Monday, March 23, 2020
JBCৰ বাকৰিত এমুঠি হেপাঁহৰ জোনাক
----------------------------------------------------------
দেৱাশ্ৰী বৰা(১ম খণ্ড)
---------------------
নিদিষ্ট বাছ ষ্টেচনটোৰ পৰা থেৰোঁ গেৰোঁ কৈ আহি আছোঁ৷পিঠিত এটা বেগ, ট্ৰলি বেগটো হাতত, মবাইলটো পকেটৰ পৰা ওলিয়াই লওঁতেই ভাহি আহিল দেউতাৰ ফোন নম্বৰটো আৰু বহুকেইটা মিচকল৷হাতত থকা বেগটা মাটিতে থৈ দেউতালৈ বুলি ফোন লগালোঁ৷হঠাৎ পিছফালৰ পৰা কোনোবাই চিঞৰিলে"ঐ Hippo"বুলি ঘুৰি চাই দেখোঁ অনুজ দেখোন৷ বহুসময়ৰ পিছত অচিনাকি ঠাইডোখৰত চিনাকি মুখখন দেখি আপোন যেন লগা পৰশ এটাই চুই গ’ল৷কিন্তু লগ পোৱা মাত্ৰেই কাজিয়া আৰম্ভ কৰি দিলোঁ,ক’ত শকত দেখিছ্ মোক,তোৰ সেইকেইটা চকু নে বাটলুগুটি,খুলি থ’ কাম নকৰে যদি৷
:Sorry,sorry কিন্তু তই মানুহটো একেবাৰে সলনি নাই হোৱা দেখোন?
:ওৱাঃ মানুহটো বুলি ক’লি যে?
:আৰুনো কি ক’ম৷ল’ৰা নিচিনা চুলি,চাৰ্ট-পেন্ট লগাই যিটো ৰূপহে তোৰ কোনে ছোৱালী বুলিব তোক৷
:চা ভাই new trend হয় মোৰ৷তাতে বক্সিং খেলা মানুহটো, অলপ manage কৰিব লগাত পৰিছে৷
:হাঃহাঃ এতিয়া ক’ তোক মই দাদা বুলি মাতিমনে বা-ভন্তী অন্য কিবা৷
:দোস্তিত আকৌ কিহৰ দাদা বা উলিয়াইছ তই
:আচ্ছা তোৰ কাৰণে hippo টোৱে better বুজিছ৷by the way তোৰ লগৰ এজনী অহা কথা আছিল নহয় কি হ’ল৷
আৰে মইটো অনুৰ লগত কথা পাতি থাকোঁতে জীয়াৰ কথা পাহৰিয়েই থাকিলোঁ৷সি মনত পেলোৱাৰ লগে লগেই তাক বৰুৱা চাৰিআলিলৈ গাড়ী নিবলৈ ক’লোঁ৷দুইটাই ইটো সিটো কথা পাতি বহি আছোঁ জীয়াৰ phone এতিয়ালৈ অহা নাই বুলি ফোনটো উলিয়াব লওঁতেই তাইৰ ফোন আহিল৷
মই মুখেৰে একো মাতিবলৈ পোৱাই নাই তাই থুনথুনাই কান্দনামোৱা হৈ কৈ পৰিল "তই ক’ত আছ,মই ক’ৰবাত হেৰাইযোৱা নাইটো,অথনিৰ পৰা তোলৈ ফোনটো লগাই আছোঁ !তই ক’ত আছ্ "
:অনু আমি ক’ত আছোঁ ?
:Apna bazar front ত বুলি ক’
শুনিছনে,হেল্ল হেল্লৌ আৰে তাই নুশুনাকৈয়ে ফোনটো কাটি দিলে কিয়৷ৰ’হ আকৌ try কৰোঁ বুলি মোৰ ফোনটো চালো switch off হৈ গ’ল৷মোৰ ভয়ত জীৱ উৰি যাওঁ যেন কৰিল৷অনুজ কি হ’ব এতিয়া,তাইক ক’ত বিচাৰিম মই...
:তই ক’তো বিচাৰিব নালাগে গাড়ীতে বহ্ মই যাওঁ
:তই তাইক চিনি পাবি জানো
:তাই দেখিবলৈ কেনেকুৱা সেইটো Describe কৰ
:straight long hair,sparkle eyes,hight প্ৰায় 5.3মান,বগাকে ক্ষীণকৈ মৰমলগা মুখৰ ছোৱালীজনীয়ে তাই
(অনুজে তাইৰ description শুনিয়ে মোৰ মুখলৈ অবাক লাগি চাই আছে)
:হেবাং লাগি মোৰ মুখলৈকে চাই থাকিবি নে বিচাৰি যাবি
:আব্বে যিটো ক’লি তই মই ভাবিয়ে ফিদা হৈ গৈছোঁ৷
:মোৰ best friendৰ লগত flirt কৰা কথা সপোনতো নাভাবিবি দেই,যদি ভাব তোৰ চকু ঘুকুতিয়াই আনিম৷এতিয়া ইয়াত পৰ দিব নালাগে তাইক বিচাৰি যা আৰু যদি তোৰ dreamlandত উটি ভাহি থাকিবৰ মন then মইয়ে বিচাৰি যাওঁ৷
:অ’ হ’ব মোৰ মা,মইয়ে যাওঁ৷
প্ৰায় 10মিনিট মানৰ পাছত দুইটা উলালহি৷অনুজ আগে আগে তাই পাছে পাছে মুখখন লুচিটোৰ দৰে ফুলাই আহি গাড়ীৰ back sideত বহিলহি৷মোক মাত বোল কৰা নাই,মইয়ো তাইৰ মুখলৈ চাই বহি আছোঁ ৷গৰমত গাল দুখন গুলপীয়া হৈ আছে,নাকটো খংতে ৰঙাপৰি আছে৷মোৰ বোধেৰে তাই চাগে অনুজকো মাত দিয়া নাই এতিয়ালৈ৷অনুজে তাইৰ বস্তুটোবোৰ ডিকিট ভৰাই আহি লাজ লাজ অনুভৱ এটাৰ সৈতে ড্ৰাইভাৰ চিটত বহিলহি৷মইয়ে পৰিৱেশটো সহজ কৰিবলৈ সিহঁতক চিনাকি কৰিবলৈ আগবাঢ়িলোঁ৷myself Rakhi dutta,ঘৰ শিৱসাগৰৰ নাজিৰাত আপোনালোকৰ৷
:plz Rakhi stop it,মোৰ তোক মাতিবৰ ইচ্ছা নাই৷
:জীয়া মইনাৰ খং উঠিছে৷মোক নালাগে বাৰু মাতিব অনুজৰ লগতে চিনাকি হ’
:fatty,আমি already চিনাকি হ’লো
:i can't believe this,তই জীয়া লগত চিনাকি হ’লি
:why?
:তইয়ে 1st ল’ৰা চাগে যি প্ৰথম দেখাতে জীয়াৰ লগত চিনাকি হৈছ৷by the way মোক বুৰ্বক বনাইছ হয়নে?
:উফ্ you geez ,you have to believe it,তাই জীয়ামণি গগৈ,ঘৰ তিতাবৰৰ বৰহোলা
am i right?
:o..god মই ক’ত মৰোঁ
:plz rakhi,over react নকৰ’৷মই তোক বেয়া পাইছোঁ
:sorry yaar,try to understand,মোৰ battery low হৈ আছিল and then switch off হ’ল৷তইটো জানই মোৰ কথা৷মই phone charge কৰিব পাহৰিয়ে যাওঁ আৰু anytime headphone দাল দেখোন কাণতে থাকে৷
:হ’ব আজি পৰা charge দি থ’বি৷
:that means you forgive me .
:হুম
অভিমানবোৰ খেদি খেদি কেতিয়ানো অনুজহঁতৰ দোৱাৰমুখ পালোহি গমেই নাপালোঁ৷শেৱালি আন্টিৰ গেটৰ মুখত ৰৈ চাগে চকু বিষাই গ’ল,অধীৰ আগ্ৰহেৰে আমালৈকে এই ভৰ দুপৰীয়া বাট চাই থকা দেখি মনটো ভাল লাগি গ’ল৷আমিও গাড়ীৰ পৰা নামি আগুৱাই গ’লো৷জীয়াই পোনেই আন্টিৰ ভৰিত ধৰি সেৱা এটা কৰিলে৷মই বস্তু বাঢ়নীবোৰ গাড়ীৰ পৰা নমোৱাত অনুজক সহায় কৰিলোঁ৷জীয়া ড্ৰয়িংৰূমতে বহি আছে,মই বস্তুটোবোৰ আমাৰ নতুন ৰূমটোতে থৈ পাকঘৰলৈ গৈ আন্টিয়ে কি বনাইছে চাই বহুত ভোক লাগিছে বুলি কৈ জীয়াৰ ওচৰ পালোহি৷আন্টিয়ে নেমু চৰবতৰ ট্ৰেখন লৈ ওলাই আহিল৷কথা বতৰা পাতি হোৱাত আমিও fresh হ’বলৈ বুলি আহিলোঁ৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
hundor❤
ReplyDeleteThnq
DeleteMojaaaa
ReplyDelete