Monday, March 23, 2020
JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক
---------------------------------------------------------
দেৱাশ্ৰী বৰা(২য় খণ্ড)
------------------
সময় দুপৰীয়াৰ 3বাজিছে,আন্টিয়ে ভাত বাঢ়ি আমালৈ বুলি ৰৈ আছে৷আমি দুজনীয়ে গৈ বহিলোগৈ৷আজি আন্টিয়ে আজি মই ভালপোৱা কাৱৈমাছৰ ঔটেঙাৰে জোল ,সৰুআলু ফ্ৰাই,ৰৌমাছ ভজা,পাপৰ আৰু এখন পদিনাৰ চাটনি বনাইছে৷ইমানবোৰ একেলগে দেখি নিজকে আজি কোনোবা এখন ৰেষ্টুৰেণ্টৰ বিশেষ আলহী যেন লাগিছে৷ৰৈ নাথাকি মই খোৱাত ধৰিলোঁ৷জীয়াই কৈ উঠিল
:আন্টি আপুনি ইমানবোৰ আমালৈ এই গৰমত বনালে কষ্ট হ’ল ন,ইমানবোৰ নবনোৱা হ’লেও হয়৷ আপোনালোকে যি খাই আমাকো সেইয়া দিলেই হ’ব৷
মইয়ো জীয়াৰ কথাটোত হয়ভৰ দিলোঁ কিন্তু এই আজলী মানুহগৰাকীয়ে ইমানবোৰ বনাইও আৰু কিবা বনাব লাগিছিল নি সুধিছে৷মই অৱশ্যে বেয়া পোৱা নাই কিন্তু জীয়াই মাছখাই বেয়া পায় যদিও নাক কান বন্ধ কৰি আন্টিৰ কষ্টৰ বাবেই খাই আছে৷ তেনেতে অনুজ আহি মোৰ চকীখনৰ কাষতে বহিল আৰু কৈ উঠিল
:বাঃহ আজি সকলোবোৰ iteam দেখোন আমাৰ hippoয়ে ভাল পোৱা বনাইছা৷
:hippo কোন আকৌ ইয়াত আৰু কোনোবা আছে নি, আমাৰ বাহিৰেও (জীয়াই কৈ উঠিল)
:বাবাই তাইক আগৰ পৰাই hippopotamus টোকে আধাখনিয়া কৰি hippo বুলি মাতে৷এইবোৰ আমাৰ ৰাশিৰ প্ৰিয়৷হোষ্টেলত থকাৰ পৰাই কিমান দিন যে ছোৱালীজনীয়ে এইবোৰ খাই পোৱা নাই,সেয়ে তাই ভালপোৱা সকলোবোৰ বনাইছো৷সৰুতে আমাৰ ঘৰলৈ আহোতে প্ৰায়ে তাই মোক ঔটেঙাৰে কাৱৈমাছৰ জুল বনাবলৈ কয় সেয়ে কালিয়ে মই গোটেই বজাৰত বিচাৰি ঔটেঙা দুটামান আনি থৈছোঁ৷জীয়া তুমি কেনেকুৱা পাইছা খাই?
জীয়াই ক’বলৈ লোৱাৰ আগতেই মই ক’লো তাইৰ ঔটেঙা আৰু মাছ দুয়োটাই অপচন্দৰ৷আগতে JNVৰ হোষ্টেলত মাছ দিলে তাইৰ ভাগটোও মোৰেই ভোজন হয় আজি আপুনি কষ্টৰে বনাইছে কাৰণেই একো নমতাকে খাই আছে৷আন্টিয়ে কিবা ডাঙৰ অপৰাধ এটা কৰাৰ দৰেই ক্ষমাপ্ৰাৰ্থী হ’ল৷মোৰো মনটো কিবা সেমেকি গ’ল সাদৰী মানুহজনীয়ে ইমান কষ্টৰে বনাইছে আটাইবোৰ জীয়াই কোনো আপত্তি নকৰাকৈ খাই আছে, মই বাৰু নভবা নিচিনাকৈ কিয় কৈ পালোঁ৷জীয়াই মোৰ হাততে হেচুকি চকুকেইটা তেলেকা কৰি দিলে৷আৰু ক’লে
:একো নাই আন্টি ইমানো বেয়া নাপাওঁ কাইট বাচিব নাজানো বাবে নাখায় নাখায় অভ্যাস হ’ল ৷
:বেয়া পালে খাব নালাগে মই কণী এটাকে ভাজি আনো ৰ’বা জীয়া৷তুমি আজি আমাৰ ঘৰত নতুন যে সেয়ে তোমাৰ পচন্দ অপচন্দৰ কোনো আওভাওয়ে নাপালোঁ৷
:নাই আন্টি নালাগে মোৰ ভাতখোৱা হ’লেই৷
:পিছে কোৱা তুমি কি খাই ভাল পোৱা ৰাতিকে তাকেই ৰান্ধিম৷
আন্টি তাই chiken খাই ভাল পায়,বইল কণী গৰমে গৰমে দিলেটো কথাই নাই বুলি মই টেপেৰকৈ মাতিলোঁ৷জীয়াই আকৌ মোক হেচুকি চকুটো টেলেকা কৰি দেখুৱালে৷অনুজে মনে মনে অথনিৰ পৰা খাই আছিল কিন্তু এইবাৰ খং উঠাৰ দৰেই ঠাট্টাৰ সুৰত ক’লে
:এইখন ঘৰৰ একমাত্ৰ ল’ৰাটোৱে যে কি খাই ভাল পায় কোনোবাই পাহৰিয়ে পেলালে৷আনৰহে প্ৰিয় বস্তু ৰান্ধিব কিন্তু মোৰটো কি হ’ব বুলি কৈ সি বেচিনত হাত ধুলেগৈ৷
হাহিঁমুখী ল’ৰাটোৱে ঘপককৈ unexpected এনেকৈ কিবা এটা কোৱাত আমি সচাঁকে অনুজে কিবা বেয়া পোৱা বুলি ভাবি খাওঁ নাখাঁওকে খাই থকা দেখি আন্টিয়ে অনুজে হিংসাতেই তেনেকৈ কৈছে বুলি ক’লে৷মই ইমান ধৰি থকা নাই এইবোৰ কাৰণ জানো তাৰ সেইটো পুৰনি অভ্যাস ,সৰু পৰাই আন্টিয়ে তাতকৈ বেলেগক মৰম কৰা দেখিলে সি জ্বলি পুৰি মৰে৷কিন্তু জীয়াৰহে অলপমান অসহজ লগা যেন লাগিছে৷লাগিবও তাইজনী যিহে আজলী কোনোবাই কিবা ক’লে তাকে সচাঁ বুলি ভাবি লয়৷ভুল,শুদ্ধ ,হাহিঁ, ধেমালীৰ অৰ্থ তাইৰ বাবে একেবাৰেই অবুজ৷নহ’বওনো কিয় সৰুৰে পৰা আপোন বুলিবলৈ মোৰ বাদে দেখোন কাকোৱে নাপালে৷সংসাৰৰ মায়ামোহ বুজি নৌপাওঁতেই হোষ্টেলীয়া জীৱনৰ আৰম্ভণি কৰিলে৷মাক-দেউতাকৰ মাজত বাঢ়ি অহা দূৰত্বই যে তাইকো প্ৰতিদিন জ্বলাই মাৰিছে সেইটো তাই নকলেও বুজি পাওঁ৷কিন্তু আজি কালি তাইৰ মাজতো ক’ৰবাৰ পৰা দুঃ সাহসী নতুনত্ব এটা আহিছে৷সকলো সমস্যা নেউচি নিজৰ বাবে সুখী হ’বলৈ শিকিছে,মানুহক বুজিবলৈ শিকিছে,আগতকৈ স্মাৰ্ট হৈ পৰিছে৷হওঁক তেওঁ তাইজনীযে এক নতুনত্বৰ দিশলৈ গতি কৰিছে৷তাইৰ সুখতেই মোৰ বাবে সুখ,তাইক দেখিলে মোৰো দেখোন দুখবোৰ ক’ৰবাত হেৰাই যায়৷এইবোৰ ভাবি ভাবিয়ে মনটোত এক পৰম শান্তিয়ে বিৰাজ কৰিলে৷(আগলৈ)
Subscribe to:
Post Comments (Atom)
🙏🙏🙏🙏
ReplyDelete
Delete😇