে বহি থাকিল ৷তাইৰ নিজৰ ওপৰতে খং উঠিছে কিয় যে জীয়া আৰু অনুজে relationship যোৱা দেখি তাইৰ খং উঠিছে,তাইয়ো দেখোন সেইটোকে বিচাৰি আছিলে কিন্তু যেতিয়া তাই বিচৰাটোকেই হ’ল তাইৰ কিয় বেয়া লাগিছে৷অনুজ আৰু ৰাশি দুয়োটা তাইৰ childhood friend আৰু সিহঁতি তাইৰ পৰা ইমান ডাঙৰ কথা এটা লুকুৱালে,এবাৰো তাইক ক’ব লাগে বুলি নাভাবিলে কাৰণে তাইৰ খং উঠিছে বুলি নিজকে নিজে সকাহ দিলে৷ৰাশিৰ বেছিকৈ জীয়াৰ ওপৰত খং উঠিছে,জীয়াই যদি তাইক এবাৰো অনুজক like কৰা কথা ক’লে হেতেন তাইটো নিজেই সকলোবোৰ arrangement কৰিলে হয়,জীয়াই কিয় এবাৰো নক’লে ,সকলোখিনি অকলেই কৰি অনুজক propose নিজেই কৰিলে৷ প্ৰতিটো সৰু সুৰা কথা বা কাম কৰাৰ আগত তাইক সুধা ছোৱালীজনীয়ে ইমান ডাঙৰ কথাটো তাইৰ পৰা লুকুৱালে,নজনাকৈয়ে চকুৰ পানী এটোপ বৈ আহিল৷কলেজলৈ বুলি ষ্টেডিয়ামৰ পৰা ওলাই আহিয়ে অনুজ আৰু জীয়াক একেলগে বাইকত উঠি যোৱা দেখি বুকুৰ কোনোবাখিনিত খোচ মাৰি ধৰিলে৷ মনৰ অশান্তিতে কলেজলৈ নাযাওঁ বুলি পুনৰ ষ্টেডিয়ামতেই বহি থাকিলহি৷
কলেজত অনুজে ৰাশিক দিনটো বিচৰাৰ পাছতো নাপাই ছুটীৰ সময়ত তাইলৈ call কৰিলে ৷কিন্তু ৰিচিভ নকৰা দেখি জীয়াক ফোন কৰি সুধিলে ৷জীয়াই ৰাশিলৈ call কৰিলে কিন্তু ৰাশিয়ে বাৰে বাৰে call cut কৰা দেখি "its urgent 'বুলি মেছেজ এটা দিলে ৷মেছেজটো পাই ৰাশিয়ে লগালগ জীয়ালৈ ফোন কৰিলে
:"কি হ’ল থিকেই আছটো তই ?"
:"ৰাশি ক’ত আছ ৰাতিপুৱা পৰা ইমান বিচাৰি ফুৰিছোঁ,কি হ’ল তোৰ "
:"একো নাই কাম এটাত busy হৈ আছোঁ ৷"
:"ঘৰ কেতিয়া যাবি?"
:"মোৰ দেৰি হ’ব তই গুচি যা "
ৰাশিৰ callটো cut কৰি জীয়াই অনুজলৈ ফোন কৰি" ৰাশিৰ ঘৰ পোৱা দেৰি হ’ব আমাক যাবলৈ কৈছে" বুলি জনালে৷
ঘৰলৈ আহি বাহিৰৰ চোফাখনতে বহি অনুজে ৰাশিলৈ বাট চাই থাকিল ৷সন্ধ্যা হ’বৰ হ’ল,ঠাণ্ডা দিন 5বজাতে বেলি ডুবে৷ৰাশিয়ে লগত গৰম কাপোৰ নিছে নে,ক’ত আছে কি কৰিছে এগালমান চিন্তাই তাক বেৰি ধৰিলে৷জীয়াই অনুজলৈ চাহ একাপ আনি তাৰ হাতত দিলেহি কিন্তু অনুজ অন্যমনষ্ক হৈ থকাৰ বাবে চাহৰ কাপটো তাৰ হাততে পৰিল৷হাতখন অলপ পুৰিলে জীয়াই লগালগ burnalটো আনি তাৰ হাতত লগাই দিলেহি৷ৰাশিয়ে আহি পুনৰ সিহঁত দুটাক পাছফালৰ পৰা তেনেকৈ দেখি হাতত ধৰি আছে বুলি ভাবি একো মাত নলগোৱাকৈ ভিতৰলৈ সোমাই গ’ল৷(আগলৈ)
Wednesday, May 27, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪৫)
_____________________
নতুন বছৰৰ ক্লাছবোৰ আৰম্ভ হ’ল৷ঘৰৰ পৰা ঘুৰি অহাৰ পাছৰে পৰা জীয়া,ৰাশি, অনুজ আৰু জোনাকৰ মাজত একপক্ষীয় প্ৰেমৰ আদান প্ৰদান চলিল৷কোনে কাক ভাল পায় কথাবোৰ বুজিব নোৱাৰা যেনেই লাগিল৷উপৰে উপৰে চালে ভগৱানে যেন সকলো দিশৰ পৰা সুখবোৰ যেন জীয়াৰ আশাৰ দলিচাত বুলাই পেলাইছে তেনেকুৱাই লাগে ৷কিন্তু জীয়াই অনুজক ৰাশিৰ কাষ চপাবলৈ ইটো সিটো বুদ্ধি দিলে,দুটাক এক হ’বলৈ যিমান পাৰে তাই নিজৰ ফালৰ পৰা সহায় কৰিলে৷অনুজক তাৰ feelingsবোৰ ৰাশিৰ আগত expose কৰিবলৈ সাহস দিছে৷অনুজেও জীয়াই কোৱাৰ দৰেই ৰাশিৰ লগত timespent কৰিবলৈ কলেজলৈ বাইকত নগৈ সিহঁতৰ লগত টেম্পোত অহা যোৱা কৰিবলৈ ধৰিলে ,ৰাশিয়ে ভালপোৱা বস্তুবোৰ কিনি দিয়াৰ পৰা ধৰি নিজৰ ফালৰ পৰা যিমান পাৰে সকলোখিনি কৰিলে ৷কিন্তু কোনো এটা কামতে সফল হ’ব পৰা নাই ৷অনুজে কিবা এটা কৰিব খুজিলে ৰাশিয়ে জীয়াকো লগতেই ৰাখে যাতে জীয়া আৰু অনুজক কাষ চপাব পাৰে৷অনুজে যিমানেই ৰাশিৰ কাষ চাপিব বিচাৰে তাই তাক মাথোঁ নিৰাশ কৰিছে ,সি তাইৰ কাৰণে কিবা এটা কৰিব খুজে কিন্তু তাইৰ জিদ বুলি ধৰি উপায়বিহীন হৈ সেইটো Unfortunately জীয়াৰ বাবে কৰিবলৈ বাধ্য হৈ পৰে ৷সিও সিহঁতৰ বন্ধুত্বৰ জড়ীদালত বেয়াকৈ বান্ধ খাই পৰিল৷ইচ্ছা কৰিলেও তাৰ ভালপোৱাবোৰ ৰাশিৰ আগত প্ৰকাশ কৰিব পৰা নাই,যদি তেনেকুৱা কিবা হয় সি ৰাশিৰ লগত মাত্ৰ সিহঁতৰ friendship টোকেই নহয় ৰাশিকো সদায়ৰ কাৰণে হেৰুৱাই পেলাব বুলি ভয় কৰে ৷ ভয়বোৰ নেউচি জীয়াৰ উৎসাহত সি সাহস পাই ৰাশিৰ কাৰণে কিবা এটা special কৰিব খুজিলে৷জীয়াই তাক idea দিলে যে valentine week আহি আছে আৰু সি যদি ৰাশিক propose কৰে হয়তো ৰাশিৰ ভিতৰৰ অনুভৱবোৰ ধৰিব পাৰিব যে তাই সচাকৈ কি বিচাৰে৷আৰু যদি ৰাশিৰ তাৰ কাৰণে কোনো feelings নাই তেতিয়াহ’লে valentine week special বুলি কৈ থৈ দিব পাৰিব৷
জীয়া আৰু অনুজে ৰাশিৰ মনত কি চলি আছে সেইবোৰ অলপো বুজিব পৰা নাই৷সিহঁতি ৰাশিৰ পাগলামিবোৰ তাইৰ জেদ বুলিয়ে মানি ল’লে৷কেতিয়াও ৰাশিয়ে যে সিহঁতক যোৰা দিবলৈ সেইবোৰ কৰি আছে সেইটো নাভাবিলেই৷ যি কি নহওক অনুজৰ লগত surprise plan বনাওতে জীয়া আৰু অনুজে ৰাশিৰ পৰা দুৰত থাকি কিছুমান কাম কৰিবলৈ ধৰিলে৷ৰাশিয়ে প্ৰথমে কথাবোৰ আচহুৱা যেন পাইছিল তথাপিও সিহঁতি relationshipত যাবলৈ একেলগে timespent কৰিব খুজিছে বুলি এৰি দিলে৷ভিতৰি তাই অকলশৰীয়া feel কৰিবলৈ ধৰিলে৷সদায় অনুজে তাইৰ আগে পিছে ঘুৰি ফুৰাৰ পৰা ধৰি জীয়াৰ থেনথেনাই থকা কথাবোৰ মনত পৰি বেয়া লাগিছে৷
তাইৰ মনত অচিনাকি ধুমুহা এজাকে দোলা দি থাকিল৷তাইৰ সৈতে কি চলি আছে একোৱেই ধৰিব পৰা নাই৷
জীয়া আৰু অনুজে Valentine weekৰ 1st দিনটোত কিবা এটা কৰাৰ কথা ভাবিলে৷জীয়াই অনুজক ধুনীয়া red rose এপাহ ৰাশিক দিবলৈ ক’লে আৰু পাৰিলে অলপ feelingsৰ expose কৰিবলৈ ক’লে৷অনুজেও সেইটোৱেই থিক হ’ব বুলি ভাবিলে কিন্তু এইবোৰ কৰিলে যদি ৰাশিয়ে তাক ওলোটাই কিবা প্ৰশ্ন কৰে তেন্তে propose কৰিবলৈ আৰু বেছি দিগদাৰ হৈ যাব বুলি ভাবি একেবাৰে propose day দিনাই surprise proposal এটাৰ planning কৰিলে৷
Surprise proposalটোৰ planning চাদৰ ওপৰত কৰিলে ভাল হ’ব বুলি ভাবি জীয়া আৰু অনুজে ৰাশিক surprise দিবলৈ চাদৰ ওপৰত ধুনীয়াকৈ সজোৱাৰ কথা ভাবিলে৷কিন্তু ৰাশিয়ে সদায় সন্ধিয়া চাদৰ ওপৰলৈ আহে তাইক ওপৰলৈ নাহিবলৈয়ো জীয়াই ৰাশিৰ লগত কাজিয়া কৰাৰ acting কৰিলে৷কাৰণ কাজিয়া কৰিলেই ৰাশিয়ে মুখফুলাই ৰুমৰ ভিতৰত সোমাই থাকিব আৰু সিহঁতৰ surpriseটো succes হ’ব৷কথামতেই সকলোখিনি কাম হ’ল৷
8th feb দিনা অনুজ আৰু জীয়াই ৰাশিক কলেজত এৰি দুইটাই অকলে বজাৰখিনি কৰি ঘৰলৈ আহি
চাদৰ ওপৰৰ এটা side খুউব ধুনীয়াকৈ সৰু সৰু টুনী Lighting কৰি সজালে৷দুই এটা বেলুনো আৰি দিলে ৷কলেজৰ পৰা ঘৰলৈ আহিবলৈ ৰাশিয়ে সিহঁত দুটালৈ বহুত সময় ৰৈ থাকিল৷তাইক তেনেকৈ অকলে ৰৈ থকা দেখি অনুজৰ লগৰ এটাই সুধিলেহি
:"কি হ’ল ৰাশি,ইমান দেৰি ঘৰ যোৱা নাই যে ?"
:"অনুজ আৰু জীয়ালৈ ৰৈ আছোঁ,সিহঁতি আহিলেই একেলগে যাম আৰু "
:"সিহঁত দুটাকটো মই এক বজাতে কলেজৰ পৰা ওলাই যোৱা দেখিছিলোঁ ,কিয় তোমাক নক’লে নি "
"নাই মই কলেজৰ পৰা বক্সিং ক্লাছ যাওঁ সদায় আৰু আজি ক্লাছ নাই কাৰণে ঘৰলৈ একেলগে যোৱা কথা আছিল "
:"সিহঁতক মই টাউনৰ ফালেহে ওলাই যোৱা দেখিছিলোঁ "
"thank you,মই যাওঁ bye "বুলি কৈ তাই খংতে সেইখিনিৰ পৰা দপদপাই গুচি আহিল৷বাৰে বাৰে মবাইলটো চালে জীয়া নহ’বা অনুজৰ ফোন মেচেজ কিবা আছে নেকি কিন্তু একোকে নাপাই তাইৰ মনটো বেয়া লাগি গ’ল৷ঘৰলৈ আহি জীয়া আৰু অনুজক নামাতো বুলিয়ে ৰুমটোত হুক লগাই সোমাই থাকিলহি ৷
ৰাশিয়ে হাতত দুখ পালে বাবে বক্সিং ক্লাছলৈ নাযাওঁ বুলি ৰাতিপুৱাই অনুজ আৰু জীয়াৰ লগত ম’ম খাবলৈ যোৱাৰ প্লেনিং বনাইছিল৷ৰাশিক খং উঠাবলৈয়ে সিহঁতি তাইক তেনেকৈ এৰি থৈ আহিলে৷
জীয়া আৰু অনুজে বিচৰা দৰে ৰাশিয়ে খংতে ৰুমত সোমাই আছে বুলি ভাবি নিজৰ Surprise planningটোত কাম কৰিলেগৈ৷
সন্ধিয়া সময়ত অনুজে Propose কৰাৰ কথা ভাবিয়েই আছিলে কিন্তু কেনেকৈ কি কৰিব ,কি বুলি ক’ব সি একো বুজি পোৱা নাই৷ৰাশিৰ প্ৰতি তাৰ এনেকুৱা দুৰ্বলতা কেতিয়াবা আহিব বুলিও ভবা নাছিল ৷হ’লেও কথাতে কোৱা হয় নহয় যাৰ পৰা আমি কেতিয়াও একো আশা নকৰোঁ সেই মানুহবোৰেই আমাক আটাইতকৈ ভাল অনুভৱ কিছুমান দি দিয়ে৷অনুজৰ লগতো থিক একেই হ’ল,যাৰ লগত সৰুতে আটাইতকৈ বেছি উৎপতীয়া কামবোৰ কৰিছিল তাৰ crime partner,প্ৰতিটো সৰুসুৰা কথাতে কাজিয়া কৰাৰ partner আৰু তাইক এতিয়া life partner কৰিবলৈ ওলাইছে৷সি বহুত nervous হৈ আছিল কেনেকৈ ৰাশিক কথাবোৰ ক’ব,তেনেকুৱাতে জীয়াই আহি তাক all the best বুলি কয়হি৷অনুজৰ মুখত ইমান ভয় nervousness জীয়াই কেতিয়াও দেখা নাছিল সেয়ে অনুজক কি হ’ল সুধিলে৷সি তাৰ কথাবোৰ বুজাই ক’লে তাইক,কিন্তু final and finishing timeত সি ৰাশিলৈ ভয় কৰিলে নহ’ব বুলি তাই সাহস দিলে৷অনুজৰ এটাই চিন্তা সি ৰাশিক কথাবোৰ ক’লেই যেনিবা কিন্তু ৰাশিয়ে যদি মনা কৰি দিয়ে তেতিয়া সি কি কৰিব৷জীয়াই অনুজৰ চিন্তাবোৰ বুজিব পাৰি তাক ক’লে
:"একো নহয় অনুজ দা সব থিক হৈ যাব তুমি মুঠতে সাহস নেৰিবা "
:"জীয়া মই তাইক কেনেকৈ ক’ম "
মই দেখুৱাই দিওঁ বুলি অনুজে ৰাশিলৈ আনি থোৱা ৰঙা গোলাপ পাহ হাতত লৈ জীয়াই আঠুকাঢ়ি বহি ল’লে৷ৰাশিয়ে চাদৰ ওপৰলৈ গৈ সিহঁতক তেনেকৈ দেখিলে আৰু মনে মনে কি কৰিছে চালে ,জীয়াই অনুজক কৈ থকা দেখিলে যে" কেনেকৈ ক’ম বুজি পোৱা নাই,বহুত দিনৰ পৰা ক’ম বুলি ভাবি আছিলোঁ finally আজি ক’বলৈ ওলাইছোঁ i love ...তাৰ পাছত তাই আৰু একো নুশুনি তললৈ দপদপাই খংত গুচি আহিলে৷ইমান ডাঙৰ কথা এটা জীয়াই তাইৰ পৰা লুকুৱালে আৰু এবাৰো তাইক ক’ব লাগে বুলি নাভাবিলে৷মনৰ দুখতে তাই দৰ্জাখন বন্ধ কৰি হেদফোনদাল কাণত লগাই ৰুমতে সোমাই থাকিল৷(আগলৈ)
Monday, May 18, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪৪)
_____________________
ৰাতিপুৱা সোনকালে উঠি গাড়ীখন চাফা কৰি ৰাশিতকৈ আগতে ওলাই মেলি ৰেডি হৈ অনুজে গাড়ীত বহি আছেগৈ ৷ৰাশিতকৈ সিহঁতৰ ঘৰলৈ যাবলৈ অনুজৰহে Excitement বেছি ৷
৷অলপ পাছত ৰাশিও আহিয়ে ড্ৰাইভাৰ চিটৰ কাষৰ চিটটোতে বহি ল’লেহি৷অনুজে ৰাশিৰফালে অবাক হৈ চালে আৰু তাইৰ কাপোৰ দেখি হাহিঁ দিলে৷জধলা চোৱেটাৰ এটাৰ লগত হাফ পেন্ট এটা পিন্ধি আছে ৷সি হাহিঁ থকা দেখি তাই খংৰে তাৰ ফালে চাই সুধিলে
:"হাহিঁবলগীয়া কি হ’ল ?
:"এনেকৈ ওলালি যে ,ঘৰৰ কাপোৰ পিন্ধি তাকো এই ঠাণ্ডাখনত হাফপেণ্ট?
:"কিয় কি বেয়া আছেনো এইবোৰ কাপোৰত৷ইনেও একেবাৰে ঘৰতহে নামিম গৈ ফুৰিবলৈ ওলোৱা নাই নহয় তোৰ লগত৷
:"তথাপিও কাপোৰ নথকা নিচিনাকৈ ওলাইছ যে৷
:"ইনেও ঠাণ্ডা দিন ,তাতে দেখিছই কেনেকে বৰষুণ দি আছে,মোৰ এলাহ লাগিলে আকৌ সলাবলৈ কিন্তু তই চুপচাপ গাড়ী চলা এতিয়া,বৰ একেবাৰে মোৰ কাপোৰৰ ওপৰত লেকচাৰ দিয়াটো ওলালে৷"
অলপদুৰ দুয়োটাই একো কথা নপতাকৈ মনে মনে গৈ থাকিল ৷ৰাশিলৈ জীয়াৰ ফোন আহিল আৰু তাইৰ লগত কথা পাতি হোৱাত ৰাশিয়ে অনুজৰ ফালে চালে৷মনে মনে গাড়ী চলাই থকা দেখি তাই তাক "অনু মোক জীয়াই ফোন কৰিছিলে"বুলি ক’লে৷কিন্তু সি মুখেৰে একো নমতা দেখি চিঞৰ মাৰি ক’লে "তোক কিবা কৈ আছোঁ শুনিছ নাই "৷
:"শুনিছো,তই চিঞৰিছ কিয় ?নিজেই চোন মনে মনে থাকিবলৈ কৈছিলি"
:"ইহ্ এনে সি মোৰ কথা আখৰে আখৰে মনাটো ওলালে ৷"
:"হ’ব হ’ব,কাজিয়া কৰাতকৈ বেলেগ কিবা চিনি পাওঁ জানো,ভালকৈও কেতিয়াবা মাত দি চাবি "
:"এটা কথা ক’ চোন,জীয়াক তোৰ কেনেকুৱা লাগে "
:"কেনেকুৱা লাগে,এইটো কি প্ৰশ্ন ,obviously তাই মোৰ ভাল friend,atleast তোৰ দৰে কাজিয়া নকৰে তাই "
:"অও তইটো এইটো কথা কৈ মোৰ কামটো একদম ইজি কৰি পেলালি ৷"
:"কোনটো কাম,তই কিবা ওলটা পোলটা প্লেনিং কৰি থকা নাইটো ৷"
:"নাইইই,মানে তইটো জানই জোনাক দা কেনেকুৱা,আৰু আজিকালি জীয়াই তাৰ লগত কথা পাতে খুউব "
:"আচ্চা তই মানে জ্বলিছ নহ’
:"সেই জ্বলা নাই ,তাই যদি তাৰ লগত কিবা হয় then মই ভবাটো কি হ’ব ৷"
:"তই কি ভাবিছিলি?
:"জোনাক ল’ৰাটো ভাল নহয় মই তাইক কেনেকৈ তাৰ নিচিনা ল’ৰা এটাৰ হাতত কেনেকৈ এৰিব পাৰোঁ নহ"
:"সেইটো হয় বাৰু,কিন্তু আজিকালি তই জোখতকৈ বেলেগৰ কথাবোৰ ভাবি নাথাকনে ?
তাই নিজৰ কথাবোৰ লুকুৱাবলৈ কাণত হেডফোন ডাল লগাই আৰ চকুৰে মনে মনে অনুজলৈ চালে,তাৰ মুখত তাইৰ প্ৰতি কোনো সন্দেহৰ ভাব নেদেখিলে ৷ৰাশিয়ে ঘৰ পাই চাহ একাপ খুৱাইয়ে ওচৰৰ পোৱালী সোপাক লগত লৈ অনুজক গোটেই গাওঁখন ফুৰালে৷ সিহঁতৰ ঘৰৰ মানুহবোৰক লগ পাই ,পোৱালীবোৰক লগ পাই অনুজৰ বৰ ভাল লাগিল৷বহুত দিনৰ মুৰত সিহঁতৰ ঘৰলৈ আহিছে,ৰাশিৰ মাক জীয়াই থাকোঁতেই এবাৰ আহিছিল যদিও ভালকৈ মনত নাই কথাবোৰ৷অনুজকো সিহঁতৰ ঘৰৰ মানুহবোৰে বৰ ভাল পালে,চহৰত থাকে যদিও তাৰ অলপো গপ ভেম নাই,সাধাৰণভাৱেই সকলোকে সদায় পাই থকাৰ দৰে মিলি গ’ল৷ৰাশিৰ খুৰীয়েকৰ সৰু সৰু পোৱালী কেইটাইটো অহাৰ লৈকে তাৰ লগেই এৰিব নুখুজিলে৷তাক সকলোৱে ইমানেই ভাল পালে যে বিহুত আকৌ মাতি পঠাইছে৷মুঠৰ ওপৰত ভাললগা অনুভৱ এগালমান সামৰি অনুজে ঘৰলৈ উভতিলে৷সি ওভতি অহাৰ গোটেই বাটটোত ৰাশিৰ পেকপেকখিনি miss কৰিছে৷তাইৰ মাতটো শুনিলে খং উঠা অনুজে তাইৰ লগত কথা পাতিবলৈ পগলা হৈছে৷
লাহে লাহে অনুজে ৰাশিৰ কাষ চাপিবলৈ ধৰিলে,তাই নথকা সময়বোৰত জীয়াক লগত লৈ conference callৰ বাহানা কৰি ৰাশিৰ লগত কথা পাতিবলৈ বিচাৰে আৰু ৰাশিয়ে সিহঁতক কাষ চপাবলৈ বিচাৰে৷কোনে কাৰ প্ৰতি কি feelings ৰাখে দিনক দিনে কথাবোৰ বুজিবলৈ কঠিন হৈ পৰিছে৷এদিন অনুজে সাহস কৰি জীয়াক ৰাশিক যে সি like কৰে কথাটো ক’লে৷জীয়াইয়ো অনুজক জোনাকৰ কথা ক’লে যে সি তাইক এসপ্তাহমান আগতে propose কৰিছে৷কিন্তু তাই তাক no ক’লে কাৰণ জোনাকক তাই নহয় ৰাশিয়েহে like কৰে৷আৰু তাই ৰাশিৰ প্ৰতি তাইলৈ থকা বিশ্বাসবোৰ ভাঙিব নোৱাৰে৷অনুজে জীয়াক ৰাশিয়ে জোনাকক যে like নকৰে সেই কথাটো ক’লে কিন্তু জীয়াই অনুজৰ কথা বিশ্বাস কৰিবই খোজা নাই৷বিশ্বাস কৰিবনো কি বুলি কাৰণ এতিয়া অনুজে ৰাশিক like কৰে কাৰণে মিচা মাতিবওটো পাৰে৷অনুজে কথাবোৰ বুজি পাই ৰাশিয়ে যে জোনাকক like নকৰে কথাষাৰ প্ৰমাণ কৰি দেখুৱাব বুলি ক’লে আৰু যদি সি প্ৰমাণ কৰাত সফল হয় তেন্তে জীয়াই তাক ৰাশিক পতাবলৈ সহায় কৰিব লাগিব বুলি চৰ্ত ৰাখিলে৷সেই চৰ্তটোত জীয়াও মান্তি হ’ল৷(আগলৈ)
Saturday, May 16, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪৩)
_____________________
:"তই কি ক’ব খুজিছ অনুজ ,মই ভালকৈ বুজা নাই "
:"তই যোৱা পাছত মোৰ মানে কিবা আধৰুৱা আধৰুৱা Feelings এটা আহি আছিলে৷তোক miss কৰিও আছিলোঁ,নাজানো কি হৈছে but i think I love you because i feel for you something'
আৰু বহুতে আমাক couple বুলি ভাবে জানই নহ’ "
লগালগ অনুজৰ গালত থাচ্ কৰি এক চৰ পৰিছে৷সি অবাক হৈ ৰাশিৰ ফালে চালে তাই দেখোন হাহিঁ আছে ৷সি তাইক ইমান ডাঙৰ কথা এটা কৈছে আৰু তাই তাক এথাপৰ দি হাহিঁ আছে,এইটো কেনেকুৱা কথা৷গালখন দেখোন সচাকৈ ফৰফৰাই গৈছে ,মনতে যিটি ভাবি অনুজে গালখন মহাৰি আছে আৰু ৰাশিয়ে তাক "Sorry মহ এটা পৰি আছিল তোৰ গালত "বুলি ক’লে৷সি confused হৈ গৈছে,সি ভাবি আছিল নে সচাকৈ ক’লে৷থাপৰটোৱে গোটেইখন খেলিমেলি কৰি পেলালে৷তথাপিও অলপ সাহস কৰি সি তাইক সুধিয়ে পেলালে
:"মই তোক কিবা কৈছিলোঁ নেকি?
:"ক’বলৈ লৈছিলি but .,''
:"That means মই এতিয়া লৈকে একো কোৱা নাই right "
:"yaa,এতিয়া ক’ কি ক’বলৈ আছিলে "
অনুজে "কাইলৈ তোক ঘৰত থবলৈ মইয়ো যাম" বুলি কৈ ল’ৰালৰিকৈ ৰুমলৈ গুচি গ’ল৷ৰুমত আহি ভাবিলে উফ্ আজি যদি সি কথাষাৰ ভাবি নাথাকি কৈ দিলে হয় সচাকৈ এথাপৰ নহয় আৰু কি কি পৰিল হয় থিক নাই ৷সি বহুত ভাবিলে কিন্তু ভালপোৱা কথাটো নোকোৱাই ভাল হ’ব বুলি সিদ্ধান্ত ল’লে৷ কেতিয়াবা ক’বলৈ হ’লেও 1st ৰাশিয়ে তাৰ কাৰণে কি ভাবে সেইটো জানি ল’ব লাগিব নহ’বা relationshipত অহাৰ ধাণ্ডাত ভাল friendship এটাও হেৰুৱাই পেলাব ৷কথাবোৰ ভালদৰে ভাবি গুণি সি ৰাশিৰ মনৰ কথাও জানিব বিচাৰিলে৷
ৰাতি খোৱা বোৱা কৰি ৰাশি শুৱলৈ গ’ল ৷বতৰটো বৰ ভাল নহয় ,মেঘটোৱে বৰ গুমগুমাই আছে ৷
বিজুলী ধেৰেকনীৰ সৈতে বৰষুণ নামি আহিল৷বিজুলী ধেৰেকনীলৈ তাই সৰুৰ পৰাই বৰ ভয় কৰে,তাতে জীয়াও ওচৰত নাই৷লাহে লাহে বৰষুণজাক কমি আহিল ,মাজে মাজে দুই এটা বিজুলীৰ এচাকনি ৷নিজান হৈ পৰা পৰিৱেশটোত অকলে বৰ অসহায় যেন লাগিছে তাইৰ৷কাৰেণ্টো গ’ল ৰুমটোত ঘড়ীৰ টিকটিক শব্দৰ বাদে আন একো শুনিবলৈ নাই,নিৰ্জনতাত নিসংগতাৰ ভয় ভাৱে আগুৰি ধৰিলে তাইক ৷ব্লেংকেটখনৰ তলত কুচিমুচি সোমাই জীয়াৰ গাৰুটোকে যিমান পাৰে টানকৈ ধৰি সাবটি লৈছে ৷তেনেকুৱাতে দোৱাৰত টকটক শব্দ শুনি তাইৰ পুহমহীয়া ঠাণ্ডাতো ঘামৰ পানী টোপটোপকৈ ববলৈ ধৰিলে৷বিচনাখনৰ পৰা উঠি যোৱাৰ সাহস হোৱা নাই ,তথাপিও নিজকে নিজে সাহস দি লেপৰ তলৰ পৰাই মাত দিলে
:"কো..কোন...কোননো?
:"ৰাশি মই আন্টি,দৰ্জাখন খুলি দিয়াচোন ৷
:"শেৱালী আন্টিনে?
তাই বাৰে বাৰে মাতি চালে কোনোবা প্ৰেত আত্মাও হ’ব পাৰে বুলি৷জীয়াই সদায় তাইক ৰাতি এনেকুৱা কিবা হ’লে বাহিৰলৈ ওলাই যাবলৈ মনা কৰে আৰু কোনোবাই মতা শুনিলেও দৰ্জাখন খুলাৰ আগত তিনিচাৰিবাৰ মাত লগাই চিনাকি মানুহ হয়নে কোনোবা চুৰ ডকাইত সেইটো চাই ল’বলৈ কয় যদি এবাৰ মাত লগাই পুনৰ মাত নিদিয়ে সেইয়া বুলে ভুত৷ৰাশিয়ে জীয়াক নিজে ভুত প্ৰেতৰ অন্ধবিশ্বাসত ডুব যাবলৈ মনা কৰে কিন্তু এনেকুৱা পৰিস্থিতিত সেইবোৰহে মনলৈ আহিছে,নামানিলেওটো নহয় ৷সেয়ে তিনিচাৰিবাৰ মান মাত দি যেনেতেনে গৈ দৰ্জাখন খুলি " owhh thank god aunty আপুনিয়েই হয় "
:"ব’লা আজি মোৰ লগতে শুবা,কাৰেণ্টো নাই বতৰটোও ভাল নহয় ৷"
ৰাশিয়েটো একেজাপে ব্লেংকেট,গাৰু আটাইবোৰ সামৰি লৈ আন্টিৰ ৰুম পালেগৈ৷বিচনাখনত বাগৰি মনে মনে ইকাটি সিকাটি কৰি থাকিল৷এপাকত শেৱালি আন্টিয়ে সুধিলে
:"কি হ’ল টোপনি অহা নাই নি ?"
:"নাই মানে ,বিচনা সলনি হ’ল যে অলপমান Uncomfortable feel কৰিছোঁ তাতে আজি প্ৰথমবাৰ আপোনাৰ ৰুমত আহিছোঁ তাকো শুৱলৈ বুলি৷কিন্তু আপুনি একো চিন্তা কৰিব নালাগে অলপ পাছতে adjust হৈ যাম আৰু মোৰ টোপনি আহি যাব৷ আপুনি শুৱক good night ''
:"মিচা কিয় কৈছা ৰাশি ,তুমি হ’বলা মই গম নাপাওঁ বুলি ভাবিছা,মোক জীয়াই কৈছিল তুমি বিজুলী ধেৰেকনীলৈ ভয় কৰা বুলি সেয়ে তোমাক মোৰ ৰুমলৈ লৈ আহিলোগৈ৷"
:"হা...জীয়াই কেনেকৈ গম পালে ইয়াত এইবোৰ হৈছে বুলি?"
:"বাবা লগত কথা পাতিছিল বুলে সি ক’লে তাৰ পাছত মোলৈ ক’ল কৰিলে "
:"how strange না আন্টি,তাই ইমান দুৰত থাকিও মোৰ কথা ইমান ভাবে,ভগৱানে মোক মা নিদিলে কিন্তু জীয়াৰ দৰে এজনী bestfriend দিলে ,এজনী sister দিলে আৰু তাইৰ careবোৰ জানো মাতকৈ ক’ম ,আজিলৈকে মা নোহোৱা কথাটো অনুভৱ হ’বলৈয়ে নিদিলে ৷তাই নিজে সদায় প্ৰব্লেমত থাকে কিন্তু মোৰ কথা কেতিয়াও নাপাহৰে৷"
:"উম্ আমি জীৱনত এটাৰ বিনিময়ত আন এটা বস্তু পাওঁ আৰু জীয়া ছোৱালীজনী বৰ আকলুৱা,তাইৰ দৰে মানুহবোৰ নেহেৰুৱাবা কেতিয়াও,আজিৰ দুনীয়াতটো তেজৰ সম্পৰ্ক থকা মানুহেও লগ এৰি দিয়ে৷তাইৰ দৰে ছোৱালী এজনী যাৰ ঘৰলৈকে যায় সকলোতে সুখ বিলাব "
:"সেইটো হয় কিন্তু তাইৰ দুখবোৰ বুজা মানুহো ওলাব লাগিব নহয় ,অও আন্টি আপোনাতকৈ ভালকৈ কোনে বুজিব তাইক৷"
:"কি ক’লা ?
"একো নাই "বুলি কৈ বেৰৰ ফালে মুৰ কৰি ৰাশিয়ে ভাবিবলৈ ধৰিলে,জীয়া যদি অনুজলৈ বিয়া হয় তেন্তে ইমান ভাল এজনী শাহুৱেক পাব,মাকৰ পৰা নোপোৱা মৰমবোৰ পাব,তাতে অনুজো বেয়া নহয়টো ,তাই সিহঁত দুটাক মিলোৱাৰ কথা পাং পাতিলে৷ (আগলৈ)
Friday, May 15, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪২)
_____________________
অনুজ বুলিয়ে ৰাশিয়ে খংত পাছলৈ ঘুৰি চাই দেখিলে জোনাক দেখোন৷তাই ফিচিঙা ফিচিঙি কৰি বেকামুৰীয়া মিচিকিয়া হাহিঁ এটা মাৰি জধলা হৈ থকা চুলি কেইডাল আঙুলিৰে অলপ চিজিল কৰি ল’লে৷জোনাকে তাইক সুধিলে
:"ইমান ৰাতিপুৱাই বস্তু বাঢ়নী লৈ ক’ত যোৱা ?"
তাই কিবা এটা উত্তৰ দিয়াৰ আগতেই হঠাৎ ক’ৰবাৰ পৰা অনুজ ওলালহি আৰু জোনাকে তাক ক’লে
:"অনুজ ভাই তই ইয়াত যে ?
:"এইজনীক ঘৰ নিবলৈ আহিছোঁ কিন্তু তই ইয়াত যে "
:"ৱাহ ৱাহ কি চলি আছে তহঁতৰ,live in together নেকি ?"
:"ধুই তেনেকুৱা একো নহয় ৷fatty তোৰ চাগে ভাগৰ লাগিছে গাড়ীতে বহ গৈ যা,মই আহি আছোঁ৷
:"তেতিয়াহ’লে কি হয় ?"
:"collegeত admission হোৱা পাছত হোষ্টেলত seat নাপালে আৰু p.gত থকাতকৈ মায়ে আমাৰ ঘৰতে থাকিবলৈ ক’লে৷মাৰ bestfriend ৰ জীয়েক যোৱা ছমাহ ধৰি এই আমাৰ ঘৰতে আছে ৷কিন্তু তই ইয়াত কিয় নক’লি যে"
:"college lifeৰ last sem গতিকে ডিপাৰ্টমেণ্টৰ ল’ৰাবোৰে মিলি পিকনিক যাম আজি৷ bdw ৰাশিৰ লগত জীয়াও থাকে নে তহঁতৰ ঘৰতে?"
:"হুম তাইয়ো থাকে,এতিয়া আমি যাওঁ "
ৰাশিয়ে গাড়ীৰ আগচিটটোত মুখখন ফুলাই বহি আছে৷অনুজে ড্ৰাইভাৰ চিটটোত বহি ভয়ে ভয়ে মাতো নামাতোঁ কৈ ৰাশিক মাত লগাল৷
:"কি হ’ল খং উঠিছে নেকি?মই মানে ঘৰৰ পৰা সোনকালেই উলাইছিলোঁ কিন্তু
:"কিন্তু কি মানে হা৷এতিয়া আৰু কি বাহানা বাকী থাকিল৷ট্ৰেফিক জামত ফচিলি নেকি নে ৰাতিপুৱাই কাৰোবাক লগ কৰিবলৈ গৈছিলি?"
:"নহয় অও তই কথাবোৰ বুজা নাই "
:"চুপচাপ গাড়ী চলা,তোৰ কাৰণেই বছৰৰ 1st day ৰাতিপুৱাই জোনাকৰ চেহেৰা চাব লগা হ’ল,যদি থিক timeত আহিলি হয় "
:" shut up yaarr, মোৰ গাড়ীত তেল নাছিল আৰু আধাৰাস্তাতে ৰৈ গ’লহি ৷আকৌ ডিপুলৈ খোজকাঢ়ি গৈ তেল আনি ভৰাইছোহি এইবোৰতে দেৰি হৈ গ’ল৷তোৰ কাৰণেই ইমানবোৰ কৰিছোঁ আৰু তই মোকেই কথা শুনাইছ ,গোটেই বছৰটো এনেকেই ৰাতিপুৱা উঠি তোৰ পেকপেক শুনিবলৈ পাম যেন পাইছোঁ"
:"হ’ব হ’ব emotional drama কৰিব নালাগে কিন্তু ৰাতিপুৱাই দৰা অহাদি সাজি কাচি আহিছ যে ?"
:"তই আহিবি বুলি "
:"কি ক’লি ?"
:" নাই মানে একো নহয় ইনেই মন গ’ল৷
ঘৰ আহি বহুতদিনৰ মুৰত শান্তিৰে শুই ল’লে অলপ পৰ৷সাৰ পাইয়ে শেৱালি আন্টিয়ে কি কৰিছে চাবলৈ পাকঘৰলৈ গ’ল৷দুপৰীয়া সাজত কি কি খাব আব্দাৰৰ ওপৰত আব্দাৰ৷শেৱালি আন্টিক ট্ৰেইনিংত কেনেকুৱা লাগিলে ,কাক কাক লগ পালে,কি কৰিলে সকলোবোৰ এফালৰ পৰা গাই গ’ল৷লগতে পলৰ কথা শুনি আন্টিৰো মনটো বেয়া লাগি গ’ল৷অনুজে কথাবোৰ ডাইনিং ৰুমৰ পৰা মনে মনে শুনি আছিল৷ কিন্তু কি পাতিছে সঠিককৈ বুজি নাপালে সেয়ে সন্ধিয়া ৰাশিয়ে চাদৰ ওপৰত বহি থাকোঁতে সি তাইকে সুধিলগৈ
:"তইযে মাক ল’ৰা এটাৰ কথা কৈছিলি অথনি ল’ৰাটো কোন ?
:"অও তই পলৰ কথা কৈছ ,বহুত ভাল আৰু মৰমলগা ল’ৰা আছিল পাই "
:"হ’ব হ’ব সি দেখিবলৈ কেনেকুৱা সেইটো সুধা নাই "
:"তেতিয়াহ’লে কি সুধিছ"?
:"মই তোক তাৰ কেচটো সুধিছোঁ কি?
ৰাশিয়ে তাক কথাখিনি ক’লে৷সি কিবা এটা ভালকৈ কোৱাতকৈ খেলৰ নামত ল’ৰা চাই ফুৰিলে এনেকুৱা হ’ব বুলিহে ক’লে৷ৰাশিৰ সেইটোতে খং উঠিল অনুজলৈ,জীয়ালৈ ফোন লগাই আগগুৰি নোহোৱাকৈ তাইকে বলকিবলৈ ধৰিলে৷প্ৰথমে তাই আচৰিত হৈছিল কিন্তু লাহে লাহে বুজিলে ৰাশিৰ যে কিবা কথাত খং উঠিছে৷মগজ ঠাণ্ডা হ’লে শান্তিৰে কথা পাতিম বুলি কৈ ফোনটো কাটি দিলে৷অনুজে আকৌ আহি তাইক সুধিলেহি,
:"ল’ৰাটো কেনেবাকে তই like কৰিছ নিকি?"
:"অনুজ are you insane or what ?পল মোতকৈ 2years সৰু,just like brother type behave কৰোঁ তাৰ লগত আৰু সিও মোক বা বুলি মাতে৷"
:"আচ্চা,thank god সৰু ওলাল "
:" তোৰ আকৌ কি হ’ল ?"
:"মোৰ তোক কিবা এটা ক’বলৈ আছে "
:"কি?তোৰ বেকাৰ কথাবোৰ শুনাৰ mood নাই আকৌ "(দম দিয়াদি সুধিলে)
:"শুনিটো ল’ actually মই ভাবি আছিলোঁ যে ...''
:"কি ভাবিছিলি,মোক Murder কৰা কথা ভবা নাইটো,ghost moviesৰ ডাইলগ কোৱাদি script মাতিছ যে?"
:"নহয় অও ,তইটো জানই আমি childhood friend,এতিয়া friendshipটো আগতকৈ অলপ ভাল হ’ল so can we.... ?(আগলৈ)
Wednesday, May 13, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪১)
_____________________
এমাহৰ অন্তত সকলোৰে কষ্ট আৰু performanceৰ ওপৰত ভিত্তি কৰি ৰিজাল্ট ওলালে৷ৰাশি State level boxing compititionৰ বাবে select নহ’ল কিন্তু তাই যেতিয়া জানিব পাৰিলে যে পলে nationalৰ বাবে select হ’ল তাই নিজৰ নোপোৱাৰ দুখবোৰ পাহৰিয়েই পেলালে৷তাই পলক congratulations দিবলৈ বুলিয়ে সি থকা আৱাসৰ বাহিৰত ৰ’লেহি৷যিহেতু ছোৱালী আৰু ল’ৰাৰ বাবে বেলেগ বেলেগ আৱাহৰ ব্যৱস্থা কৰা হৈছিল৷তাইক তাত ৰৈ থকা দেখি গেটত থকা security gardজনে কাক লগ পাব বিচাৰিছে সুধিলে৷তাই ক’লে
:"পল্লব বৰুৱা,Recently nationalৰ কাৰণে selecte হৈছে যে তাক বেয়া নাপায় যদি মাতি দিব নেকি?"
:"পল্লব সেই শান্ত শিষ্ট ল’ৰাটো যে?"
:"হয় "
:"সিটো অলপ আগতেই ইয়াৰ পৰা গ’ল"
:"ক’ত গ’ল?"
:"তাৰ মাক আহিছিল ঘৰলৈ লৈ গ’ল তাক৷"
:"কেতিয়া গ’ল?মোক নজনোৱাকৈ হঠাৎ সি এনেকৈ গুচি গ’ল যে "
:"বেছিদেৰি হোৱা নাই,তুমি অহাৰ 5মিনিট আগত ওলাই গৈছে৷বাছষ্টেণ্ড গ’লে পাবাই চাগে "
ৰাশিয়ে দৌৰি গৈ বাছষ্টেণ্ডৰ বাবে অ’টোত উঠিলগৈ৷বাছষ্টেণ্ড পাই কোনখন বাছত উঠিব পাৰে ভাবি গুণি ডিব্ৰুগড় যোৱা প্ৰতিখন বাছতে বিচাৰিলেগৈ৷হঠাৎ তাই এখন বাছৰ খিৰিকীৰ কাষত পলৰ মুখখন দেখিলে৷লুচিখনৰ দৰে ফুলাই তাই দিয়া পুতলাটো লৈ বহি আছে৷তাই সেইফালে দৌৰি গ’ল৷বাছষ্টাৰ্ট দি যাওঁ যাওঁ হওঁতেই তাই পলক দুৰৰ পৰাই চিঞৰি চিঞৰি মাতিলে কিন্তু তাইৰ মাতটো শুনাৰ আগতেই বাছখন চলিবলৈ ল’লে৷তাইয়ো বাছখনৰ পাছে পাছে দৌৰ দিলে৷এপাকত পলে তাইৰ মাতটো শুনি খিৰিকীৰ পৰা মুৰটো উলিয়াই তাইক দেখি বাছৰ পৰা নামিব খুজিলে কিন্তু মাকে তাক বাধা দিলে৷সি ইচ্ছা কৰিও একো কৰিব পৰা নাই,মাত্ৰ কান্দি কান্দি চাই ৰ’ল ৰাশিয়ে কিদৰে তাৰ বাবে বাছখনৰ পাছে পাছে দৌৰি আহিছে৷সি পতাপট কাগজ এটুকুৰাত মাকৰ মোবাইল নম্বৰটো লিখি বাহিৰলৈ দলিয়াই দিলে৷ৰাশিয়ে উৰি অহা কাগজৰ টুকুৰাটো চাই অলপ হ’লেও শান্তিৰে উভতিলে ৰুমলৈ বুলি৷
যিহেতু আজি 31st december বছৰৰ শেষৰটো দিন আৰু আজি সিহঁতি ঘৰলৈ যাব,এমহীয়া ট্ৰেইনিংৰ অন্ত পৰিল৷Select হোৱা সকলৰ বাবে আৰু নোহোৱাসকলে পুনৰ আহিবলৈ উৎসাহ জনাই organizer ৰ পৰা এটা সৰু পাৰ্টি দিলে৷ৰাশিৰ পলৰ কথা মনত পৰি মনটো ভাল লাগি থকা নাই তাতে এমাহত বহুতৰে লগত ভাল সম্পৰ্ক কিছুমান গঢ়ি উঠিছিল৷যদিও তাই ট্ৰেইনিংলৈ আহি select হ’ব নোৱাৰিলে তথাপিও তাই এগ্গালমান অভিজ্ঞতা,ভাললগা অনুভৱ লগত লৈ যাবলৈ ওলাইছে৷
ৰাতিৰ 9বজাৰ গুৱাহাটীৰ পৰা যোৰহাটলৈ অহা বাছত বহিলে৷সম্পূৰ্ণ এমাহৰ মুৰত মোবাইলটো ঘুৰাই পাইছে,switch onকৰি চালে৷অনুজ আৰু জীয়াই whatsapp group এটা খুলি প্ৰতিদিনে কি কৰিছে কি খাইছে তাৰ ফটো দি থৈছে৷জীয়াই দিনটোৰ প্ৰতিটো কথা তাইৰ লগত থকাৰ দৰেই inboxত দি থৈছে৷ৰাশিৰ চকুপানী বৈ আহিল সচাঁই জীয়াজনীও পলৰ দৰেই আজলী৷এমাহ দিন তাই লগত নাই কাৰণেই প্ৰতিটো কথাই তাইক লগালগ কৈ গৈছে৷তাতে দুই এটা জোনাকৰ কথা,বেচেৰীয়ে নাজানে ৰাশিয়ে কিয় জোনাকৰ পৰা আতৰি আহিলে৷জীয়াইটো ৰাশিৰ মবাইল বন্ধ কাৰণেই তাইৰ লগত জোনাকে কথা পাতিছে বুলি ভাবি আছে৷জীয়াৰ মেছেজবোৰ পঢ়ি থাকোঁতেই ৰাশিক অনলাইন পাই অনুজে মেছেজ দিলে
:"oii fatty,তাত গৈ মোকটো পাহৰিয়েই পেলালি bdw আজি online কেনেকৈ?"
:"i am coming back,selecte নহ’লো yaarr,mood off"
:"নহ’লি যদি নাই জল্দি ঘৰ আহ্ আৰু Mood off কৰিবলৈ কি হ’ল তইটো বুঢ়ী হৈ যোৱা নাই,আৰু বহুত chance আছে৷ৰ’হ vdo call কৰিছোঁ ইয়াত পাৰ্টি চলি আছে "
:"নকৰিবি যা,মোৰ মন নাই এতিয়া"
:"কিবা জ্বলা জ্বলা গুদ্ধাইছে ,bdw call কিয় disconnecte কৰিছ,ৰিচিভ কৰি এবাৰ চা"
:"নকৰোঁ যা,মোক শুই লওঁ অলপ৷ ৰাতিপুৱা 5বজাত pick up কৰিবি বৰুৱা চাৰিআলি পৰা bye "
ৰাতিপুৱা 4.30বজাতে ৰাশিহঁত যোৰহাট আহি পালেহি৷বৰুৱা চাৰিআলিত বুন্দাপৰ দি ৰোৱাতকৈ পোনেই ষ্টেডিয়ামলৈয়ে গুচি গ’ল৷ যোৰহাট পোৱাৰ আগতেই অনুজলৈ ফোন কৰিছিল কিন্তু আধাঘণ্টা হৈ গ’ল তাৰ কোনো খবৰেই নাই৷ফোন কৰিছে ফোনো ৰিচিভ কৰা নাই,শেৱালি আন্টিক সুধোতে সি ঘৰৰ পৰা আহিল বুলি ক’লে৷অনুজলৈ বাট চাই চাই তাইৰ আমনি লাগিল৷দুই এখন অ’টো চলা দেখি তাই পিঠিত এটা বেগ ,এখন হাতত এটা বেগ আৰু আনখন হাতত পানীৰ বটলটো লৈ ঢলংপলংকৈ গীতাৰ্থী পইন্টৰ ফালে আহি থাকিল৷তাইৰ থিক পাছফালেই কোনোবাই জোৰত আহি বাইকৰ ব্ৰেক মাৰিলে৷অনুজ বুলিয়ে খংত ঘুৰি চাই দেখিলে(অাগলৈ)
Tuesday, May 12, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৪০)
_____________________
ৰাশিয়ে পলক বহুত মাতিলে কিন্তু সি তাইলৈ এবাৰো উভতি নাচালে৷ৰাশিয়ে ভাবিলে হয়তো তাৰ মাকেই মনা কৰিছে তাইক মাতবোল কৰিবলৈ সেয়ে সি মতা নাই ৷কিন্তু তাই ইমান সহজে পলৰ পিছা এৰি নিদিয়ে,যেতিয়ালৈকে পলৰ বিষয়ে সম্পূৰ্ণৰূপে তাই জানিব নোৱাৰে তেতিয়ালৈকে তাই তাক অকলে এৰিব নোৱাৰে৷ঘৰলৈ উভতি যোৱাৰ আগত তাই পলৰ পৰা কথাবোৰ জানিবই লাগিব আচলতে কি ঘটিছিল তাৰ লগত যাৰ কাৰণে সি এনেদৰে অকলশৰীয়াকৈ থাকিব লগা হ’ল আৰু তাইৰ কাৰণে তাৰ খেলত কেনেকৈ বাধা জন্মিব পাৰে৷সি ইমান এজন ভাল খেলুৱৈ যে Nationalৰ দৰে খেলৰ বাবে selectionৰ কাৰণে আহিছে৷এইখিনিলৈকে অহাতো কোনো সাধাৰণ কথা নহয়৷যদি সি সচাই খেলি ভাল পায় অন্তৰৰ পৰা তেনেহ’লে কেতিয়াওটো কোনো বাধা নাহে যি হ’লেও তাইটো তাৰ মাত্ৰ ভাল বন্ধুৰ দৰেহে আৰু সি সৰু বাবেও তাক নিজৰ ভায়েকৰ দৰেই ব্যৱহাৰ কৰে৷হয়টো সিও তাইক লৈ মনত কোনো বেয়া ভাৱ লোৱা নাই৷
পাছদিনা তাই প্ৰেকটিছৰ পাছত পলক লগ কৰিলগৈ ৷সি তলমুৱাকৈ ৰৈ আছে তাইৰ সন্মুখত,তাৰ চকুত ভয়ৰ ভাৱ,তাইক কিবা ক’ব বিচাৰিছে কিন্তু ক’ব পৰাহে নাই৷তাই তাৰ কান্ধতে হাত থৈ ক’লে
:"কি হ’ল bro,কি চলি আছে৷"
সি তাইৰ হাতখন আতৰাই তাইক ক’লে
:"sorry but মই ভাবোঁ আমি লগ নোপোৱাটোৱেই ভাল হ’ব৷"
:"আৰে কিয় কি হ’ল আকৌ "
:"মই নিবিচাৰো মোৰ কাৰণে আপোনাৰ life কিবা problem হওঁক৷মই যেনেকৈ আছোঁ তেনেকৈয়ে থাকিবলৈ দিয়ক৷কালি আপোনাক মাৰ লগত দেখি কি হ’ল জানিবলৈ মইও লোকাই লোকাই আপোনালোকৰ পাছে পাছে গৈছেলোঁ ৷কথাবোৰ শুনি মোৰো বেয়া লাগিছে, but i swear আপোনাৰ প্ৰতি মোৰ কোনো বেয়া ভাৱ নাই৷আপুনিটো মোক মাক দেখিলেই কেনেকুৱা সেয়ে মই নিবিচাৰো in future মোৰ কাৰণে আৰু কিবা survive কৰিব লগা হওঁক ৷i am sorry behalf of her "
:"এটা কথা কওঁনে পল,তুমি মই জানো আমাৰ সম্পৰ্ক কেনেকুৱা সেয়ে আমি কিয় আনৰ কথাত আহি বেয়া হ’ম আৰু তোমাৰ মা কেনেকুৱা জানিলোৱেই আৰু তেওঁৰ কথাত মই অলপো বেয়া পোৱা নাই ৷তুমি তেওঁৰ একমাত্ৰ ল’ৰা,তাতে দেউতাও নাই ,মই ভাবো তোমাৰ মায়ে তোমাক লৈ বেছি Possesive৷সেয়ে ভয় কৰে আন একো নহয় ৷"
:"আপুনি সচাকৈয়ে বেয়া পোৱা নাইনে?"
:"নাই পোৱা আৰু এইবোৰ আপুনি আপুনি ভাল নালাগে তই ক’বি মোক,আজিৰ পৰা তই মোৰ brother,friend সব হয়৷নিজকে অকলশৰীয়া অনুভৱ নকৰিবি,মই সদায় আছোঁ তোৰ লগত৷ইয়াৰ পৰা গুচি যোৱাৰ পাছতো তোৰ লগত থাকিম৷
:''okey my dear বা জনী ৷মই আজি বহুত happy মোৰ life ত 1st timr একেলগে এজনী বা আৰু এটা ভাল বন্ধুত্ব পালোঁ ৷ thank you ''
:"dosti meh no thanks no sorry"
:" মই আপোনাক Secret এটৰ কওঁ নেকি?"
:"আকৌ আপুনি যে,কি কথা"
:"মানে তো..তোক ৷ কাইলৈ মোৰ birthday,আজিলৈকে মাৰ বাদে কাৰো সৈতে birthday celebrate কৰি পোৱা নাই,তই যদি বেয়া নাপাওঁ কাইলৈ মোৰ সতে campusৰ canteen খনত একাপ coffee খাবলৈ আহিবনে৷"
:"এইটো কি কথা হ’ল,মোৰ ভাইৰ birthday আৰু মই নাহিম৷okey sure আহিম promise "
কথা বতৰা পাতি দুইটাই দুফালে গুচি গ’ল৷পলৰ কথাবোৰ ভাবি তাইৰ মনটো ভাল লাগি গ’ল ৷সচাকৈয়ে ল’ৰাটো বৰ সহজ সৰল অজলা৷তাই ৰুমলৈ আহি তাৰ Birthdayত কি দিলে ভাল হ’ব সেইটো ভাবি ভাবি কিবা এটা memorable gift দিয়াৰ কথা ভাবিলে৷পিছদিনা যিহেতু বজাৰ কৰিবলৈ off দিছেই সেয়ে তাই তাৰ বাবে কিবা এটা কিনাৰ কথা ভাবিলে৷
পলে সদায় লগ কৰা সময়তে তাইলৈ বুলি প্ৰেকটিছৰ শেষত একেলগে canteenলৈ যাবলৈ ৰৈ আছে৷কিন্তু অলপ দেৰি হোৱাত ৰাশিয়ে পোনেই canteenলৈ গ’ল বুলি সি কেন্টিনতে গৈ বহিলগৈ, কিন্তু ৰাশি তাতো নাই৷তাৰ মনটো দুখ লাগি গ’ল,তাৰ বাবে প্ৰথমবাৰ আছিল আৰু ৰাশিয়ে আহিম বুলি কৈও নাহিলে৷সি নজনাকৈয়ে তাৰ চকুৰ পানী বৈ আহিল৷আধা ঘন্টাতকৈ বেছি হ’ল সময় ৰাশি আহি নোপোৱা দেখি সি অকলেই coffee একাপ খাই তাৰ পৰা যাবলৈ ওলালে৷
দৰ্জামুখ পাওঁতেই ৰাশিক দৌৰি দৌৰি তাৰ ফালে অহা দেখিলে৷তাৰ মনটো এতিয়াহে অলপ ভাল লাগিল৷খৰধৰকৈ চকুৰ পানীবোৰ মহাৰি তাইৰ ফালে আগবাঢ়ি গ’ল ৷ৰাশিয়ে তাক লগ পাইয়ে ক’ল
:"I am sorry,i am getting too late ''
:"মইটো তই নাহিবি বুলি যাবলৈয়ে লৈছিলোঁ "
কন্দামুৱা মাতটোৰ সতে কোৱা কথাকেইষাৰ শুনি ৰাশিৰ পললৈ মৰম লাগি গ’ল৷তাই অনা Giftটো তাৰ হাতত দিলে৷সি ক’লে
:"এইবোৰ কিয় আনিব লাগে?"
:"কিয় নালাগে আকৌ মোৰ লগত প্ৰথমবাৰ birthday celebrate কৰিবি আৰু মই gift নিদিম কেনেকৈ হ’ব৷আৰু gift আনিবলৈ গৈয়েটো late হৈ গ’লো৷এতিয়া নলওঁ বুলি ক’লে নহ’ব দেই"
:"হিঃ হিঃ এইবোৰ নিদিয়া হ’লেও হয়,thank you "
:"আকৌ Thankyou '
:"হিঃহিঃ "
পলৰ মুখত হাহিঁ দেখি তাইৰ মনটো ভাল লাগি গ’ল৷তাই দিয়া giftটো সি বৰ আগ্ৰহেৰে খুলিলে৷সি Doremon ভাল পায় বাবেই তালৈয়ো doremonৰ পুতলা এটা আনিলে৷সৰু sizeৰ বিচাৰিছিল সকলো সময়তে লগত থ’ব পৰাকৈ কিন্তু সৰু নাপায় অলপ ডাঙৰ এটাকে লৈ আহিলে৷পলৰ মুখত সুখ দেখি তাইৰ মনটোৱে যেন শান্তি পালে৷তাই পলক সুধিলে
:"বেয়া নাপাওঁ যদি কথা এটা সুধো নেকি?"
:"কি কথা সুধ"
:"তই promise ক’ৰ পোৱালী ক’ম বুলি "
:"okey i promise"
:"তোৰ lifeত এনেকুৱা কি হৈছে যে তই এনেকৈ অকলে থাকিবলৈ ল’লি"
হাহিঁ থকাৰ পৰা পলৰ মুখখন সেমেকি পৰিল৷তাই তাক আকৌ ক’লে
:"একো নাই যদি share কৰিব বিচৰা নাই মই যোৰ নকৰোঁ৷"
:"নাই আজি মই সকলো ক’ম "
:"যদি সুবিধা পাওঁ মনৰ কথাবোৰ প্ৰকাশ কৰি দিবি চাবিচোন মনটো বহুত পাতল লাগিব৷"
:"হুম ৷যেতিয়া মই সৰু আছিলোঁ তেতিয়াই দেউতাই মাক আৰু মোক এৰি থৈ গুচি গ’ল আৰু তাৰ পাছত মায়ে চাকৰি বিচাৰিবলৈ ধৰিলে৷মই প্ৰায় ঘৰত অকলেই থাকোঁ,সৰু আছিলোঁ যদিও অলপ অলপ বুজিব পৰা হৈছিলোঁ কথাবোৰ৷ তাৰ কেইমাহমান পাছত মায়ে দেউতাৰ পৰা divorce লৈ বেলেগৰ লগত বিয়া পাতিলে৷আৰু স্কুলত মোৰ লগৰবোৰে মোৰ ওপৰত হাহিঁবলৈ ধৰিলে৷বহুতে কথা পতাও শুনিলো "পল্লবৰ বাপেকে সিহঁতক এৰি দিলে আৰু মাকে বেলেগৰ লগত বিয়া পাতিলে বুলি কৈছে মোক মায়ে৷" আৰু বহুত কিবা কিবি ৷লগৰবোৰৰ মুখতে কথাবোৰ শুনি শুনি মোৰ বিশ্বাসবোৰ হেৰাই গ’ল৷কাকো বিশ্বাস কৰিব নোৱাৰা হ’লো আৰু যেতিয়া স্কুলত শুনা কথাবোৰ মই মাৰ আগত ক’লো মায়ে মোক কাৰো লগত কথা পাতিবলৈ নিদিয়া হ’ল৷তাৰ পাছত মায়ে ডিব্ৰুগড়ত চাকৰি পালে,কিন্তু কি হ’ল নাজানো সেই মানুহজনৰ লগতো আমাৰ কোনো যোগাযোগ নোহোৱা হৈ পৰিল৷মায়ে টকা পইচা চাকৰিৰ পাছত ঘুৰি ফুৰোতেঁ মোক প্ৰায় পাহৰিয়েই পেলালে,মোক সময় নিদিয়া হ’ল৷লাহে লাহে মই ডাঙৰ হ’লো আৰু কথাবোৰ মোৰ আগত বেছি স্পষ্ট হৈ পৰিল৷নিজৰ ওপৰতে কিছুমান ক্ষেত্ৰত খং উঠিবলৈ ল’লে৷তোক লগ পাই মই মোৰ হেৰুৱা দিনবোৰ ঘুৰাই পোৱাৰ দৰে লাগিছে৷মই সদায় এখন অন্ধকাৰ পৃথিৱীত ডুবি থাকিলোঁ৷মোৰ জীৱনৰ কথাবোৰ কোনোবাই জানিলে মোক হাহিঁব বুলি মই অকলেই থাকিবলৈ ল’লো৷ "
:"বুজিছো !চা পল , সকলোৰে lifeৰ এটা dark part থাকে৷কিন্তু মই বিচাৰোঁ পুৰনা কথাবোৰ পাহৰি তই নতুন এটা life ৰ enjoy কৰ৷মনে ভালপোৱাবোৰ ক’ৰ,এনেকৈ উঠি অহা lifeটোক ruin নকৰিবি৷মোৰ ভাল লাগিছে তই মোৰ লগত কথাবোৰ share কৰিলি and i promise i kept it as a secret ''
:" Thankyou মোক ইমান বুজি পোৱাৰ কাৰণে,মই কেতিয়াও ভবা নাছিলোঁ মই এনেকৈ এদিন কাৰোবাৰ লগত মোৰ কথাবোৰ share কৰিব পাৰিম বুলি,যদি তই নহ’লি হেতেন its not possible for me"
:"হ’ব এইটো বাৰু বুজিছোঁ কিন্তু মোক তোৰ মায়ে কৈছিল তই খেলত মনোযোগ নিদিয়া হ’লি বুলি ,কিয় তই swimming কৰি ভাল পাওঁনে মাৰ কাৰণেহে খেলিবলৈ নিজকে force কৰিছ্?"
:"নাই ,মই সৰু হৈ থাকোঁতেই দেতাই মোক swimmingৰ লগত চিনাকি কৰাই দিছিলে৷তেওঁৱো এজন swimmingৰ trainer আছিল৷প্ৰথমতে swimming মই ভালপাওঁ কাৰণেই খেলিছিলোঁ ৷সৰু সুৰা compititionবোৰত যোগ কৰি যেতিয়া 1st prizeটো পাইছিলোঁ মই বহুত সুখী আছিলোঁ৷দেউতা মায়ে মোক সদায়ে support কৰিছিল৷দেউতাই আমাক এৰি যোৱা দিনাৰ পৰা মা কিদৰে ব্যস্ত হৈ পৰিল মই কৈছিলোৱে ৷
:"ওম তাৰ পাছত কি হ’ল"
:"সময়ৰ লগে লগে মোৰ compititionবোৰ মাৰ বাবে মাত্ৰ prizeৰ বাবে খেলা নিচিনাহে হ’ল৷প্ৰথমে নিজেই ভালপাওঁ কাৰণে খেলিছিলোঁ কিন্তু লাহে লাহে মা মুখত হাহিঁ আনিবলৈহে খেলিবলৈ ল’লো৷মই নিজকে কোনোবা খিনিত একেবাৰেই হেৰুৱাই পেলালোঁ৷খেলত prize পালে মাৰ মুখত যিটো সুখ দেখোঁ তাৰ তুলনা কৰিয়েই সদায় নিজক এই খেলৰ লগত ব্যস্ত ৰাখিলোঁ৷এইয়াও হয়তো সেইটোকে কৰি আছিলোঁ কিন্তু তোক লগ পাই সচাকৈয়ে মই মোৰ হেৰাই যোৱা সময়বোৰ ঘুৰাই পালোঁ পাহৰিয়ে থাকিলোঁ মই ইয়ালৈ কিয় আহিছোঁ৷
:"চা পোৱালী মই তোৰ কথাবোৰ বুজিছোঁ৷মানুহে যিটো ভাল পায় সেইটো যদি heartৰ পৰা কৰে তেতিয়া যেনেকৈ হ’লেও সেইটো পাইহে এৰিব ৷তোৰ lifeত যি হ’ল বহুত বেয়া হ’ল কিন্তু এতিয়া তই এনেকুৱা এটা positionত আছ যিটো তই ইচ্ছা কৰিলে সফল কৰিব পাৰ ৷তই ইমান কষ্ট কৰি ইমান দুৰ আহিলি যেতিয়া ইয়াৰ পৰা খালী হাতে ঘুৰি নাযাবি ৷ভালকৈ খেল,ভালপাওঁ বুলি খেল,all the best for selection."
:"বাৰু এতিয়াৰ পৰা মই আকৌ আগৰ দৰে ভালপাওঁ বুলিহে খেলিম৷ আৰু পুৰহিলৈ তোৰো selection আছে নহয় তাৰ কাৰণে তোকো best of luck ''
আজি দুইটাই বহুত কথা পাতিলে৷কথাবতৰা পাতি দুটাই নিজৰ নিজৰ ৰুমলৈ গ’ল৷যদিও সেইটো সময়ত পলক তাই সাসহ দি আছিল কিন্তু পলৰ কথাবোৰ শুনি তাইৰ বেয়া লাগি গ’ল৷তাই মনলৈ বাৰে বাৰে এটা কথাই আহি থাকিল" পলৰ মাকৰ দৰে মাক হোৱাতকৈ মাক নথকাটোৱেই হয়তো ভাল" (আগলৈ)
Monday, May 11, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৯)
_____________________
লাহে লাহে পলৰ সৈতে ৰাশিৰ এটা ভাল সম্পৰ্ক গঢ়ি উঠিল ৷পলে তাৰ জীৱনৰ লগত জড়িত সৰু বৰ বহুতো কথাই তাইক ক’লে ৷সি তাৰ হেৰুৱা শৈশৱৰ কথাও ক’লে,আজি লৈকে তাৰ যে কোনো বন্ধু নাই আৰু সি কাকো মাতিবলৈয়ো সাহ কৰা নাই সেই বিষয়েও ক’লে৷পলৰ ওচৰত সৰু Doremonৰ key chain এডাল আছে৷সদায় সেইদাল সি লগত ৰাখে,তাৰ দেউতাকে সি সৰু হৈ থাকোঁতেই তাক দিছিল আৰু দেউতাক ঢুকুৱাৰ পাছত সেইডাল সি সদায়েই লগত ৰাখে ৷ পলৰ লগত থাকি ৰাশায়ে কিছুমান মানুহৰ জীৱন যে কিমান অন্ধকাৰ সেই কথা অনুভৱ কৰিব পাৰিছে৷
সপ্তাহত এদিন দুঘণ্টাৰ বাবে নিজৰ প্ৰয়োজনীয় বস্তু পাতি কিনিবলৈ দুকান বজাৰ কৰিবলৈ দিয়ে৷ওচৰতে থকা super market খনলৈ ৰাশিয়ে কি আছেনো চাবলৈ গ’ল৷তাই তাত পলক দেখিলে,coldrinksৰ বটলবোৰৰ দাম চাই চাই এটাও নলৈ 10টকীয়া পানীৰ বটল এটাকে কিনিলে৷তাইৰ দেখি বেয়া লাগি গ’ল যে তাৰ হাতত 15টকীয়া coldrinksৰ বটল এটা কিনিবলৈয়ো পইচা নাই ৷হয়তো বহুত দুখীয়া ঘৰৰ ল’ৰা হ’ব সেয়েই মাকেও ভয় কৰে,লগৰ কাৰোবাৰ লগত থাকিলে সি বিচৰাতো দিব নিৱাৰিব বুলি৷হয়টো এই কাৰণেই তাক অকলসৰে ৰাখে৷তাই আৰু বেছি ভাবি নাথাকি mazzaৰ বটল দুটা কিনিলে আৰু এটা পলৰ হাতত দিলেগৈ৷
:"এইটো লোৱা"
:"নাই নালাগে "
:"একো নাই মোৰ ফালৰ পৰা বুলিয়ে লৈ লোৱা৷"
"মোৰ ওচৰত পইচা আছে "বুলি কৈ সি জেপত খুচৰিবলৈ ধৰিলে৷ৰাশিৰ তাক দেখি বুকুত শোকে খুন্দা মাৰি ধৰিলে৷ৰাশিয়ে পইচা নালাগে মৰমত দিছোঁ আৰু মৰমৰ কোনো দাম নাথাকে বুলি ক’লে৷সেয়ে সিয়ো বটলটো খুলি এঢোক খাইয়ে তাইক ক’লে৷
:"ইয়াৰ test টো বহুত ভাল৷মই আজিলৈকে খোৱা নাছিলোঁ"
:"ভাল লাগিছে,bdw তোমাৰ বেছি কোনটো ভাল লাগে৷"
:"মই আজি এইটো প্ৰথম খাইছোঁ coldrinksৰ নামত৷"
পলৰ এইষাৰ কথা শুনি ৰাশিৰ বুকুখন আকৌ খুন্দামাৰি ধৰি চকুকেইটা জলজলীয়া হৈ পৰিল৷ইমান দুখীয়া ঘৰৰ ল’ৰা যে আজিলৈকে সি coldrinksএটা কিনিও খাই পোৱা নাই৷ কথাবোৰ ভাবি ভাবি তাই ৰুম পালেহি৷তাইৰ কিবা সপোন দেখাৰ দৰে লাগিছে ৷মানুহৰ জীৱনো ইমান নিষ্ঠুৰ হ’ব পাৰেনে৷তাইয়ো বৰ বেছি ধনী ঘৰৰ নহয় তথাপিও দেউতাকে আজিলৈকে কোনো বস্তুৰ অভাৱ অনুভৱেই কৰিবলৈ দিয়া নাই৷এজনী ছোৱালী বুলিয়ে সদায় যিটোকে বিচাৰে সেইটোকেই আনি দিয়ে৷দিয়াত দুদিনমান দেৰি হ’ব পাৰে কিন্তু তাই খুজিলে নিদিয়াকৈ নাথাকে৷
সময়ৰ লগে লগে পলৰ সৈতে ভাল সম্পৰ্ক এটা গঢ়ি উঠিল৷লাহে লাহে সিও তাইৰ লগত ফ্ৰি হৈ কথা পাতিবলৈ ল’লে৷এমাহলৈ এতিয়া আৰু এসপ্তাহে বাকী ৷হঠাৎ এদিন সদায়ৰ দৰে আবেলি তাই পলৰ লগত বৰগছ জোপাৰ তলত বহি কথা পাতি থাকোতে পলৰ মাক আহি ওলালহি ,সি মাকক দেখি যিমান সুখী হ’ব লাগিছিল তাৰ মুখত সেই সুখৰ কোনো চিনচাবেই নাই৷মাকৰ কাপোৰ কানিলৈ লক্ষ্য কৰি ভাল ঘৰৰ যেনেই অনুভৱ হৈছে৷কথাবতৰাৰ পৰাও মৰ্ডান দৰেই লাগিছে৷ যদি ধনী ঘৰৰ হয় তেনেহ’লে পলে কিয় থাকিও নথকাৰ দৰে এনেকৈ থাকে৷তাই মাত দিয়াৰ আগতেই মাকে পলক সেইখিনিৰ পৰা লৈ গ’ল আৰু তাইক মাত এষাৰো নিদিলে৷পলৰ মাকজনীক ধৰণ কৰন দেখি ৰাশিৰ কিবা এটা ভাল নালাগিল৷ তাৰ পাছদিনা ৰাশিয়ে প্ৰেকটিচৰ পৰা ওলাই আহোঁতে পলৰ মাকক লগ পালে৷আজি তেওঁ নিজেই প্ৰথমে মাত লগালে
:"মই যদি ভুল নহওঁ তুমিয়েই ৰাশি নহয়নে?"
:"হয় ময়েই ৰাশি,কালি আপোনাক লগ পাইছিলো পলৰ সৈতে "
:"তোমাৰ সৈতে কথা অলপ পাতিব লগা আছে,মোৰ লগত অলপ আহাঁচোন৷"
পলৰ মাকৰ আচৰণ দেখি ৰাশিৰ অলপ সন্দেহ উপজিল,আগদিনা দেখিও মাত নলগোৱা মানুহজনীয়ে তাইৰ লগত কথা পাতিব বিচাৰিছে কিন্তু কিয় ,তাইৰ লগত কি কথা থাকিব পাৰে৷এইবোৰ ভাবি ভাবিয়েই তাই গৈ training center ৰ campusতে থকা এখন ৰেষ্টুৰেণ্টত বহিলগৈ৷মাকে দুকাপ কফিৰ অৰ্ডাৰ দিলে আৰু তাইক ক’লে
:"তুমি কোন হয়, কি হয় মোৰ সেইবোৰ জনাত অলপো Interest নাই "
:"কি ক’ব বিচাৰিছে মই থিক বুজিব পৰা নাই"
:"মোক ইয়াৰ পৰা খবৰ দিছিল,আজিকালি পলে আগৰ দৰে খেলত interest দিয়া নাই৷আৰু সেই কাৰণ বিচাৰিয়ে মই ইয়ালৈ আহিলে৷ল’ৰাটোৰ মনটো ক’তনো ব্যস্ত হৈ আছে তাকে জানিবলৈ৷কালি তোমালোকক একেলগে দেখিলোঁ মোৰ আৰু বুজিবলৈ একো বাকী নাথাকিল৷যিহেতু মোৰ ল’ৰাটোৰ ভৱিষ্যত জীৱনৰ কথা আছে ইয়াত সেয়েহে তোমাৰ lifeত interrupte কৰিছোঁ "
:"নাই আন্টি,may be আপোনাৰ কিবা missunderstanding হৈছে"
:"মোৰ কোনো ভুল হোৱা নাই,মই ভালকৈ জানো এটা ল’ৰা আৰু এজনী ছোৱালীৰ মাজত কেনেকুৱা সম্পৰ্ক থাকিব পাৰে৷"
:"no,auntie you are wrong"
:"তুমি মোক শিকাবা নেকি ভুল শুদ্ধ কি ?কিন্তু মনত ৰাখিবা তুমি তাৰ লগত কোনোপধ্যেই Match নোহোৱা "
:"নাই,আন্টি আপোনাৰ কিবা খেলিমেলি হৈছে,আমি just friend হয়,ইয়াত কোনো match ৰ কথাই নাহে"
:"চোৱা,মোৰ ল’ৰাটো বহুত সৰু আৰু সহজ সৰল,সেয়ে মই ভাবো এইটো সময়ত সি মাত্ৰ national বাবে selectionতহে বেছি মনোযোগ দিব লাগে৷তুমি তাক এনেকৈ অশান্তি কৰাটো মই কেতিয়াও নিবিচাৰোঁ৷হয়তো তোমাক ইমানখিনি শিষ্টাচাৰ মা দেউতাই দিছে৷"
:"চাওঁক আন্টি,বহুত শুনিলো আপোনাৰ ফৰফৰনি,মই যেতিয়া কৈছোঁৱেই আমাৰ মাজত একো নাই আপুনি ভবাৰ দৰে তাত আকৌ মোৰ মা দেউতাৰ কথা টানিবলৈ কি হ’ল৷তেওঁলোক বহুত kind,understandable,আৰু open hearted হয়,atleast আপোনাৰ দৰেটো নহয়৷পাৰিলে কাপোৰকানিৰ সৈতে মনটোকো মৰ্ডান কৰক৷"
:"তোমাৰ মুখখন কেচিৰ দৰে বৰ চোকা"
:"মই সচাঁ কথাত মনে মনে শুনি থকা বিধৰ নহয়,আৰু আপোনাৰ যদি কিবা misunderstanding হৈ আছে মই ভাবো 1st আপোনাৰ ল’ৰাৰ সৈতে clear হৈ লওঁক তাৰ পাছতহে মোক কিবা প্ৰশ্ন কৰিব৷coffee কাপৰ বাবে thank you,মই আহোঁ "
মুখত এটা হাহিঁ লৈ গাত লগাকৈ কথা কেইষাৰ কৈ তাই তাৰ পৰা গুচি আহিলে৷ৰুমলৈ আহি ভাবিলে কথাবোৰ,তাই ভবাৰ দৰে পল দুখীয়া নহয় কিন্তু সি কিয় তেনেকৈ থাকে৷তাই তাৰ লগত কথাপাতি জানিব লাগিব কি হৈছে তাৰ লগত৷পাছদিনা তাই পলকো লগ পাবলৈ গ’ল ৷কিন্তু সি তাইক দেখি আগৰ দৰে মুখ ঘুৰাই তাৰ পৰা পলাবলৈ বিচাৰিলে৷তাই তাৰ পাছে পাছে গ’ল কি হ’ল জানিবলৈ৷(আগলৈ)
Sunday, May 10, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৮)
_____________________
মেডিকেল Checkup কৰাই সিহঁতি ঘৰলৈ উভতি আহিল৷ৰাশিৰ weight 55kg,কিন্তু খেলৰ বাবে 57kg category wise নহ’বা 50kg categoryত হে যোগদান কৰিব পাৰিব৷ৰাশিৰ চিন্তা বাঢ়ি গ’ল৷এমাহ সময়ত তাইৰ বাবে 5kg weight lost কৰাতো কোনো challengeতকৈ কম নহ’ব আৰু 57kg ৰ কাৰণে 2kg আৰু বাঢ়িব লাগিব৷মেডিকেলত ৰাশিৰ কথাবোৰ শুনিবৰ পৰা অনুজে তাই মুখলৈ চালেই হাহিঁ দিয়ে,আকৌ পেটুলী হ’বি বুলি৷তাইকোনোপধ্যেই শকত হ’ব নিবিচাৰে৷শকত হোৱাৰ নাম শুনিয়েই জ্বৰ উঠি গৈছে৷তথাপিও উপায় নাপায় ইমান কম সময়ত weight lost কৰাতকৈ বঢ়োৱাই ভাল হ’ব বুলিয়ে সিদ্ধান্ত ল’লে৷ঘৰৰ পৰাই যদি ভালকৈ খোৱাটো ধ্যান দিয়ে এসপ্তাহতেই জোখত আহি যাব৷সেয়ে যোৱাৰ সময়লৈকে সকলোৱে যিমান পাৰে তাইক high calorie থকা বস্তুবোৰ খুউব খুৱালে৷
2december ৰাতি 10বজাত বাছ আছে গুৱাহাটীলৈ ৷ৰাশিৰ লগতে selecte হোৱা জ্যোতি নামৰ ছোৱালীজনী আৰু সিহঁতৰ খেলৰ coachজন যাব৷বাছষ্টেণ্ডলৈকে জীয়া, শেৱালি আন্টি,ৰাশিৰ দেউতাক আৰু অনুজে আগবঢ়াই থৈ গ’লহি৷শেৱালি আন্টি আৰু দেউতাকে দহাই দহাই তাইক গৈ পাইয়ে খবৰ দিবলৈ ক’লে৷
ৰাতিপুৱা 10বজাত ট্ৰেইনিং চেন্টাৰ পালেহি ৷তাত থকা formalities বোৰ পুৰাই হোৱাৰ পাছত তালৈ অহা প্ৰতিগৰাকী খেলুৱৈৰ মোবাইলবোৰ ৰাখি থ’লে৷ যাতে compititionৰ বাবে মোৱাইলে কোনো ধৰনে খেলুৱৈ গৰাকীক ব্যাঘাত জন্মাব নোৱাৰে৷অসমৰ বিভিন্ন ঠাইৰ পৰা মুঠ 24গৰাকী খেলুৱৈ আহিছে আৰু এমাহৰ পাছত ইয়াৰ মাজৰে মাত্ৰ কোনোবা দুজনহে state level compititionৰ বাবে select হ’ব৷compitition বহুত tough levelৰ সেয়ে প্ৰতিগৰাকী খেলুৱৈক নীতি নিয়মৰ পৰা আদি কৰি থকা-খোৱাবোৱাৰ পৰা ধৰি তেওঁলোকে কোনটো সময়ত কি কৰিব সম্পূৰ্ণ এখন schedule দিয়া হ’ল৷
সময়বোৰ ব্যস্ততাৰ মাজত কেতিয়ানো পাৰ হৈ যায় ৰাশিয়ে ক’বই নোৱাৰে৷Training centerত প্ৰায় এসপ্তাহ পাৰ হৈ গ’ল আৰু তাই সদায়েই এটা সৰু ল’ৰালৈ লক্ষ্য কৰে ,সি সদায় আচুতীয়াকৈ অকলহৰে থাকে,কাৰো লগত কথা বতৰাও নাপাতে,মাত্ৰ নিজৰ কামতে ব্যস্ত থাকে ৷বৰ ভয়ে ভয়ে থাকে ,ল’ৰাটো কিয় সেইদৰে থাকে জানিবলৈ এদিন তাই ল’ৰাটোৰ লগত কথা পাতিব খুজিলে৷কিন্তু তাইক দেখিয়ে ল’ৰাটোৱে ভয় খোৱাদি সেইখিনিৰ পৰা গুচি গ’ল৷সেইদিনা ৰাশিয়ে ল’ৰাটো আন কাম থাকিব পাৰে, সি ব্যস্ত হ’ব পাৰে বুলিয়ে ভাবি ল’লে কিন্তু তাই আৰু দুদিনমান ল’ৰাটোৰ লগত কথা পাতিবলৈ বিচাৰিলে,মাত লগালে কিন্তু সি একেই আচৰণ কৰিলে৷ৰাশিৰ মনত ল’ৰাটোৰ অদ্ভুত আচৰণৰ বাবে সন্দেহ হ’ল ,ল’ৰাটোৱে কিয় তেনেকৈ ভয় কৰে৷এদিন তাই মনে মনে গৈ ল’ৰাটোক পাছফালৰ পৰা মাত লগালে কিন্তু তাইক দেখিয়ে সি তললৈ মোৰ কৰি দেখিয়ো নেদেখাৰ ভাও জুৰিছিল আৰু সেইখিনিৰ পৰা যাবলৈ খুজিছিল৷তাই তাক আজি পলাবলৈ নিদো বুলি ল’ৰাটোৰ হাতত জোৰ কৰি ধৰি ল’লে আৰু তাক ধেমেলীয়া সুৰত ক’লে-
:"আজি এনেকে পলাই যাবলৈ নিদো হ’লে,anyways myself rakhi "
"মোৰ দেৰি হৈছে যাবলৈ দিয়ক" বুলি কৈ তাৰ চকু জলজলীয়া হৈ পৰিল৷ৰাশিয়ে ল’ৰাটোৰ হাতখন এৰি দিলে আৰু তাক নামটো সুধিলে৷সি পল্লব বুলি কৈ সেইখিনিৰ পৰা ল’ৰালৰিকৈ গুচি গ’ল৷ ৰাশিৰ মনত ল’ৰাটোৰ অৱস্থা দেখি সন্দেহ বেছিকৈয়ে বাঢ়ি গ’ল৷কিয় ল’ৰাটোৱে ইমান ভয়ে ভয়ে জীৱন কটাইছে,সি এটা ল’ৰা হৈয়ো ইমান ভয়াতুৰ,মানুহৰ সৈতে চিনাকি হ’বলৈ ইমান ভয় কৰে৷তাই এই ল’ৰাটোৰ মাজত থকা ৰহস্য সন্ধানত আগবাঢ়িল৷প্ৰেকটিছ হোৱাৰ পাছতে তাই দুই তিনিদিন ল’ৰাটোক লগ কৰিবলৈ গ’ল৷ তাই সদায় ল’ৰাটোক মাত লগায় কিন্তু সি একো উত্তৰ নিদিয়ে৷এদিন ল’ৰাটোৱে নিজেই তাইক ক’লে -
:"please মোৰ আপোনাৰ লগত কথা পতা বা চিনাকি হ’বলৈ অলপো মন নাই ৷আৰু সদায় আপুনি এনেদৰে আহিলে মই distrub হৈ যাম৷"
:"if you have any problem then tell me,i will keep it as a secret আৰু কাৰোলৈ ভয় নকৰিবা,কোনোবাই অশান্তি কৰিছে যদি কোৱা তাৰ নাক মুখ ভাঙি দিম মই ৷"
ৰাশিৰ কথা শুনি ল’ৰাটোৱে হাহিঁ এটা মাৰিলে আৰু ল’ৰাটোৰ মুখত প্ৰথমবাৰ হাহিঁ দেখি ৰাশিয়ে তাক ক’লে
:"finally তুমি হাহিঁলা,কিন্তু পল তুমি কিয় এনেকৈ অকলে থাকা?"
:"মোক মায়ে stranger লগত কথা পাতিবলৈ মানা কৰিছে৷"
:"তোমাৰ মায়ে মানা কৰিছে,কিয় ?
:"কাৰোবাৰ লগত চিনাকি হ’লে মোৰ খেলত distrub হ’ব বুলি কৈছে৷"
:"নাই এনেকুৱাটো একো কথা নাই,মই ভাবো যিমান পাৰা সিমান মানুহৰ লগত চিনাকি হ’বা,বহুতো নজনা কথা জানিবা আৰু friendship কৰিবা সকলোৰে লগত তেতিয়াহে তোমাৰ কিবা প্ৰব্লেম হ’লেও তোমাক help কৰিবলৈ সকলো আগবাঢ়ি আহিব৷"
:"মোৰ কি প্ৰব্লেম হ’ব পাৰে আৰু কেতিয়াবা হ’লেও মা আছেই মোৰ লগত৷
:"মা এতিয়াটো তোমাৰ লগত নাই নহ’ bychance তুমি যদি কেনেবাকৈ injury হোৱা তোমাকটো ইয়াত থকা friends বোৰে help কৰিবলৈয়ে তুমি friendship কৰিব লাগিব৷
:"কিন্তু মোৰটো আজিলৈকে কোনো friendsনাই৷"
:"friends নাই কিন্তু কিয় ?"
:"মায়ে বেয়া বুলি কৈছে৷?" এতিয়া মই যাওঁ ইয়াৰ পৰা৷
:"ৰ’বা তুমি কিয় আহিছা ইয়ালৈ সুধাই নহ’ল নহয় "
:"মই International swimming compititionৰ selectionৰ বাবে আহিছোঁ৷"
:"wow its amazing,মইয়ো শিকি আছোঁ swimming ,bdw তুমি কি পঢ়ি আছা "
:"h.s 1st year,মোৰ দেৰি হৈছে প্ৰেকটিছলৈ ,মই যাওঁ৷"
ৰাশিৰ ল’ৰাটোৰ কথাবোৰ শুনি বেয়া লাগি গ’ল ৷তাইৰ মনত এটা প্ৰশ্নই অশান্তি কৰি থাকিল যে "কেনেকৈ এগৰাকী মাতৃ সন্তানৰ প্ৰতি ইমান বেছি নিষ্ঠুৰ হ’ব পাৰে৷ কেনেকৈ নিজৰ সন্তানক অকলশৰীয়াকৈ থাকিবলৈ শিকাব পাৰে৷"মাকৰ এনেকুৱা ব্যৱহাৰৰ বাবেই হয়তো পলে মানুহলৈয়ে ভয় কৰে কাকোৱে বিশ্বাস কৰিব নোৱাৰে৷কিয় তাৰ মাকে তাৰ সৈতে এনেকুৱা কৰিছে তাই কথাবোৰ জানিবলৈ পলক ভালদৰে জানিব বিচাৰিলে৷ (আগলৈ)
Saturday, May 9, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৭)
_____________________
ৰাশিয়ে একেথৰে জীয়ালৈ চাই থকা দেখি তাই কি হ’ল সুধিলে৷ৰাশিৰ কপালত ঘামৰ বিন্দু বিন্দু টোপাল আৰু তাই থৰথৰকৈ কপিবলৈ ধৰিছে৷জীয়াই তাইৰ কপালত হাত থৈ সুধিলে
:"কি হ’ল ইমান ঠাণ্ডাতো তোৰ ঘাম উলাইছে যে আৰু কপি আছ কিয়?"
:"তই ইয়াত কেতিয়া আহিলি৷ মই তোৰ ওচৰলৈ যাবলৈয়ে উলাইছিলোঁ"
:"এইমাত্ৰ আহিছোঁ কিয়,তই থিকেই আছটো"
:"excersise কৰি আছিলোঁ যে সেইকাৰণে গৰম উঠিছে৷ৰুমলৈ যাওঁ বল তোক ডাঙৰ কথা এটা ক’ব আছে৷"
:"ইয়াতে ক’ "
"শুন, state level women boxing compitition ৰ কাৰণে প্ৰতিখন districtৰ পৰা দুটাকৈ select কৰিছে and i am selected "য়াহো বুলি কৈ তাই চিঞৰ মাৰি দিলে৷দুইটাই তাইক congratulations ক’লে আৰু কেতিয়া যাব লাগিব সুধিলে৷ৰাশিয়ে ক’লে
:"খুউব সোনকালেই যাব লাগিব date কোৱা নাই,কিন্তু প্ৰতিখন districtৰ পৰাও state ৰ কাৰণে selection হ’ব৷তাৰ কাৰণে বহুত hardwork কৰিব লাগিব এতিয়া পৰা"
:"আৰু কি কৈছে?"
:"1month ৰ ট্ৰেইনিং হ’ব so প্ৰেকটিছ কৰি থাকিবলৈ কৈছে৷May be december 1st weekতে যাব লাগিব৷
"ইমান সোনকালে "বুলি কৈ অনুজৰ মুখখন শুকাই পৰিল এমাহলৈ ৰাশি নাথাকিব কথাষাৰ শুনি তাৰ বুকুখন ক’ব নোৱাৰাকৈ বিষাই গ’ল৷কিয় সেইটো সি বুজা নাই৷কথাবতৰা পাতি হোৱাত ৰাশিয়ে ঘৰতে পাৰ্টি কৰাৰ কথা ভাবিলে৷সুখবৰটো শেৱালি আন্টিক কওঁ বুলি তাই দৌৰি গ’ল আৰু পাছে পাছে অনুজ আৰু জীয়াও গ’ল৷
ৰাতি ৰাশিলৈ notice আহিল যে তাইৰ medical checkup কৰোৱা আৰু weight কিমান আছে জোখাই perception এখন লাগিব৷তেওঁলোকে নিজৰ ফালৰ পৰাও কৰিব কিন্তু তাইৰ ফালৰ পৰাও formalitiesবোৰ পূৰাই কাইলৈৰ ভিতৰতে জমা দিব লাগিব৷
কলেজ একেবাৰে জানুৱাৰীৰ শেষৰফালেহে খুলিব,সেয়ে অনুজৰ ৰাতিপুৱা শুই উঠা অলপ দেৰি হয় ৷ৰাশিয়ে ন’ বজাত অনুজৰ ৰূমৰ দোৱাৰত টকটকাই "জল্দি উঠ অনু,জল্দি উঠ" বুলি চিঞৰ বাখৰ কৰিছে৷তাইৰ উৎপাত কৰা দেখি শেৱালি আন্টিয়ে আহি কি সুধিলেহি
:"নাই আন্টি মেডিকেল যাবলৈ তাক কালিয়ে লগ ধৰি থৈছোঁ সি এতিয়ালৈকে উঠাই নাই৷"
শেৱালি আন্টিয়ে তাইৰ কপালত হাত থৈ তোমাৰ কি হৈছে৷ জ্বৰ নাই দেখোন ?
:"অও আন্টি মোৰ একো হোৱা নাই "
:"তেতিয়া হ’লে কি বাবাৰ? সোণ কি হৈছি তোৰ,মোক এতিয়ালৈকে কোৱা নাই যে ৷দৰ্জাখন খোল আকৌ ৷
ৰাশিয়ে মুখেৰে একো মাতিবলৈকে পৰা নাই তেওঁ যিহে উথপথপ লগাইছে৷সিহঁত দুজনীৰ হুলস্থূল শুনি অনুজে দৰ্জাখন খুলি দিলে৷মাকে ওলোটাই উভটাই ক’ৰবাত দুখ পাইছে নেকি চাইছে,কপালত হাত থৈ জ্বৰ আছেনি চাইছে৷মাকৰ অৱস্থা দেখি সি চিঞৰি ক’লে " মোৰ একো হোৱা নাই৷ i am fit and fine ,ৰাতিপুৱাই কিহৰ ইমান হুলস্থূলখন কৰি আছা তোমালোকে''
:"বাবা ৰাশি মেডিকেললৈ যায় "
:"কিয় হ’ল আকৌ তাইৰ "
:"কালিয়ে মেচেজ দি থৈছোঁ তই মানে এতিয়ালৈকে চোৱাই নাই ৷"
অনুজে ল’ৰালৰিকৈ মেচেজটো খুলি চাই দুইমিনিত আহি আছোঁ বুলি কৈ ল’ৰ মাৰিলে৷শেৱালি আন্টিয়ে একো বুজি পোৱা নাই সিহঁত দুটাই কি কৰি ফুৰিছে৷আকৌ ৰাশিক সুধিলে " সচাকৈয়ে তুমি ঠিকেই আছানে?কিবা দিগদাৰ হৈছে যদি ক’ব পাৰা মোক৷কি হ’ল ক’বানে?"
:"আন্টি মোৰ যে বক্সিংৰ ট্ৰেইনিং গুৱাহাটীত হ’ব আৰু 3rd decemberত যাব লাগিব৷সেইকাৰণে form এখন fillup কৰিব লাগিব আৰু তাত মেডিকেল conditionটো check up কৰিবলৈ মেডিকেল যাব লাগিব "
:"অহ’ যোৱা যোৱা,সোনকালে গৈ সোনকালে উভতি আহা "(আগলৈ)
Friday, May 8, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৬)
_____________________
বাৰাণ্ডাতে বহি জীয়াই যিমান পাৰে চেপি চেপি কান্দিবলৈ ধৰিলে৷জীয়াই তেনেকৈ কান্দি থকা দেখি অনুজৰ বেয়া লাগি গ’ল আৰু কি হ’ল সুধিলে৷ তাই ল’ৰালৰিকৈ চকুপানীবোৰ মচি কেনেকৈ কি হ’ল প্ৰতিটো কথাই বিতংকৈ বুজাই ক’লে৷অনুজৰ জোনাকৰ প্ৰতি থকা সন্দেহবোৰ যেন সচাঁৰ দিশলৈ ধাবমান হৈছে ৷জীয়াৰ পৰা কথাবোৰ শুনিটো জোনাকে জীয়াক impress কৰিব খুজিছে সেইকথা বুজা গৈছে৷কিন্তু এনেকুৱা কিবা এটা হ’লেটো ৰাশিয়ে সচাকৈয়ে বহুত বেছি কষ্ট পাব৷কিন্তু তাইক বুজালেও দেখোন কথাবোৰ বুজিবলৈ চেষ্টাই নকৰে৷ৰাশিৰ মুৰৰ পৰা এই জোনাক নামৰ ভুতটোক উলিয়াবলৈ সি কি কৰিব পৰা যায় তাকে ভাবিবলৈ ধৰিলে,এটা সাধাৰণ ল’ৰা কাৰণে ৰাশি আৰু জীয়াৰ মাজত থকা সম্পৰ্কবোৰ এনেকৈ বেয়া হ’ব দিব নোৱাৰি বুলি ৰাশিৰ লগত কথা পতাৰ সিদ্ধান্ত কৰিলে ৷
ৰাশিৰ মগজুত কি চলি আছে জানিবলৈ অনুজে ৰাশিহঁতৰ ৰুমলৈ আহি তাই কি কৰিছে জুমি চালে৷
তাই অকলে অকলে বহি হাঁহি থকা দেখি সি দোৱাৰ মুখৰ পৰাই মাত দি তাইক চাদৰ ওপৰলৈ আহিবলৈ ক’লে৷অলপ পাছত তাই চাদৰ ওপৰলৈ আহিলে,অনুজে ইফালৰ পৰা সিফাল কৰি কিবা চিন্তা কৰি থকাৰ দৰে গোটেই চাদ খনত পিটপিটাই ফুৰিছে৷তাই "কিয় মাতিছ ক’" বুলি ক’লে৷
: "ইমান দেৰি কৰিলি যে অহা,তোক important কথা এটা সুধিবলৈ আছে'
:"মোৰো Important shocking good news এটা দিবলৈ আছে তোক "
:"কি তই ক’ 1st "
:"তই মাতিছিলি যেতিয়া তোৰটো 1st ক’ "
: "okey,আজি তোৰ date কেনেকুৱা গ’ল "
:"কিহৰ date মই একো নাজানো কি কৈছ তই মই যাওঁ "
:"ৰাশি dont be oversmart ,জীয়াই মোক সববোৰ কৈছে ৷কিন্তু তই কিয় জোনাকৰ কাৰণে জীয়াৰ লগত কাজিয়া কৰিলি "
:"কোনে ক’লে কাজিয়া কৰিছোঁ বুলি,মইটো জীয়াৰ Help কৰিব বিচাৰিছোঁ "
:"কেনেকুৱা help"
:"May be জোনাকদাই তাইক like কৰে,so মই লগ লগাই দিওঁ বুলি ভাবিলোঁ "
:"তই পাগল হৈছ নেকি?ইয়াৰ পৰা জীয়াক কেনেকৈ help কৰা হ’ল ৷তইটো তাই hurt কৰিলি?"
:"নাই অও ,তই কথাটো বুজা নাই৷মানে মই বহুতবাৰ জোনাকক জীয়াৰ পাছে পাছে মনে মনে যোৱা দেখিছোঁ৷আৰু জোনাকদাক মই roughকে কোৱা পাছতো সি মোৰ লগত friendship কৰাৰ কাৰণে ইমান কিয় interested আছিল মোৰ doubt হ’ল আৰু সেইকাৰণে acting কৰিলোঁ জোনাকদা লগত ভাল হোৱাৰ৷মোৰ কিবা এটা fell হৈছিল যে dal meh kuch kala hain আৰু finally গম পালোঁ যে সি জীয়াক like কৰে so মই জীয়াই তাক like কৰে নেকি মনে মনে চাবলৈ কাজিয়া কৰা acting কৰিলোঁ হিঃহিঃহি৷"
:"কিন্তু জোনাক তোৰ crush হয় নহ’ then কিয় কৰিছ এইবোৰ"
:"ধেৎ crush নহয় আছিলেহে "
:" মানে "
:"মই কি তোক পাগল দেখো নিকি?জোনাকে মোকটো 1st insult কৰিলে আৰু 2ndly মই তোৰ পৰা গম পালোঁ যে সি তোৰ লগত কিমান বেয়া কৰিলে তাৰ পাছতো কিয় বাৰু crush হিচাপে ৰাখিম৷আৰু মইয়ো বুজিলোঁ সি মোৰ কাৰণে perfect নহয়৷তাৰ পাছত লাগি থাকি মই মোৰ সময় বৰবাদ কৰা বাদে একো নহ’ব৷ভাল পালেও কিজানি কোনোদিনেই সুখী হ’ব নোৱাৰিম৷মই বিচৰা নিচিনা নহয়েই আৰু "
:" হ’ব দে নালাগে আৰু একো ক’ব বুজিছোঁ,কিন্তু জীয়াই জানো like কৰে তাক৷"
:"নাজানো,কিন্তু জোনাক দাৰ তাইৰ প্ৰতি ইমান মৰম,care দেখি সি তাইক সুখী ৰাখিব যেন লাগিছে৷তাই এতিয়ালৈকে জীৱনত মাত্ৰ দুখহে পালে,দুখৰ বাহিৰে একোৱেই পোৱা নাই ৷যদি জোনাকৰ সৈতে সুখী হ’ব পাৰে তাত মই বহুত সুখী হ’ম৷"
:"কিন্তু তই জাননে আজি তই তাইৰ লগত কৰা behavior কাৰণে তাই কিমান hurt হৈছে৷"
:"sorry মই সেইটো নাভাবিলোৱে কিন্তু মই তাইক মনাই ল’ম৷"
:"bdw তোৰ good news টো ক’ আকৌ"
"জীয়া ইমান sad হৈ আছে তাইকে 1st ক’ম "বুলি ৰাশিয়ে দৌৰ মাৰি চিৰিৰ ওচৰ পালেহি৷কিন্তু চিৰিৰ মুখতে জীয়াক দেখি উচপ খাই উঠিল৷জীয়াই বাৰু সকলোবোৰ শুনিলে নেকি,তাই আৰ চকুলৈ জীয়ালৈ চালে। (আগলৈ)
Thursday, May 7, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৫)
_____________________
ৰাশিৰ অপেক্ষাৰ অন্ত পৰিল,পৰীক্ষা শেষ হোৱাৰ পাছতে জীয়াক লৈ 'Cafe momo' যাবলৈ ওলালে৷ৰাশিয়ে আজি আকৌ লিপষ্টিক অকনমাণ পাতলকৈ লগাই আহিছে৷জীয়াই ৰাশিক প্ৰথমবাৰ লিপষ্টিক লগোৱা দেখিছে সেয়ে অলপ আচৰিত হৈ সুধিলে
:"তই লিপষ্টিক কেতিয়া কিনিলি?"
:"নাইকিনা ঘৰলৈ যাওঁতে আইতাই দিছিল,কেনেকুৱা লাগিছে"
:"ধুনীয়া লাগিছে জোনাক দাক fida কৰিহে এৰিবি মানে"
ৰাশিয়ে জীয়াৰ কথাত লাজতে খৰধৰকৈ খোজ দিবলৈ ধৰিলে৷দুইজনীয়ে গৈ 'cafe momo'পালেগৈ৷ইফালে সিফালে ডিঙি মেলি মেলি জুপি চালে জোনাক আছেনি কিন্তু দেখা নাপাই তালৈ ফোন লগালে৷ফোনটো ৰিচিভ কৰিয়ে সি ক’লে
:"তোমালোক পালাগৈয়ে নেকি? "
:"উম,ইয়াতে বহি আছোঁ"
:"sorry ,wait কৰিব লগা হৈছে মই তলতে আছোঁ গৈছোঁ ৰ’বা "
অলপ পাছত জোনাকে সিহঁতৰ ওচৰ পালেহি আৰু সুধিলে
:"কিবাকিবি order দিছা নে ?"
:"নাই আপোনালৈ wait কৰি আছিলোঁ"
অৰ্ডাৰটো দি দুই এটা কথা পাতিলে আৰু জোনাকে পকেটৰ পৰা দুটা চকলেট উলিয়াই দুজনীকে দিলে৷অৰ্ডাৰ নহালৈকে সিহঁতৰ মাজত বহুত কথা ওলালে৷জোনাকে কথাৰ প্ৰসংবোৰ বেছিকৈ জীয়াক লৈহে কৰিবলৈ ল’লে৷সেইদিনা জীয়াই তাইৰ favorite colour টোৰ কথা কোৱাত সিও blue colour চাৰ্ট এটা পিন্ধি আহিছে৷ওপৰৰ পৰা তললৈকে একদম টিপটপ হৈ আহিছে ন কইনা বিচাৰি অহাৰ দৰে৷জীয়াৰ জোনাকৰ কিছুমান কথা সি intensionaly কোৱাৰ দৰে লাগিছে৷খানা আহিল আৰু খাই থাকোঁতে জীয়াই চৰচৰণি খালে৷ ৰাশিয়ে তাইৰ পিঠিতো মহাৰি পানী দিবলৈ লোৱাৰ আগতেই সি তাইক পানী এগিলাছ খাবলৈ দি ধৰফৰাই ফুৰিলে৷জোনাকৰ এনেকুৱা অদ্ভুত যেন লগা আচৰণবোৰ লগতে তাইতকৈ জীয়াৰ প্ৰতি অত্যাধিক care দেখি ৰাশিৰ মনটো অলপ সেমেকি গ’ল৷ জীয়াই ৰাশিৰ মুখখন ফুলি যোৱা দেখি যিমান পাৰে তাৰ পৰা সোনকালে ওলাবলৈ চালে৷কিন্তু জোনাকে ইটোৰ পাছত সিটো কথা জানি বুজিয়ে নিজেই উলিয়াই লৈছে৷
জোনাকে লগ পোৱা কথাটো কোৱা দিনাখনৰ পৰাই ৰাশিয়ে মাথোঁ সপোনে দিথকে এইসময়বোৰ নিজৰ কৰি ৰখাৰ আশা কৰিছিল৷কিন্তু তাইৰ সকলো আশাত চেচাঁ পানী পৰিল৷অলপমান খং উঠিছে যদিও সহ্য কৰি বহি আছে ৷ইমান দিনৰ পৰা বাট চাই আছিল এইদিনটোলৈ আৰু আজি এইসময়বোৰ যেন সোনকালে শেষ হওঁক সেইটো বিচাৰিছে৷এনেকুৱা সময়বোৰ যেন কেতিয়াও ঘুৰি নাহক তাইৰ জীৱনলৈ৷
হঠাৎ ৰাশিৰ ফোনটো বাজি উঠিল৷আৰু ক’লটো ৰিচিভ কৰিয়ে তাই সিহঁতক " i have to go first,bye see you later''বুলি কৈ দৌৰিদৌৰি তাৰ পৰা ওলাই আহিলে৷তাইৰ পাছে পাছে সিহঁতিও ওলাই আহিল তথাপিও তাই কোনফালে গ’ল ধৰিব নোৱাৰিলে৷ৰাশিলৈ ফোন লগালে কিন্তু ফোনটো out off network বুলিহে ক’লে৷ৰাশিৰ মোবাইল হেৰুৱা পাছত কিনাই নাই,খবৰ নিদিয়াকৈ য’ত ত’ত গুচি যায় কাৰণে শেৱালি আন্টিৰ পুৰনা keypad মবাইলটো দি পঠাইছে ৷ জীয়াই জোনাকক যাওঁ বুলি কৈ bye দিলে আৰু সি তাইক ক’লে যে
:"মই তোমাক drove কৰি দিওঁ ব’লা"
:"no need,মই টেম্পোতে গুচি যাম"
:"তোমাৰ ফোন নাম্বাৰটো দিয়াচোন"?
:"কিয়?"
:"তোমালোক ঘৰ পালাগৈ নাই মই কেনেকৈ জানিম৷তাতে ৰাশিও ক’ৰবাত গুচি গ’ল৷"
"99******** " নাম্বাৰটো দি তাই আৰু জোনাক টেম্পো ষ্টেণ্ডৰ ফালে আগবাঢ়ি আহিল৷জীয়াক ভয় ভাব এটাই খুন্দা মাৰি ধৰিলে৷জোনাকে তাইৰ বহুত বেছিকৈয়ে care কৰিছে বুজি পোৱা নাই কি হৈ আছে তাইৰ লগত৷ জীয়া আহি ঘৰ পালেহি দিনটোৰ কথাবোৰ ভাবি গুণি ৰাশিক ৰুমত বিচাৰিলে কিন্তু নাপাই তাইৰ চিন্তা বাঢ়ি গ’ল৷অনুজক বিচাৰি আহিলে কিন্তু ঘৰত নেদেখি তালৈ ফোন লগালে আৰু সুধিলে
:"ৰাশি ক’ত আছে জানে নিকি?"
:"অহ’ তাই মোৰ লগতে আছে,আমি এফালে ওলাই আহিছোঁ ৷"
:"thank god,she is safe"
:"কি?"
"একো নাই ঘৰ আহিলে ক’ম বাৰু?"বুলি কৈ ফোনটো থৈ তাই বিচনাখনতে বাগৰি দিলে৷
সন্ধিয়া হোৱাৰ আগে আগে ৰাশি আৰু অনুজ দুইটা ঘৰ আহিলে৷ৰাশিয়ে আহিয়ে চিঞৰ বাখৰ কৰি জনাজাত কৰিলে "মোৰ New mobile আহি গ’ল"৷ৰাশিৰ মাত শুনি জীয়া আৰু শেৱালি আন্টি দুইজনী ৰুমৰ পৰা ওলাই আহিলে আৰু ৰাশিৰ হাতত mobileটো দেখি জীয়াই সুধিলে
:"তই mobile কিনিম বুলি মোক কিয় নক’লি?"
:"its a surprise gift from anuj,মোৰ ওচৰত মবাইল কিনাটো দুৰৰে মাহৰ শেষত ফুটাকড়ি এটাও নাই ৷"
"ময়েই অনুজক কিনিবলৈ পঠাইছিলোঁ,তাই ইমানদিনৰ পৰা মোৰ পুৰণা মবাইলটোকে লৈ আছে৷গাভৰু ছোৱালী মানুহৰ আগত উলিয়াবলৈ লাজ পাবও পাৰে" বুলি শেৱালি আন্টিয়ে লাহেকৈ ক’লে৷
:"সচাঁ আন্টি thank you soo much ,যেতিয়াই দেতাই পইচা পঠিয়াই মই আপোনাক ঘুৰাই দিম "
:"নাই নাই gift ভাবি ৰাখি থোৱা৷"
:"oww aunty how sweet of you ,নোকোৱাকৈয়ে আপুনি আমাৰ মনবোৰ পঢ়ি লয়৷"
জীয়া আৰু ৰাশিয়ে ৰুমলৈ সোমাই আহিল৷জীয়াই তাইক সুধিলে
:"অথনি মোক কিয় এৰি থৈ গুচি গ’লি,বেয়া পাইছো,তোৰ কাৰণেই গৈছিলো আজি "
:"অনুৱে মোক its urgent,মা...কে আধালিখা মেচেজ দি ফোন কৰি সোনকালে আহ বুলি ক’লে মইয়ো ল’ৰালৰিকৈ গুচি আহিলোঁ ইনেও তাত বহি bore feel কৰিছিলোঁ আৰু কথাটো তঁহতি দুটাই পাতি আছিলি so distrub নকৰিলোঁ"
:"are you out of mind,what ..."
:"পিছৰখিনি নক’লি কিয় কৈ দে৷"
"তোৰ লগত কথা পতাই ভুল "বুলি কৈ জীয়াই খংত ৰুমৰ পৰা বাহিৰলৈ ওলাই গ’ল৷অনুজে জীয়াক খংত ওলাই যোৱা দেখি কি হ’ল সুধিবলৈ তাইৰ পাছে পাছে গ’ল৷(আগলৈ)
Wednesday, May 6, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৪)
_____________________
college weekৰ শেষ হোৱাৰ পাছতো কলেজখনত ব্যস্ততাবোৰ শেষ নহ’ল৷ক্লাছবোৰ আৰম্ভ হৈছিলহে ইলেকচন আহিলেই৷ তাৰ মাজতে সময় উলিয়াই প্ৰাইজ distributionকৰা হ’ল ৷ৰাশি আৰু জীয়াৰ প্ৰথমবাৰ কলেজলৈ আহি ইমান ভাল performanceৰ কাৰণে অনুজে সিহঁত দুজনীক পাৰ্টি দিবলৈ জোৰ কৰিলে৷ দিনবাৰ থিক কৰি তিনিওটা এদিন কলেজ শেষ হোৱাৰ পাছত "beizing benquet"নামৰ chines ৰেষ্টুৰেণ্টখনলৈ আহিল পাৰ্টি কৰিবলৈ৷কিন্তু surprisingly জোনাককো তাতে লগ পালে৷সি অকলে বহি আছিল সেয়ে সিহঁতক দেখি সিহঁতৰ লগতে বহি ল’লেহি ৷অনুজে কথাটো বৰ ভাল নাপালে তথাপিও সিহঁত দুজনীৰ পাৰ্টিটো spoil নহওক বুলিয়ে তাৰ সময়বোৰো জোনাকৰ লগত ভাগ বতৰা কৰিলে৷জোনাকে ৰাশি আৰু জীয়াক impress কৰাৰ এটাও সুবিধা এৰি নিদিলে৷সি যিমান পাৰে সিহঁত দুজনীৰ লগত ফ্ৰি হৈ কথা পাতিবলৈ বিচাৰিলে৷সিহঁতৰ ভাল লগা,বেয়ালগা বোৰৰ হিচাপ কৰাৰ দৰে কিবা গোপন তথ্য খুচৰাৰ দৰে কথা পাতিলে৷অনুজে মাত্ৰ মনে মনে বহি কথাবোৰ শুনিহে আছিল৷খাই বৈ হোৱাত ৰাশিয়ে cash counterটোৰ ফালে গ’ল আৰু পইচা উলিয়াবলৈ নাপালেই জোনাকে আটাইকেইটাৰে bill pay কৰি দিলে৷তাৰ পাছত জোনাকক সিহঁতৰ খৰচটো দিছিল যদিও সি ল’বলৈ অমান্তি হ’ল ৷কিন্তু বেছিকৈ জোৰ কৰাত সি ক’লে যে " বেলেগ এদিন তোমালোকে মোৰ bill pay কৰি দিবা "৷
হাহিঁ ধেমালিৰে আবেলিটো পাৰ হ’ল৷কিন্তু অনুজৰ মনত জোনাকৰ প্ৰতি সন্দেহ বাঢ়ি আহিল৷সদায় কেবাৰী হৈ থকা ল’ৰাটোৱে আজি ৰেষ্টুৰেণ্টত খোৱাৰ নামত পকেটৰ পইচা খৰচ কৰিলে৷যাৰ হাতৰ পৰা এটকা এটা সৰকাবলৈ টান,এইয়া কেনেকৈ সম্ভৱ ৷সি কথাবোৰ গুৰুত্ব সহকাৰে ভাবিবলৈ ধৰিলে৷ইফালে ৰাশিৰ সুখৰ ঠিকনা নাই৷হেৰুৱা অনুভৱবোৰ ঘুৰাই পাই তাই খুউব সুখী,এদিন সময়ে কিছু সলনি কৰিছিলে কিন্তু আকৌ সময়েই সকলো থিক কৰি দিছে বুলি বুকুত নতুন সপোন বান্ধি সাজু হৈছে৷জোনাকৰ প্ৰতি আকাংক্ষাবোৰ বাঢ়ি গৈছে,তাই নভবাকৈয়ে জোনাকে তাইৰ প্ৰতি গুৰুত্ব আগবঢ়াইছে,জোনাকৰ মনতো তাইৰ প্ৰতি দুৰ্বলতা আছে নেকি সেই কথাটোৱে তাইক খুলি খুলি খাইছে৷অনুজ আৰু জীয়াক জোনাকৰ কথা কৈ কৈ ভাগৰ নলগা হৈছে৷দিনটোত ভগৱানৰ নামতকৈয়ো বেছি মুখলৈ জোনাকৰ নামটোহে অহা হৈছে৷
জাৰৰ দিনবোৰ কাষ চাপি আহিল লগতে পৰীক্ষাবোৰো আৰম্ভ হ’বৰ হ’ল ৷ৰাশিৰ মনত দিনে নিশাই জোনাকক দুদিনৰ পাছত যে লগ নাপাব,দেখিবলৈ নাপাব সেই কথাষাৰে আমনি কৰিবলৈ ল’লে৷পঢ়া শুনাতো মন নবহা হ’ল৷পঢ়িবলৈ বহিলেও লেপটপটো সন্মুখত লৈ ফেচবুকত মেচেজ আহিছে নেকি বাৰে বাৰে চাই৷পৰীক্ষাৰ বাবে কলেজ বন্ধ দিয়া দিনাৰ পৰা ৰাতিপুৱা গধুলী দৰৱ দিয়া দৰে 'good morning' 'good evening'বুলি সদায় জোনাকলৈ মেচেজ দিয়ে৷কিন্তু ৰিপ্লাইত সদায় তাই বিচৰাধৰণে একোকে নাপায়৷
পৰীক্ষাবোৰ আৰম্ভ হ’ল,সময়বোৰ বেলেগ বেলেগ হোৱাৰ বাবে ইচ্ছা কৰিও ৰাশিয়ে জোনাকক লগ পোৱা নাই৷হঠাৎ এদিন জোনাকৰ মেচেজ আহিল
:"last exam কেতিয়া আছে৷"
লগালগ পঢ়াৰ পৰা কিতাপ বহী সামৰি মেছেজ টাইপ কৰাত লাগিল
:"25th novemberত"
:"can we meet"
প্ৰিয় মানুহজনে এইষাৰ কথা সুধা দেখি জোনাকক নেদেখাকৈয়ে তাইৰ বুকুৰ ধপধপনিবোৰ বাঢ়ি গ’ল৷লাজত গাল দুখন গৰম হৈ পকি থকা বিলাহীটোৰ দৰেই হ’ল৷তথাপিও বিশ্বাস কৰিব নোৱাৰি ওচৰতে পঢ়ি থকা জীয়াক চিকুট এটা দিবলৈ কয় আৰু জীয়াই চিকুটি দিয়াত পুনৰ লেপটপটোত মেছেজটো চাই সচাঁ সচাঁ বুলি চিঞৰি দিয়ে৷জীয়াই সুধে
:"চিঞৰিবলৈ কিহে পালে এই ৰাতিখন,আৰু কি সচাঁ হ’ল৷
ৰাশিয়ে জীয়াক জোনাকৰ মেচেজটো দেখুৱাই তাইৰ বুকুৰ কাষলৈ জীয়াৰ হাতখন নি হাৰ্টবিটবোৰ কিমান ফাষ্ট হৈছে অনুভৱ কৰালে৷জীয়াই ক’লে
:"তোৰ পৰা যে একো নহ’ব,সি তোক Insult কৰা পাছতো still same feelings ৰাখিছ তাৰ কাৰণে"
:"চা’ জীয়া ভগৱানৰো mistake হৈছিল but he is only a common man ,এটা chance toh banta hain!right?"
:"যি ক’ৰ কৰি থাক কিন্তু এতিয়া পঢ় কাইলৈ exam আছে "
"তোৰ পৰা একো নহ’ব,মই ৰিপ্লাই কৰি লওঁ "বুলি জীয়াক কৈ তাই পুনৰ টাইপিং কৰে
:"sure ,but কেতিয়া?"
:"অ’হ মই ৰিপ্লাই নাহিব বুলিয়ে ভাবিছিলোঁ৷anyways last exam দিনাখনেই ভাল হ’ব ন’হ৷"
:"okey,কলেজতে লগ কৰিব নে?"
:"তোমালোকৰ exam 3pm ত শেষ হ’ব তাৰ পৰা direct ' cafe momo' গুচি আহিবা আৰু লগতে জীয়াকো লৈ আহিবা "
:"okey we will be there,bye good night sweet dream"
পৰীক্ষাৰো syllabus মুখস্থ কৰাতকৈয়ো বেছি সময়বোৰ কিমান লাহে লাহে গৈছে সেইবোৰহে ভাবি আছে৷জোনাকক বহুত দিনৰ মুৰত লগ পাব সেয়ে তাই বহুত exited হৈ আছে৷(আগলৈ)
Tuesday, May 5, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩৩)
জীয়াই নানাচোঁ বুলিয়ে কলেজৰ পৰা ওলাই আহি গেটৰ মুখ পালেহি৷অনুজ,ৰাশিয়ে তাইৰ পাছে পাছে আহি তাইক বুজাবলৈ চেষ্টা কৰিছে কিন্তু তাই সিহঁতৰ কথা শুনিবই নিবিচাৰে৷সিহঁতৰ কাণ্ড দেখি জোনাকে সিহঁতৰ কাষলৈ আগবাঢ়ি আহে আৰু সুধেহি
:"Is anything gone wrong?"
ৰাশিয়ে তপককৈ মাত দিয়ে " কোনোবা ছোৱালী এজনীয়ে জীয়াৰ নাচটো ভাল হোৱা দেখি তাইক Down দিবলৈ বহুত কিবা কিবি ক’লে আৰু তাৰ পিছত তাই নানাচোঁ বুলি কৈছে" ৷ জোনাকৰ চকুত এটা খং আৰু উত্তেজনাৰ ভাব দেখা গ’ল৷কিন্তু তাৰ অৰ্থ বুজিব নোৱাৰি অনুজে তালৈ লক্ষ্য কৰি থাকিল৷জোনাকে জীয়াক বুজাবলৈ ল’লে যে "জিকিবলৈ মানুহে যিকোনো কাম কৰিব পাৰে৷এনেকুৱা প্ৰায় হৈয়ে থাকে,এইবোৰক লৈ নিজৰ সময় বৰবাদ নকৰিবা,তুমি নাচা দেখুৱাই দিয়া সিহঁতক,প্ৰাইজ পোৱাটো ডাঙৰ কথা নহয়,Participate কৰাটোহে ডাঙৰ কথা"৷ মই তোমাৰ performance চাইছিলোঁ ,তুমি ধুনীয়া নাচিছা আৰু তোমাক Joudgeয়েও ধুনীয়াকৈ comment দিছে সেয়ে তোমাক আনে criticize কৰিবই,তাৰ মানে এইটো নহয় যে তুমি এনেকৈ যুদ্ধ এৰি পলাবা৷মনত ৰাখিবা Nobody cares if you can’t dance well. সেয়ে তুমি নাচিবই লাগিব কাৰণ নচাতো তোমাৰ passion হয়৷ আনৰ কথা শুনিয়ে তুমি হাৰ মানি ল’বা নিকি?Just get up and dance...যোৱা এতিয়া ready হোৱাগৈ যোৱা৷
জীয়াক এইদৰে motivate কৰা দেখি তাই পুনৰ সাহস পাই নাচিবলৈ মান্তি হ’ল৷ৰাশি আৰু অনুজে জোনাকক "thanks bro,it means a lot for us " বুলি কৈ জীয়াক লৈ কলেজলৈ সোমাই গ’ল৷অনুজৰ জোনাকৰ আচৰিত ধৰণৰ সহযোগ দেখি অলপ সন্দেহ উপজিলে আৰু ৰাশিৰ জোনাকৰ প্ৰতি আকাংক্ষা বাঢ়ি গ’ল৷
দিনটোৰ তিতাকেহাঁ অনুভৱবোৰ সামৰি ৰাশিয়ে অলপ শান্তিৰে অকলে আহি চাদৰ ওপৰত বহি আছেহি ৷অনুজেও আহি ৰাশিক লগ দিলেহি আৰু তাইক সুধিলে
:"কি ভাবি আছ্?"
:"আজি জোনাকদাক লগ পাইছিলোঁ মই কলেজলৈ আহোতে আৰু সি নিজেই মোক sorry ক’লে সেইদিনাৰ incident টোৰ কাৰণে,আৰু তাৰ লগত friendship ৰাখিবলৈ ক’লে৷মইয়ো accept কৰিলোঁ "
:"এইবোৰ অলপ খেলিমেলি যেন লগা নাইনে তোৰ"
:"কি খেলিমেলি,সি just এটা chance বিচাৰিছিল,আৰু mistakeটো মোৰ ফালৰ পৰাও হৈছিল সেইকাৰণে..."
:"তাৰমানে তোৰ গাৰ পৰা এতিয়াও জোনাকৰ ভুত যোৱাই নাই "
:"আজি জীয়াক কিদৰে সি Help কৰিলে দেখিলি ন’হ,আজি সি নথকা হেতেন জীয়াই dance নকৰাকৈয়ে ঘৰ আহিল হয় "
:"তই কথাবোৰ কিয় বুজি নাপাওঁ,সি help কৰিছে যেতিয়া ইয়াৰ পিছতো কিবা কাৰণ আছে,আৰু সি তোক নিজেই আহি sorry কোৱা কথাটো মোৰ হ’লে হজম হোৱা নাই৷sure ডাল মে কুচ কালা হেয় "
:"সদায় কথাবোৰ negative wayত কিয় লৈ যাওঁ অনু"
:"চকুমুদি believe কৰিবলৈ এৰি দে "
:"হ’ব এইবোৰ বাদ দে ,তই মোক সেইদিনা কোৱা নহ’ল জোনাকৰ লগত তোৰ কি হৈছিল "
:"জোনাক মোৰ ভাল friend আছিল,আমি H.S same collegeৰ পৰাই কৰিছিলোঁ"
:"that means তহঁত দুটা classmate আছিলি"
:"হুম "
:"কিন্তু তইটো 3rd sem আৰু সি 5th sem কেনেকৈ?"
:"H.S 2nd yearত থাকোতে New junior আহিছিল কলেজলৈ আৰু শ্ৰদ্ধা নামৰ ছোৱালী এজনী মই like কৰিছিলোঁ আৰু unfortunately জোনাকেও৷কিন্তু আমি দুইটাই কথাটো গম পোৱা নাছিলোঁ,তাই দুইটাৰ লগতে flirt কৰি আছিল৷যিদিনা কথাটো দুইটাই গম পালোঁ তেতিয়া দুইটাৰ মাজত ডাঙৰ কাজিয়া creat হ’ল আৰু কলেজৰ কিছুমান বস্তু destroy হ’ল আৰু দুইটাই বেয়াকৈ injury হ’লো ৷after that মোক কলেজৰ পৰা final exam দিবলৈ নিদিলে৷জোনাকৰ কাৰণে মোৰ one year lost হৈ গ’ল৷
:"তোক কিয় punished কৰিলে,কাজিয়াটো দুইটাই কৰিছিলি ন’হ"
:"private college আছিল আৰু জোনাকৰ দেউতাকৰ ভাল চিনাকি আছিল principalৰ লগত so he is able to get in the exam "
:"তাৰ পাছত আকৌ দুইটা কেনেকৈ ভাল হ’লি "?
:"মোৰ one year lost হোৱাত বহুত বেয়াকৈ depressionত গুচি গৈছিলোঁ আৰু তাৰ পাছত জোনাকে আহি sorry ক’লে মোক cause mistake আমাৰ নাছিল এনেই আমি এজনী ছোৱালীৰ কাৰণে কাজিয়া লাগিলোঁ৷"
:"real culpritটো সেই ছোৱালীজনী আছিল,তাই তাৰ পিছত জোনাকৰ লগত relationshipত আহিল নেকি?"
:"নাই দুইটাই তাইৰ পৰা totally move on কৰিলোঁ"
:"যদি জোনাকে Sorry কৈছিল then তই এতিয়া জোনাকক কিয় বেয়া পাওঁ ?'
:" i can forgive him but i cant forget the incident After all তাৰ কাৰণে মোৰ one year lost হ’ল''
:"আচ্ছা "
:"তাৰ পাছত মই জোনাকক request কৰিছিলোঁ,মোৰ কাৰণেও principalৰ ওচৰত তাৰ দেউতাকক কথা পাতিবলৈ ,ইচ্ছা কৰাহ’লে সি ইমানখিনি help কৰি দিব পাৰিল হয় কিন্তু তেনেকুৱা একো নকৰিলে ,সেইটো incidentয়ে মোক কেতিয়াও জোনাকৰ প্ৰতি good vibes এটা আনিবলৈ নিদিয়ে,হয়টো কেতিয়াও নিদিব"
:"হুম মই বুজিছোঁ সেইটো time ত তই কেনেকৈ survive কৰিছিলি,i think তাৰ পাছতে তই change হ’লি right "
:"হয়,After the incident one year ঘৰত থাকি বহুত কিতাপ পঢ়িলোঁ মুঠতে lost year টো waist কৰিব বিচৰা নাছিলোঁ৷তইটো জানই আগৰ পৰাই মই কিমান serious মোৰ lifeতোক লৈ, so district library পৰা motivated কিতাপ হওঁক,novel,reasonal,science fiction যিমান পাৰোঁ collect কৰিলোঁ আৰু তাত নোপোৱাবোৰ বাহিৰৰ পৰা কিনিলোঁ৷এটা new lifeৰ starting কৰিলোঁ৷thats my story "
ৰাশিয়ে খুউব মন দি শুনি আছিল অনুজৰ কথাবোৰ সি শেষ কৰা পাছতো তাই "তাৰ পাছত কি হ’ল" সুধিছে আৰু সি "মই কোনো cinemaৰ Story শুনোৱা নাই তোক, তাৰ পাছত সুধিবলৈ,ব’ল ভিতৰলৈ যাওঁ বুলি দুইটা সোমাই গ’ল৷(আগলৈ)
Monday, May 4, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩২)
---------------------------------
অনুজে ক’বলৈ আৰম্ভ কৰিছিলহে মাথোন " সি মোৰ লগত আগৰ পৰাই ভাল "তেনেকুৱাতে জীয়াই আহি "কি চলি আছে,May i join" বুলি সুধিলেহি ৷সিহঁত দুইটাই তাইক কাষতে বহিবলৈ দিলে৷তাই আকৌ সুধিলে
:"কিবা Serious discission চলি আছে নেকি?"
ৰাশিয়ে অনুজৰ মুখলৈ চালে,তাক দেখি এনেকুৱা নাই লগা যে সি কথাবোৰ জীয়াৰ আগত ক’ব খুজিছে সেয়ে তাই কথাষাৰ সলাই একোনাই আজি দিনৰ কথাবোৰ পাতি আছিলোঁ বুলি কয়৷জীয়াই তপককৈ মাতিলে
:"কিন্তু as a junior তই তাক ইমান roughly ক’ব নালাগিছিল৷"
:"সেইটো হয় কিন্তু সি যেনেকৈ হাহিঁছিল,এটা ঘোচা দিবলৈ মন গৈছিল"
"হ’ব হ’ব সময় সুবিধা পালে কেতিয়াবা দি দিবি,মই যাওঁ তঁহতি বহ "বুলি কৈ অনুজে তাৰ পৰা গুচি যায়৷সিহঁতিয়ো অলপ পাছতে কথাৰ মহলা সামৰি ৰুমলৈ আহে৷
college week আৰম্ভ হ’ল তাৰ লগে লগে কলেজখন ভৰি পৰিল এজাক প্ৰতিভাবান জেবিয়ানৰ খোজেৰে৷জীয়া আৰু ৰাশি দুইজনীয়ে নিজৰ নিজৰ দুখন বেলেগ যেন লগা পৃথিৱীত ব্যস্ত হৈ পৰিল৷সময়বোৰ লাহে লাহে ৰাশিৰ বাবে আৰ্শীবাদ হৈ বৰষিছে,জোনাকক পাহৰিবলৈ তাইৰ বাবে এয়াই যথেষ্ট৷তাই নিজৰ প্ৰিয় কামবোৰ কৰি সময় কটাইছে তাতোতকৈ কি লাগে ৷কলেজৰ চাৰিচুকত জোনাকক বিচাৰিফুৰা ৰাশিজনীৰ এতিয়া জোনাকৰ নামটো মনত পেলাবলৈয়ো আহৰি নাই৷কলেজৰ প্ৰথম college week সেয়ে ক’ত কি খেল হৈছে আওভাও পোৱা নাই ভালদৰে তথাপিও যিমান পাৰিছে সকলো খেলতেই যোগ দিছে৷জীয়াইয়ো নাচ,গান,কবিতাৰ কাব্যিক জগতখনৰ পৰা ৰাশিলৈ বুলি সময়ে উলিয়াব পৰা নাই ,অনুজ আৰু ৰাশিৰ শিকনি বুজনিতে দুই এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷
college weekৰ চতুৰ্থ দিন আৰু আজি মাত্ৰ নৃত্য প্ৰতিযোগিতাহে আছে৷সেয়ে জীয়াৰ একেদিনাই কেইবাটাও নাচৰ কাৰণে কাপোৰ কানি বহুত আনিব লগাত পৰিছে আৰু অনুজ ফ্ৰি থকাত ৰাশিয়ে তাক বলি কা বকৰা বনাই জীয়াৰ coolie ৰ কাম কৰাইছে৷ৰাশিয়ে খেলৰ ব্যস্ততাৰ মাজতো জীয়াই নাচিব বুলিয়েই যেনেতেনে দেখা দিবলৈ বুলি কলেজলৈ আহিল৷আহিয়েই গেটৰ মুখতে জোনাকক দেখা পালে৷সিদিনাখনৰ কথাটোৰ কাৰণে তাই জোনাকৰ সন্মুখলৈ ওলাবলৈ অলপ uncomfortable feel কৰিছে৷তাই পলাবলৈয়ে বিচাৰিছিল কিন্তু জোনাকে মাত দিলে "ৰাশি শুনাচোন " ৷তাই উপায় নাপায় তাৰ ওচৰতে আহি ৰ’লহি ৷
:"সিদিনাখন তোমাৰ ওপৰত হঁহাৰ মোৰ কোনো intension নাছিল,but কি হ’ল বুজিবই নোৱাৰিলোঁ ,বেয়া নাপাবা"
:"actually মোৰো sorry ক’বলৈ আছিল সিদিনাখনৰ কাৰণে ৷ as a junior ৰ মই আপোনাক ইমান rough কৈ ক’ব নালাগিছিল,কিন্তু মোৰ খং control নহয়! i mean short temper যে৷"
:"একো নাই দিয়া mistake দুইফালৰ পৰাই হ’ল যেতিয়া এতিয়া আমি ফ্ৰেণ্ড হ’ব পাৰোঁ নহয়নে"
:"হুম "
:"শুনিছো তুমি বোলে ভাল খেলিছা,বহুততে প্ৰাইজো পাইছা''
:"try কৰিছোঁ কিন্তু গেমিংৰ টাইমবোৰ ইমান মিলি যায় যে একেলগে কভাৰ কৰিবলৈ দিগদাৰ হৈ গৈছে আৰু কিছুমানৰ কথাটো গমেই নাপাওঁ কেতিয়া হৈ যায়৷"
:"timeটো maintain কৰিব জানিব লাগিব,সাত দিনতে সকলোবোৰ শেষ কৰিব লাগে যেতিয়া কিছুমান একেলগে হোৱাটো স্ৱাভাৱিক ,এইবাৰ নতুন কাৰণে বুজা নাই কিন্তু next year লৈ গম পাই যাবা৷
:"thats right ,next year i will try my best "
"Anyways congratulations for your achievements''বুলি কৈ জোনাকে ৰাশিৰ ফালে হাতখন আগবঢ়াই দিলে৷ৰাশিয়ে "thankyou "বুলি কৈ জোনাকৰ হাতখনলৈ চাই মনে মনে ভাবিলে "ইনেও তাইৰ হাতখন ডেকা ল’ৰাৰ নিচিনা তাতে এইকেইদিন খেলাধূলা কৰি হাতখন আগতকৈয়ো টান আৰু খহটা হৈ থাকিলে৷জোনাকৰ হাতখন মিহি একদম softযেন লাগিছে,গীতাৰ বজোৱাৰ কাৰণে আঙুলিত দুই এটা চিনৰ বাদে একোৱেই নাই আৰু তাই যদি হেন্দচেক দিওঁতে তাইৰ হাতখন দেখি সি আকৌ হাহিঁ দিয়ে সেইদিনাৰ দৰে কি হ’ব৷" ৰাশিয়ে হাতখন আগবঢ়াও নবঢ়াও কৈ আপচোচ কৰা দেখি জোনাকে "হ’ব দিয়া একো নাই ,মই অলপ ওলাই যাওঁ বাই "বুলি তাৰ হাতখন পিছুৱাই নিয়ে৷
জোনাকক বাই কৈ পুনৰ এবাৰ হৃদয়ৰ তলাটো খুলি দিলে আৰু জোনাকৰ নামত ধপধপাই উঠিল৷ আকৌ এবাৰ তাইক হিলাই গ’ল প্ৰিয় মানুহজনে৷ভাললগা অনুভৱবোৰ সামৰি অডিটৰিয়ামৰ ফালে খোজ ল’লে৷ৰাশিক দেখিয়ে জীয়াৰ থেনথেননি আৰম্ভ হৈ গ’ল " পেটু মোক কেনেকুৱা লাগিছে,ভাল লাগিছেনে,নাচিব পাৰিমনে ভালকৈ "উফ্ মুঠৰ ওপৰত এগ্গালমান আব্দাৰ সদায়ৰ দৰে৷বহুত nervous হৈ আছে তাই তথাপিও ৰাশি আৰু অনুজৰ সাহসত ষ্টেজত উঠিলগৈ আৰু বহুত ধুনীয়াকৈ নাচিলে৷সিহঁত দুটাই মাত্ৰ তাইৰ Patricipationটোহে বিচাৰিছিল কিন্তু তাইৰ নাচ দেখি বিচাৰকেও থিয় হৈ তাইৰ বাবে হাত তালি বজালে৷ জীয়াই ষ্টেজৰ পৰা নামি আহিয়ে ৰাশিক সুধিলে
:"কেনেকুৱা হ’ল"
:"Outstanding য়াৰ,আমিটো তই মাত্ৰ participate কৰাটো ভাবি আছিলোঁ but তোৰ নাচ দেখিটো প্ৰাইজটো sure বুলিয়ে ধৰ্ তাতে judgeয়েও ইমান ধুনীয়াকৈ কৈছে ,এনেকৈ নাচি যা best dancer টো তইয়ে পাবি"
সিহঁতৰ কথা শুনি কাষতে ৰৈ থকা ছোৱালী এজনীয়ে ক’লে " বেছি আশা নকৰিবা,Judgeয়ে কি কয় সেইটোতকৈও প্ৰাইজ দিয়া মানুহ কিমানে ক’ত কেনেকৈ fixing কৰি থৈছে তুমি গম নোপোৱা৷নতুন আহিছা চাগে ,লাহে লাহে গম পাবা৷anyways তোমাৰ নাচ চাই ভাল লাগিল কিন্তু বহুত ভুল আছে,টাইম থাকোতেই শুদ্ধৰাই ল’বা ,নাচটো ভাল হ’লেই নহয় আচলতে নাচটোৰ লগত চকু,হাত ,ভৰি সকলোবোৰ মিলিব লাগিব৷এনেই best dancer হ’ব নোৱাৰিটো৷"
ছোৱালীজনীয়ে কি ক’ব বিচাৰিলে জীয়া আৰু ৰাশিয়ে সঠিককৈ বুজিব নোৱাৰিলে,কিন্তু জীয়াৰ মনৰ পৰা নচাৰ হেপাঁহটো একেবাৰে নোহোৱা হৈ পৰিল৷ চকুকেইটা জলজলীয়া হৈ কান্দো কান্দো অৱস্থা তাইৰ আৰু পিছৰটো নানাচো বুলি ক’লে৷ৰাশিয়ে জীয়াক বহুত বুজাবলৈ চেষ্টা কৰিলে কিন্তু জীয়াই নানাছোঁ বুলিয়ে গাৰ্লছ কমন ৰুমৰ চুক এটাত বহি ঘৰলৈ যাবলৈ বস্তু বাঢ়নি সামৰিবলৈ লয়৷ ৰাশিয়ে কথাটো অনুজক কয় আৰু অনুজেও জীয়াক বুজাবলৈ বহুত চেষ্টা কৰে কিন্তু তাই কাৰো কথা শুনাৰ নামেই নলয়৷(আগলৈ)
Sunday, May 3, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
______________________________________
দেৱাশ্ৰী বৰা (#খণ্ড_৩১)
_____________________
ৰাশিক চাদৰ ওপৰতো নাপায় অনুজে জীয়াক ৰাশিৰ কলেজৰ বেগটো আছেনে চাবলৈ কয়৷জীয়াই বিচাৰি নোপোৱাত অনুজৰ ৰাশিৰ প্ৰতি চিন্তা বাঢ়ি যায়৷ৰাশিয়ে 3টা নাবাজোতেই ঘৰ অহা মানুহ এতিয়ালৈকে নাই,ঘৰলৈ অহাহেতেঁন কলেজৰ বেগটো থাকিলে হয় কিন্তু সেইটোকো নাই যেতিয়া তাই ঘৰলৈ অহা নাই৷তাৰ ভয় হয় তাই যদি Depressionত আহি ক’ৰবাত গুচি যায়৷সি চোফাখনত বহি ৰাখিলৈ ফোনৰ উপৰি ফোন লগায় কিন্তু ফোনটো switch off,অনুজে ৰাশিলৈ ইমান চিন্তা কৰা দেখি শেৱালি আন্টি আৰু জীয়াই কি হ’ল সোধে৷সি কয়
" ৰাশি কলেজৰ পৰা 3টামান বজাতে ঘৰলৈ ওলাই আহিছিল এতিয়ালৈকে পোৱাহি নাই যে" তেতিয়া তেওঁলোকে বক্সিংৰ ক্লাছ যাব পাৰে বুলি কয় ৷কিন্তু অনুজক ভিতৰৰ পৰা ভয় এটাই খেদি ফুৰিছে,সি এবাৰ ক্লাছত চাই আহোঁ বুলি বাইকখন লৈ আহিবলৈ ওলাই৷
জীয়াৰ মনত অনুজে ৰাশিৰ বাবে কিয় ইমানকৈ চিন্তা কৰিছে বুলি সন্দেহ উপজিল আৰু তাই অনুজক মনে মনে কি হ’ল সুধে ৷সি এফালৰ পৰা কলেজত কি হ’ল কৈ যায়৷জীয়াৰো ভয় হ’ল আৰু দুইটাই মাকক ৰাশি ক’ত আছে চাই আহোঁ বুলি কৈ বিচাৰি আহে৷ সিহঁতে ষ্টেডিয়াম,বক্সিং ক্লাছ,কলেজ ক’তো বিচাৰি নাপায় ৰাশি ক’ত যাব পাৰে তাকেই ভাবি থাকোতে হঠাৎ জীয়াৰ মনলৈ আহিল যে ৰাশিৰ খং উঠিলে খুউব ভোক লাগে আৰু অনুজক ক’লে যে ৰাশিয়ে কোনোবা ৰেষ্টুৰেণ্টত বহি খাই আছে হ’বলা৷সিহঁতি ৰেষ্টুৰেণ্টত বিচাৰি যাওঁ বুলি ওলালে যদিও যোৰহাটত ইমানবোৰ ৰেষ্টুৰেণ্ট আছে ৰাশি কোনখনলৈ যাব পাৰে ভাবিয়েই আছিল৷তেনেকুৱাতে শেৱালি আন্টিয়ে জীয়ালৈ ফোন কৰি ৰাশি ঘৰ অহা কথাটো কয় আৰু সিহঁত দুইটাই লগালগ ঘৰলৈ আহে ৷
জীয়াই অনুজক কথাটো কোৱাৰে পৰা তাৰ ৰাশিৰ প্ৰতি খুউব খং উঠি আছিল ৷ঘৰলৈ আহিয়ে একো সুধ-পুচ নকৰাকৈয়ে উধাইমুধাই ৰাশিক খুউব গালি দিলে "তই ইমান careless কিয়৷তোৰ কাৰণে ঘৰৰ মানুহবোৰে কিমান চিন্তা কৰিছে কিবা idea আছেনে৷সদায় এনেকৈ নোকোৱাকৈ গুচি যাওঁ ক’ৰবাত আৰু আমিবোৰে বিচাৰি ফুৰিব লাগে৷. "ৰাশিয়ে একো নমতাকৈ তাৰ কথা শুনি ৰৈ আছে,তাই মাত নমতা দেখি তাৰ খঙে চুলিৰ আগ পালেগৈ৷জীয়াই ৰাশিক ক’ত গুচি গৈছিলি বুলি প্ৰশ্ন কৰি তাইৰ হাতখন ধৰে আৰু দীঘলহাতৰ চুলাটোত তেজ দেখা পাই "ক’ত দুখ পালি,কি হ’ল আকৌ তোৰ "বুলি কন্দাকটা আৰম্ভ কৰি দিয়ে৷অনুজৰ খংটো গলি গ’ল ৰাশিৰ গাত তেজ লাগি আছে শুনি৷সি ভালকৈ সুধিলে "কি হ’ল ৰাশি,are you okey?"ৰাশিয়ে পৰিৱেশটো অলপ সহজ দেখি ক’বলৈ আৰম্ভ কৰে৷
:"মই একো এটা মাত মাতিবলৈকে পোৱা নাই অনুৱে ইমান গালি পাৰিছ্ মই কিবা ক’বলৈ chanceয়ে পোৱা নাই"
:"ক’ কি হ’ল আমি কোনেও একো নকওঁ"
:"অথনি ষ্টেডিয়ামৰ পৰা ওলাই আহি গীতাৰ্থী পইন্টৰ ওচৰলৈকে খোজ কাঢ়িয়ে আহিলোঁ তাৰ পিছত সেইখিনিতে accident এটা হ’ল৷সৰু বাট্চা ল’ৰা এটাই নুচুৱাকৈ road cross কৰিলে আৰু বাইক এখনে খুন্দিয়াই থৈ গ’ল আৰু মানুহবোৰে টামাচা চোৱা দৰে চাই থাকিল৷কোনোৱাই 108লৈ ফোন কৰিছিল কিন্তু বহুত ব্লিডিং হৈ গৈছিল সেইকাৰণে কাৰোলৈ বাট নাচায় মইয়ে টেম্পো এখনত লৈ গ’লো মেডিকেললৈ "
:"আচ্ছা, sorry মই তোৰ কথা নুশুনাকৈয়ে যিটি ক’লো কিন্তু এতিয়া ল’ৰাটো কেনেকুৱা "
:"now he is alright তাৰ ঘৰৰ মানুহ আহিলে so মই গুচি আহিলোঁ "
:"পিছে তোৰ ফোনটো কি হ’ল ?ইমান ক’ল কৰিছোঁ switch off যে "
:"মই ল’ৰাটোক মেডিকেল নিওঁতে মবাইলটো ক’ত থ’লো পাহৰি থাকিলোঁ,তাৰ পাছত তঁহতলৈ ফোন কৰিবলৈ মবাইলটো বিচাৰিছিলোঁ যদিও নাপালোঁ৷"
"হ’ব দিয়া তুমি থিকেই আছা যেতিয়া মবাইলটো পিছতো নতুনকৈও কিনিব পাৰিবা ৷কাইলৈ fir
এখন পুলিচ ষ্টেচনত দি থৈ আহিবা৷এতিয়া ফ্ৰেছ হৈ লোৱাগৈ "বুলি শেৱালি আন্টিয়ে কোৱাত"যাওঁ 'বুলি কৈ ৰাশিয়ে ৰুমলৈ সোমাই গ’ল৷অনুজে জীয়াই ইটোৱে সিটোৰ মুখলৈ চাই থাকিল৷
ৰাশিয়ে মুৰ গা ধুই চাদৰ ওপৰত আন্ধাৰত মনে মনে বহি আছে৷অনুজৰ চিন্তা সচাকৈয়ে ৰাশি থিকেই আছেনে,ঘটনাৰ গম ল’বলৈ ৰাশিৰ ওচৰলৈ আহি তাইক সুধিলে
:"কি ভাবি আছ্ "
:"একো নাই "
:"এজনী মানুহে জলকীয়া শুকোৱাই আছিল ৷কিন্তু জলকীয়া সোকোৱাবলৈ sunlight টো বহুত বেছি important আৰু ভালদৰে শুকোৱাবলৈ হ’লে দিনত জলকীয়াখিনি উলিয়াই ৰাতি আকৌ ভালদৰে বান্ধি নিয়ৰ নপৰাকৈ থ’ব লাগিব৷তেতিয়াহে জলকীয়াবোৰ ভালদৰে শুকাব নহ’বা তেনেকুৱা নকৰি sunlightৰ লগতে moonlight দিয়া হেতেন জলকীয়াবোৰ নষ্ট হৈ যাব নহয়নে ?
:"Well, i didnot ask you about anything"
:"right you didnt ask me কিন্তু ভাবি চা মই কি ক’ব খুজিছোঁ৷
ৰাশিয়ে অলপ সময় অনুজৰ পাকলগা কথাবোৰ বুজিবলৈ চেষ্টা কৰে কিন্তু কি কৈছে সঠিককৈ ধৰিব নোৱাৰি অনুজক বুজাই দিবলৈ কয় আৰু সিও তাইক কয়
" জোনাক ল’ৰাটো বেয়া নহয়,কিন্তু সকলো মানুহ সকলো সময়তে শুদ্ধ বা ভাল কেতিয়াও হ’ব নোৱাৰে৷হয় কিছুমান কথাত সি বহুত ভাল But that means এইটো নহয় যে সি সব time তে ভাল হ’ব৷যেনেকে মই জলকীয়া শুকোৱা কথাটো ক’লো তোক৷দিনৰ sunlightত জলকীয়া শুকালে ভাল হ’ব কিন্তু ৰাতি যদি শুকোৱাবলৈ মেলি থঁও জলকীয়াবোৰ বেয়া হৈ নাযাব জানো৷ সব মানুহৰে তেনেকে ভাল,বেয়া দুটা side থাকে৷"
:"সেই তই ইমান জেলেপী দৰে ঘুৰাই আছ মই একো বুজা নাই কিন্তু মই এতিয়া ঠিকেই আছোঁ৷কিন্তু কি জান্ if i didnt meet him that day then সি মোৰ crush নহ’লহেতেন,না মই 1st time এনেকৈ কাৰোবাক ভুল কৰি পাওঁ ৷"
:" 'if' বা 'যদি' এই সৰু শব্দটোৱে আমাৰ lifeত বহুত কিবাকিবি সলনি কৰি দিয়ে৷ যদি মই তাইক লগ নাপালো হেতেন,যদি মই ভাল নাপালোঁহেতেন,যদি যদি যদি বুলি full stop টো বিচাৰি নাপাওঁ ৷ এই যদিটোৱেও আমাক experience দিয়ে৷ but its better for you সঠিক টাইমত তাক বুজি পালি৷হয়তো তোৰ মনত যিবোৰ doubt হৈ আছিল clear হ’ল নহ’ ভাললগা আৰু ভালপোৱা both are two difference things"
:"হ’ব হ’ব এতিয়া মোক ইমান জ্ঞান নিদিবি মই সব বুজিলোঁ৷মবাইলটোও হেৰালে ভালেই হ’ল No more memories জোনাকক লৈ,now only focus on my dream ''
:"Thats my lady, now you fully feel better right'
:"Yeah অথনি তোৰ ওচৰ পৰা খংত ওলাই আহিছিলোঁ but accidentটোত পোৱালীটোক help কৰি মোৰ বহুত ভাল feel হৈছে৷
:"If youre hungry then lets go to eat some.
:"নাহ,একেবাৰে Dinner কৰিম ৷
:"তোৰ খং উঠিলে বহুত ভোক লাগে বুলি শুনিছিলো"
:"কোনে ক’লে তোক৷জীয়াই নহ’ তাইক দি আছোঁ পিছত"
:"হাঃ হাঃ তই মানুহজনী ওলোটা বেলেগৰ ভোক লাগিলে খং উঠে আৰু তোৰ খং উঠিলে ভোক লাগে৷"
:"হ’ব হাহিঁ নাথাক ৷by the way তই কিয় জোনাকক বেয়া পাওঁ ক’ মোকো,মইও তোৰ লগত মোৰ problems share কৰিছোঁ ন’হ "
:"শুন then(আগলৈ)
Saturday, May 2, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
----------------------------------------------------------
দেৱাশ্ৰী বৰা (#খণ্ড_৩০)
--------------------------------
ৰাশিয়ে বলিং কৰি আছিল,অনুজে তাইক তাৰ ওচৰলৈ মাতি সুধিলে-
:" তোৰ নাকৰ বেণ্ডেজটো কি হ’ল৷"
:"এৰুৱাই পেলালোঁ,কলেজত সবে দেখিলে কি ভাবিব৷"
"কোনে কি ভাবে সেইটো দৰকাৰ নাই নহয় তোৰ "বুলি সি তাইৰ hotboxৰ মুখতে থকা বাৰাণ্ডাখনত বহুৱাই নৰমেল বেণ্ডেজ দুটা ক্ৰছচিন(×)ৰ দৰে কৰি লগাই দিলে৷সি তাইক বেণ্ডেজ লগাই থকা দেখি তাত খেলি থকা সবেই সিহঁতক "ৱাহ ৱাহ বেলেগ আৰু "বুলি জোকাবলৈ ল’লে৷জোকাই থকাত অতিষ্ঠ হৈ অনুজে সিহঁতক ক’লে যে-
:"তাই দুখ পাই আছে কাৰণে বেণ্ডেজটো লগাই দিছোঁ তাত কি বেলেগ দেখিলি ?"
ৰাশিহঁতৰ টিমৰ senior পৰিস্মিতা আৰু দুজনীমানে ৰাশিক অনুজে শুনাকৈ ক’লে যে
:"তই Lucky ,অনুজৰ নিচিনা ইম্মান careing boyfriend এটা পাইছ’
:"সেই এইটো মোৰ boyfriend নহয়,ইয়াক ভালপোৱাতকৈ মই মৰি যোৱাই ভাল৷"
"হ’ব হ’ব তোমালোকে এইবোৰ বন্ধ কৰা,তাই মোৰ girlfriend নহয় মইয়ো তাইৰ boyfriend নহয় ৷মোৰ just childhood friend হয় তাই৷"
এজনীয়ে আকৌ কয় যে" আপোনালোক Relationshipত নাই যদি আহি যাওঁক,দুইতাক একেলগে বহুত cute লাগিছে৷ইনেও এটা ভাল relationship সদায় friendshipৰ পৰাই আৰম্ভ হয়৷"
"তোমালোকৰ অদৰকাৰী কথা শেষ হ’ল যদি মই যাওঁ আৰু ৰাশি উৎপাত কৰি নুফুৰিবি ঘৰলৈ সোনকালে যাবি৷"বুলি কৈ অনুজ তাৰ পৰা গুচি যায়৷ অলপ পাছত ৰাশিহঁতেও খেল সামৰি কলেজ কেন্টিনলৈ আহিলে৷ৰাশিয়ে কেন্টিনত জোনাকক বহি থকা দেখি নাকৰ বেণ্ডেজটো লৈ কেনেকৈ জোনাকৰ সন্মুখত ওলাব বুলি মুখখন ঢাকি তাৰ পৰা পলাবলৈ চালে৷কিন্তু তাইক দেখি জোনাক আগবাঢ়ি আহিলে আৰু তাইক মাত দিলে৷তাই জোনাকৰ মাতটো শুনি ব্ৰজপাত পৰাদি একেঠাইতে ৰৈ থাকিল৷জোনাকে তাইৰ ওচৰলৈ আহি কেন্টিনতে বহিবলৈ লগ ধৰিলে কিন্তু তাইৰ মুখলৈ মনেই কৰা নাছিল৷তাই ঘৰলৈ দেৰি হৈছে বুলি যাবলৈয়ে খুজিছিল৷সি তাইৰ সন্মুখলৈ গৈ "তোমাৰ নাকটো থিকে আছেনে "বুলি তাইৰ মুখৰ ফালে চালে আৰু "হাহিঁ হাহিঁ তোমাৰ নাকটো নাকটো "বুলি ক’লে৷জোনাকে হাহিঁ দিয়াত তাইৰ খং উঠিল আৰু তাৰ ওচৰৰ পৰা গেটৰ ফালে গুচি আহিলে৷
অনুজে বৰপাত্ৰ কুটীৰৰ ফালৰ পৰা ৰাশিক দেখি "ঘৰলৈ একেলগে যাওঁ"বুলি চিঞৰি তাইৰ কাষ পালেহি৷ৰাশিৰ খংটো মিহি মিহিকে উঠিয়েই আছিল তাতে অনুজৰ মাতটো শুনি বাঢ়ি গ’ল৷অনুজক আগগুৰি নোহোৱাকৈ খুউব গালি পাৰিলে৷সি একো বুজি নাপাই তাইক কি হ’ল সুধিলে৷তাই ন’নষ্টপ গাই গ’ল৷
:"সব তোৰ পৰা হৈছে,তই যদি বেণ্ডেজটো আকৌ লগাই নিদিলিহেঁতেন Then জোনাকদাই মোৰ ওপৰত এনেকৈ নাহাহিলে হেতেন ৷"
ইফালৰ পৰা জোনাকে দৌৰি দৌৰি আহি ৰাশিক বেয়া পালা নেকি সুধিলে ৷কিন্তু তাই একো নোকোৱাত সি ক’লে যে " মই just ধেমালি কৰিছিলোঁ৷আচলতে ঘনচিৰিকাই ৰাজহাহঁৰ খোজ দিবলৈ গৈ নিজৰ খোজটো পাহৰা কথাষাৰ অলপ আগত পষ্ট এটাত পঢ়ি আছিলোঁ তাতে তোমাক দেখি কথাটো মনত পৰি গ’ল৷"
"what do you mean"বুলি ৰাশিয়ে খংত জোনাকৰ ফালে চাই প্ৰশ্ন কৰিলে৷তাতে খংত গোটেইজনী ৰঙা আপেলটোৰ নিচিনা হৈ পৰিছে৷জোনাকে ক’লে
"তুমি হ’লা musical sectionৰ মানুহ আৰু বছৰটোৰ এদিনত যদি তুমি মিউজিক এৰি খেলৰ প্ৰেকটিছ কৰা দুখ পাবাই "
ৰাশিয়ে প্ৰচণ্ড খংৰে জোনাকৰ ফালে চাই ক’লে
:"আচ্ছা আপুনি মোক insult কৰিছে৷you mean মিউজিকৰ মানুহে খেলিব নাপায় নহয়নে "
:"no,i dont mean that''
:"তেন্তে শুনক For your kind information মই গীতাৰৰ 'গ’টোকো নাজানো,মই বক্সিং খেলোঁ,আৰু মোৰ biggest dream বক্সাৰ হোৱাহে,টুনটুনাখন বজাই থকাটো নহয় ৷সিদিনা আপোনাক মিচাকে ক’লো for that i am sorry but মিছা কোৱাৰ আৰঁতো বেলেগ reason আছে কিন্তু সেইটো মই আপোনাক ক’ব নোৱাৰোঁ"
জোনাকে আৰু একো ক’বলৈ বা বুজিবলৈকে নাপালে তাই সেইখিনিৰ পৰা দৌৰি গেটৰ বাহিৰলৈ গুচি গ’ল ৷অনুজে সিহঁতৰ মাজত সোমাব বিচৰা নাই বাবে একো এটা মাত নামাতিলে আৰু ৰাশিৰ পাছে পাছে আহিলে৷ৰাশিয়ে মিছা কথাটো লুকুৱাই থোৱাতকে কৈ দিয়াত অলপ হ’লেও বোজা এটা কমা যেন পালে৷তাইৰ খংটো বহুত উঠি আছিল সেয়ে ঘৰলৈ নগৈ আকৌ ষ্টেডিয়ামৰ ওপৰতে বহিলগৈ৷অনুজেও তাইৰ পাছে পাছে আহি তাইৰ কাষতে বহি তাইক ক’লে-
:"কি হ’লনো এতিয়া মন মাৰি থাকিবলৈ৷যি হ’ল ভালেই হ’ল ন’ যিটো ক’ব পৰা নাছিলি সেই সচাঁ কথাটো কৈ দিলি যেতিয়া now you feel better right "
ৰাশিয়ে অনুজক সাবতি ধৰি তাৰ কান্ধত মুৰটো থৈ কান্দি কান্দি ক’লে
"How cheap he is ?মই কেতিয়াও তাক ইমান cheap mentality ৰ বুলি ভবা নাছিলোঁ৷আগতে গম পোৱা হেতেন তাৰ ওপৰত love at first side নহয়ে৷"
অনুজে একো ধৰিব পৰা নাই,প্ৰথমবাৰ ৰাশি বুলিয়ে নহয় কোনোবা ছোৱালীয়ে তাক এনেকৈ সাবটি ধৰিছে৷সি ধৰোঁ নধৰোঁকৈ তাই মুৰত হাত থৈ " একো নাই ভুল সবৰে পৰা হয় "বুলি কোৱাত ৰাশিয়ে তাক এৰি দি "sorry "বুলি কৈ তাৰ পৰা গুচি আহে৷
অনুজে এইবাৰ তাইৰ পিছে পিছে যোৱাটো থিক নহ’ব বুলি ষ্টেডিয়ামতে বহি থাকিলম
সন্ধিয়া হ’বৰ হ’ল অনুজে ঘৰলৈ আহি জীয়াক বাৰাণ্ডাতে পাই ৰাশি ক’ত আছে সুধে৷কিন্তু জীয়াই ৰাশিক কলেজৰ পৰা অহা নাই দেখা বুলি কোৱাত সি তাইক ঘৰৰ চুক-কোণ সকলোতে বিচাৰি ক’তো নাপায় চাদৰ ওপৰত চায়েগৈ৷সি দেখে যে (আগলৈ)
Friday, May 1, 2020
#JBCৰ_বাকৰিত_হেপাঁহৰ_এমুঠি_জোনাক
_____________________________________
দেৱাশ্ৰী বৰা (খণ্ড ২৯)
___________________
মেডিকেল পালেগৈ,ডক্তৰে চাই ক’লে নাকৰ জইনটো ল’ৰি যোৱা বাবে ব্লিডিং ৰোৱা নাই,কিন্তু চিন্তা কৰিব লগা কোনো কথা নাই বুলি দৰৱ কেইটামান লিখি দিলে আৰু ৰাশিৰ নাকত বেন্দেজ এটা লগাই দিলে৷ৰাশিক দুদিনমানলৈ দৌৰাদৌৰি কৰিবলৈ মানা কৰিলে৷ডক্তৰৰ ওচৰৰ পৰা ওলাই আহি বাহিৰৰ বেন্সতে বহি তাই অনুজক ক’লে
:"এতিয়া মোৰ গেম কি হ’ব ?"
:"কি হ’বলৈ আছে নাপাওঁ খেলিবলৈ"
:"ইস্ কে’লে নেখেলিম,এনেকুৱা সৰুসুৰা দুখ আগতেও পাইছোঁ ,মই খেলাটো খেলিমেই মুঠতে"
:"কি ক’ৰ কৰি থাকিবি আৰু কিবা হ’লে মই মেডিকেল আনিবলৈ নাই তোক"
:"তোকনো কোনে কৈছিল নিজে হে আনিছিলি৷"
সিহঁতৰ মাজত সৰুসুৰা তৰ্কাতৰ্কি চলি আছিল৷ৰাশিৰ ফোনটো বজাত তাই কাৰ ফোন চালে৷জোনাক দাৰ ফোন বুলি তাই উলাহত বিষকোষ পাহৰি পেলাই ক’লটো ৰিচিভ কৰিবলৈ লওঁতেই অনুজে তাইৰ হাতৰ পৰা মবাইলটো থাপমাৰি কাঢ়ি লৈ তাইক ক’লে
:" কোনো দৰকাৰ নাই ৰিচিভ কৰিবলৈ৷সব তাৰ পৰাই হৈছে"
:"মোৰ ফোন দে তামাছা নকৰিবি ৷একো তাৰ কাৰণে হোৱা নাই "
সি তাইৰ কথা একো নুশুনি ক’লটো কাটি দিলে৷জোনাকে এইবাৰ অনুজলৈ ক’ল কৰিলে৷সি অনিচ্ছা সত্বেও ফোনটো ৰিচিভ কৰিলে
:"ৰাশি থিকে আছেনে ?"
:"হাঃ,She is alright But তাই এতিয়া কথা পাতিব নোৱাৰিব৷"
:"অ’ thank god তাইৰ একো নহ’লে,কিন্তু তই তাইৰ লগত ইমান close কেতিয়া হ’লি,মইচোন গমেই নাপালোঁ,কি চলি আছে বেটা৷"
"এতিয়া এইবোৰ কথা পতাৰ mood নাই,পিছত কৈ আছোঁ bye " বুলি অনুটো ক’লটো কাটি দিলে৷ ৰাশিয়ে তালৈ চাই সুধিলে
:"কাৰ ফোন আছিল " ?
:"জোনাকৰ"
"কি সুধিছে" বুলি ৰাশিয়ে বৰ আগ্ৰহেৰে সুধিলে৷কিন্তু ৰাশিৰ প্ৰশ্নটোৰ উত্তৰ নিদি অনুজে "এতিয়া এইখিনিতে বহি থাকিবি নি" বুলি কৈ তাইক ঘৰলৈ লৈ গ’ল৷ঘৰলৈ অহাৰ পাছত কি হ’ল কেনেকৈ হ’ল বুলি শেৱালি আন্টিয়ে ধেৰ প্ৰশ্ন কৰিছে৷অনুজে মাকক "মই তোমাক সব কম ব’লা,এতিয়া তাইক অলপ ৰেষ্ট ল’ব দিয়া" বুলি ৰুমৰ পৰা ওলাই আহিলে৷
জীয়াই কলেজত কাৰোবাৰ মুখত ৰাশিয়ে দুখপোৱাৰ কথাটো শুনি দৌৰাদৌৰিকৈ ঘৰ পালেহি ৷ আহিয়ে তাইক শুই থকা দেখি নজগাই অনুজক কি হ’ল কেনেকৈ হ’ল একেখিনি প্ৰশ্নকে কৰিলে৷ সি ক’লে যে "খেলি থাকোঁতে দুখ পালে "
:"এইজনী ইমান অন্যমনস্ক হৈ কিয় খেলিব লাগে বাৰু"
:"চকু ক’ৰবাত মন ক’ৰবাত হ’লে এনেকুৱাই হ’ব "
:"মানে"?
:"তুমি তাইকে সুধিবা পাছত,এতিয়া শুবলৈ দিয়া,বহুত ব্লিডিং হ’ল আজি "
:"হুম,ডক্তৰে কি কৈছে ?"
:"অলপ Pain হ’ব বুলিছে,ৰাতিলৈ জ্বৰ উঠিলে মেডিচিন দিছে,মই তোমালোকৰ টেবুলতে ৰাখিছোঁ খুবাই দিবা৷"
:"হ’ব বাৰু,আৰু কি কৈছে?"
:"দুদিনত বিষ কম নহ’লে আকৌ check upত মাতিছে৷"
"হ’ব বাৰু "বুলি কৈ তাইৰ ৰাশিৰ ওচৰ পালেগৈ৷তাইৰ কাষতে বহি জ্বৰ আছেনি চাবলৈ কপালখন চুই চালে৷জীয়াৰ চকুৰ পৰা তপতপকৈ চকুপানী বৈ ৰাশিৰ গালতে পৰিল৷তাই সাৰ পাই চকুমেলি জীয়াৰ ফালে চাই সুধিলে
:"কি হ’ল তোৰ "?
:"একো নাই "
:"একো নাই যদি তই কান্দিছ কিয়?"
জীয়াই একো নুকুৱাকৈ চকুপানীবোৰ লুকুৱাই মচি ৰাশিৰ ওচৰৰ পৰা গুচি আহিলে৷
দুদিনৰ অন্তত ৰাশি কলেজ যাবলৈ ওলাইছে তাকো নাকত বেণ্ডেজটো আছেই৷লগৰ,চিনিয়ৰ সবেই তাইক কলেজলৈ মাতি আছে৷তাই আইনাখনত মুখখন চাই বেণ্ডেজটোৱে অদ্ভুত দেখিছে বুলি এৰুৱাই পেলালে৷
জীয়াই খেলধেমালি বৰ এটা ভাল নাপায় তাতে কাইলৈৰ পৰা কলেজ উইকৰ আৰম্ভণি হ’ব আজি ক্লাছ হোৱাৰ কোনো কথাই নাই৷গা মুৰ ধুই চুলি শুকোৱাবলৈ বুলি বাৰাণ্ডাতে বহি আছে ৰ’দ লৈ৷ৰাশিক কলেজলৈ ওলাই অহা দেখি সুধিলে
:"তই কলেজ যাবলৈ ওলালি যে,ভাল পালি জানো?"
শেৱালি আন্টিয়ে পাছফালৰ পৰাই মাত দিলে
:"তাই ঘৰত থাকিনো কি কৰিব ভাল পালে যেতিয়া কলেজলৈ কে যাওঁক দিয়া৷৷ঘৰত থকা কলেজত থকা একেই কথা তাইৰ কাৰণে,ঘৰতো ল’ৰিঢাপৰি আছে কলেজতো সেইটোৰকেই কৰিব"
:"জীয়া আন্টিয়ে কি ক’লে শুনিলি যেতিয়া মই যাব পাৰোঁ নে ?"
:"যা যা,কিন্তু উৎপাত কৰি নুফুৰিবি"
জীয়াক"হ’ব হ’ব "বুলি কৈ তাই গেটৰ ওচৰ পাইছিল হে অনুজে পাছফালৰ পৰাই চিঞৰিলে"তোৰ নাকৰ বেণ্ডেজ টো কি হ’ল"৷(আগলৈ)
Subscribe to:
Posts (Atom)