Monday, March 30, 2020

JBCৰ বাকৰিত হেপাঁঁহৰ এমুঠি জোনাক -------------------------------------------------------- দেৱাশ্ৰী বৰা (৭ম খণ্ড) --------------------------------- সম্পৰ্কই কোঙা কৰা পৃথিৱীৰ জটিলতা ভাঙি তাইজনীয়ে খিলখিলাই হাহিঁছে৷আবেলিৰ চাহকাপৰ লগত এই সুখৰ ক্ষণবোৰ আজীৱন এনেদৰেই থাকক৷আপোনত্বৰ অৰ্থ নজনা জীয়াই আজি অচিনাকি মানুহঘৰক দুদিনতে নিজৰ কৰি শেৱালী আন্টিকো নতুন সম্বন্ধৰ বুকুচাত বান্ধি পেলাইছে৷অনুজৰ পগলামিবোৰেও তাইক জীপাল কৰি তুলিছে৷ সময়বোৰ পাৰ হৈ গৈ আছে এনেদৰেই৷সময়ক সাক্ষী কৰি কলেজটো দুই এটা সম্পৰ্ক ভালকৈ গঢ়ি উঠিছে ৷তাৰে মাজৰে লক্ষীমপুৰৰ তৃষ্ণা ময়ুৰী শইকীয়া,দিখৌমুখৰ পিয়াংকী মিলি,ডিব্ৰুগড়ৰ সন্দিপ হাজৰিকাই মোৰ ভাল বন্ধুৰ তালিকাত ঠাই ল’লে৷সন্দিপৰ বন্ধু কৃষ্ণানুৰ লগতো সম্পৰ্ক গঢ়ি উঠিল লাহে লাহে৷কলেজখন এতিয়া একেবাৰেই অচিনাকি হৈ থকা নাই,ভাল লগা হৈছে পৰিছে সময়বোৰ চিনাকি সুৰৰ ৰস পাই৷ আৰম্ভ হৈছিলহে নতুনত্বৰ পৰিৱেশটোৰ গৰমৰ বন্ধ দিলেই৷কাইলে ঘৰলৈ যাম দুদিনমান থাকি বক্সিং ক্লাছৰ বাবে গুচি আহিম৷ সময়বোৰনো কেতিয়া পাৰহৈ গ’ল গমেই নাপালোঁ৷জীয়াৰ মনটোও বৰ এটা ভাল নহয়,ঘৰলৈ যাবলৈ তাইৰ একেবাৰেই মন নাই কিন্তু ককায়েকৰ কথা তল পেলাব নোৱাৰি ওলাইছে যাবলৈ৷হাহিঁব শিকা ছোৱালীজনী আকৌ গহীন হৈ পৰিল৷আমাৰ ৰুমটো শান্ত আৰু আন্ধাৰ হৈ থকা দেখিয়ে অনুজে ভোমোকি মাৰি চাওঁতে দুয়োজনীকে মবাইলৰ ফ্লেছ লাইটৰ পোহৰত চকা মকাকৈ আমনজিমনকৈ বহি থকা দেখি লাইটো জ্বলাই চটৰ ওপৰলৈ মাতি আনিলে৷দুয়োজনীয়ে তাৰ পিছে পিছে আহিলোঁ ,পৰিৱেশটো সহজ কৰিবলৈ মইয়ে এইবাৰ অনুজৰ লগত কলেজৰ যিটি কথা পাতিলোঁ৷কিন্তু জীয়া একেবাৰে শিল পৰা কপৌজনীৰ দৰে হৈ আছে৷অনুজে জীয়াৰ চকুপানীৰে বুৰ যোৱা চকুহাল দেখি মোক মনে মনে কাণৰ কাষতে তাইৰ লগত কথা পাতিব কৈ গুচি গ’ল৷মই জীয়াৰ কান্ধত হাতখন বোলাই তাইক ক’লো "বেটা জীৱনে যি কৰে ভালৰ বাবেহে,তইয়ো মন মাৰি নাথাক সোনকালে গুচি আহিবি৷ মইটো বক্সিংৰ প্ৰেক্টিছৰ বাবে এসপ্তাহৰ পিছতে ঘুৰিম,তইয়ো আহিবি ইয়াত থাকিলে তোৰো মনটো মুকলি হ’ব৷" তাই চকুলোবোৰ ৰখাব নোৱাৰি মোৰ কোলাতে মুৰটো থৈ হুকহুকাই কান্দিবলৈ ধৰিলে৷আৰু কৈ গ’ল :ৰাশি,মই আকৌ সেই নৰকখনলৈ কেনেকৈ ঘুৰি যাওঁ৷মোৰ ক’তো যাবলৈ মন নাই,মই কোনোবা এদিন মৰি থাকিম ৰাশি,এই অশান্তিবোৰ সহ্য নহয় মোৰ৷মা-পাপাৰ মুখামুখি হ’লেই কাজিয়া হয়,ৰাতিপুৱা গধূলি সকলো সময়তে মাথোঁ কাজিয়া৷পাপাই সদায় মদ খাই কৰা উদ্ভনদালীবোৰ,কেতিয়াবা টকা পইচাক লৈ কেতিয়াবা অবৈধ সম্পৰ্কৰ সন্দেহক লৈ৷কিমান শুনি থাকিম?কাজিয়াক লৈ ওচৰৰ মানুহবোৰেও অশান্তি পাই আছে ইমান দিনে আকৌ :হ’ব মই বুজিছোঁ,তই এইবোৰ কাণসাৰ নিদিবি৷ বেছিকৈ এইবোৰ কথাত impotance দি থাকিলে তোৰ lifeটোও complecated হৈ পৰিব৷তই পঢ়া শুনাত focus কৰ৷ :মানুহৰ ঘৰখনেই সব হয়৷মোৰ childhood টো ধবংস কৰি পেলালে একো নুবুজোতেই আৰু এতিয়া বুজি পাইয়ো সকলো জটিল হৈ পৰিছে৷মইয়ো মা পাপা দুয়ো লগতে একেলগে time spent কৰিব বিচাৰোঁ৷কিন্তু :এতিয়াও সকলো থিক কৰিব পাৰিবি তই,পাপাক মদ খাব নিদিবি :খাবলৈ নাপালে যে মাৰ লগত মাৰপিট কৰে,টকা বিচাৰি চিঞৰি চিঞৰি অকথ্য কথা শুনাই৷দাদাইয়ো এইবোৰৰ কাৰণেই ঘৰত নথকা হ’ল" শেৱালি আন্টিৰ মাত শুনি জীয়া ৰৈ গ’ল পিছৰখিনি নোকোৱাকৈয়ে৷আন্টিয়ে ভাত খাবলৈ মাতিছে ৷দুয়োজনী তলতৈ নামি আহিলোঁ৷জীয়াই চকু দুটা মোহাৰি মোহাৰি বেচিনৰফালে গ’ল৷আন্টিয়ে মোক চকুৰ টিপতে পাকঘৰৰ ফালে মাতি নি সুধিলে : কিয় কান্দিছে তাই৷ :নাই কন্দা,চকুত পোক এটা সোমাইছিল সেয়ে চকুপানী ওলাল৷ :আজি তেতিয়াহ’লে দুজনীৰে চকুতে পোক সোমাল৷আগতে এইবোৰ ডাইলগ হিন্দী চিনেমাত বহুত শুনিলোঁ৷জীয়াৰ মুখৰ ৰঙবোৰ দেখিলেই ধৰিব পাৰি সকলো৷একো নাই কেতিয়াবা মোৰ সহায়ৰ প্ৰয়োজন বুলি ভাবিলে মোক ক’বা ৷কিন্তু জোৰ কৰা নাই৷বাবাই মোক কোৱা বাবেহে সুধিলোঁ৷ :নাই আন্টি তেনেকুৱা একো নাই ইয়াৰ পৰা কাইলে যাবগৈ যে সেইকাৰণে অলপ দুখ কৰিলে৷ জীয়া ফাকি এটা মাৰি তলমুৰ কৰি তাৰ পৰা পোনেই আহি ভাতৰ টেবুলত বহিলোহি৷মিছা কথা কোৱাৰ বাবে মনটোৱে শান্তি পোৱা নাই৷ ভাতৰ কাহীঁখন মুখৰ আগত লৈ দুইজনীয়ে পিটিকি মোহাৰি থাকিলোঁ৷মাংস দুইজনীৰে প্ৰিয় যদিও আজি দেখোন প্ৰিয় বস্তুটোও গিলিব পৰা নাই আজি৷দুখ হয়তো এইবোৰেই৷(আগলৈ)
JBCৰ বাকৰিত এমুঠি হেপাঁহৰ জোনাক ------------------------------------------------------- দেৱাশ্ৰী বৰা ৬য় খণ্ড) -------------------- জেবি কলেজ (J.B.C)ৰ পদূলিত ৰৈ এক চিৰনতুন আৰম্ভণিৰ বাবে আগুৱাই আহিলোঁ বৰপাত্ৰ কুটিৰৰ দিশে৷নতুন পৰিৱেশটোত নিজকে অলপ অসহজ যেন লাগিছে,চাৰিওফালে অচিনাকি মুখবোৰে অহা যোৱা কৰি আছে৷সৰুৰ পৰাই J.B.Cত পঢ়াৰ সপোন এটা মনতে পুহি ৰাখিছিলোঁ আৰু আজি যেতিয়া মোৰ সেই সপোনে বাস্তৱ ৰূপ পালে মোৰ বুকুখন খুউব জোৰকৈ চেপি কুচি আনিছে৷যিমানেই excited হৈছোঁ সিমানেই ভয় আৰু শংকাই লগ এৰা নাই সেয়ে জীয়াৰ হাত খনতে জোৰকৈ টেপা মাৰি ধৰি আছোঁ৷ বৰপাত্ৰ কুটিৰ সন্মুখতে এজনে আহি notice board এখন আৰি দিলে৷সকলোৱেই সেইফালে উধাতু খাই আগবাঢ়িলো৷থেলা হেচাঁত কেতিয়া কোনে মোৰ ভৰিতে গচকি দিলে গমেই নাপালোঁ৷ ভিৰৰ মাজৰ পৰা খংতে ওলাই আহিলোঁ জীয়াও মোৰ পিছে পিছে আহিলে৷তাই মোৰ ভৰিটোলৈ চাই প্ৰায় চিঞৰিয়ে ক’লে "ৰাশি তেজ ওলাইছে"মই একোঁ নহয় বুলি কৈ আহিব লওঁতেই দুজনমান চিনিয়ৰে আহি সুধিলে :কিবা Problem হৈছে নেকি? মই নাই হোৱা বুলি ক’বলৈহে পালোঁ জীয়াই ধমক এটা দি পেনপেনাই ক’লে- :দাদা তাই ভৰিত দুখ পালে তেজ ওলাইছে :ইচ্ বহুত তেজ বৈছেচোন,ব’লা আমাৰ লগত emergency ward লৈ ৷ মই এইবাৰ বিৰোধিতা কৰিয়ে ক’লো নাই নালাগে বুলিছো নহয় নালাগে মই বেন্দেজ এটা লগাই লম কিন্তু তথাপিও মোৰ কথা তেওঁলোকে নামানেই৷আমাৰ মাজত তৰ্কাতৰ্কি দেখি অনুজো ওলালহি ক’ৰবাৰ পৰা৷ :জীয়া,ৰাশি কি হ’ল তহঁতৰ ৷কোনোবাই কিবা দিগদাৰ দিছে নেকি?ৰেগিং কৰিলে মোক ক’বি মই আছোটো৷ তেনেকুৱাতে চিনিয়ৰ দাদা এজনে ক’লে "অনুজ ভাই আমি তাইক একো কোৱা নাই,তাই ভৰিত দুখ পালে তেজ ওলাইছে কিন্তু emergency ward লৈ নিব লৈছোঁ নাযায়৷" অনুজে মোৰ ভৰিলৈ চাই বহুত ডাঙৰ কিবা এটা হোৱাৰ দৰে মোক ঠেলিহেচি emergency ward লৈ নি নিজেই ডেটলেৰে চাফা চিকুণ কৰি বেন্দেজ এটা লগাই দিলে৷তাৰ পাছতে মোক খং কৰিবলৈ ল’লে :তই ইমান careless কিয়?you have to be careful,ইয়াত তোৰ পিছে পিছে লাগি ফুৰিবলৈ কোনো নাহে,you have to do everything by yourself. মই দুখ পাইছোঁ,মোৰ বিষ হৈছে,মোৰেই লোকচান হৈছে সকলোবোৰ আহি ওপৰতে পৰিলত খঙে চুলি আগ চুলেগৈ তাতে সকলোৰে আগত মোৰ বিনা দোষত গালি পৰা দেখি লাজো পালোঁ সেয়ে অনিচ্ছা সত্বেও তাক কৈ দিলোঁ :মই তোক Help খুজিছিলোঁ নেকি?নাহ মই তোক কিবা কথা কৈছোঁ সব টো নিজেই কৰিলি আৰু মোক কিয় কথা শুনাইছ্৷মই মোৰ care ল’ব জানো৷so,please DOn'T say anything without information leave me alone,i need some space "বুলি কৈ সেইখিনিৰ পৰা দৌৰাদৌৰি কৈ গুচি আহিলোঁ৷মোৰ পিছে পিছে জীয়াও আহিছে কিন্তু মই তাইক 1st class মোৰ বাবে miss নকৰিবলৈ পঠিয়ায় দিলোঁ৷দিনটো দৌৰাদৌৰি,দুখে ভাগৰে পাৰ হ’ল৷জীয়া আৰু মই প্ৰথমবাৰ কেন্টিনলৈ বুলি সোমাই আহিলোঁ আৰু হঠাৎ অনুজকো ছোৱালী এজনীৰ লগত বহি থকা দেখা পাই মুখতে যিটি ভুৰভুৰাই চকু কেইটা তেলেকা কৰি চাহ দুকাপৰ অৰ্ডাৰ দিলোঁ৷চাহত শুহাটো মাৰিবলৈ লওঁতেই সি কাণৰ ওচৰতে ক’লেহি :গৰম পুৰিব,ভালকে খা আকৌ তেলেকাকৈ চাই দিলোঁ সি ঠাণ্ডা তিনিটা লৈ আহি ক’লে :এইকেইটা খা আকৌ গৰমত গৰম চাহ খাই আছ্ যে HIPPO :তোৰ দৰকাৰ নাই কি খাওঁ৷মই ভালপাওঁ চাহ খাই সেয়ে খাইছোঁ তাতে তোৰ কি গৈছে? সি জীয়াকো সুধিলে তাইয়ো নাখাও কোৱাত ঠাণ্ডা দুটা ঘুৰাই আলুচপ আনি দিলে ক’লে বোলে "জেবি কেন্টিনত আলুচপ ধুনীয়া বনাই খাই চা"৷মইয়ো খালোঁ মনতে ভাবিলোঁ সি তেল দিবলৈহে খোৱাইছে তাতে তাৰ দুখটো,মই পাহৰিবলৈকে এইখন কৰিছে সময় আহক দিম তাকো,এই প্ৰতিশোধ লমেই মই৷এইবোৰ ভাবি ভাবিয়ে আগবাঢ়ি আহিলো গেটৰ ফালে৷আজি বক্সিংৰ ক্লাছৰ কথা সুধিবলৈ ষ্টেডিয়াম যাবলৈ আছে অনুজকে লৈ গ’লো আমাৰ দুজনীৰ লগতে৷মই আগে আগে শিলগুটি এটা চুটিয়াই গৈ আছোঁ পিছে পিছে অনুজ আৰু জীয়া মিহি মিহি খোজৰ সৈতে ছাঁ পৰা গছৰ তলেৰে কিবা কিবি কথা পাতি আহি আছে৷ জীয়াও সলনি হৈছে আপোনত্বৰ পৰশ পাই৷তাইৰ জীৱনলৈয়ো সুখ নামিছে! ধৰা দিছে যোৰহাটৰ হৈ৷সুখী তাইৰ বাবে৷ (আগলৈ)

Saturday, March 28, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক -------------------------------------------------------- দেৱাশ্ৰী বৰা (৫ম খণ্ড) -------------------- জীয়া আৰু অনুজ দুইটা দুফালে পৰি আছে আৰু ধুই থোৱা তিতা কাপোৰবোৰ বিশৃংখল হৈ পৰি আছে৷মোৰ আৰু একো বুজিবলৈ বাকী নাথাকিল যে ইহঁতৰ মাজত ভালদৰে তক্কৰ এটা হ’ল৷মই লৰালৰিকৈ আহি জীয়াক উঠালো৷আন্টিয়ে আহি জীয়াক সুধা পোছা কৰি কাপোৰবোৰ বুটলিবলৈ লাগিল৷অনিচ্ছা সত্বেও চেপি ৰখা হাহিঁটো ৰখাব নোৱাৰাকৈ ভাহি আহিল৷অনুজৰ নাকৰ আগত খং, তাতে মই হাহিঁ থকা দেখি মোক খেদি খেদি গোটেই ঘৰটোত প্ৰায় 10পাক মান ঘুৰালে৷কিন্তু ক’ত ধৰিব পাৰিব মই হ’লো খেলৰ মানুহ আৰু সি ব্ৰইলাৰ খাই Gym মাৰি বনোৱা ফোপোলা দেহৰ ডেকা ল’ৰা৷ কথাবোৰ ভাবি ভাবি নিজৰ ওপৰতে গৰ্ব উপজি গ’ল৷বাথৰুমৰ আইনাখনত নিজকে লক্ষ্য কৰি "good job dude if you want you can do anything"বুলি কৈ পিঠিত চাবাচি এটা দিলোঁ নিজকে নিজে৷বাথৰুমৰ পৰা ওলাই আহি দেখোঁ বাৰাণ্ডাতে চকী এখন পাৰি অনুজে মুখতে কিবা কিবি ভুৰভুৰাই আছে৷মইয়ো কামোৰটো দিবলৈ তাক এপাক জোকাই আহিলোঁ-"কেনে বন্ধু?" সি একো নোহোৱাৰ নিচিনাকৈ এইবাৰ হাহিঁ হাহিঁয়ে ক’লে- :"এইয়া যেনে তেনে!"আৰু সি মোক শুনাই গান গাবলৈ ধৰিলে" apna time ayega"৷ আৰে কি অদ্ভুত ল’ৰা এইটো?একোকে বুজিব নোৱাৰি দেখোন৷অলপ আগত খংত বকি আছিল আৰু এতিয়া হাহিঁ হাহিঁ গান গাইছে৷এই ল’ৰাবোৰকো কিন্তু বুজি পোৱা টান ৷কেতিয়া সিহঁতৰ ডিমাগত কি খেলাই সেইয়া স্ৱয়ং সিহঁত নিজেও অজ্ঞাত৷মোৰ কি যায় ল’ৰাৰ কথাত বুলি ভাবি গুনি থাকোতেই মনত পৰিল মোৰ মবাইলটো এতিয়াও গাড়ীতে আছে আৰু যোৱাকালিৰ পৰা দেতালৈ ফোন এটাও কৰা নাই ,এতিয়া যদি দেতালৈ ফোন নকৰাৰ কথা জীয়াই গম পায় মোৰ জান খাই দিব৷সেইবুলি ভাবি ভাবিয়ে গাড়ীৰ ফালে দৌৰি গ’লো৷জুমি জুমি চাই দেখিলোঁ মবাইলটো আগচিটত কালি বহা ঠাইতে আছে৷কিন্তু আনিবলৈও গাড়ীৰ দৰ্জাখন lock হৈ আছে৷মই গাড়ীখন কেনেকৈ খুলিব পৰা যাব বুলি ঘুৰি পকি চাবি বিচাৰি থাকোতেঁ অনুজে আহি ক’লেহি "কি বিচাৰিছ?"মোৰ মুখৰ পৰাও ভুলক্ৰমে ওলাই গ’ল গাড়ীখনৰ চাবিটো৷সি এইবাৰ প্ৰশ্নৰ উপৰি প্ৰশ্ন আৰম্ভ কৰি দিলে ৷মইয়ো প্ৰশ্নৰ উত্তৰ দিয়াত বাধ্য হৈ পৰিলোঁ৷তাৰ লগত কিন্তু এতিয়া নম্ৰ ভদ্ৰভাৱেই কথা পাতিছোঁ৷আৰু ভালদৰেই বুজাই ক’লো যে মোৰ ফোনটো কালিয়ে তাৰ গাড়ীৰ ভিতৰত থাকি আহিল আৰু এতিয়া সি উলিয়াই দিব লাগে৷এইবাৰ সি প্ৰায় জোৰত হাহিঁ মাৰি চিঞৰি দিলে "হে ভগৱান তুমি মোৰ প্ৰকৃত বন্ধু দেখিছা apna time aa gaya"৷ মইয়ো তাৰ কথাৰ পাক বুজি তাক ক’লো- :next time তোৰ যদি কিবা হয় মই কেতিয়াও নাহাহোঁ god promise, এতিয়া মোৰ ফোনটো দে্ :হুম but এটা চৰ্তত হে দিম :Yes please, continue.. :okey ,you have to beg me :no.i can't :Then okey মবাইলৰ আশা বাদ দে এইবাৰ মইয়ো চিঞৰি মাতিলোঁ"শেৱালী আন্টি সোনকালে আহকচোন অনুৱে মোৰ ফোনটো লৈ গাড়ীৰ ভিতৰত লুকুৱাই থৈছে" আৰু একেটা কথাকে আন্টি আহি ওচৰ নোপোৱালৈকে চিঞৰিয়ে থাকিলোঁ৷অনুৱে কানদুখনত সোপা দি মাথোঁ ৰৈহে আছে একো নোকোৱাকৈ৷আন্টিয়ে হুলস্থূলবোৰ শুনি দৌৰি আহিল আৰু আহিয়ে অনুজকে গালি পাৰিলে আৰু মোৰ বস্তু ঘুৰাই দিবলৈ ক’লে৷অনুজেও মাকৰ একান্ত বাধ্য ল’ৰাৰ দৰে আহি ফোনটো মোৰ হাতত দিলেহি ৷ মইয়ো আকৌ তাকে শুনাই ডাইলগ এটা মাৰি দিলো" নাৰীক কেতিয়াও অবলা বুলি নাভাবিবা,সময়ত এই নাৰীয়ে দুৰ্গা,কালি সকলোৰে ৰূপ ল’ব পাৰে৷কিন্তু অনুজে মোৰ কথাত খং কৰাতকে হাঃহাঃকৈ হাহিঁ মোকেই ওলোটাই প্ৰশ্ন কৰিলে :তই কোনটো angle পৰা নিজকে নাৰী বুলি ক’লি বাৰু সচাঁকে ক’ চোন? "যাহ এইটো আতৰ হ’ "বুলি কৈ মই দপদপাই ভিতৰলৈ সোমাই আহিলো৷ফোনটো chargeত লগাই জীয়াকে দেখুৱাই দেতালৈ ফোন লগালোঁ আৰু সমস্ত কাহিনীৰ আতঁ ধৰি সকলোবোৰ বৰ্ণনা কৰি গ’লো ৷ক’ত কেতিয়া কেনেকৈ কি হ’ল৷দেতাই কালিৰ পৰা মোৰ ফোন নাপায় ভয়তে হেনো ভাতকে খাব পৰা নাছিল৷আজি পিছে প্ৰথমে গালি দুটামান ঠিকছে দি লৈছে তাৰ পাছতহে মোৰ খা-খবৰ লৈছে৷এই মানুহটোৱে মোৰ জীৱনৰ একমাত্ৰ সংগ যাৰ আগত অলপো লাজ শংকা নৰখাকৈ সকলো কথাই কৈ দিওঁ কাৰণ তেওঁৱে মা ঢোকোৱাৰ দিন ধৰি মোৰ মা-দেউতা সমস্ত পৃথিৱীখন৷এওঁৰ মুখলৈ চাই হাজাৰ দুখকো অতিক্ৰমী তেওঁৰ দৰে সৎ আৰু নিষ্ঠাবান লোক হোৱাৰ মানসেৰে জীৱন নদীখনত ব্ৰতী হৈছোঁ৷ ফোনটো ৰাখি কেতিয়ানো আপোনপাহৰা হৈ গ’লো গমেই নাপালোঁ৷(আগলৈ)

Friday, March 27, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক --------------------------------------------------------- দেৱাশ্ৰী বৰা (৪ৰ্থ খণ্ড) -------------------- ৰাতি দেৰিকৈ শুলেও পুৱা সোনকালে শুই উঠি যোগাশন কৰা হোষ্টেলীয়া জীৱনৰ এক অন্যতম উপহাৰ৷JNV ৰ প্ৰতিটো অনুশাসন আৰু পৰম্পৰাই অনাগত দিনবোৰত আমাক আৱৰি ৰাখিছে এক সুস্থ জীৱন দান দিয়াত৷এতিয়াও পুৰণি দিনবোৰলৈ ঘুৰি চালে মনত পৰে ৰাতিপুৱা সোনকালে উঠি দৌৰিবলৈ যোৱা নাইবা যোগাসন কৰাৰ নিয়মবোৰেই আমাৰ বাবে আছিল অত্যন্ত কঠোৰ তথাপিও সেইদিনবোৰ এতিয়া মোৰ প্ৰিয়৷তাৰ পাছতো শাৰী শাৰীকৈ ৰাতিপুৱা গধূলি গা ধোৱাৰ বাবে পতা লাইনবোৰ আৰু এবাৰ লাইন ভংগ কৰি ওলাই যোৱা মানে আকৌ আন এটা নতুন শাৰীত থিয় দিয়া দিনবোৰ সচাইঁ আমনিদায়ক আছিল যদিও এতিয়া সেইবোৰেই মোৰ প্ৰিয়৷হোষ্টেলৰ মুখৰ সৰু সৰু ঘুমটিদোকান কেইখনেই যে পিচিঅ’ তাতো আকৌ শাৰী শাৰী লাইন,জাক জাক ছোৱালীৰ ভিৰ৷দিনটো স্কুলত পঢ়াৰ পাছতো আকৌ এক্সটা ক্লাছবোৰ কিন্তু এতিয়া এইবোৰেই মোৰ বাবে আটাইতকৈ নষ্টালজিয়া দিন,পদে পদে অনুভৱ কৰোঁ সোৱৰাই তোলো সময়বোৰক৷কাৰণ এইবোৰ আমাৰ সময় আছিল,য’ত নিজকে প্ৰতিষ্ঠা কৰিছিলোঁ মানুহ হ’বলৈ,ভৱিষ্যতৰ সপোনবোৰক বাস্তৱ কৰিবলৈ৷ এইবোৰ ভবাৰ পৰা জীয়াই মাত লগালতহে এটা দীঘলীয়া নিশ্বাস এৰি মইয়ো ঘুৰি আহিলোঁ বাস্তৱলৈ৷দুয়োজনী ৰুমলৈ আহি বিচনাত ঢলি পৰিলোঁ৷তেনেতে শেৱালী আন্টিয়ে ক’লেহি" আজি মোৰ লগত তোমালোক বজাৰলৈ ওলাবা,তোমালোকক আমাৰ ইয়াৰ দেওবৰীয়া সাপ্তাহিক বজাৰখন দেখুৱাই আহিম"আমি দুইজনীয়ে হয়ভৰ দিলোঁ বজাৰলৈ যাবলৈ৷গৰম আৰু ভাগৰত বিচনাতে আকৌ ঢল দিলোঁ৷জীয়াই এইবাৰ মোক উদ্দেশ্যি ক’লে- :hey you get up,phone charge কৰিলি? :give me 5minutes more,তাৰ পিছতে সব কৰিম৷ :okey,মই fresh হৈ আহোঁ৷আৰু মই আকৌ অহা আগত phone বিচাৰি charge দিবি৷ মইয়ো মুখেৰে একো নামাতি বহুদেৰি তলকা মাৰি বিচনাখনতে পৰি থাকিলোঁ৷অলপ সময় পাছত এটা প্ৰকাণ্ড শব্দ শুনি বিচনাৰ পৰা জাপ মাৰি উঠিলোঁ৷অনুমান কৰিলোঁ যে ক’ৰবাত কিবা হৈছে কিন্তু কি হৈছে বুলি ভাবি একেজাপেই বাহিৰ পালোহি৷আৰু দেখিলোঁ - (আগলৈ)

Wednesday, March 25, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক -------------------------------------------------------- দেৱাশ্ৰী বৰা (৩য় খণ্ড) -------------------- ৰাতি প্ৰায় বাৰ বাজিছে জীয়াই বিচনাৰ ইটোমূৰে থকা টেবুলখনতে বহি কিবা কিবি লিখি আছে ৷মই বুজো তাইক; তাইযে খুউব আৱেগিক৷ তথাপিও আনে যাতে তাইৰ বাবে দুখী নহওঁক সেইটো ভাবিয়ে তাই কোনো কথাই প্ৰকাশ নকৰে৷ক্লাছ 7ৰ পৰাই তাইৰ লগত মোৰ সম্পৰ্ক কলম আৰু চিয়াহীৰ দৰেই৷য’ত এটাৰ অবিহনে আনটোৰ মূল্যহীন৷মোৰ প্ৰতিটো সুখ-দুখৰ সাৰথি হৈ ছাঁৰ দৰে লগত থাকে অথচ মোৰ সুখৰ বাবেই তাই নিজৰ দুখখিনিকো মূল্যহীন কৰি ডায়েৰীৰ পাতত ৰাতি ৰাতি মনে মনে লিখি থাকে৷তাইৰ পৰা পোনপটীয়াকৈ নহ’লেও আওপকীয়াকৈ সদায়েই তাইক সহায় কৰিবলৈ বিচাৰোঁ৷আনৰ ডায়েৰী পঢ়াতো বেয়া অভ্যাস যদিও তাইৰ প্ৰতিটো দুখৰ সমভাগী হৈ তাইক সাহস দিয়াৰ অৰ্থেই তাই নথকাত ডায়েৰীখন মনে মনে পঢ়োঁ৷এই ৰাতিখন তাইনো কি লিখিছে পঢ়িবলৈকে এইবাৰো মনে মনে তাইৰ পাছফালে ৰৈ জুপ ল’লোঁ৷তাই লিখি আছে- "জীৱনৰো যে আছে এক সুকীয়া ৰস৷সুখ,দুখ,হাহিঁ, কান্দোন,প্ৰেম, অভিমান সকলো থকাৰ পাছতো য’ত লোকাই আছে হাজাৰটা ৰহস্যৰ অনুসন্ধান তাকো আধাখনিয়া৷জীৱন হয়টো এনেকুৱাই সকলো থাকিও আধৰুৱা কোনোবাখিনিত৷এফালে আশা আৰু হেপাঁহৰ ভাৰ আনফালে সপোনৰ যশস্যা৷যদি এই জীৱনে নতুনত্ব পাই আকৌ সাৰপাব বহুৰঙী সপোনে৷কিন্তু সেই সপোনৰো কোনো ঠিকনা নাই৷ঠিকনাবিহীন কোনো কোনো বস্তুৰ যে অস্তিত্ব নাই৷" এইবাৰ মই গলখেকাৰি এটা মাৰি তাইক সুধিলো এই আধাৰাতিখন তই কি লিখি আছ্নো?তাই থতমত খাই ডায়েৰীখন বুকুৰ মাজত লুকুৱাই,কুচিমুচি হৈয়ে কৈ উঠিল - :একো নাই,কিবা কিবি বেবেৰিবাং৷ :সচাইঁ কৈছ্ নে? :কিয় মোৰ ওপৰত বিশ্বাস নাই তোৰ? :বিশ্বাস আছে কিন্তু তই ইমান ঘামিছ যে জীয়াই তেতিয়াহে মন কৰিলে তাইৰ কপালঁত যে বিন্দু বিন্দু ঘামৰ টোপাল হৈ নিয়ৰৰ দৰেই সৰি পৰিছে৷তাই ধৰা নপৰিবলৈয়ে হাহিঁ এটা মাৰি কৈ উঠিল"এই আধা ৰাতি ঘপককৈ যদি পিছফালৰ পৰা মাত লগাও ভয় আকৌ কিয় নাখাম৷হ’ব দে শু এতিয়া৷মইও শু৷good night৷ মইয়ো বুজিলো যে তাই মোক একো ক’ব বিচৰা নাই সেয়ে তাইক সোনকালে শুই থাকিবলৈ কৈ দিনটোৰ সমস্ত ভাগৰক আকোঁৱালি মইয়ো শুই পৰিলোঁ৷ কিন্ত এইবাৰ তাই নিজেই মাত লগালে. :তই দেউতালৈ ফোন কৰিলি নে বাৰু? তাই শুধাতহে মই মবাইলটোৰ অনুসন্ধান কৰিলো৷পাহৰনিৰ বেমাৰটো মোৰ আগৰ পৰাই আছে৷ভাবি ভাবি মনত পৰিল যে অথনি মবাইলটোৰ চাৰ্জ নাইকিয়া হোৱাত গাড়ীতে এৰিলো আৰু দেতালৈ কল কৰিবও পাহৰিলোঁ৷জীয়াই মোৰ আওভাও ধৰিব পাৰি খংতে ক’লে :you did something wrong? :নাহ,Let me explaine :তই ইমান Careless কিয়?নিজৰ বস্তুটোবোৰ য’তে ত’তে পেলাও যে ৷এতিয়াও চাগে মবাইটো ক’ৰবাত থ’লি মনত পৰা নাই হয়নে :sorry,sorry next time পৰা i will be careful,please এই আধাৰাতিখন মোক গালি নাপাৰিবি,i promise ৰাতিপুৱা শুই উঠিয়ে phone বিচাৰি charge দিম আৰু দেতালৈ call কৰিম৷ এতিয়া শু দেই বুলি কৈ ইকাতি হৈ মনে মনে শুই পৰিলোঁ৷তাই বহু সময় মোক ভোৰভোৰাই থাকিল৷এই সাতটা বছৰ তাইৰ লগত একেলগে থাকি মইয়ো তাইক বুজি পালোঁ ভালদৰেই৷তাইৰ যে এতিয়া খং শেষ নোহোৱালৈকে মোকে ভোৰভোৰাই থাকিব আৰু মই তাত মাত মাতিলে তাৰ বিৰোধিতা কৰি মোক ক’ব"please don't creat a scene,মই আজি তোক সচাইঁ বেয়া পাইছোঁ নামাতিবি মোক" আৰু অভিমানবোৰ মই আকৌ নভঙালৈকে এনেকৈয়ে থাকিব৷তাইৰ সেই অভিমান আতৰাওঁতে গোটেই ৰাতিটো শেষ হ’বগৈ৷সেয়ে একো নুশুনাৰ ভাও ধৰি শুই থাকিলোঁ৷(আগলৈ)

Monday, March 23, 2020

JBCৰ বাকৰিত হেপাঁহৰ এমুঠি জোনাক --------------------------------------------------------- দেৱাশ্ৰী বৰা(২য় খণ্ড) ------------------ সময় দুপৰীয়াৰ 3বাজিছে,আন্টিয়ে ভাত বাঢ়ি আমালৈ বুলি ৰৈ আছে৷আমি দুজনীয়ে গৈ বহিলোগৈ৷আজি আন্টিয়ে আজি মই ভালপোৱা কাৱৈমাছৰ ঔটেঙাৰে জোল ,সৰুআলু ফ্ৰাই,ৰৌমাছ ভজা,পাপৰ আৰু এখন পদিনাৰ চাটনি বনাইছে৷ইমানবোৰ একেলগে দেখি নিজকে আজি কোনোবা এখন ৰেষ্টুৰেণ্টৰ বিশেষ আলহী যেন লাগিছে৷ৰৈ নাথাকি মই খোৱাত ধৰিলোঁ৷জীয়াই কৈ উঠিল :আন্টি আপুনি ইমানবোৰ আমালৈ এই গৰমত বনালে কষ্ট হ’ল ন,ইমানবোৰ নবনোৱা হ’লেও হয়৷ আপোনালোকে যি খাই আমাকো সেইয়া দিলেই হ’ব৷ মইয়ো জীয়াৰ কথাটোত হয়ভৰ দিলোঁ কিন্তু এই আজলী মানুহগৰাকীয়ে ইমানবোৰ বনাইও আৰু কিবা বনাব লাগিছিল নি সুধিছে৷মই অৱশ্যে বেয়া পোৱা নাই কিন্তু জীয়াই মাছখাই বেয়া পায় যদিও নাক কান বন্ধ কৰি আন্টিৰ কষ্টৰ বাবেই খাই আছে৷ তেনেতে অনুজ আহি মোৰ চকীখনৰ কাষতে বহিল আৰু কৈ উঠিল :বাঃহ আজি সকলোবোৰ iteam দেখোন আমাৰ hippoয়ে ভাল পোৱা বনাইছা৷ :hippo কোন আকৌ ইয়াত আৰু কোনোবা আছে নি, আমাৰ বাহিৰেও (জীয়াই কৈ উঠিল) :বাবাই তাইক আগৰ পৰাই hippopotamus টোকে আধাখনিয়া কৰি hippo বুলি মাতে৷এইবোৰ আমাৰ ৰাশিৰ প্ৰিয়৷হোষ্টেলত থকাৰ পৰাই কিমান দিন যে ছোৱালীজনীয়ে এইবোৰ খাই পোৱা নাই,সেয়ে তাই ভালপোৱা সকলোবোৰ বনাইছো৷সৰুতে আমাৰ ঘৰলৈ আহোতে প্ৰায়ে তাই মোক ঔটেঙাৰে কাৱৈমাছৰ জুল বনাবলৈ কয় সেয়ে কালিয়ে মই গোটেই বজাৰত বিচাৰি ঔটেঙা দুটামান আনি থৈছোঁ৷জীয়া তুমি কেনেকুৱা পাইছা খাই? জীয়াই ক’বলৈ লোৱাৰ আগতেই মই ক’লো তাইৰ ঔটেঙা আৰু মাছ দুয়োটাই অপচন্দৰ৷আগতে JNVৰ হোষ্টেলত মাছ দিলে তাইৰ ভাগটোও মোৰেই ভোজন হয় আজি আপুনি কষ্টৰে বনাইছে কাৰণেই একো নমতাকে খাই আছে৷আন্টিয়ে কিবা ডাঙৰ অপৰাধ এটা কৰাৰ দৰেই ক্ষমাপ্ৰাৰ্থী হ’ল৷মোৰো মনটো কিবা সেমেকি গ’ল সাদৰী মানুহজনীয়ে ইমান কষ্টৰে বনাইছে আটাইবোৰ জীয়াই কোনো আপত্তি নকৰাকৈ খাই আছে, মই বাৰু নভবা নিচিনাকৈ কিয় কৈ পালোঁ৷জীয়াই মোৰ হাততে হেচুকি চকুকেইটা তেলেকা কৰি দিলে৷আৰু ক’লে :একো নাই আন্টি ইমানো বেয়া নাপাওঁ কাইট বাচিব নাজানো বাবে নাখায় নাখায় অভ্যাস হ’ল ৷ :বেয়া পালে খাব নালাগে মই কণী এটাকে ভাজি আনো ৰ’বা জীয়া৷তুমি আজি আমাৰ ঘৰত নতুন যে সেয়ে তোমাৰ পচন্দ অপচন্দৰ কোনো আওভাওয়ে নাপালোঁ৷ :নাই আন্টি নালাগে মোৰ ভাতখোৱা হ’লেই৷ :পিছে কোৱা তুমি কি খাই ভাল পোৱা ৰাতিকে তাকেই ৰান্ধিম৷ আন্টি তাই chiken খাই ভাল পায়,বইল কণী গৰমে গৰমে দিলেটো কথাই নাই বুলি মই টেপেৰকৈ মাতিলোঁ৷জীয়াই আকৌ মোক হেচুকি চকুটো টেলেকা কৰি দেখুৱালে৷অনুজে মনে মনে অথনিৰ পৰা খাই আছিল কিন্তু এইবাৰ খং উঠাৰ দৰেই ঠাট্টাৰ সুৰত ক’লে :এইখন ঘৰৰ একমাত্ৰ ল’ৰাটোৱে যে কি খাই ভাল পায় কোনোবাই পাহৰিয়ে পেলালে৷আনৰহে প্ৰিয় বস্তু ৰান্ধিব কিন্তু মোৰটো কি হ’ব বুলি কৈ সি বেচিনত হাত ধুলেগৈ৷ হাহিঁমুখী ল’ৰাটোৱে ঘপককৈ unexpected এনেকৈ কিবা এটা কোৱাত আমি সচাঁকে অনুজে কিবা বেয়া পোৱা বুলি ভাবি খাওঁ নাখাঁওকে খাই থকা দেখি আন্টিয়ে অনুজে হিংসাতেই তেনেকৈ কৈছে বুলি ক’লে৷মই ইমান ধৰি থকা নাই এইবোৰ কাৰণ জানো তাৰ সেইটো পুৰনি অভ্যাস ,সৰু পৰাই আন্টিয়ে তাতকৈ বেলেগক মৰম কৰা দেখিলে সি জ্বলি পুৰি মৰে৷কিন্তু জীয়াৰহে অলপমান অসহজ লগা যেন লাগিছে৷লাগিবও তাইজনী যিহে আজলী কোনোবাই কিবা ক’লে তাকে সচাঁ বুলি ভাবি লয়৷ভুল,শুদ্ধ ,হাহিঁ, ধেমালীৰ অৰ্থ তাইৰ বাবে একেবাৰেই অবুজ৷নহ’বওনো কিয় সৰুৰে পৰা আপোন বুলিবলৈ মোৰ বাদে দেখোন কাকোৱে নাপালে৷সংসাৰৰ মায়ামোহ বুজি নৌপাওঁতেই হোষ্টেলীয়া জীৱনৰ আৰম্ভণি কৰিলে৷মাক-দেউতাকৰ মাজত বাঢ়ি অহা দূৰত্বই যে তাইকো প্ৰতিদিন জ্বলাই মাৰিছে সেইটো তাই নকলেও বুজি পাওঁ৷কিন্তু আজি কালি তাইৰ মাজতো ক’ৰবাৰ পৰা দুঃ সাহসী নতুনত্ব এটা আহিছে৷সকলো সমস্যা নেউচি নিজৰ বাবে সুখী হ’বলৈ শিকিছে,মানুহক বুজিবলৈ শিকিছে,আগতকৈ স্মাৰ্ট হৈ পৰিছে৷হওঁক তেওঁ তাইজনীযে এক নতুনত্বৰ দিশলৈ গতি কৰিছে৷তাইৰ সুখতেই মোৰ বাবে সুখ,তাইক দেখিলে মোৰো দেখোন দুখবোৰ ক’ৰবাত হেৰাই যায়৷এইবোৰ ভাবি ভাবিয়ে মনটোত এক পৰম শান্তিয়ে বিৰাজ কৰিলে৷(আগলৈ)
JBCৰ বাকৰিত এমুঠি হেপাঁহৰ জোনাক ---------------------------------------------------------- দেৱাশ্ৰী বৰা(১ম খণ্ড) --------------------- নিদিষ্ট বাছ ষ্টেচনটোৰ পৰা থেৰোঁ গেৰোঁ কৈ আহি আছোঁ৷পিঠিত এটা বেগ, ট্ৰলি বেগটো হাতত, মবাইলটো পকেটৰ পৰা ওলিয়াই লওঁতেই ভাহি আহিল দেউতাৰ ফোন নম্বৰটো আৰু বহুকেইটা মিচকল৷হাতত থকা বেগটা মাটিতে থৈ দেউতালৈ বুলি ফোন লগালোঁ৷হঠাৎ পিছফালৰ পৰা কোনোবাই চিঞৰিলে"ঐ Hippo"বুলি ঘুৰি চাই দেখোঁ অনুজ দেখোন৷ বহুসময়ৰ পিছত অচিনাকি ঠাইডোখৰত চিনাকি মুখখন দেখি আপোন যেন লগা পৰশ এটাই চুই গ’ল৷কিন্তু লগ পোৱা মাত্ৰেই কাজিয়া আৰম্ভ কৰি দিলোঁ,ক’ত শকত দেখিছ্ মোক,তোৰ সেইকেইটা চকু নে বাটলুগুটি,খুলি থ’ কাম নকৰে যদি৷ :Sorry,sorry কিন্তু তই মানুহটো একেবাৰে সলনি নাই হোৱা দেখোন? :ওৱাঃ মানুহটো বুলি ক’লি যে? :আৰুনো কি ক’ম৷ল’ৰা নিচিনা চুলি,চাৰ্ট-পেন্ট লগাই যিটো ৰূপহে তোৰ কোনে ছোৱালী বুলিব তোক৷ :চা ভাই new trend হয় মোৰ৷তাতে বক্সিং খেলা মানুহটো, অলপ manage কৰিব লগাত পৰিছে৷ :হাঃহাঃ এতিয়া ক’ তোক মই দাদা বুলি মাতিমনে বা-ভন্তী অন্য কিবা৷ :দোস্তিত আকৌ কিহৰ দাদা বা উলিয়াইছ তই :আচ্ছা তোৰ কাৰণে hippo টোৱে better বুজিছ৷by the way তোৰ লগৰ এজনী অহা কথা আছিল নহয় কি হ’ল৷ আৰে মইটো অনুৰ লগত কথা পাতি থাকোঁতে জীয়াৰ কথা পাহৰিয়েই থাকিলোঁ৷সি মনত পেলোৱাৰ লগে লগেই তাক বৰুৱা চাৰিআলিলৈ গাড়ী নিবলৈ ক’লোঁ৷দুইটাই ইটো সিটো কথা পাতি বহি আছোঁ জীয়াৰ phone এতিয়ালৈ অহা নাই বুলি ফোনটো উলিয়াব লওঁতেই তাইৰ ফোন আহিল৷ মই মুখেৰে একো মাতিবলৈ পোৱাই নাই তাই থুনথুনাই কান্দনামোৱা হৈ কৈ পৰিল "তই ক’ত আছ,মই ক’ৰবাত হেৰাইযোৱা নাইটো,অথনিৰ পৰা তোলৈ ফোনটো লগাই আছোঁ !তই ক’ত আছ্ " :অনু আমি ক’ত আছোঁ ? :Apna bazar front ত বুলি ক’ শুনিছনে,হেল্ল হেল্লৌ আৰে তাই নুশুনাকৈয়ে ফোনটো কাটি দিলে কিয়৷ৰ’হ আকৌ try কৰোঁ বুলি মোৰ ফোনটো চালো switch off হৈ গ’ল৷মোৰ ভয়ত জীৱ উৰি যাওঁ যেন কৰিল৷অনুজ কি হ’ব এতিয়া,তাইক ক’ত বিচাৰিম মই... :তই ক’তো বিচাৰিব নালাগে গাড়ীতে বহ্ মই যাওঁ :তই তাইক চিনি পাবি জানো :তাই দেখিবলৈ কেনেকুৱা সেইটো Describe কৰ :straight long hair,sparkle eyes,hight প্ৰায় 5.3মান,বগাকে ক্ষীণকৈ মৰমলগা মুখৰ ছোৱালীজনীয়ে তাই (অনুজে তাইৰ description শুনিয়ে মোৰ মুখলৈ অবাক লাগি চাই আছে) :হেবাং লাগি মোৰ মুখলৈকে চাই থাকিবি নে বিচাৰি যাবি :আব্বে যিটো ক’লি তই মই ভাবিয়ে ফিদা হৈ গৈছোঁ৷ :মোৰ best friendৰ লগত flirt কৰা কথা সপোনতো নাভাবিবি দেই,যদি ভাব তোৰ চকু ঘুকুতিয়াই আনিম৷এতিয়া ইয়াত পৰ দিব নালাগে তাইক বিচাৰি যা আৰু যদি তোৰ dreamlandত উটি ভাহি থাকিবৰ মন then মইয়ে বিচাৰি যাওঁ৷ :অ’ হ’ব মোৰ মা,মইয়ে যাওঁ৷ প্ৰায় 10মিনিট মানৰ পাছত দুইটা উলালহি৷অনুজ আগে আগে তাই পাছে পাছে মুখখন লুচিটোৰ দৰে ফুলাই আহি গাড়ীৰ back sideত বহিলহি৷মোক মাত বোল কৰা নাই,মইয়ো তাইৰ মুখলৈ চাই বহি আছোঁ ৷গৰমত গাল দুখন গুলপীয়া হৈ আছে,নাকটো খংতে ৰঙাপৰি আছে৷মোৰ বোধেৰে তাই চাগে অনুজকো মাত দিয়া নাই এতিয়ালৈ৷অনুজে তাইৰ বস্তুটোবোৰ ডিকিট ভৰাই আহি লাজ লাজ অনুভৱ এটাৰ সৈতে ড্ৰাইভাৰ চিটত বহিলহি৷মইয়ে পৰিৱেশটো সহজ কৰিবলৈ সিহঁতক চিনাকি কৰিবলৈ আগবাঢ়িলোঁ৷myself Rakhi dutta,ঘৰ শিৱসাগৰৰ নাজিৰাত আপোনালোকৰ৷ :plz Rakhi stop it,মোৰ তোক মাতিবৰ ইচ্ছা নাই৷ :জীয়া মইনাৰ খং উঠিছে৷মোক নালাগে বাৰু মাতিব অনুজৰ লগতে চিনাকি হ’ :fatty,আমি already চিনাকি হ’লো :i can't believe this,তই জীয়া লগত চিনাকি হ’লি :why? :তইয়ে 1st ল’ৰা চাগে যি প্ৰথম দেখাতে জীয়াৰ লগত চিনাকি হৈছ৷by the way মোক বুৰ্বক বনাইছ হয়নে? :উফ্ you geez ,you have to believe it,তাই জীয়ামণি গগৈ,ঘৰ তিতাবৰৰ বৰহোলা am i right? :o..god মই ক’ত মৰোঁ :plz rakhi,over react নকৰ’৷মই তোক বেয়া পাইছোঁ :sorry yaar,try to understand,মোৰ battery low হৈ আছিল and then switch off হ’ল৷তইটো জানই মোৰ কথা৷মই phone charge কৰিব পাহৰিয়ে যাওঁ আৰু anytime headphone দাল দেখোন কাণতে থাকে৷ :হ’ব আজি পৰা charge দি থ’বি৷ :that means you forgive me . :হুম অভিমানবোৰ খেদি খেদি কেতিয়ানো অনুজহঁতৰ দোৱাৰমুখ পালোহি গমেই নাপালোঁ৷শেৱালি আন্টিৰ গেটৰ মুখত ৰৈ চাগে চকু বিষাই গ’ল,অধীৰ আগ্ৰহেৰে আমালৈকে এই ভৰ দুপৰীয়া বাট চাই থকা দেখি মনটো ভাল লাগি গ’ল৷আমিও গাড়ীৰ পৰা নামি আগুৱাই গ’লো৷জীয়াই পোনেই আন্টিৰ ভৰিত ধৰি সেৱা এটা কৰিলে৷মই বস্তু বাঢ়নীবোৰ গাড়ীৰ পৰা নমোৱাত অনুজক সহায় কৰিলোঁ৷জীয়া ড্ৰয়িংৰূমতে বহি আছে,মই বস্তুটোবোৰ আমাৰ নতুন ৰূমটোতে থৈ পাকঘৰলৈ গৈ আন্টিয়ে কি বনাইছে চাই বহুত ভোক লাগিছে বুলি কৈ জীয়াৰ ওচৰ পালোহি৷আন্টিয়ে নেমু চৰবতৰ ট্ৰেখন লৈ ওলাই আহিল৷কথা বতৰা পাতি হোৱাত আমিও fresh হ’বলৈ বুলি আহিলোঁ৷(আগলৈ)

Saturday, March 21, 2020

জীৱন এক যুদ্ধক্ষেত্ৰ

গল্পৰ নাম :জীৱন এক যুদ্ধক্ষেত্ৰ লেখিকা: দেৱাশ্ৰী বৰা৷ প্ৰায় আঠবছৰৰ অন্তত প্ৰেমৰ উপহাৰ স্বৰূপে অনিতাই পল্লবক স্বামী হিচাপে পাই খুউব সুখী৷অগ্নিক সাক্ষী কৰি অনিতা আৰু পল্লবৰ বিয়া হৈ যোৱা দুসপ্তাহ নহওঁতেই কৰ্মক্ষেত্ৰত উগ্ৰপন্থীৰ আতংক বাঢ়ি যোৱাত পল্লব কৰ্মস্হানলৈ ঘুৰি যাব লগাত পৰিল৷পল্লব ভাৰতীয় সেনা বাহিনীৰ বৰ্তমান জম্মু-কাশ্মীৰত কৰ্তব্যৰত এজন সেনা জোৱান৷নিয়তিৰ কঠোৰ বিননিত এটা নতুন অধ্যায়ৰ আৰম্ভ নহঁওতেই যৱনিকা পৰিল৷পল্লবৰ যুদ্ধত মৃত্যু হোৱাৰ খবৰটো পোৱাৰ পাছৰে পৰা তাইজনী আপোনপাহৰা হৈ পৰিল৷প্ৰিয় মানুহজনক হেৰুৱাৰ দুখ সহ্য কৰিব নোৱাৰি তাইৰ ঘৰৰ কোনো কামতে মন নবহা হ’ল৷সত্যটো জানিও স্বীকাৰ কৰিব বিচৰা নাই৷বিশ্বাস কৰিবওনো কেনেকৈ মৃত্যু হ’লেও যে শৰীৰতো দেখাৰ সৌভাগ্যকন তাইৰ নহ’ল৷ঘৰলৈ শ্বহীদৰ নামত পঠোৱা শৰীৰৰ অৰ্ধ টুকুৰাটোৰক কিদৰে নিজৰ মৰমবোৰ বুলি আদৰি ল’ব?বাস্তৱক বাধা দি তাই ৰাস্তাই পথে পল্লবক বিচাৰিব ধৰিলে৷দুটা জীৱন ইমানতেই শেষ হৈ গ’ল৷এটা দেশৰ বাবে আনটো প্ৰেমৰ বাবে৷অনিতা মানসিকভাৱে একেবাৰেই ভাগি পৰিল৷মানসিক বিকাৰগ্ৰস্ততাৰ বাবে য’তে ত’তে পল্লবক বিচাৰি হাবাথুৰি খোৱা অনিতাই সভ্য সমাজৰ পৰা এটি নতুন নাম পালে- "পাগলী"৷তাইৰ অৱস্হা দেখি কোনেও পুতৌৰ ভাৱ নেদেখুৱালে বৰঞ্চ তাইৰ আপোন ঘৰখনেও তাইৰ অৱস্থা দেখি তাইক ৰাখিব নিবিচাৰিলে৷হয়তো সঠিক সময়ত চিকিৎসা কৰা হ’লে তাই পূৰ্বৰ দৰেই স্বাধীন মনৰ গৰাকী হ’লহেতেন৷স্বামীগৃহৰ সকলোৱে তাইক আদৰি লোৱাৰ পৰিৱৰ্তে তাইৰ বাবেই পল্লবৰ মৃতু্্য হোৱা বুলি অপবাদ সানি তাইক ঘৰৰ পৰা খেদি পঠালে৷তাই এতিয়া ৰাস্তাই ঘাটে ঘুৰি ফুৰা এজনী অঘৰী পাগলী৷তাই জীয়াই আছেনে নাই,কিদৰে আছে,ক’ত আছে এইবোৰৰ খবৰ কোনেও নাৰাখে৷ অনিতা এতিয়া জীৱনৰ মুল্য নুবুজা,সংসাৰৰ সংজ্ঞা নজনা প্ৰেমৰ বাবেই জীৱনটো বলিদান দিয়া এজনী আপোনপাহৰা মানসিক বিকাৰগ্ৰস্ত মহিলা৷ভোক কি চিনি নোপোৱা তাইজনীয়েও পেটৰ তাড়নাত থাকিব নোৱাৰি পথৰ দাতিঁত পৰি থকা বস্তুবোৰ বুটলি খায়,ডাষ্টবিনবোৰ খুচৰি ফুৰে৷হয়তো তাইয়ো এদিন জানিছিল প্ৰেম মানেইটো জীৱন নহয় তথাপি প্ৰিয়জনক বিচাৰি ঘুৰি ফুৰে কিজানিবা ক’ৰবাত ঠিকনাটি বিচাৰি পায়েই৷ হাজাৰটা দুখ বুকুত বান্ধি ফুৰা তাইজনীৰ জীৱনত কিন্তু দুখৰ অন্ত নপৰিল৷ভদ্ৰ সমাজৰ সেই পুতৌ নকৰা এচাম মুখাপিন্ধা ভদ্ৰলোকৰ দ্বাৰাই কামনাৰ বলি হ’ল তাই৷কোনেও তাইৰ এই অৱস্হাৰ বাবে খবৰ নল’লে৷বাটেৰে অহা যোৱা কৰা প্ৰত্যেকজন বাটৰুৱাৰ চকুত ফুটি উঠিল তাইৰ হঠাৎ হোৱা শৰীৰৰ পৰিৱৰ্তনখিনিহে৷কোনোৱে তাইক দেখি হাহিঁলে,কোনোৱে সমালোচনা কৰিলে ৷আনকি সমাজৰ বাবে কাম কৰা নিউজ চেনেল কেইটাৰ বাবেও তাই হৈ পৰিল TRP ৰ আন এক কাৰণ৷কিন্তু তাই এই জীৱনত শূন্যতাৰ বাদে একোৱেই নাপালে৷এয়াই আজিৰ সজাগ,শিক্ষিত সমাজৰ এক নিকৃষ্ট নিদৰ্শন৷ (বি:দ্ৰ: স্বাধীনতা দিৱস উপলক্ষে আমাৰ শ্বহীদ বীৰ সকল আৰু তেওঁলোকৰ পৰিয়াললৈ কৃতজ্ঞতা জনাই মই মোৰ লেখাটো আগবঢ়ালোঁ৷বাস্তৱ জীৱনত ঘটি থকা ঘটনাৰ আতঁ ধৰি কাহিনীটো আগবঢ়ালো৷ভুলহ’লে শুদ্ধৰাই দিব বুলি আশা কৰিঁলো)